দিল্লী হমাৰী হ্যে !
দেশ পৰ ৱহি ৰাজ কৰেগা
,
জৌ কিষাণ মজদুৰ কি বাত কৰেগা !
[
দিল্লীখন আমাৰ!
কৃষক আৰু মজদুৰৰ হকে যিয়ে কাম কৰিব,
সিয়েই দিল্লীত ৰাজ কৰিব!]
এই শ্লোগান দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰামলীলা মৈদানত ২০২৪ৰ ১৪ মাৰ্চত কিষাণ মজদুৰ মহাপঞ্চায়ত উপলক্ষে গোট খোৱা হাজাৰ হাজাৰ কৃষকৰ।
“আমি তিনি বছৰ আগতে (২০২০-২১) তিক্ৰি সীমান্তলৈ এবছৰজোৰা প্ৰতিবাদৰ বাবে আহিবলগীয়া হৈছিল,” ৰামলীলা মৈদানত পাঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ মহিলা খেতিয়কৰ গোট এটাই পাৰিক কয়। “প্ৰয়োজন হ’লে আকৌ আহিম।”
দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰামলীলা মৈদানত ২০২৪ৰ ১৪ মাৰ্চ, বৃহস্পতিবাৰে অনুষ্ঠিত কিষাণ মজদুৰ মহাপঞ্চায়ত উপলক্ষে মৈদানলৈ অভিমুখে আগবঢ়া কৃষক আৰু কৃষি-মজদুৰ
মহাপঞ্চায়তত ভালেসংখ্যক মহিলা কৃষকে যোগ দিছে। ‘আমি তিনি বছৰ আগতে (২০২০-২১) তিক্ৰি সীমান্তলৈ এবছৰজোৰা প্ৰতিবাদৰ বাবে আহিবলগীয়া হৈছিল…প্ৰয়োজন হ’লে আকৌ আহিম’
মৈদানৰ বাহিৰৰ ৰাস্তাবোৰত পাঞ্জাৱ, হাৰিয়ানাৰ, লগতে উত্তৰ প্ৰদেশৰ কিছু অংশৰ পৰা কৃষক উঠি অহা বাছবোৰ লানি পাতি আছিল। পুৱা ৯ বজাত, পদপথৰ কাষত, বাছবোৰৰ পিছফালে সৰু সৰু গোটত মহিলা-পুৰুষে মিলি ইটাৰ চৌকাত খৰিৰ জুইৰে ৰুটি বনাই পুৱাৰ আহাৰ খাইছে।
এই প্ৰাণৱন্ত পুৱাটোত ৰামলীলা মৈদানখন তেওঁলোকৰ গাওঁ যেন হৈ পৰিছিল। পুৰুষ-মহিলা সকলোৱে হাতত পতাকা লৈ মৈদান অভিমুখে আগবাঢ়িছিল। আকাশে-বতাহে শ্লোগান বিয়পি পৰিছিল - ‘কিষাণ মজদুৰ একতা জিন্দাবাদ!’ চাৰে দহ বজাত সেউজীয়া তিৰ্পালবোৰ বিশেষভাৱে মৈদানত সজাই পাৰি দিয়া হ’ল। শ শ খেতিয়কে কিষাণ মজদুৰ মহাপঞ্চায়ত আৰম্ভ হোৱালৈ অপেক্ষা কৰি তাত বহি ৰ’ল।
ৰামলীলা মৈদানৰ গেটকেইখন পুৱাৰ ভাগতে কেৱল খোলা হৈছিল। কৰ্তৃপক্ষই কোৱা মতে পথাৰত পানী জমা হৈ আছিল। সভাখন বিফল কৰাৰ বাবে জানি-বুজি কৰ্তৃপক্ষই পথাৰখন পানীৰে উপচাই পেলাইছিল বুলি কৃষকে অভিযোগ উত্থাপন কৰে। দিল্লী পুলিচে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা পোৱা নিৰ্দেশমৰ্মে কৈছিল যে তাত কেৱল ৫,০০০ মানুহ গোট খাব পাৰিব। কিন্তু তাতোকৈ দহ গুণ বেছি কৃষক-মজদুৰ তাত গোট খাইছিল। সংবাদ মাধ্যমৰ লোকো তাত বহুলাংশে গোট খাইছিল।
