মাত্ৰ এৰাতিৰ ভিতৰতে তাইবাঈ ঘুলেয়ে এক লাখ টকাৰ লোকচানৰ সন্মুখীন হ’ল বুলি অনুমান কৰিছে।
৪২ বছৰীয়া মহিলাগৰাকী গাঁৱৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ ভালাৱনীত আছিল, তেতিয়াই প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছিল। “সন্ধিয়া পাঁচ বজাত বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আৰু মাজনিশাৰ পিছত বাঢ়িছিল,” ভেড়া আৰু ছাগলী পালকজনে কয়। অলপতে হাল বোৱা পথাৰখন ততালিকে বোকাময় হৈ পৰিল আৰু তেওঁৰ প্ৰায় ২০০ টা ভেড়া আৰু ছাগলীৰ জাকটোৱে সেই বোকাত চলাচল কৰিবলৈ অসুবিধা পাবলৈ ধৰিলে।
মহাৰাষ্ট্ৰৰ আহমদনগৰ (আহমেদনগৰ বুলিও বানান কৰা হয়) জিলাত ২০২১ চনৰ ডিচেম্বৰত হোৱা ধাৰাসাৰ বৰষুণৰ কথা মনত পেলাই ছানীয়ে কয়, “আমি [গোটেই ৰাতি] বোকাৰ মাজত আছিলো আৰু আমাৰ পশুবোৰৰ সৈতে বৰষুণত তিতি জুৰুলা-জুপুলা হৈছিলো।
“আমি ধাৰাসাৰ বৰষুণ দেখিছো, কিন্তু এনে লোকচানৰ সন্মুখীন হোৱা নাই। এয়া প্ৰথমবাৰৰ বাবে হৈছে,’ ধৱলপুৰী গাঁৱৰ ভেড়াৰখীয়া তাইবাঈয়ে কয়। তেওঁ আঠটা ভেড়া আৰু এটা মাইকী ছাগলী হেৰুৱাইছে। “আমি মাত্ৰ সিহঁতক বচাব বিচাৰিছিলো।”
বিশেষকৈ সাতাৰাত প্ৰচুৰ বৃষ্টিপাত হৈছিল, ২০২১ৰ ২ ডিচেম্বৰত প্ৰায় ১০০ মিলিমিটাৰ বৰষুণ লিপিবদ্ধ হৈছিল।


ধনগাৰ পশুপালক তাইবাঈ ঘুলে প্ৰায়ে ভেড়া আৰু ছাগলী চৰাবলৈ অহা মহাৰাষ্ট্ৰৰ পুনেৰ ভাণ্ডগাওঁ গাঁৱৰ চৰণীয়া পথাৰ (বাওঁফালে)। তেওঁৰ দৰে পশুপালকসকলে ছমাহ ৰাস্তাত থাকে, বাৰিষা আৰম্ভ হোৱাৰ পিছতহে ঘূৰি আহে, কাৰণ সৰু সৰু পশুবোৰে কোংকন অঞ্চলৰ প্ৰচুৰ বৃষ্টিপাত সহ্য কৰিব নোৱাৰে
“বৰষুণ ইমানেই হৈছিল যে আমি একো ভাবিব পৰা নাছিলো। ঠাণ্ডা সহ্য কৰিব নোৱাৰাৰ বাবে কেইটামান ভেড়াৰ পিছত মৃত্যু হৈছিল,” ধৱলপুৰীৰ ৪০ বছৰীয়া ভেড়াৰখীয়া গংগাৰাম ধেবে কয়। “সিহঁতে দেহত শক্তি নাইকিয়া হৈছিল।”
