“বছৰত মই এনে এটা দিনেই পাও।”
স্বপ্নালী দত্তত্ৰেয় যাদৱে ২০২২ৰ ৩১ ডিচেম্বৰৰ দিনটোৰ কথা কৈছে। বেদ বোলা মাৰাঠী চলচ্চিত্ৰখনে মুক্তি পাইছে মাত্ৰ। এই ৰোমাণ্টিক চলচ্চিত্ৰখনত কিছুমান চিনাকি মুখ আছে যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ত ছবিখনে ভাল কৰিব নোৱাৰিলে। কিন্তু ঘৰুৱা কৰ্মী স্বপ্নালীৰ কাৰণে সেইখনেই তেওঁৰ বছৰটোৰ দুটা বন্ধৰ দিনৰ এটা উপভোগৰ বাবে পচন্দৰ ছবি।
“সেয়া আছিল নৱবৰ্ষ, সেই কাৰণতে। আমি গৰেগাঁৱত বাহিৰত আহাৰ খাইছিলো,” ২৩ বছৰীয়া স্বপ্নালীয়ে আনন্দৰে ছুটীৰ সেই দিনটো মনত পেলায়।
বছৰৰ বাকীকেইটা দিনত স্বপ্নালীৰ তৰণি নোহোৱা হয়। তেওঁ মুম্বাইৰ ছখন ঘৰত আচ-বাব চাফাই কৰা, বাচন ধোৱা আৰু আন ঘৰুৱা কাম আদি কৰে। কিন্তু ইখনৰ পৰা সিখন ঘৰলৈ দৌৰাদৌৰি কৰাৰ সময়ত তেওঁ মাজৰ যি ১০-১৫ মিনিট পায়, সেইখিনি সময়ত তেওঁ ফোনত মাৰাঠী গান শুনে। “গান শুনি মই কিছু সময় কটাও,” সেইখিনি সময়ে দিয়া সুখৰ কথা মনত পেলাই তেওঁ মিচিকিয়াই হাঁহি কয়।


স্বপ্নালী যাদৱ মুম্বাইৰ এগৰাকী ঘৰুৱা কৰ্মী। ইখনৰ পৰা সিখন ঘৰলৈ যোৱাৰ মাজৰ সময়খিনিত তেওঁ ফোনত মাৰাঠী গান শুনে
ফোন এটা থকাটোৱে কিছু সকাহ দিয়ে, এই কথা নীলম দেৱীয়েও কয়। ২৫ বছৰীয়া নীলমে কয়, “সময় পালে মই ম’বাইল ফোনত ভোজপুৰী আৰু হিন্দী চিনেমা চাও।” প্ৰবজিত কৃষিশ্ৰমিক নীলমে বিহাৰৰ মহম্মদপুৰ বালিয়া গাঁৱৰ নিজ ঘৰৰ পৰা ১৫০ কিলোমিটাৰ দূৰৰ মোকামেহ তালত শস্য চপোৱাৰ সময়ত কাম কৰিবলৈ আহিছে।
তেওঁ আন ১৫ গৰাকী মহিলা শ্ৰমিকৰ সৈতে এই ঠাইলৈ আহিছে। তেওঁলোকে পথাৰৰ পৰা মাহৰ গছবোৰৰ মুঠা বনাই এঠাইত মজুত কৰা কাম কৰিব। তেওঁলোকে পইচাৰ পৰিৱৰ্তে কটা আৰু কঢ়িওা প্ৰতি ১২ মুঠিৰ বিনিময়ত এক মুঠা মাহ পায়। তেওঁলোকে খোৱা খাদ্যৰ ভিতৰত এয়াই আটাইতকৈ মহঙা খাদ্য, সুহাগিনীয়ে কয়, “বছৰটো খাবলৈ জোৰে আৰু আমাৰ আত্মীয়-কুটুমলৈও এয়া বিলাব পাৰো।” এমাহৰ পাৰিশ্ৰমিক হিচাপে তেওঁলোকে প্ৰায় এক কুইণ্টল মাহ পায়, তেওঁ কয়।