পাতিয়ালাৰ ধাবি গুজৰানত পুলিচে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত কন্দুৱা গেছ আৰু ৰাবাৰ বুলেট নিক্ষেপৰ সময়ত মূৰত গুৰুতৰ আঘাত পাই ২১ ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰা ভতিন্দা জিলাৰ বাল্লোহ গাঁৱৰ কৃষক শুভকৰণ সিঙক সুঁৱৰি এক মিনিটৰ মৌনপ্ৰাৰ্থনাৰ পিছত মহাসভা আৰম্ভ হয়।
মহাপঞ্চায়তৰ প্ৰথমগৰাকী বক্তা ড. সুনিলমে সংযুক্ত কিষাণ মৰ্চাৰ সংকল্প পত্ৰখন পাঠ কৰিছে। মঞ্চত আছিল এছ.কে.এম. আৰু মিত্ৰ সংস্থাৰ ২৫ গৰাকীৰো অধিক নেতা। মহিলাসকলক প্ৰতিনিধিত্ব কৰাসকলৰ মাজত আছিল মেধা পাটেকাৰ। প্ৰত্যেকেই এম.এছ.পি.ৰ আইনী নিশ্চয়তাৰ লগতে আন কেতবোৰ দাবীৰ ওপৰত ৫ৰ পৰা ১০ মিনিট সময় কথা কৈছিল।
কিষাণ মজদুৰ একতা জিন্দাবাদ ধ্বনিৰে আকাশ-বতাহ কঁপিছিল! শ শ কৃষক আৰু কৃষি-মজদুৰে কিষাণ মজদুৰ মহাপঞ্চায়তত উপস্থিত আছিল
শম্ভু আৰু খানৌৰি সীমান্তত ২০২৪ৰ ফেব্ৰুৱাৰীত প্ৰতিবাদী কৃষকৰ ওপৰত চৰকাৰে প্ৰয়োগ কৰা দমনমূলক ব্যৱস্থা, পুলিচৰ কন্দুৱা গেছ আৰু লাঠিচালনাক লৈ কৃষক সমাজত ক্ষোভ আছে। পঢ়ক: ‘শম্ভু সীমান্তত নিজকে কাৰাৰুদ্ধ যেন লাগিছে’
চৰকাৰে ৰাজধানী চহৰত কৃষকক প্ৰৱেশ কৰাত বাধা দিবলৈ চেষ্টা কৰা বাধা-নিষেধ স্বত্ত্বেও এজন বক্তাই উদ্দাত্ত কণ্ঠেৰে কৈছে: “ দিল্লী হমাৰি হ্যে , দেশ পৰ ৱহি ৰাজ কৰেগা , জৌ কিষাণ মজদুৰ কি বাত কৰেগা! (দিল্লীখন আমাৰ। কৃষক আৰু মজদুৰৰ হকে যিয়ে কাম কৰিব, সিয়েই দিল্লীত ৰাজ কৰিব!) ”
পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ কৃষক আৰু শ্ৰমিক ইউনিয়নৰ নেতাসকলে ‘ক’ৰ্পৰেট কোম্পানীৰ হিতৰ বাবে কাম কৰা সাম্প্ৰদায়িক, একনায়কত্ববাদী চৰকাৰ’খনক শিকনি দিবলৈ সকলোকে আহ্বান জনায়।
“২০২১ৰ ২২ জানুৱাৰীৰ পিছৰ পৰা চৰকাৰে কৃষক সংস্থাৰ সৈতে কথা পতা নাই। কথাই যিহেতু পতা নাই, সমস্যাবোৰৰ সমিধান কেনেকৈ ওলাব?” ৰাকেশ টিকৈতে তেওঁৰ ভাষণত কয়। টিকৈত ডাঙৰীয়া ভাৰতীয় কিষাণ ইউনিয়ন (বি.কে.ইউ.)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু এছ.কে.এম.ৰ এগৰাকী নেতা।