বৰষুণ আৰম্ভ হোৱা সময়ত তেওঁ ভাণ্ডগাঁৱৰ পৰা ১৩ কিলোমিটাৰ আঁতৰত আছিল। ২০০ টা পশুৰ ভিতৰত গংগাৰামে সেই নিশা ১৩ টা হেৰুৱাইছিল: সাতটা পূৰ্ণবয়স্ক ভেড়া, পাঁচটা পোৱালি আৰু এজনী মাইকী ছাগলী। তেওঁ ঔষধ আৰু স্থানীয় কেমিষ্টৰ পৰা লোৱা বেজীৰ নামত ৫,০০০ টকা খৰছ কৰিলে, কিন্তু একোৱেই কামত নাহিল।
তাইবাঈ আৰু গংগাৰাম ধেবে ধনগাৰ সম্প্ৰদায়ৰ লোক। মহাৰাষ্ট্ৰত যাযাবৰী জনজাতি হিচাপে এই সম্প্ৰদায়টো তালিকাভুক্ত। তেওঁলোকৰ বসতিস্থল হৈছে ভেড়াৰ আধিক্য থকা ঘাইকৈ আহমদনগৰ জিলা আৰু ইয়াৰ আশে-পাশে।
গ্ৰীষ্মকালত পানী আৰু পশুখাদ্যৰ অভাৱ হ’লে তাইবাঈৰ দৰে পশুপালকসকলে উত্তৰ কোংকন অঞ্চলৰ পালঘৰ আৰু থানে জিলাৰ দহানু আৰু ভিৱাণ্ডিলৈ প্ৰব্ৰজন কৰে। ছমাহ ৰাস্তাত থাকে। বাৰিষা আৰম্ভ হোৱাৰ পিছতহে উভতি আহে, কিয়নো সৰু জীৱ-জন্তুবোৰে কোংকন অঞ্চলৰ প্ৰচণ্ড বৰষুণ সহ্য কৰিব নোৱাৰে।
তেওঁ কয়, “আমি সঁচাকৈয়ে নাজানো কিয় এনেকৈ বৰষুণ দিলে।” “বৰষুণৰ ৰজাৰ কথা।”

পশুপালক গংগাৰাম ধেবেয়ে ২০২১ৰ ১ ডিচেম্বৰৰ প্ৰচণ্ড বৃষ্টিপাতত ১৩ টা পশুধন হেৰুৱাইছিল, ‘আমাৰ কোনো আশ্ৰয় নাছিল,’ তেওঁ কয়
এই পৰিঘটনাটোৰ কথা মনত পেলোৱাৰ লগে লগে পশুপালজনৰ কপালত চিন্তাৰ ৰেখা জিলিক উঠিল, “আমি এক ডাঙৰ লোকচান ভৰিবলগীয়া হৈছে, বহুতেই ডাঙৰ। আন কোনো বৃত্তি পালে, এই বৃত্তি এৰি দিম।।”
টুকাৰাম কোকাড়ে তেওঁৰ ৯০ টাৰ জাকটোৰ পৰা ৯টা পূৰ্ণবয়স্ক ভেড়া আৰু চাৰিটা ভেড়া পোৱালি হেৰুৱাইছিল। তেৱো একে কথাই কয়, “এয়া আছিল এক বৃহৎ ক্ষতি।” সেইখিনি তেওঁৰ অনুমানত কমেও ৫০ লাখ টকা। এটা ভেড়া কিনিবলৈ ১২ৰ পৰা ১৩ হাজাৰ টকা লাগে। ‘আমি ৯টা হেৰুৱাইছো। গতিকে, আপুনি কল্পনা কৰিব পাৰে যে আমি কিমান ক্ষতিৰ সন্মুখীন হৈছো,’ ৪০ বছৰীয়া ধনগাৰ সম্প্ৰদায়ৰ ভেড়াপালকজনে এইদৰে কয়।
তেওঁলোকে পঞ্চনামা [তদন্তৰ প্ৰতিবেদন] লিখিছিল নেকি? “আমি কেনেকৈ পাৰিম?” অসহায় টুকাৰামে কয়। “আমাৰ নিজৰ সুৰক্ষাৰ বাবে একো নাছিল আৰু কোনো কৃষকো ওচৰত নাছিল। ভেড়াবোৰ দৌৰিবলৈ ধৰিছিল। আমি সিহঁতক এৰি যাব নোৱাৰিলো আৰু কি হৈছিল সেই বিষয়ে কাকো খবৰ দিবলৈও সময় নাছিল।”
