"মই পুৱাৰ পৰা একো খোৱা নাই," নাচিক জিলাৰ দিনডৰি তালুকৰ অহিৱন্তৱাড়ী গাঁৱৰ ৫০ বৰ্ষীয় কৃষক কুন্দবাঈ গুনগুড়েৱে কয়। তেতিয়া দুপৰীয়া ডেৰ বাজছিল। "আমাৰ গাঁৱৰ মানুহখিনি এই ঠাই আহি পালেহে মই খাম।"
কুন্দবাঈ অইন ভালেমান পুৰুষ-মহিলাৰ সৈতে ৫০ গৰাকীমান কৃষকৰ কাৰণে ভাত ৰান্ধি আছিল। এওলোকে যোৱা সপ্তাহত প্ৰতিবাদী সমদলত চামিল হোৱা কৃষকৰ ভোজভাতৰ প্ৰস্তুতিৰ কাৰণে নিজৰ তালুকৰ গোট অহাৰ আগেয়েই সেই ঠাইত হাজিৰ হৈছিল। নাচিকৰ দিনডৰি তালুকৰ সোণজাম্ব গাঁৱৰ পৰা অহা গংগুবাঈ ভৱৰে (ওপৰৰ প্ৰচ্ছদ ফটোত থকাজন) বেঙেনা আৰু আলু ৰান্ধিছে। "আমাৰ তালুকৰ কৃষকে চাউল, আটা আৰু শাক-পাচলি আনিছে," তেঁও কয়।
২১ ফেব্ৰুৱাৰীৰ দিনা নাচিকৰ পৰা ১১ কিলোমিটাৰ বাট খোজকাঢ়ি অহাৰ পিছত কৃষকসকলে দুপৰীয়া আঢ়ৈমান বজাত নাচিক তালুকৰ বিলহোলি গাঁৱৰ পৰা এক কিলোমিটাৰ দুৰৈত দুপৰীয়া আহাৰ খাবলৈ ৰ’ল। তেঁওলোকে ২০ ফেব্ৰুৱাৰীৰ দিনা নিজ নিজ গাঁৱৰ পৰা আহি নাচিকত উপস্থিত হৈছে। (২১ ফেব্ৰুৱাৰীৰ দিনা মাজনিশা মৰ্চাৰ আয়োজক অখিল ভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে দীঘলীয়া আলোচনাৰ অন্তত চৰকাৰে কৃষকৰ সকলো সমস্যা সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।)
২০১৮ত নাচিকৰ পৰা মুম্বাইলৈ দীঘলীয়া প্ৰতিবাদী সমদল উলিওৱাৰ সময়ত কুন্দাবাঈয়ে নিজৰ গাঁৱৰ মানুহৰ কাৰণে খাদ্য ৰান্ধি আছিল। তেঁও মহাদেৱ কোলি নামৰ অনুসূচিত জনজাতিৰ লোক।

'আমি সকলোৱে (নাচিক জিলাৰ দিনডৰি তালুকৰ) বেলেগ বেলেগ গাঁৱৰ পৰা আহিছো। যোৱাবাৰ লংমাৰ্চৰ সময়তে আমি বন্ধু হৈ পৰিছিলো,' মহিলাগৰাকীয়ে চাউল বাচি থাকোতে ক’লে
এইবাৰো কৃষকে সামূহিকভাবে নিজৰ গাঁৱত চাউল-পাত জমা কৰি টেম্পো আৰু অইন বাহনত বোজাই কৰি লৈ আহিল। যোৱাবাৰৰ দৰে এইবাৰো তেঁওলোকে সেই খাদ্যবস্তু নিজৰ মাজত ভগাই ল’লে। কিছুমানে চাউল-দাইল চাফা কৰি আছে, কিছুমানে আটা মাৰি আছে, একাংশই আকৌ ভাত ৰান্ধিছে নাইবা বাচন-বৰ্তন ধুইছে।
নাচিক জিলাৰ পেন্থ তালুকৰ নিৰ্গুন্দে কৰঞ্জলি গাঁৱৰ পাণ্ডুৰংগ পাৱাৰো তেঁওলোকৰ মাজৰে এজন। তেঁও প্ৰায় ৯০ মিনিট কঠোৰ পৰিশ্ৰমৰ অন্তত ১৫ কিলো খৰি ফালিছে। পাণ্ডুৰংগ এগৰাকী কৃষি শ্ৰমিক, দিনত ১০ ঘণ্টা কাম কৰি প্ৰায় ২০০ টকা দৈনিক মজুৰী পায়। তেঁও কোকণা নামে অনুসূচিত জনজাতিৰ লোক।
মই যেতিয়া তেঁওক সুধিলো যে মৰ্চালৈ তেঁও আকৌ কিয় আহিছে, তেতিয়া তেঁও ক'লে, "চৰকাৰে নিজৰ কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ কৰা নাই। আমি ৰেচন নাপাও। আমাৰ হাতত কৃষিভূমি নাই। আমি কি কৰিম?' যদি এইবাৰো চৰকাৰে তেঁওলোকৰ দাবীসমূহ পুৰণ নকৰে, তেন্তে তেঁওলোকে তৃতীয়বাৰ প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু, পাণ্ডুৰংগে ক'লে। 'সেইবাৰ আমি আমাৰ ল'ৰা-ছোৱালী, খেতিৰ গৰু আদি সকলো লৈ প্ৰতিবাদত নামিম। এইবাৰ আমি নৰও…"

নাচিক জিলাৰ নিৰ্গুণ্ডে কৰঞ্জলি গাঁৱৰ পাণ্ডুৰংগ পাৱাৰে ৰাজহুৱা ভোজভাতৰ কাৰণে খৰি ফালিছে

নিজৰ তালুকৰ অইন কৃষকক বিচাৰি; ভাত খোৱাৰ সময় হৈছে

খৰিৰ ধোৱাই কৃষকৰ কাৰণে খাদ্য ৰন্ধাত অসুবিধাৰ সৃষ্টি কৰিছে

মৰ্চা আৰম্ভণিকালত ভাত ৰন্ধা মহিলাসকলৰ মাজৰ এগৰাকী হৈছে কুন্দাবাঈ গুণগুড়ে। তেঁও ২০১৮ৰ লংমাৰ্চৰ সময়তো এই কাম কৰিছিল

মছলা ভাত বনোৱাত ব্যস্ত একাংশ কৃষক

আন কিছুমানে প্ৰতিবাদৰ সমভাগীক ভাত বিলাইছে

ৰাতি এলইডি টৰ্ছৰ পোহৰত কৃষকে ভাত ৰান্ধি থকা দৃশ্য
অনুবাদঃ পংকজ দাস