“২০২০-২১ৰ কৃষকৰ আন্দোলনৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে চি-২ + ৫০ শতাংশ হাৰত ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেয়া পিছে কাৰ্য্যকৰী নহ’ল। কৃষকৰ ঋণ ৰেহাই দিয়া হ’ব বুলিও গেৰাণ্টি দিছিল, সেয়াও এতিয়ালৈ কৰা নহ’ল,” সৰ্বভাৰতীয় কিষাণ সভা (এ.আই.কে.এছ.)ৰ সাধাৰণ সচিব ড. বিজু কৃষ্ণমনে কয়। পঢ়ক: পাৰিত কৃষি আন্দোলনৰ সম্পূৰ্ণ কাভাৰেজ
মঞ্চৰ পৰা কৃষ্ণনে কয় যে কৃষকৰ দীৰ্ঘদিনীয়া আন্দোলনত প্ৰায় ৭৩৬ গৰাকী কৃষকে প্ৰাণ হেৰুৱাইছে। চৰকাৰে কিন্তু এতিয়ালৈ সেইসকল কৃষকৰ পৰিয়ালক ক্ষতিপূৰণৰ প্ৰদানৰ লগতে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰবোৰ উঠাই লোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বিৰত আছে। “বিদ্যুৎ (সংশোধনী) আইনখনো প্ৰত্যাহাৰ কৰাৰ কথা আছিল, সেইটোও নকৰিলে,” তেওঁ মহাপঞ্চায়তৰ সময়ত পাৰিৰ সৈতে কথা পাতোতে কয়।
মঞ্চত সংযুক্ত কিষাণ মৰ্চা চমুকৈ এছ.কে.এম. আৰু মিত্ৰ সংগঠনসমূহৰ ২৫ গৰাকীৰো অধিক নেতা আছিল। মহিলাসকলক প্ৰতিনিধিত্ব কৰাসকলৰ মাজত আছিল মেধা পাটেকাৰ। প্ৰত্যেকেই এম.এছ.পি.ৰ আইনী নিশ্চয়তাৰ লগতে আন কেতবোৰ দাবীৰ ওপৰত ৫ৰ পৰা ১০ মিনিট সময় কথা কৈছিল। ‘২০২১ৰ ২২ জানুৱাৰীৰ পিছৰ পৰা চৰকাৰে কৃষক সংস্থাৰ সৈতে কথা পতা নাই। কথাই যিহেতু পতা নাই, সমস্যাবোৰৰ সমিধান কেনেকৈ ওলাব?’ এছ.কে.এম.ৰ এগৰাকী নেতা ৰাকেশ টিকৈতে কয়
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত পাঁচগৰাকী কৃষক আৰু এজন সাংবাদিকক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ থকা আশীষ মিশ্ৰাৰ পিতৃ অজয় মিশ্ৰা টেনি চৰকাৰখনত থকাক লৈও থকা তীব্ৰ বিৰোধৰ স্থিতি পুনৰাই জাহিৰ কৰে এছ.কে.এম.ৰ নেতা কৃষ্ণনে।
“কৃষক আৰু মজদুৰৰ সমস্যা সমাধান নোহোৱালৈকে আন্দোলন চলি থাকিব, আগন্তুক সাধাৰণ নিৰ্বাচনত যি দলেই জয়ী নহওঁক লাগিলে,” দেশৰ বিভিন্ন প্ৰান্তত চলি থকা আন্দোলন প্ৰসংগত টিকৈতে কয়।
নিজৰ চমু ভাষণৰ শেষত ৰাকেশ টিকৈতে তাত উপস্থিত থকা সকলোকে হাত দাঙি মহাপঞ্চায়তৰ প্ৰস্তাৱসমূহ গৃহীত কৰাৰ বাবে আহ্বান জনায়। দুপৰীয়া ১:৩০ বজাত তাত সমবেত হোৱা হাজাৰ হাজাৰ কৃষক আৰু শ্ৰমিকে হাত দাঙে, হাতে হাতে পতাকা। ঐতিহাসিক ৰামলীলা মৈদানৰ প্ৰখৰ ৰ’দত যিমান দূৰলৈ চকু যায়, তালৈকে দেখা গ’ল ৰঙা, হালধীয়া, সেউজীয়া, বগা আৰু নীলা ৰঙৰ পাগুৰি, গামোচা, দোপাত্তা আৰু টুপি।
অনুবাদ: পংকজ দাস