তেওঁলোকৰ গিৰিহঁতে আকৌ তাতেকৈ বেছি দূৰ ঠাইলৈ কাম বিচাৰি যায়। ল’ৰা-ছোৱালীবোৰ ঘৰতে থাকে যদিও একেবাৰে সৰুবোৰক তেওঁলোকে লগত লৈ যায়।
মাহৰ মুঠা বনাই থকা সময়ত তেওঁ পাৰিক কয় যে ঘৰত চোৱাৰ দৰে ইয়াত ম’বাইলত চিনেমা চাব নাপায়, “ফোন চাৰ্জ কৰিবলৈ ইয়াত ইলেকট্ৰিচিটি নাই।” নীলমৰ হাতত ফোন এটা থকাটো অতি বিৰল কথা। কিয়নো অক্সফাম ইণ্ডিয়াৰ ডিজিটেল ডিভাইড ইনেকুৱেলিটি ৰিপ’ৰ্ট, ২০২২ অনুযায়ী গ্ৰামীণ ভাৰতত ৬১ শতাংশ পুৰুষৰ তুলনাত কেৱল ৩১ শতাংশ মহিলাৰহে ম’বাইল ফোন আছে।
কিন্তু নীলমে উপায় এটা বিচাৰি নুলিওৱা নহয়। শ্ৰমিকৰ অস্থায়ী তম্বুবোৰৰ কাষতে, পথাৰৰ দাঁতিত ট্ৰেক্টৰবোৰ পাৰ্ক কৰা থাকে। “ট্ৰেক্টৰত আমি ফোনবোৰ চাৰ্জ দিও আৰু প্ৰয়োজনীয় ফোনকল কৰাৰ পিছত আঁতৰাই থও। ইলেকট্ৰিচিটি থকা হ’লে আমি নিশ্চয়কৈ চিনেমা চালোঁহেতেন,” তেওঁ যোগ দিয়ে।


বাওঁফালে: নীলমে আজৰি পৰত ফোনত চিনেমা চাই ভাল পায়। সোঁফালে: বিহাৰৰ মকামেহ তালত শস্য চপোৱাৰ পিছত প্ৰবজিত মহিলা শ্ৰমিকসকলে জিৰণি লৈছে
মকামেহ তালৰ মহিলাসকলে পুৱা ৬ বজাৰ পৰা কামত ব্যস্ত হৈ পৰে। ৰাতিলৈকেহে তেওঁলোকে কামৰ পৰা আজৰি পায়। তাৰপিছত আহে দমকলৰ পৰা নিজৰ ঘৰলৈ পানী অনা কাম। তাৰপাছত, অনিতাই কয়, “সকলোৱে নিজৰ নিজৰ বাবে অকণমান আহৰি পাব লাগে।”
ঝাৰখণ্ডৰ গিৰিধ জিলাৰ নাৰায়িনপুৰ গাঁৱৰ সান্থাল আদিবাসী গোষ্ঠীৰ অনিতাই কয়, “আমি আবেলি শোও, সেইখিনি সময়ত বহুত গৰম পৰে, কাম কৰিব নোৱাৰি।” দিনহাজিৰা কৰা এইসকল বনুৱা মাৰ্চ মাহত ঝাৰখণ্ডৰ পৰা বিহাৰলৈ মাহৰ শস্য চপোৱা কামৰ বাবে মোকামেহ তাললৈ আহিছে।
আধা চপোৱা শস্যপথাৰৰ কাষত আধা ডজনমান মহিলাই তেওঁলোকৰ ক্লান্ত ভৰিবোৰ মেলি বহিছে। সন্ধিয়াৰ মুনিচুনি আন্ধাৰ নামিব ধৰিছে।
অৱশ হৈ পৰিলেও মহিলা কৃষিশ্ৰমিককেইগৰাকীৰ হাতবোৰ ৰৈ যোৱা নাই। তেওঁলোকে মাহবোৰ চাফা কৰি আছে, নাইবা মুঠা বনাবলৈ খেৰৰ ৰছী বনাই আছে। ওচৰতে আছে পলিথিনৰ চালি দিয়া আৰু তিনি ফুট ওখ খেৰৰ বেৰ দিয়া তেওঁলোকৰ অস্থায়ী ঘৰবোৰ। আবেলিৰ আহাৰৰ বাবে তেওঁলোকৰ মাটিৰ চৌকাবোৰ জ্বলিবৰ সময় হৈছে। তেওঁলোকে কথাৰ মহলা কাইলৈ পুনৰ আৰম্ভ হ’ব।