কেৱল ভালৱানীতে ৩০০ ভেড়াৰ মৃত্যু হোৱা বুলি তেওঁ অনুমান কৰে। দেশৰ ভিতৰতে সৰ্বাধিক ভেড়াৰ সংখ্যাৰে সপ্তম স্থানত মহাৰাষ্ট্ৰ আছে, ৰাজ্যখনত ভেড়াৰ সংখ্যা ২৭ লাখ ৷
সাতাৰাৰ মান, খাটাৱ আৰু দহিৱাড়ী অঞ্চলত পশুধন হেৰুৱাৰ লগতে চৰকাৰৰ উদাসীন মনোভাৱ প্ৰসংগত ফাল্টনৰ ভেড়াৰখীয়া আৰু মল্লযুঁজাৰু শম্ভুৰাজে শ্বেণ্ডে পাটিলে কয় যে, “ভাল পোচাক পিন্ধা এজন ব্যক্তিয়ে যদি চৰকাৰী কাৰ্যালয়লৈ যায়, তেন্তে বিষয়াজনে তেওঁৰ কাম এঘণ্টাত শেষ কৰাৰ প্ৰতিশ্ৰুতি। কিন্তু সেই একেজন বিষয়াই মোৰ লগৰীয়া ধনগাৰক তেওঁলোকৰ গৰখীয়া পোচাক দেখি দুদিন পিছত আহিবলৈ কয়।”


বাওঁফালে: টুকাৰাম কোকাড়ে তেওঁৰ ৯০ টা ভেড়াৰ জাকটোৰ পৰা ৯টা পূৰ্ণবয়স্ক ভেড়া আৰু চাৰিটা ভেড়া পোৱালি হেৰুৱাইছিল। তেওঁ কয়, ‘বহুতেই বেছি লোকচান হৈছিল।’ সোঁফালে: শম্ভুৰাজে শ্বেণ্ডে পাটিলে (হালধীয়া টি-চাৰ্ট পিন্ধি থকা গৰাকী) কয় যে যাযাবৰী ধনগাৰ সম্প্ৰদায়ৰ ভেড়াৰখীয়াসকলে প্ৰায়ে স্থানীয় লোকৰ পৰা শত্ৰুতাৰ সন্মুখীন হয়
“মৰি যোৱা ভেড়াবোৰৰ ফটোও আমি তুলিব পৰা নাছিলো। আমাৰ ফোন আছে, কিন্তু চাৰ্জ নাই। আমি যেতিয়া কোনো গাঁৱত বা কোনো বসতিস্থলত থাকো, তেতিয়াহে তেওঁলোকৰ পৰা ধন ল’ব পাৰো,’ তাইবাঈ কয়।
তাইবাঈ আৰু তাইৰ পশুধনখিনি পঘা দি পথাৰ এখনত অস্থায়ীভাৱে ৰখা হৈছে। তেওঁৰ ভেড়া আৰু ছাগলীৰ জাকে জিৰণি লৈ চৰি আছে। পিছফালে থকা জাকটোলৈ আঙুলিয়াই তেওঁ কয়, “আমি আমাৰ পশুধনক চৰাবলৈ বহু দূৰ খোজ কাঢ়িব লাগিব।
ভেড়াৰ খাদ্যৰ সন্ধানত গংগাৰমে ধৱলপুৰীৰ পৰা পুনে জিলাৰ দেহুলৈ খোজ কাঢ়ে। দেহুৰ সমতল ভূমি পাবলৈ তেওঁক ১৫ দিন লাগে। “মানুহৰ পথাৰত সোমালে আমাক মাৰধৰ কৰে। মাৰ খোৱাৰ বাদে আমাৰ হাতত আন কোনো বিকল্প নাই,’ তেওঁ কয়। স্থানীয় গুণ্ডাবোৰে তেওঁলোকক হাৰাশাস্তি কৰে, “কৃষকসকলেই আমাৰ একমাত্ৰ সহায়ক,” তেওঁ কয়।
“সাধাৰণতে ভেড়াৰখীয়াসকল এটা স্থিতিস্থাপক গোট আৰু প্ৰতিকূল পৰিস্থিতি সহ্য কৰিবলৈ সক্ষম, কিন্তু ১ আৰু ২ ডিচেম্বৰৰ অভাৱনীয় বৰষুণে তেওঁলোকক ছিন্নভিন্ন কৰি পেলাইছিল, কেইবাটাও ভেড়াৰ মৃত্যু হৈছিল,” পশু চিকিৎসক ডাঃ নিত্য ঘোটগেয়ে এনেদৰে কয়।


