'পছমিনা শ্বলৰ ধুনীয়া ৰেচমী ফিনিশ্বিঙৰ আঁৰৰ মানুহবোৰ আমিয়েই।’
আব্দুল মজিদ লনৰ শ্ৰীনগৰস্থিত ঘৰটোৰ চৌপাশে কেৱল সূতা আৰু সূতাৰ আঁহ দেখিবলৈ পোৱা যায়। মজিয়াত বহি এখন হাতত উশ্ব (লোৰ ধাৰাল যতন) লৈ এইমাত্ৰ বৈ উলিওৱা পছমিনা শ্বলৰ আঁহবোৰ আঁতৰোৱাত তেওঁ ব্যস্ত আছিল। 'এনেধৰণৰ কামো যে কৰিবলগীয়া হয়, সেয়া খুব কম লোকেহে জানে।’-তেওঁ কয়।
৪২ বৰ্ষীয় এইগৰাকী হস্তশিল্পী বাস কৰে শ্ৰীনগৰ জিলাৰ নাৱা কাডাল ৱাৰ্ডত। সাধাৰণতে উশ্বৰ সহায়তেই তেওঁ দামী পছমিনা শ্বলৰ পৰা আঁহ আঁতৰাই মসৃণ কৰি আহিছে। পুৰাজগৰি কাম হিচাপে পৰিচিত এই কামটোৰ সৈতে অকল শ্ৰীনগৰতেই ২০০তকৈ অধিক লোক জড়িত হৈ আছে। বিগত প্ৰায় দুটা দশক ধৰি পুৰাজগৰি শিল্পৰ সৈতে ব্যস্ত হৈ থকা আব্দুলে আঠ ঘণ্টাত ২০০ টকাকৈ উপাৰ্জন কৰে।
বোৱা, ৰং কৰা আৰু এম্ব্ৰইডাৰীযুক্ত সকলো ধৰণৰ পছমিনা শ্বলতে পুৰাজগৰিৰ কাম হাতেৰেই কৰা হয়। সুনিপুণ হাতৰ পৰশৰ বাদে কোনো যন্ত্ৰৰেই কোমল আৰু মিহি আঁহবোৰ আঁতৰোৱাতো সম্ভৱ নহয়।
পুৰাজগৰিৰ বাবে উশ্ব হৈছে প্ৰয়োজনীয় যতন। 'আমাৰ উপাৰ্জনৰ মূলতেই হৈছে উশ্ব আৰু ইয়াৰ গুণগত মান।’- সমুখৰ কাঠৰ শালখনত লগাই থোৱা শ্বলখনলৈ চাই এইদৰে কৈ গৈছিল আব্দুলে। 'উশ্ব অবিহনে পছমিনা শ্বল এখনক ফিনিশ্বিং ৰূপ দিয়াতো আমাৰ পক্ষে সম্ভৱেই নহয়।’-আব্দুলৰ মন্তব্য।