২০১৯ৰ ৰাষ্ট্ৰীয় নমুনা সৰ্বেক্ষণৰ তথ্য অনুযায়ী ভাৰতীয় মহিলাই বিনা বেতনে ঘৰুৱা কাম আৰু ঘৰৰ সদস্যসকলৰ শুশ্ৰুষাৰ নামত দিনে ২৮০ মিনিট সময় খৰছ কৰে। ইয়াৰ তুলনাত পুৰুষে খৰছ কৰে মাত্ৰ ৩৬ মিনিট।


বিহাৰৰ মোকামেহ তালত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰা অনিতা মাৰান্দি (বাওঁফালে) আৰু সুহাগিনী চৰেন। তেওঁলোকে এক মাহৰ বাবে মাহ তোলা কাম কৰে, উপাৰ্জন হিচাপে পায় এক কুইণ্টল পৰ্য্যন্ত মাহ


বাওঁফালে: শ্ৰমিকসকলে মাটিৰ চৌকাত তেওঁলোকৰ পলিথিন-খেৰৰ অস্থায়ী ঘৰৰ বাহিৰত খাদ্য ৰান্ধিছে। সোঁফালে: মোকামেহ তালৰ অস্থায়ী ঘৰবোৰ
*****
এনেই বহি কথাৰ মহলা মৰা সময়খিনিয়েই সান্থালি আদিবাসী যুৱতী আৰতি চৰেন আৰু মংগলি মুৰ্মুয়ে বিচাৰে। ১৫ বছৰীয়া সম্পৰ্কীয় ছোৱালী দুয়োজনীৰ ঘৰ পশ্চিমবংগৰ পাৰুলডাঙা গাঁৱত। “ইয়ালৈ আহি মই চৰাইবোৰ চাই ভাল পাও। কেতিয়াবা আমি ফল চিঙো আৰু একেলগে খাও,” গছ এডালৰ তলত বহি ওচৰতে চৰি থকা গৰু-ম’হকেইটা চাই থকা আৰতিয়ে কয়।
“এইখিনি সময়ত (শস্য চপোৱা সময়) নৰা খায়েই গৰু-ম’হবোৰ থাকে কাৰণে আমি বেছি দূৰলৈ চৰাবলৈ নিবলগীয়া নহয়। আমি গছৰ ছাঁত জিৰণি ল’বলৈ সময় পাওঁ,” তেওঁ কয়।
পাৰিয়ে তেওঁলোকক লগ পাইছিল দেওবাৰৰ দিন এটাত, সিদিনা তেওঁলোকৰ মাকহঁতে একেখন জিলাৰে চুবুৰীয়া গাওঁ এখনৰ সম্পৰ্কীয় এঘৰৰ তাত আহিছিল। “মায়ে সাধাৰণতে গৰু-ম’হ চৰাবলৈ আনে, কিন্তু দেওবাৰে মই চৰাবলৈ নিও। মই সিহঁতক ইয়ালৈ আনো আৰু মংগলিৰ লগতো কিছু সময় কটাবলৈ পাও,” সম্পৰ্কীয় ভনীয়েকলৈ চাই হাঁহি মাৰি আৰতিয়ে কয় আৰু যোগ দিয়ে, “তাই মোৰ বান্ধবীও।”
গৰু চৰোৱাটো মংগলিৰ দৈনন্দিন কাম। তেওঁ ৫ম মানলৈ পঢ়িছে, তাতকৈ বেছি মাক-দেউতাকে পঢ়াব নোৱাৰিলে। “তাৰপাছত আহিল লকডাউন। স্কুললৈ পঠিওৱাটো আৰু কঠিন হৈ পৰিল,” ঘৰত ৰন্ধা-বঢ়াৰো কাম কৰা মংগলিযে কয়। এই আৰ্দ্ৰভূমিত গৰু-ম’হ চৰোৱাটোৱে ঘৰখনৰ একমাত্ৰ স্থিৰ আয়, সেয়ে তেওঁ সেই কাম কৰি যাবই লাগিব।

