উত্তৰ কলকাতাৰ কুমাৰতলিৰ ঠেক গলিবোৰত এখন ৰিক্সাহে কোনোমতে পাৰ হৈ যাব পাৰে। তাতেই আপুনি সততে লগ পোৱা লোকসকলেই হৈছে কুমাৰ- চহৰখনত প্ৰতিমা নিৰ্মাণ কৰা সেইসকল লোক। ইয়াৰপৰাই দেবী দুৰ্গা আৰু অইন দেব-দেবীৰ প্ৰতিমা কলকাতালৈ যায়।
বাঁহ আৰু প্লাষ্টিকেৰে সজা এখন চালিৰ তলতে 'ব্ৰজেশ্বৰ এণ্ড চনচ' নামেৰে (তেওঁৰ পিতৃৰ নামেৰে) কাৰ্থিক পলৰ ইয়াতেই এখন কৰ্মাশালা আছে। প্ৰতিমা সজাৰ দীঘলীয়া আৰু ঢাপে ঢাপে কৰা কামৰ বিষয়ে তেওঁ আমাক কয়। বিভিন্ন ধৰণ মাটি যেনে গংগাৰ মাটি (নৈৰ পাৰৰ পৰা অনা বোকামাটি) আৰু পাথ মাটি (মৰাপাট আৰু গংগা মাটিৰ মিশ্ৰণেৰে তৈয়াৰী) প্ৰতিমা নিৰ্মাণৰ বিভিন্ন স্তৰত ব্যৱহাৰ কৰা হয়।

কুমাৰতলিৰ কৰ্মশালাত কাৰ্থিক পল
বাঁহ আৰু প্লাষ্টিকেৰে সজা এখন চালিৰ তলতে 'ব্ৰজেশ্বৰ এণ্ড চনচ' নামেৰে (তেওঁৰ পিতৃৰ নামেৰে) কাৰ্থিক পলৰ ইয়াতেই এখন কৰ্মাশালা আছে। প্ৰতিমা সজাৰ দীঘলীয়া আৰু ঢাপে ঢাপে কৰা কামৰ বিষয়ে তেওঁ আমাক কয়। বিভিন্ন ধৰণ মাটি যেনে গংগাৰ মাটি (নৈৰ পাৰৰ পৰা অনা বোকামাটি) আৰু পাথ মাটি (মৰাপাট আৰু গংগা মাটিৰ মিশ্ৰণেৰে তৈয়াৰী) প্ৰতিমা নিৰ্মাণৰ বিভিন্ন স্তৰত ব্যৱহাৰ কৰা হয়।
আমি কথা পাতি থকাৰ সময়তে পলে তেওঁৰ নিপুণ হাতেৰে কেঁচামাটিৰে কাৰ্তিক দেৱতাৰ মুখখন গঢ় দিছে। তেওঁ এডাল পেইণ্ট ব্ৰাছ আৰু চিয়াৰি নামৰ হস্তনিৰ্মিত বাঁহৰ সঁজুলি ব্যৱহাৰ কৰে।
কাষৰে আন এটা কৰ্মশালাত, গোপাল পলে মাটিৰ প্ৰতিমাটোৰ চালখন বাস্তৱ ৰূপ দিয়াৰ বাবে এবিধ আঠা প্ৰস্তুত কৰি সেই আঠাৰে মুৰ্তিটোৰ ওপৰত কাপোৰৰ দৰে আৱৰণ মেৰিয়াই আঠা লগাই দিছে। কলকাতাৰ পৰা ১২০ কিলোমিটাৰ দুৰৈৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত গোপালৰ ঘৰ। ইয়াৰে প্ৰায়ভাগ কৰ্মীয়ে পুৰুষ আৰু তেওঁলোকৰ ঘৰ একেখন জিলাতে। তেওঁলোকৰ প্ৰায়ভাগেই কৰ্মশালাৰ মালিকে ব্যৱস্থা কৰি দিয়া কোৱাৰ্টাৰতে থাকে। চিজন পৰাৰ আগেয়েই কৰ্মীসকলক চুক্তিবদ্ধ কৰোৱা হয়। তেওঁলোকে দিনটোৰ ৮ ঘণ্টা কাম কৰে। শৰত কালৰ উৎসৱৰ ঠিক আগেয়ে এই শিল্পীসকলে দিনে-ৰাতি কাম কৰে আৰু অতিৰিক্ত কামৰ বাবে মজুৰী পায়।
৩০০ বছৰ আগতেই প্ৰথম কুমাৰসকলে কৃষ্ণনগৰৰপৰা কুমাৰতুলিলৈ উঠি আহিছিল। বাগবাজাৰ ঘাটৰ কাষতে নতুনকৈ পতা কুমাৰতলিত আছিল যাতে নৈৰপৰা মাটি সহজেই আনিবপৰা যায়। তেতিয়া জমিদাৰসকলৰ ঘৰত তেওঁলোকে কাম কৰিছিল আৰু ঠাকুৰদালানত (জমিদাৰৰ ঘৰৰ চৌহদত ধৰ্মীয় উৎসৱৰ বাবে নিৰ্ধাৰিত স্থান) দুৰ্গা পুজাৰ আগেয়ে প্ৰতিমা নিৰ্মাণৰ কামত সপ্তাহজুৰি কাম কৰিছিল।

মৰাপাটৰ লগত গংগাৰ পৰা অনা ' আটেল মাটি' মিহলি কৰি পাথ মাটি প্ৰস্তুত কৰাৰ সময়ত কুমাৰসকল


মুৰ্তি নিৰ্মাণ কামটো মুৰ্তিটোক ধৰি ৰখাৰ বাবে বাহেৰে নিৰ্মাণ কৰা ' কাঠামো' ৰপৰা আৰম্ভ হয়। বাহৰ কাঠামোটো নিৰ্মাণ হোৱাৰ পিছতে খেৰৰে মুৰ্তিৰ আকাৰ দিয়া হয়; বাগবাজাৰৰ পৰা ইয়াৰ বাবে কেঁচামাল আহে

এজন শিল্পীয়ে আঠালেটিয়া ক' লা মাটি খেৰৰ কাঠামোটোৰ ওপৰত দি প্ৰতিমাটোক শেষবাৰৰ বাবে আকাৰ দিয়ে আৰু তাৰপিছতে ৩ ৰপৰা ৪ দিনৰ বাবে সেয়া ৰ' দত দি শুকোৱা হয়

প্ৰতিমা খুটি- নাতি মাৰি গঢ় দিয়াৰ বাবে এডাল পেইণ্ট ব্ৰাছ আৰু বাঁহৰ সঁজুলি ব্যৱহাৰ কৰা হয়

আন এটা কৰ্মশালাত প্ৰতিমাবোৰৰ বাহিৰভাগ দেখাত ছালৰ দৰে কৰিবলৈ গোপাল পলে টাৱেলৰ দৰে কাপোৰ ব্যৱহাৰ কৰে

মহালয়াৰ দিনা মা দুৰ্গাৰ চকুত ৰং কৰাৰ লগে লগে মাটিৰ প্ৰতিমাবোৰত জীৱনৰ সঞ্চাৰ হয়
'কুমাৰতুলিত এপাক'ৰ ফটো এলবাম চাওক
এই ভিডিঅ’ আৰু প্ৰতিবেদন চিনচিতা মাঝিৰ ২০১৫-১৬ৰ পাৰি ফেল’শ্বিপৰ অংশ হিচাপে কৰা হৈছিল।
অনুবাদক: ৰশ্মি ৰেখা দাস