এনেদৰে কাঠৰ শালত লৈ পছমিনা শ্বলৰ আঁহ আঁতৰোৱাত ব্যস্ত আব্দুল মজিদ লন

লোৰ উশ্বৰ সহায়ত শ্বলত কাম কৰিছে আব্দুলে
শেহতীয়াকৈ শ্ৰীনগৰত উশ্ব তৈয়াৰ কৰা আৰু ধাৰ দিয়া কমাৰ পাবলৈ নাইকিয়া হৈ পৰিছে। 'এই উশ্বৰ অভাৱৰ বাবেই এদিন পুৰাজগৰি শিল্পটো এদিন হয়তো হেৰাই যাব।’- হতাশ হৈ আব্দুলে কয়। 'মোৰ হাতত এতিয়া এই এখনেই উশ্ব আছে। এইখন শেষ হ’লে সকলো শেষেই, মোৰ কামটোও আৰু নাথাকিব।’-আব্দুলৰ কথাত আক্ষেপৰ সুৰ।
আব্দুলৰ ঘৰৰ পৰা ২০ মিনিটৰ দূৰত্বত কমাৰ আলী মহম্মদ আহানগিৰৰ কমাৰশাল। শ্ৰীনগৰ জিলাৰ আলী কাদাল অঞ্চলত বহুকেইখন কমাৰশাল আছে আৰু ইয়াৰ ভিতৰত আলীৰ দোকানখনেই আটাইতকৈ পুৰণি। আলীৰ লগতে প্ৰায় প্ৰতিজন কমাৰেই এতিয়া আৰু উশ্ব বনাবলৈ মুঠেই ইচ্ছুক নহয়। তেওঁলোকে জনোৱা মতে উশ্ব গঢ়িবলৈ যিমান সময় আৰু কষ্টৰ প্ৰয়োজন হয় সেই অনুপাতে লাভ একোৱেই নহয়।
‘উশ্ব বনাবলৈ হাতৰ যাদু লাগে। পছমিনা শ্বলৰ মিহিতকৈয়ো মিহি আঁহ গুচাব পৰাকৈ উশ্বখন ধাৰাল হ’ব লাগিব।’ এখন কৰত প্ৰস্তুত কৰি থকা ৫০ বছৰীয়া আলীয়ে আৰু কয়, 'মই নিশ্চিত যে মই যদি উশ্ব এখন গঢ়ো বুলি শালত ভালকৈ বহি লও, তাৰ পিছতো মোৰ দ্বাৰা সেয়া হৈ নুঠিব।’ নিজৰ দক্ষতাৰ অভাৱৰ কথা অকপটে স্বীকাৰ কৰি তেওঁ আৰু কয়, 'আমাৰ ইয়াত নুৰ বুলি যিজন কমাৰ আছিল, তেওঁহে উশ্ব কেনেকৈ বনাব লাগে সেয়া ভালকৈ জানে।’
শ্ৰীনগৰত উশ্ব বুলি ক’লেই সকলোৱে জানিছিল প্ৰায় ১৫ বছৰ আগতে মৃত্যু হোৱা নুৰ মহম্মদ নামৰ কমাৰজনক। সম্প্ৰতি শ্ৰীনগৰ চহৰখনত থকা অধিকাংশ উশ্বেই নুৰ মহম্মদৰ কমাৰশালত গঢ়া উশ্ব। 'নুৰ মহম্মদে কেৱল তেওঁৰ পুত্ৰকহে উশ্ব কেনেকৈ গঢ়িব লাগে সেয়া শিকাই গৈছিল। পিছে তেওঁৰ পুত্ৰই সেয়া কৰিবলৈ নিবিচাৰে। কাৰণ সি এটা প্ৰাইভেট বেংকত কাম কৰে আৰু উশ্ব বনাই পোৱা পইছাতকৈ তাত বেছি ভাল দৰমহা পায়।’- মিৰ্জানপুৰাৰ এটি ৱৰ্কশ্বপত পুৰাজগৰ হিচাপে কাম কৰা যুৱক ফিৰোজ আহমেদৰ মন্তব্য।
আন ১২ জন পুৰাজগৰৰ সৈতে কাম কৰা ৩০ বছৰীয়া ফিৰোজে যোৱা প্ৰায় দুবছৰ ধৰি এবাৰ ধাৰ নিদিয়া উশ্বটোৰেই কাম চলাই গৈছে। 'এই কামত একো আশাই নাইকিয়া হৈ গৈছে। ১০ বছৰ আগতে যি উপাৰ্জন কৰিছিলো আজিও সেয়াই পাই আছো।’- তেওঁ কয়।

'মই চেষ্টা কৰিলেও ভালকৈ উশ্ব গঢ়িব নোৱাৰিমেই,’ - শ্ৰীনগৰৰ আলী কাদাল অঞ্চলৰ কমাৰ আলী মহম্মদ আহাংগীৰে কয়