সম্পৰ্কীয় দুই ভনী আৰতি চৰেন আৰু মুৰ্মূয়ে একেলগে থকা সময়খিনি উপভোগ কৰিছে
অক্সফাম ইণ্ডিয়াৰ ডিজিটেল ডিভাইড ইনেকুৱেলিটি ৰিপ’ৰ্ট, ২০২২ অনুযায়ী গ্ৰামীণ ভাৰতত ৬১ শতাংশ পুৰুষৰ তুলনাত কেৱল ৩১ শতাংশ মহিলাৰহে ম’বাইল ফোন আছে
“আমাৰ মা-দেউতাহঁতৰ ফিচাৰ ফোন আছে। আমি একেলগে থাকিলে কেতিয়াবা এইবোৰ (ফোন থকা-নথকা) কথা পাতো,” আৰতিয়ে কয়। ম’বাইল চাবক্ৰিপছন থকা প্ৰায় ৪০ শতাংশ ভাৰতীয়ৰ স্মাৰ্টফোন নাই, ডিজিটেল ডিভাইড ইনেকুৱেলিটি ৰিপ’ৰ্ট ২০২২যে কয়। সেইফালৰ পৰা তেওঁলোকৰ অভিজ্ঞতা অস্বাভাৱিক নহয়।
আজিৰ সময়ৰ কথাত ম’বাইলৰ কথা প্ৰায়ে ওলায়। কেতিয়াবা কামৰ সময়তো ওলায়, সুনীতা পাটেলে খঙেৰে কয়, “চহৰলৈ পাচলি বেচিবলৈ গৈ মানুহক পাচলি কিনিবলৈ চিঞৰি মাতিলে যেতিয়া দেখো যে সিহঁত (ম’বাইল ফোনত) ব্যস্ত থাকে আৰু উত্তৰ দিবলৈকো তেওঁলোকৰ আহৰি নাথাকে, বৰ খং উঠে, দুখো লাগে।”
সুনীতাই চত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ ৰাকা গাঁৱৰ ধাননি পথাৰ এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ মহিলাৰ বনুৱা দলটোৰ সৈতে বহি কথা পাতিছে। কিছুমানে বহিছে, কিছুমানে আকৌ সামান্য এঘুমতি মৰাৰ চেষ্টা কৰিছে।
“আমি গোটেই বছৰটো পথাৰত কাম কৰো। আজৰি বুলিবলৈ নাই,” দুগদি বাই নেতামে সঁচা কথাকে কৈছে। বয়োজ্যেষ্ঠ মহিলা নেতামে বিধবা পেঞ্চন পায় যদিও দিনহাজিৰা কৰিবলগীয়া হয়। “এতিয়া আমি পথাৰত বন নিৰোৱা কাম কৰি আছো, গোটেই বছৰটো আমি কামেই কৰি থাকিবলগীয়া হয়।”
সুনীতাই তেওঁৰ কথাৰ সৈতে একমত হৈ কয়, “আমাৰ আহৰি বুলি একো নাই! আজৰি সময় বোলা বস্তুটো চহৰৰ মহিলাৰ লগতহে খাটে।” ভাল খাদ্য খোৱাৰ সময়কণহে আজৰি সময় বুলি ধৰা হয়, তেওঁ কয়, “ভাল কিবা এটা খাম বুলি মনটোৱে কয় যদিও পইচাৰে কেতিয়াও নাটে।”