বাওঁফালে: ভাণ্ডগাঁৱত চৰি উঠি জিৰণি লৈ থকা তাইবাঈ ঘুলেৰ ভেড়া ছাগলীৰ জাকটো। সোঁফালে: সৰু ল’ৰা-ছোৱালী আৰু ভেড়া পোৱালিক অস্থায়ী তম্বুত ৰখা হয় আৰু ডাঙৰ জীৱ-জন্তুবোৰক মুকলি ঠাইত চৰিবলৈ দিয়া হয়
তেওঁ কয় যে ভেড়াৰখীয়াসকলে নিজকে আৰু পৰিয়ালক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত একাধিক মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। 'শিশু, খাদ্য সামগ্ৰী, খৰি আৰু মোবাইল ফোনকে ধৰি তেওঁলোকৰ সম্পত্তি আৰু তেওঁলোকৰ পশুধন, বিশেষকৈ নিশকতীয়া আৰু পোৱালীবোৰ,” এই আটাইবোৰ বিপদত পৰিছিল, পশুপালন আৰু কৃষক সম্প্ৰদায়ৰ সৈতে কাম কৰা বেচৰকাৰী সংস্থা অন্ত্ৰা-ৰ সঞ্চালক ঘোটগেয়ে কয়।
পঞ্চনামা দাখিল কৰা, জলবায়ু সন্দৰ্ভত দেখা দিব পৰা বিপদাংশকাৰ তথ্য লাভ কৰা, ভেকচিন আৰু সময়ে সময়ে পশুচিকিৎসকৰ সহায় আদি জৰুৰী সেৱা ভেড়াৰখীয়াসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। ঘোটগে কয়, “আশা কৰা হৈছে যে চৰকাৰে জলবায়ু পৰিৱৰ্তন আৰু পশুধন নীতিৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত এই কথাৰ প্ৰতি লক্ষ্য ৰাখিব।”
টুকাৰমে পৰামৰ্শ দিয়ে যে ধৱলপুৰীত এখন উমৈহতীয়া পশুধনৰ আশ্ৰয়স্থল নিৰ্মাণ কৰিলে তেওঁৰ দৰে ভেড়াৰখীয়াই নিজৰ পশুধন ৰক্ষা কৰাত সহায়ক হ’ব। “এইটো এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে ভেড়াবোৰ জেকা ঠাইত থাকিবলগীয়া নহয় আৰু নিৰাপদে থাকিব পাৰে। ভিতৰি ভিতৰি ঠাণ্ডা অনুভৱ নকৰে,” অভিজ্ঞ পশুপালকজনে কয়।
তেতিয়ালৈকে তাইবাঈ, গংগাৰাম আৰু টুকাৰামে খাদ্য, পানী আৰু আশ্ৰয়ৰ সন্ধানত নিজৰ জাকটো লৈ খোজ কাঢ়ি গৈ আছে। আগবাঢ়ি যোৱাটোৱে বুদ্ধিমানৰ কাম, তেওঁলোকে কয়, আৰু ৰাজ্যৰ পৰা হওক বা বৰষুণৰ পৰা - কোনো ধৰণৰ সহায় বা সকাহৰ বাবে অপেক্ষা নকৰাটোও বুদ্ধিমানৰ কাম।
অনুবাদ: পংকজ দাস