"আন্দোলনটোৱে মোক সমূখলৈ আহি নিজৰ যুঁজখন যুঁজিবলৈ শিকাইছিল। এই আন্দোলনটোৱে আমাক সন্মান দিছে।" 'আমাক' বুলি ৰজিন্দৰ কৌৰে তেওঁৰ দৰে মহিলাসকলক বুজাইছে যিসকলে ২০২০ চনৰ ছেপ্টেম্বৰত জাৰী কৰা কৃষি আইনৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিছিল। পাঞ্জাৱৰ পাটিয়ালা জিলাৰ ৪৯ বছৰীয়া কৃষক ৰজিন্দৰে প্ৰায়ে ২২০ কিলোমিটাৰ দূৰৰ সিংঘুলৈ ভ্ৰমণ কৰিছিল আৰু প্ৰতিবাদস্থলীত ভাষণ দিছিল।
তেওঁলোকৰ দৌন কালান গাঁৱত থকা তাইৰ চুবুৰীয়া, ৫০ বছৰীয়া হৰজিৎ কৌৰে দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘুত ২০৫ দিন অতিবাহিত কৰিছিল। তেওঁ কয়, "মোৰ এনে এটা সময় মনত নাই যেতিয়া মই খেতি কৰা নাছিলোঁ।" "মই চপোৱা প্ৰতিটো শস্যৰ সৈতে মই অকণমান ডাঙৰ হৈছিলোঁ।" হৰজিৎ ৩৬ বছৰ ধৰি এজন কৃষক, হৰজিতে কয়, "মই প্ৰথমবাৰৰ বাবে এনে ধৰণৰ আন্দোলন দেখিছিলো আৰু অংশগ্ৰহণ কৰিছিলো।" "মই দেখিছিলো শিশু, বৃদ্ধ আৰু মহিলাসকল প্ৰতিবাদত উপস্থিত হৈছিল।"
কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত আইনসমূহ ঘূৰাই লোৱাৰ দাবীত দেশৰ ৰাজধানীৰ উপকণ্ঠত লাখ লাখ কৃষক সমবেত হৈছিল। মুখ্যতঃ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে ২০২০ চনৰ নৱেম্বৰৰ পৰা তাত এবছৰৰ বাবে শিবিৰ পাতিছিল। কৃষকসকলৰ প্ৰতিবাদ ঐতিহাসিক আছিল, আৰু শেহতীয়াকৈ হোৱা সৰ্ববৃহৎ জনআন্দোলনসমূহৰ ভিতৰত সেয়াও এটা আছিল।
পাঞ্জাৱৰ মহিলাসকলে সন্মুখত থাকি আন্দোলনত অংশগ্রহণ কৰিছিল। তেওঁলোকে কয় যে তেতিয়া তেওঁলোকে অনুভৱ কৰা একতা অব্যাহত আছে আৰু ইয়াৰ অংশ হ’বলৈ পাই তেওঁলোকে যি সাহস আৰু স্বাধীনতা অনুভৱ কৰিছিল, সেই অনুভৱ শক্তিশালী হৈছে। "মই প্ৰতিবাদস্থলীত থকাৰ সময়ত কেতিয়াও ঘৰলৈ মনত পৰা নাছিল। এতিয়া যেতিয়া মই উভতি আহিছো, প্রতিবাদৰ দিনবোৰ মনত পৰি থাকে," মানসা জিলাৰ ৫৮ বছৰীয়া কুলদীপ কৌৰে কয়।
আগতে, বুধলাদা তহচিলৰ ৰালি গাঁৱত কামৰ বোজাই তাইৰ মেজাজক প্রভাৱিত কৰিছিল। "ইয়াত মই এটাৰ পিছত এটা কাম কৰিব লাগিব বা আমি আনুষ্ঠানিকতা মানি অতিথিসকলক আপ্যায়ন কৰিব লাগিব। কিন্তু প্রতিবাদস্থলীত মই মুক্ত আছিলোঁ," কুলদীপে কয়। প্ৰতিবাদস্থলীবোৰত থকা পাকঘৰত তাই স্বেচ্ছাই উপস্থিত হৈছিল। তাই কৈছিল যে তাই গোটেই জীৱন তাত কাম কৰিব পাৰিলেহেঁতেন। "মই জ্যেষ্ঠসকলক দেখিছিলো আৰু ভাবিছিলো যে মই মোৰ পিতৃ-মাতৃৰ বাবে ৰান্ধি আছিলো।"



বাওঁফালৰ পৰা: হৰজিৎ কৌৰ, কুলদীপ কৌৰ আৰু ৰজিন্দৰ কৌৰ, যি ২০২০ চনত প্ৰৱৰ্তন কৰা কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰ সন্মুখ শাৰীত আছিল
আৰম্ভণিতে, যেতিয়া কৃষকসকলে আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল, কুলদীপে কোনো কৃষক সংঘত যোগদান কৰা নাছিল। সংযুক্ত কিষাণ মৰ্চা (এছকেএম) গঠন কৰাৰ পিছত, তেওঁ এখন পোষ্টাৰ প্ৰস্তুত কৰিছিল। ইয়াৰ ওপৰত তেওঁ শ্লোগান লিখিছিল 'কিষাণ মৰ্চা জিন্দাবাদ' ('কৃষক প্ৰতিবাদ দীৰ্ঘজীৱী হওক') আৰু সেই পোষ্টাৰখন সিংঘুলৈ লৈ গৈছিল। যদিও তেওঁক প্ৰতিবাদস্থলীত থকা মহিলাসকলে শিবিৰবোৰত থকা সমস্যাৰ বাবে আহিবলৈ মানা কৰিছিল, কুলদীপে মন বান্ধিছিল। "মই তেওঁলোকক কৈছিলো যে মই তালৈ যাবই লাগিব।"
যেতিয়া তেওঁ দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘুত উপস্থিত হৈছিল, তেতিয়া তেওঁ মহিলাসকলক খৰিৰ ডাঙৰ চৌকাত ৰুটি বনোৱা দেখিছিল। "তেওঁলোকে মোক দূৰৰ পৰা চিঞৰিলে, 'আহা ভণ্টি! আমাক ৰুটি বনোৱাত সহায় কৰাহি।" টিক্ৰিতো একেই ঘটনা ঘটিছিল, য'ত তাই মানছাৰ পৰা অহা ট্ৰেক্টৰ ট্ৰলী এখন পাইছিল আৰু তাতে থিতাপি লৈছিল। চুলহাৰ ওচৰত বহি থকা এগৰাকী ভাগৰুৱা মহিলাই তাইক সহায় বিচাৰিছিল। কুলদীপে মনত পেলাই কয়, "মই এঘণ্টাতকৈও অধিক সময় ৰুটি তৈয়াৰ কৰিছিলো। টিক্ৰিৰ পৰা তেওঁ হাৰিয়ানা-ৰাজস্থান সীমান্তৰ শ্বাহজাহানপুৰৰ শিবিৰলৈ গৈছিল। তাই কয়, "যেতিয়া তাত কাম কৰা লোকসকলে মোক দেখিছিল, তেওঁলোকে মোক তেওঁলোকৰ বাবেও ৰুটি বনাবলৈ কৈছিল," আৰু হাঁহি হাঁহি কৈছিল, "মই য’লৈকে গৈছিলো, মানুহে মোক কেৱল ৰুটি বনাই সহায় কৰিবলৈ কৈছিল। মই ভাবিছিলো যে মোৰ কপালত কিজানি ৰুটি তৈয়াৰ কৰাৰ কথাই লিখা আছিল!"
ঘৰলৈ উভতি অহাৰ পিছত কৃষক আন্দোলনৰ প্রতি কুলদীপৰ দায়বদ্ধতা তাইৰ বন্ধুবৰ্গ আৰু চুবুৰীয়াসকলৰ বাবে প্ৰেৰণাদায়ক হৈছিল। তেওঁলোকে কৈছিল যে আন্দোলনলৈ তেওঁলোককো লৈ যাব লাগে। "তেওঁলোকে মই ছ'চিয়েল মিডিয়াত লগোৱা ফটোবোৰ চাইছিল আৰু মোক কৈছিল তেওঁলোকে পৰৱৰ্তীবাৰ মোৰ লগত যাবলৈ বিচাৰে।" এগৰাকী বন্ধুৱে কৈছিল যে যদি তাই প্রতিবাদত অংশগ্ৰহণ নকৰে তাইৰ নাতি-নাতিনীয়ে কি ক'ব তাক লৈ তাই চিন্তিত আছিল!
আগতে কেতিয়াও কোনো দূৰদৰ্শনৰ ধাৰাবাহিক বা চিনেমা চোৱা নাছিল, প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়ত কুলদীপে বাতৰিৰ বাবে টিভি চাবলৈ আৰম্ভ কৰিছিল। তাই কয়, "মই হয় কায়িকভাৱে উপস্থিত আছিলো অথবা এই বিষয়ে বাতৰি চাই আছিলো।" পৰিস্থিতিৰ অনিশ্চয়তাই তাইক দুখিত কৰিছিল। তাইৰ মানসিক উদ্বেগ হ্ৰাস কৰিবলৈ তাইক ঔষধ দিয়া হৈছিল। তাই কয়, "মোৰ মূৰটো আচন্দ্ৰাই কৰিছিল।" "চিকিৎসকে মোক বাতৰি চোৱা বন্ধ কৰিবলৈ কৈছিল।"
কৃষক আন্দোলনত যোগদান কৰি কুলদীপে সাহস পাইছিল যি সাহসৰ কথা তাই আগতে নাজানিছিল। তাই গাড়ী বা ট্ৰেক্টৰ ট্ৰলীৰে যাত্ৰা কৰাৰ ভয় অতিক্ৰম কৰিছিল আৰু কেইবাশ কিলোমিটাৰ অতিক্ৰম কৰি একাধিকবাৰ দিল্লী ভ্ৰমণ কৰিছিল। "দুৰ্ঘটনাত বহুতো কৃষকৰ মৃত্যু হৈছিল। আৰু মই চিন্তিত আছিলো যে যদি মই এটাত মৃত্যুবৰণ কৰোঁ, তেন্তে মই আমাৰ বিজয়ৰ সাক্ষী হৈ ৰ’ব নোৱাৰিম," তাই কয়।



বাওঁ ফাল ৰ পৰা কেন্দ্ৰ লৈ : শ্বাহজাহানপুৰৰ প্ৰতিবাদস্থলীত কুলদীপ ; মানছাত এক প্ৰতিবাদত এখন পোষ্টাৰ (কেন্দ্ৰ ত ) ধৰি থকা কুলদীপ , সন্মুখভাগত এখন পোষ্টাৰত পূৰ্বৰ সভাত দুৰ্ঘটনাত নিহত যুৱকজনৰ ছবি দেখুওৱা হৈছে। সোঁফালে: কুলদীপ ( কেমেৰাৰ ফালে মুখ কৰি বহি থকাজন ) শ্বাহজাহানপুৰৰ ৰাজহুৱা পাকঘৰত ৰুটি বনাই থকা অৱস্থাত
ঘৰলৈ যোৱাৰ সময়ত কুলদীপে তাইৰ চহৰত হোৱা প্ৰতিবাদত যোগদান কৰিছিল। তাইৰ এখন সভাৰ কথা মনত আছে য'ত প্ৰতিবাদত নিয়মীয়াকৈ অংশগ্ৰহণ কৰা এগৰাকী কিশোৰ তাইৰ কাষত থিয় হৈ আছিল যাক এখন দ্ৰুতবেগী বাহনে মহটিয়াই নিছিল। তেওঁৰ কাষত থিয় হৈ থকা এজন ব্যক্তিৰো মৃত্যু হৈছিল আৰু দুৰ্ঘটনাটোৱে এজন তৃতীয় ব্যক্তিক জীৱনৰ বাবে বিকলাংগ কৰিছিল। "মই আৰু মোৰ স্বামীয়ে এক ইঞ্চিৰ ব্যৱধানত মৃত্যুৰ পৰা ৰক্ষা পৰিছিলোঁ। তাৰ পিছত মই কেতিয়াও দুৰ্ঘটনাত মৃত্যু হোৱাৰ ভয় কৰা নাছিলো। যিদিনা আইনসমূহ বাতিল কৰা হৈছিল, মই মোৰ কাষত মৃত্যু হোৱা ল’ৰাটোৰ উপস্থিতিৰ কথা মনত পেলাই কান্দিছিলো," কুলদীপে কয়, যিয়ে আন্দোলনৰ বাবে প্ৰাণ দিয়া ৭০০ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
কৃষক আন্দোলনত তেওঁলোকৰ সক্রিয় অংশগ্রহণ তথা গুৰুত্বপূৰ্ণ সমৰ্থন স্বত্বেও – যি কেন্দ্ৰীয় চৰকাৰক বিতৰ্কিত আইনসমূহ বাতিল কৰিবলৈ বাধ্য কৰিছিল – পাঞ্জাৱৰ মহিলাসকলে অনুভৱ কৰে যে তেওঁলোকক ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্রত আঁতৰাই ৰখা হৈছে। তেওঁলোকে কয় যে ২০ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে প্ৰাৰ্থিত্ব প্ৰদান কৰা মহিলাৰ সংখ্যা অতি কম হোৱাটোৱেই ইয়াৰ প্ৰমাণ।
পাঞ্জাৱৰ ২.১৪ কোটি ভোটাৰৰ প্ৰায় আধা সংখ্যকেই মহিলা। তথাপিও, ১১৭ টা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৩০৪ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৯৩ গৰাকীহে মহিলা আছিল, যিটো মাত্র ৭.১৩ শতাংশ।
পাঞ্জাৱৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল শিৰোমণি আকালি দলে মাত্ৰ ৫ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ১১ গৰাকীক টিকট দিছিল। উত্তৰ প্ৰদেশত ইয়াৰ নিৰ্বাচনী শ্লোগান, 'লড়কি হুঁ, লড় সকতি হুঁ' ('মই এজনী ছোৱালী; মই যুঁজিব পাৰো'), পাঞ্জাৱত আছিল এটা দূৰৰ সপোন। আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ এজনৰ দ্বাৰা পৰাস্ত কৰে, ইয়াৰ তালিকাত ১২ গৰাকী মহিলা প্ৰাৰ্থী আছে। ভাৰতীয় জনতা পাৰ্টি, শিৰোমণি অকালি দল (সংযুক্ত) আৰু নৱগঠিত পাঞ্জাৱ লোক কংগ্ৰেছ – ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অংশীদাৰ – তেওঁলোকৰ মাজত ৯-গৰাকী মহিলাক মনোনীত কৰিছিল (বিজেপিৰ ৬ গৰাকী সহ)।
*****
ঠাণ্ডা আৰু সেমেকা শীতৰ দিন এটাত মই ৰজিন্দৰ কৌৰক লগ পাওঁ। তাই এখন চকীত বহি আছে; পিছফালে থকা দেৱালত থকা বাল্বটোৰ পোহৰ কম, কিন্তু তাইৰ মনোবল শক্তিশালী। মই মোৰ ডায়েৰীখন খুলিছো আৰু তাই তাইৰ হৃদয়। তাইৰ চকুৰ জুই তাইৰ কণ্ঠত প্ৰতিফলিত হয় যিয়ে মহিলাৰ নেতৃত্বত বিপ্লৱৰ আশাৰ কথা কয়। আঁঠুৰ বিষৰ বাবে তাই প্ৰায়েই বিশ্ৰাম ল'ব লাগিব, কিন্তু ৰজিন্দৰে কয় যে কৃষক আন্দোলনে তাইৰ বুকুত জুই জ্বলাইছিল – তাই ৰাজহুৱাকৈ কথা কৈছিল আৰু তাইৰ কণ্ঠ ঘূৰাই পাইছিল।


বাওঁফালে: দৌন কালানৰ ঘৰত থকা তাইৰ বাগিচাত ৰজিন্দৰ। সোঁফালে: হৰজিতে গাঁৱৰ পথাৰৰ মাজেৰে খোজ কাঢ়ি আছে। তাই কয়, 'তিনিখন আইনে আমাক একত্ৰিত কৰিছিল'
ৰজিন্দৰে এইদৰে কয়: "এতিয়া মই কাক ভোট দিব লাগে নিজে সিদ্ধান্ত ল’ম।" "আগতে মোৰ শহুৰ আৰু মোৰ স্বামীয়ে মোক এই দল বা সেই দলটোক ভোট দিবলৈ কৈছিল। কিন্তু এতিয়া কোনেও মোক ক'বলৈ সাহস নকৰে।" ৰজিন্দৰৰ দেউতাকে শিৰোমণি অকালি দলক সমৰ্থন কৰিছিল, কিন্তু তাই বিয়া হৈ দৌন কালান গাঁৱলৈ যোৱাৰ পিছত তাইৰ শহুৰেকে তাইক কংগ্ৰেছ দলক ভোট দিবলৈ কৈছিল। তাই কয়, "মই হাতৰ বাবে ভোট দিছিলো [দলৰ প্ৰতীক], কিন্তু এনে লাগিছিল যেন কোনোবাই মোক বুকুত গুলী মাৰিছিল।" যেতিয়া তাইৰ স্বামীয়ে তাইক কাক ভোট দিব লাগে ক'বলৈ চেষ্টা কৰে, ৰজিন্দৰে এতিয়া বাধা দিয়ে। "মই তেওঁক মনে মনে থাকিবলৈ কওঁ।"
সিংঘুৰ এটা আমোদজনক ঘটনা তাইৰ মনলৈ আহে। তাই মঞ্চত ভাষণ দিয়াৰ ঠিক পিছতে ঘটনাটো ঘটিছিল। "মই ওচৰৰ এটা তম্বুলৈ আঁঠুৰ বিষৰ বাবে বিশ্রাম ল’বলৈ গৈছিলো, যেতিয়া তাত খাদ্য ৰন্ধা এজন ব্যক্তিয়ে মোক সুধিছিল, 'আপুনি অলপ আগতে এগৰাকী মহিলাই ভাষণ দিয়া শুনিছিলনে?' তম্বুত প্ৰৱেশ কৰা আন এজন ব্যক্তিয়ে মোক চিনি পাই ক'লে, 'অহ, এখেতে অলপ আগতে এটা ভাষণ দিছিল'। তেওঁলোকে যিজনৰ কথা কৈছিল সেইজন ময়েই আছিলোঁ!" তাই কয়, তাই গৌৰৱ আৰু আনন্দৰে কৈছিল।
"এই তিনিখন আইনে আমাক একত্ৰিত কৰিছিল,” কাষতে থকা হৰজিতে কয়। কিন্তু সংগ্ৰামৰ ফলাফলক সমালোচনা কৰে। তেওঁ কয়, "যদিও এই প্ৰতিবাদৰ ফলত আইনসমূহ বাতিল কৰা হৈছিল, তথাপিও আমাৰ সমস্যাবোৰ সমাধান হ'বলৈ বাকী আছে।" "এমএছপিৰ চাহিদা [নূন্যতম সমৰ্থন মূল্য] পূৰণ হোৱাটো নিশ্চিত নকৰাকৈ [এছকেএম-ৰ দ্বাৰা] আন্দোলনটো প্ৰত্যাহাৰ কৰা হৈছিল। লগতে, ই নিশ্চিত কৰিব লাগিছিল যে লখিমপুৰ খেৰীত মৃত্যু হোৱা কৃষকসকলে ন্যায় লাভ কৰিব।"
"আন্দোলনৰ সময়ত কৃষক সংগঠনবোৰ একত্ৰিত হ'ব পাৰে, কিন্তু তেওঁলোক এতিয়া বিভক্ত হৈ পৰিছে," হতাশ মনেৰে কুলদীপে কয়।
২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে, এই সাংবাদিকজনে পাঞ্জাৱত যিসকল লোকৰ সৈতে কথা পাতিছিল, তেওঁলোকৰ বেছিভাগেই কোনো দলৰ পক্ষ লোৱা নাছিল – আনকি সংযুক্ত কিষাণ মৰ্চাৰ অংশ হৈ থকা কেইটামান কৃষক সংগঠনৰ দ্বাৰা গঠিত সংযুক্ত সমাজ মৰ্চা (এছএছএম)য়েও পক্ষ লোৱা নাছিল, যিটো ২০২১ চনৰ ডিচেম্বৰত কেইটামান কৃষক সংঘৰ দ্বাৰা গঠন কৰা হৈছিল যিবোৰ সংযুক্ত কিষাণ মৰ্চাৰ অংশ আছিল। (দলটোৰ প্ৰাৰ্থীসকলৰ তালিকাখনত চাৰিগৰাকী মহিলা অন্তৰ্ভুক্ত আছিল – নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰা)। নিৰ্বাচনী বতৰ অহাৰ লগে লগে সকলো দলৰ নেতৃত্ব আৰু কেডাৰে মাত্ৰ কেইমাহমান আগতে সমাপ্ত হোৱা আন্দোলনত প্ৰাণ হেৰুওৱা শ্বহীদসকলৰ বিষয়ে মৌন হৈ পৰিছিল।


বাওঁফালেঃ সাংৰুৰৰ বেনৰাৰ জীৱন জ্যোতে কয় যে ৰাজনৈতিক দলসমূহে গাঁৱৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। সোঁফালে: তিনি বছৰীয়া গুৰপ্যাৰ আৰু তাইৰ দেউতাক সতপাল সিং
চাংৰুৰ জিলাৰ বেনৰা গাঁৱৰ এগৰাকী যুৱতী জীৱন জ্যোতে কয়, "এছএছএম আৰু আনকি আম আদমী পাৰ্টীয়েও গাওঁসমূহৰ প্ৰতি কোনো আগ্ৰহ বা চিন্তা প্ৰদৰ্শন কৰা নাই।" "ৰাজনৈতিক দলবোৰৰ মানুহে আনকি কোন জীয়াই আছে আৰু কোন মৃত সেয়াও নাজানে," তাই হতাশাৰে কৈছিল।
গাঁৱত ল’ৰা-ছোৱালীক টিউশ্যন কৰা ২২ বছৰীয়া স্কুল শিক্ষক জ্যোতৰৰাজনৈতিক দলবোৰৰ প্ৰতি ক্ষোভ বাঢ়ি গৈছিল যেতিয়া তেওঁৰ চুবুৰীয়া পূজাৰ সন্তান জন্মৰ সময়ত মৃত্যু হৈছিল। "কোনো দলৰ নেতা বা গাওঁৰ চৰপঞ্চ পৰিয়ালটোৰ কাষ চাপি নাহিল, আনকি সাধাৰণ সৌজন্যৰ খাতিৰতো নাহিল, এই কথাই মোক দুখ দিছে।" জীৱন জ্যোতে পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল, কিয়নো নৱজাতক আৰু তেওঁৰ তিনি বছৰীয়া ভগ্নী গুৰপ্যাৰ ৩২ বছৰীয়া তেওঁলোকৰ দেউতাক দিনমজুৰ সতপাল সিং তেওঁৰ যত্নত আছিল।
যেতিয়া মই বেনৰাত জীৱন জ্যোতক লগ পাইছিলো, গুৰপ্যাৰ তাইৰ কাষত বহি আছিল। "মই অনুভৱ কৰোঁ যে মই এতিয়া তাইৰ মাতৃ,"- জীৱনে কৈছিল। "মই তাইক তুলি ল'ব বিচাৰো। মোৰ নিজৰ সন্তান হ’ব নোৱাৰে বাবেই গুৰপ্যাৰক তুলি ল’ব খোজা বুলি কোনোবাই উৰাবাতৰি উলিয়ালেও মই কেৰেপ নকৰো।"
কৃষক আন্দোলনত মহিলা জড়িত হোৱাটোৱে জীৱন জ্যোতৰ দৰে যুৱতীসকললৈ আশা কঢ়িয়াই আনিছিল। তেওঁ কৈছিল যে পুৰুষতান্ত্ৰিক পৃথিৱীয়ে মহিলাসকলক বিভিন্নখন যুঁজত প্ৰক্ষেপ কৰে। আৰু কৃষি আইনৰ বিৰুদ্ধে যুঁজটো "তেওঁলোকৰ সংগ্ৰামী উদ্যম"-ৰ এক ধাৰাবাহিকতা আছিল।
আন্দোলনৰ বাবে একত্ৰিত হোৱা পাঞ্জাৱৰ মহিলাসকলৰ শক্তিশালী কণ্ঠস্বৰে এতিয়া একাষৰীয়া হোৱাটোক মানি লোৱা নাই। হৰজিতে কয়, "বহু যুগ ধৰি মহিলাসকলক চাৰিদুৱাৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছে। ৰাজহুৱা কামত অংশগ্ৰহণৰ পৰা আঁতৰাই পঠিওৱাৰ বাবে উদ্বিগ্ন হৈ তেওঁলোক চিন্তিত যে তেওঁলোকে অৰ্জন কৰা সন্মান ইতিহাসৰ পাদটীকা হৈ পৰিব।
লেখকে মুশ্বাৰফ আৰু পাৰ্গতক এই ষ্ট’ৰিটোৰ প্ৰতিবেদন প্রস্তুত কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছে।
অনুবাদ: দেৱাংগ পল্লৱ শইকীয়া