*****

চত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ ৰাকা গাঁৱৰ খেতি পথাৰত মহিলা কৃষিশ্ৰমিকৰ দল এটাই সামান্য জিৰণি লৈছে


বাওঁফালে; চত্তীশগড়ৰ ধাননি পথাৰত কাম কৰা মহিলা। সোঁফালে: বয়সে বাধা দিয়া স্বত্ত্বেও দুগদি বাই নেতামে দিনহাজিৰা কৰিলেহে পেট পুহিব পাৰে


চত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ ৰাকা গাঁৱৰ পথাৰত উমা নিশাদে মিঠাআলু তোলা কাম কৰিছে, পৰিয়ালৰ সৈতে অলপ জিৰণি লৈছে
য়াল্লুবাই নন্দিৱালেয়ে আজৰি সময়খিনিত জৈনপুৰ গাঁৱৰ কাষৰ ক’লহাপুৰ-চাংলি ৰাজপথৰ ট্ৰেফিকৰ ফালে চাই ৰৈছে। তেওঁ বাঁহৰ খৰাহী এটা আৰু টাৰ্প’লিনৰ বেগ এটাত কঢ়িয়াই ফুৰা ফণী, চুলিত লগোৱা সামগ্ৰী, আ-অলংকাৰ আৰু এলুমিনিয়ামৰ সামগ্ৰী আদি বিক্ৰী কৰে, এই গোটেইবোৰ সামগ্ৰীৰ ওজন ৬-৭ কিলোমান হয়।
অহাবছৰ তেওঁৰ বয়স ৭০ বছৰ হ’ব। মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ ইয়াত কাম কৰি থকা তেওঁ থিয় হৈ থাকিলেও ভৰি বিষায়, বহি থাকিলেও বিষায়। তথাপিও তেওঁ কাম কৰি যাবই লাগিব, নহ’লে পইচা অহা বাট নাই। “এশ টকা এটা পোৱাও টান হৈ পৰে, কেতিয়াবা এটা টকাও নাপাও,” হাতেৰ আঠুটো পিটিকি তেওঁ কয়।
সপ্ততিপৰ বৃদ্ধাগৰাকীয়ে শিৰোল তালুকৰ দানৌলি গাঁৱত গিৰীয়েক য়ালাপ্পাৰ সৈতে থাকে। তেওঁলোক যাযাবৰী নন্দিৱালে সম্প্ৰদায়ৰ ভূমিহীন পৰিয়াল।
“কিহবাত মন, হাঁহি-তামাচা, আজৰি সময়… আদি বিয়াৰ আগতেই যি আছিল,” যৌৱনকালৰ সুখৰ দিনবোৰ মনত পেলাই তেওঁ কয়। “ঘৰত কেতিয়াও থকা নাছিলো… পথাৰত ঘূৰি ফুৰিছিলো…নদীত। বিয়াৰ পিছত সেইবোৰ একো নাথাকিল। কেৱল পাকঘৰ আৰু ল’ৰা-ছোৱালী।”


বাওঁফালে: য়াল্লুবাইয়ে ফণী, চুলিত লগোৱা সামগ্ৰী, কৃত্ৰিম আ-অলংকাৰ, এলুমিনিয়ামৰ বাচন-বৰ্তন আদি বিক্ৰী কৰে আৰু গ্ৰাহক অহা সময়ত মোনা এটাত কঢ়িওৱা সামগ্ৰীখিনিও উলিয়াই লয়