যোৱা দুবছৰ ধৰি ধাৰ নিদিয়া উশ্বেৰেই এনেদৰে কাম চলাই গৈছে মিৰ্জানপুৰাৰ এটা ৱৰ্কশ্বপত কাম কৰা পুৰাজগৰ ফিৰোজ আহমেদে
'যোৱা ৪০ বছৰ ধৰি মই পুৰাজগৰৰ কাম কৰি আহিছো, এই কামটোত এতিয়াৰ দৰে ইমান কষ্টৰ দিন আগতে দেখা নাই’- এইদৰে কয় নাজিৰ আহমেদ ভাটে। '২০ বছৰ আগতে এখন শ্বলৰ বাবদ ৩০ টকাকৈ পাইছিলো। এতিয়া একেটা কামৰ বাবে ৫০ টকাকৈ পাও।’ এই হিচাপত বছৰত মাত্ৰ এটকাকৈ বৃদ্ধি পাইছে নাজিৰৰ উপাৰ্জন।
শ্ৰীনগৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটি সূত্ৰই পাৰিক জনোৱা তথ্য অনুযায়ী যোৱা এটা দশকত বিশেষকৈ ২০১২-১৩ বৰ্ষৰ ৬২০ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত কাশ্মীৰি শ্বলৰ ৰপ্তানি ১৬৫.৯৮ কোটি টকালৈ হ্ৰাস পাইছে। এই তথ্যতেই স্পষ্ট হৈ পৰিছে পুৰাজগৰসকলৰ কষ্টকৰ সময়ৰ কথা।
প্ৰতি দুমাহৰ মূৰে মূৰে উশ্বত ধাৰ দিবলগীয়া হয়। কিন্তু এইধৰণৰ ক্ৰমাৎ অৱনমিত হৈ অহা ব্যৱসায়ৰ ফলত ধাৰ দিয়াৰ কৌশল শিকিবলৈকো কমাৰসকলে আগ্ৰহ নকৰা হৈ পৰিছে।
'পুৰাজগৰসকলে উশ্বত ধাৰ কেনেকৈ দিব লাগে সেয়া নিজে নাজানে’- যোৱা ৩ টা প্ৰজন্ম ধৰি পুৰাজগৰিৰ কাম কৰি অহা নাজিৰে কয়। দুই-এজন কমাৰে বাকী দা-কটাৰী ধাৰ দিয়াৰ ধৰণেৰে ধাৰ দিবলৈ চেষ্টা কৰে। কিন্তু তেনেকৈ ধাৰ দিলে কামত নাহে বুলিও নাজিৰে জনায়।
'আমি তাৰ মাজতে কোনোমতে কাম চলাই গৈছো,’- নাজিৰে কয়।

'আমাৰ উপাৰ্জন কম, সা-সঁজুলিও পাবলৈ নাই, স্বীকৃতিও নাই,’ - কামৰ ব্যস্ততাৰ মাজতে এই আক্ষেপ নাজিৰ আহমেদ ভাটৰ


বাওঁফালেঃ উশ্ব ধাৰ দিবলৈ চেষ্টা নাজিৰৰ। সোঁফালেঃ উশ্বত কামত অহাকৈ ধাৰ উঠিছে নে নাই সেয়া পৰীক্ষা কৰিছে নাজিৰে
'চাওক, এই উশ্বখনৰো ধাৰ শেষেই হৈছে,’- ৱৰ্কশ্বপত নাজিৰৰ কাষতেই বহা আছিক আহমেদে কয়। হাতত থকা উশ্বখনৰ ধাৰাল অংশলৈ দেখুৱাই তেওঁ আৰু কয়, 'মই এদিনত কষ্টই-মস্তই ২-৩ খন শ্বলতহে ফিনিশ্বিং দিব পাৰো। খুব বেছি মই এদিনত ২০০ টকা পাব পাৰো।’ তেওঁ জনোৱা মতে ধাৰ কমা উশ্বুৰে শ্বলখন মিহি কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আছিকৰ মতে যদিহে উশ্ব ধাৰাল হ’লহেতেন তেন্তে ভালকৈ আৰু ক্ষিপ্ৰতাৰে কাম কৰিব পাৰিলেহেতেন আৰু তেতিয়া তেওঁ এদিনতে ৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰাতো সম্ভৱ হ’লহেতেন।
এখন সাধাৰণ পছমিনা শ্বল (40 x 80 ইঞ্চি)-ৰ পৰা পুৰাজগৰসকলে ৫০টকাকৈ উপাৰ্জন কৰিব পাৰে। আনহাতে স্থানীয় ভাষাত 'কানি’ বুলি কোৱা এম্ব্ৰইডাৰী কৰা হোৱা শ্বলৰ পৰা ২০০ টকা পৰ্যন্ত লাভ কৰে।
বিগত কেইবছৰমানৰ পৰা আৰম্ভ হোৱা এনে সমস্যা নাইকিয়া কৰিবলৈ ৰাজ্য চৰকাৰে পুৰাজগৰসকলৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে। 'এই বৰ্ষৰ মাৰ্চ-এপ্ৰিলৰ পৰা কামটো আৰম্ভ হৈছে। পঞ্জীয়নৰ এই ব্যৱস্থাৰ জৰিয়তে পুৰাজগৰসকলে সহজতে বিত্তীয় সাহায্য লাভ কৰিবলৈ সমৰ্থ হ’ব,’- বিভাগটোৰ সঞ্চালক মাহমুদ আহমদ শ্বাহৰ মন্তব্য।
এই পঞ্জীয়নৰ ব্যৱস্থাই কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও বৰ্তমান এক কষ্টকৰ জীৱন-যাপন কৰিবলৈ বাধ্য হৈ পৰিছে পুৰাজগৰসকল।