সমগ্ৰ দেশত মহিলাই বিনা বেতনে ঘৰুৱা কাম আৰু ঘৰৰ সদস্যসকলৰ শুশ্ৰুষাৰ নামত দিনটোৰ ২০ শতাংশ সময় খৰছ কৰে, এই বিষয়ত হোৱা প্ৰথমটো এনে সমীক্ষাই কয়। টাইম য়ুজ ইন ইণ্ডিয়া-২০১৯ শীৰ্ষক এই প্ৰতিবেদনখন ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ বিভাগে উলিয়াইছে।
ভাৰতৰ বহু গ্ৰামীণ মহিলাৰ বাবে কৰ্মী, মাতৃ, পত্নী, জীয়াৰী আৰু বোৱাৰী হিচাপে কটোৱাৰ পিছত আচাৰ-পাপৰ বনোৱা আৰু চিলাইৰ কামত যায়। “যিকোনো চিলাই-কটাইৰ কাম আমাৰ বাবে সুখৰ সময়। আমি পুৰণি শাড়ী গোটাই সেইবোৰ কাটি তাৰে পৰিয়ালৰ বাবে কঁথা বনাও,” উত্তৰ প্ৰদেশৰ বৈথকৱা ক্ষুদ্ৰ গাঁৱৰ উৰ্মীলা দেৱীয়ে কয়।
গ্ৰীষ্মকালত ম’হবোৰক নদীলৈ নিয়াটো এই ৫০ বৰ্ষীয় অংগনবাদী কৰ্মীগৰাকীৰ বাবে অৱসৰ বিনোদনৰ সময়। “বেলান নদীৰ পানীত আমাৰ ল’ৰাহঁতে খেলি থকা সময়ত আমি ইজনে সিজনৰ খবৰ-বাতৰিবোৰ পাও,” তেওঁ কথাখিনি কৈ লগতে যোগ দিয়ে যে গ্ৰীষ্মকালত নদীখন জুৰি এটাৰ দৰে হৈ থাকে, গতিকে ল’ৰা-ছোৱালীহঁতক লৈ চিন্তা কৰিবলগীয়া নহয়।
কৰাৱন জিলাৰ দেওঘাট গাঁৱৰ অংগনবাদী কৰ্মী হিচাপে উৰ্মীলাই সৰু ল’ৰা-ছোৱালী আৰু সিহঁতৰ মাকহঁতৰ যত্ন লয়। তাৰ লগতে তেওঁ টিকাকৰণ তথা আন প্ৰাক-গৰ্ভকালীন আৰু প্ৰসৱোত্তৰ কালৰ চেক-আপ আদিৰ দীঘলীয়া তালিকাও প্ৰস্তুত কৰে।
চাৰি সন্তানৰ মাতৃ আৰু তিনিবছৰীয়া কুঞ্জ কুমাৰৰ আইতাক উৰ্মীলাই ২০০০-২০০৫ত দেওঘাট গাওঁবুঢ়া হিচাপে নিৰ্বাচিত হৈছিল। এই ডাঙৰ দলিত সম্প্ৰদায়টোৰ কেইগৰাকীমান মুষ্টিমেয় শিক্ষিত মহিলাৰ মাজৰ তেঁৱো এগৰাকী। “স্কুল এৰি কম বয়সত বিয়া হৈ যোৱা ছোৱালীবোৰৰ নিয়মীয়াকৈ মই হিচাপ ৰাখো। কিন্তু তেওঁলোকে নুশুনে আৰু পৰিয়ালৰ মানুহেও নুশুনে,” অসহায় ভাৱত তেওঁ কয়।
বিয়া-সবাহতহে মহিলাই নিজা বুলি ক’বলৈ অকণমান সময় পায়, “আমি গাওঁ, হাঁহি-ধেমালী কৰো,” উৰ্মীলাই কয়। গীতবোৰ বিয়া সংক্ৰান্ত আৰু পাৰিবাৰিক সম্পৰ্ক বিষয়ক হয়। কেতিয়াবা শ্লীলতাৰ পাৰ ভঙা গীতো গোৱা হয় বুলি কৈ তেওঁ হাঁহে।


বাওঁফালে: উত্তৰ প্ৰদেশৰ কৰাৱন জিলাৰ দেওঘাট গাঁৱৰ অংগনবাদী কৰ্মী উৰ্মীলা দেৱী। সোঁফালে: পৰিয়ালৰ ম’হকেইটা চৰাবলৈ নি উৰ্মীলাই ভাল পায়


চত্তীশগড়ৰ ধামতাৰিৰ চাৰিখন ঘৰত ঘৰুৱা বন কৰা চিত্ৰেখাই সময় পালে তীৰ্থভ্ৰমণত যাব খোজে
কেৱল বিয়া বুলিয়ে নহয়, উৎসৱৰ সময়তো মহিলাসকলে, বিশেষকৈ যুৱতীসকলে নিজাকৈ বুলি আজৰি সময় অলপ পায়।
আৰতী আৰু মংগলীয়ে পাৰিক কয় যে বিৰভুমৰ সান্থালী আদিবাসীসকলে জানুৱাৰী মাহত উদযাপন কৰা বন্দনা উৎসৱ তেওঁলোকে আটাইতকৈ বেছি উপভোগ কৰে। “আমি ভাল কাপোৰ পিন্ধো আৰু নাচি-বাগি গান গাওঁ। মাহঁত ঘৰত থাকে কাৰণে আমাৰ বেছি কাম নাথাকে আৰু বন্ধুবৰ্গৰ লগত লগ লগাৰ সময় পাও। কোনেও আমাক গালি নিদিয়ে আৰু যি মন তাকে কৰিব পাৰো,” আৰতীয়ে কয়। এইখিনি সময়ত দেউতাকহঁতে গৰু-ম’হবোৰ চায় আৰু উৎসৱৰ সময়ত গৰু-ম’হক পুজাও কৰা হয়। “মোৰ কাম নাথাকে,” মংগলীয়ে মিচিকিয়াই কয়।
তীৰ্থভ্ৰমণৰ সময়খিনিকো আজৰি সময় বুলি বিবেচনা কৰা হয়, ধামতাৰিৰৰ ৪৯ বছৰ বয়সীয়া চিত্ৰেখাই তেওঁৰ আজৰি সময়ত কৰিব খোজা কাম বুলি ইয়াকো ধৰে। “মই পৰিয়ালৰ সৈতে দুই-তিনি দিনৰ বাবে চেহোৰ জিলাৰ (মধ্যপ্ৰদেশৰ) শিৱ মন্দিৰলৈ যাব খোজো। ছুটি লৈ মই কেতিয়াবা তালৈ যাম,” তেওঁ কয়।
চত্তীশগড়ৰ ৰাজধানীৰ ঘৰুৱা বন কৰা কৰ্মী চিত্ৰেখাই পুৱা ৬ বজাত উঠি ঘৰুৱা কাম শেষ কৰি চাৰিঘৰ মানুহৰ তাত কাম কৰিব যায় আৰু সন্ধিয়া ৬ বজাত ঘূৰি আহে। দিনটো খাটি মাহে তেওঁ ৭,৫০০ টকা পায় আৰু তেওঁৰ দুটি সন্তান আৰু শাহুৱেকেৰে পাঁচজনীয়া পৰিয়ালটোৰ বাবে সেই টকাখিনি বৰ জৰুৰী।
*****
কাম অবিহনে (পইচা পোৱা) ঘৰুৱা বন কৰা শ্ৰমিক স্বপ্নালীৰ এটা দিন যোৱাটো অতি বিৰল কথা। “মাহত মাত্ৰ দুটা দিন বন্ধ পাও। যেতিয়া সকলোৱে বন্ধ পালে (তেওঁক কাম দিয়াসকলে) শনিবাৰ আৰু দেওবাৰেও কামলৈ যাব লাগে, সেইকেইটা দিনত ছুটি পোৱাৰ কোনো প্ৰশ্নই নুঠে,” তেওঁ বুজাই কয়। তেওঁ নিজেও আনকি ছুটি লোৱাৰ কথা কেতিয়াও নাভাবে।
“মোৰ স্বামীয়ে দেওবাৰে কাম কৰিবলগা নহয়। কেতিয়াবা তেওঁ মোক মাজনিশা ছবিঘৰলৈ যোৱাৰ বাবে লগ ধৰে, কিন্তু মই সাহস কৰিব নোৱাৰো। পিছদিনা কামলৈ যাবই যে লাগিব,” তেওঁ যোগ দিয়ে।

পশ্চিমবংগৰ বিৰভূম জিলাত গৰু-ম’হ চৰাই জিৰণি লৈ থকা অৱস্থাত ল’হাৰ মহিলা
ঘৰত মহিলাই পৰিয়ালটো চলাবলৈ বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হয় আৰু যিটো কাম তেওঁলোকে ভাল পায়, সেই কামটোৱেই আজৰি সময়ত কৰা কাম হৈ পৰে। “মই ঘৰলৈ গৈ ঘৰুৱা কাম- ৰন্ধা-বঢ়া, চাফাই কৰা, ল’ৰা-ছোৱালীহঁতক খুওৱা আদি কামখিনি শেষ কৰো। তাৰপিছত মই ব্লাউজৰ টুকুৰাৰে কঁথা চিলোৱা কাম আৰম্ভ কৰো,” ৰুমা ল’হাৰে (নাম সলনি কৰা হৈছে) কয়।
পশ্চিমবংগৰ বিৰভূম জিলাৰ আদিত্যপুৰ গাঁৱৰ ২৮ বছৰীয়া মহিলাগৰাকীয়ে তেওঁলোকৰ গৰু চৰোৱা ঠাইখনৰ কাষৰ ঘাঁহনিত আন চাৰিগৰাকী মহিলাৰ সৈতে বহিছে। ২৮ৰ পৰা ৬৫ বছৰ বয়সৰ পৰিসৰৰ আটাইকেইগৰাকী মহিলা ভূমিহীন, আনৰ পথাৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁলোক পশ্চিমবংগত অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত ল’হাৰ সম্প্ৰদায়ৰ।
“আমি পুৱাতে ঘৰৰ সকলো কাম শেষ কৰি আমাৰ গৰু-ছাগলীবোৰ চৰাবলৈ পথাৰলৈ লৈ আহো,” তেওঁ কয়।
“নিজৰ বাবে কেনেকৈ সময় উলিয়াব লাগে আমি জানো। কিন্তু কাকো নকও,” তেওঁ যোগ দিয়ে।
“সময় পালে কি কৰি কটায়?” আমি সুধিলো।
“প্ৰায়ে একো নকৰো। এঘুমতি মাৰো নাইবা মনে মিলা আন কোনোবা মহিলাৰ সৈতে কথা পাতো,” লগত থকাকেইগৰাকীৰ ফালে অৰ্থপূৰ্ণভাৱে চাই তেওঁ কয়। আটাইকেইগৰাকী হাঁহিত ফাটি পৰিছে।
“আমি কাম কৰো বুলি কোনেও নাভাবে! সকলোৱে ভাবে যে আমি কেৱল সময় নষ্ট কৰিব জানো।”
এই ষ্ট ’ ৰিটো মহাৰাষ্ট্ৰৰ দেৱেশ আৰু জ্যোতি চিনৌলি , চত্তীশগড়ৰ পুৰুষোত্তম ঠাকুৰ , বিহাৰৰ উমেশ কুমাৰ ৰায় , পশ্চিমবংগৰ স্মিতা খাটৰ , উত্তৰ প্ৰদেশৰ প্ৰীতি ডেভিদে প্ৰস্তুত কৰিছে । সম্পাদনা কৰিছে ৰিয়া বেহেল , সংবিতি আয়াৰ , জশুৱা বোধিনেত্ৰ আৰু বিশাখা জৰ্জে , ফটো সম্পাদনা কৰিছে বিনাইফেৰ ভাৰুচায়ে ।
প্ৰচ্ছদ আলোকচিত্ৰ : স্মিতা খাটৰ
অনুবাদ: পংকজ দাস