বাওঁফালেঃ ভোলৰ জাবৰেৰে পছমিনা শ্বলৰ আঁহবোৰ আঁতৰাবলৈ প্ৰয়াস। সোঁফালেঃ গোটেই পুৱাবেলাতো কাম কৰি আঁতৰোৱা আঁহবোৰ দেখুৱাইছে আছিক নামৰ পুৰাজগৰজনে


বাওঁফালেঃ কানি শ্বালত কামত ব্যস্ত খুৰছিদ আহমদ ভাট। সোঁফালেঃ ৪০ x ৪০ ইঞ্চিতকৈ ডাঙৰ জোখৰ শ্বল হ’লে এনেদৰে শালত দুজন পুৰাজগৰে একেলগে কাম কৰে
সম্প্ৰতি নৱ-প্ৰজন্মৰ অধিকাংশ পুৰাজগৰেই নিজৰ এই শিল্পটোৰ পৰা কিদৰে জীৱন কটাব পাৰিব তাক লৈ সন্দিহান হৈ পৰিছে। 'ক’ৰবাত ভাল কিবা এটাৰ সন্ধান পালেই মই এই কামটো এৰি দিম,’- এইদৰে কয় ফিৰোজে। তেওঁৰ আন এজন সহকৰ্মীৰ মন্তব্য, 'আপুনি বিশ্বাস কৰিবনে যে মই ৪৫ বছৰ বয়সত বিয়া পাতিবলগীয়া হৈছে? কোনেও পুৰাজগৰৰ সৈতে বিয়া হ’বলৈ নিবিচাৰে। তাতকৈ এই কামটো এৰি দিয়াই ভাল।’
'ইমান সহজো নহয়,’- ৬২ বছৰীয়া ফয়েজ আহমদ ছাল্লাই কৈ উঠে। ডেকা পুৰাজগৰ দুজনৰ কথা তেওঁ মনোযোগেৰে শুনি আছিল। ১২ বছৰ বয়সৰ পৰা পুৰাজগৰিৰ কাম আৰম্ভ কৰা ফয়েজে নষ্টালজিক হৈ কয়, 'মই দেইতা হবিব-উল্লা ছাল্লাৰ পৰা এই কাম শিকিছিলো। শ্ৰীনগৰৰ নামনি অঞ্চলৰ প্ৰায়বোৰ পুৰাজগৰেই মোৰ দেউতাৰ পৰা এই বিদ্যা শিকিছে।’
অনিশ্চিত ভৱিষ্যত স্পষ্ট হৈ পৰা সত্বেও পুৰাজগৰিতেই একাণপতীয়াকৈ লাগি থকাৰ মন ফয়েজৰ। 'বাকী কামত মোৰ একো দখলেই নাই, মই একো নাজানোৱেই এইটোৰ বাদে।’ পছমিনা শ্বল এখনৰ পৰা আঁহবোৰ আঁতৰাই মিহি কৰা কামত মনোনিৱেশ কৰি থকাৰ মাজতেই তেওঁ কৈ উঠে, 'মই এই কামটোৱেই ভালকৈ জানো। জীৱনৰ শেষ দিনটোলৈ মই এইটোৰে চলি থাকিম।’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি