তেওঁ নিজে গোৱা গীতবোৰ ছ’চিয়েল মিডিয়াত প্ৰায়ে আপলোড কৰে, আশা কৰে যে এদিন মানুহে তেওঁৰ প্ৰতিভা চিনিব, স্বীকৃতি দিব।
''কোনোবাদিন গীতৰ এলবাম এটা ৰিলিজ কৰাৰ হেঁপাহ আছে,’’ অসমৰ যোৰহাট জিলাৰ ছাইকোট্টা চাহ বাগিচাৰ ঢেকিয়াজুলি ডিভিজন নিবাসী ২৪ বছৰ বয়সীয়া চান্তো তাঁতীয়ে কয়।
চান্তোৱে সৰুৰে পৰা গায়ক হোৱাৰ সপোন দেখি আহিছে। কিন্তু তেওঁৰ বাস্তৱ জীৱনটো তাৰ সম্পূৰ্ণ বিপৰীত। দেউতাকৰ নিজা চাইকেল দোকানখনত কাম কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে।
চান্তো আদিবাসী সম্প্ৰদায়ৰ। কিন্তু তেওঁৰ জনগোষ্ঠীটোক কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰি। প্ৰায় ডেৰটা দশক ধৰি অসমৰ চাহ বাগিচাবোৰত ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, টেলাংগনা, মধ্যপ্ৰদেশ, চত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা জীৱিকাৰ সন্ধানত বহু আদিবাসী লোকৰ প্ৰব্ৰজন ঘটিছে। এনেদৰে তেওঁলোক বিভিন্ন জনজাতীয় আৰু আন জনগোষ্ঠীসমূহৰ সৈতে মিলি গৈছে। এই সকলো জনগোষ্ঠীক প্ৰায়ে একেলগে 'চাহ জনগোষ্ঠী’ বুলি কোৱা হয়।
অসমত বাস কৰা প্ৰায় ৬০ লাখ চাহ জনগোষ্ঠীৰ লোকক নিজৰ মূল ৰাজ্যত অনুসূচিত জনজাতি বুলি ধৰা হয় যদিও ইয়াত তেওঁলোকে সেই স্বীকৃতি পোৱা নাই। তেওঁলোকৰ ১২ লাখমান লোকে ৰাজ্যখনৰ ১,০০০ খনমান চাহ বাগিচাত কাম কৰে।
দৈনিক কঠোৰ পৰিশ্ৰম আৰু বাস্তৱ জীৱনৰ দুখ-কষ্টই তেওঁলোকৰ মাজৰ বহুতৰে আশা মোহাৰি পেলায়। কিন্তু চান্তোৱে হাৰ মনা নাই। চাহ বাগিচাত গাত ৰ’দ নলগাকৈ আৰু বৰষুণ নপৰাকৈ কেনেকৈ মানুহে হাড়ভঙা শ্ৰম কৰে আৰু তেনেদৰে তেজক পানী কৰি কৰা সতেজ চাহকাপৰ কথাক লৈ তেওঁ গান গায়।


চান্তোৱে শৈশৱৰে পৰা গায়ক হোৱাৰ সপোন দেখিছে। কিন্তু পেটৰ ভাতমুঠিৰ কাৰণে তেওঁ দেউতাকৰ চাইকেলৰ সৰু দোকানখনত কাম কৰিবই লাগিব
ইয়াত ঝুমুৰ গীতবোৰ সাদ্ৰি ভাষাত গোৱা হয় আৰু ইটোৰ পৰা সিটো প্ৰজন্ম বাগৰি গৈ থাকে। চান্তোৱে গোৱা গানবোৰ দেউতাক বা খুড়াকে লিখি দিয়ে। তেওঁ গোৱা আন বহুতো গান শৈশৱত শুনা, মুখে মুখে বাগৰি অহা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰব্ৰজিত হৈ অসমৰ চাহ বাগিচাত থিতাপি লোৱা আদিবাসী লোকৰ জীৱনেই এই গানৰ কথা। কেনেকৈ তেওঁলোকে পুৰণি ঘৰ পাহৰি নতুন ঘৰলৈ আহিল, অটব্য হাবি ভাঙি, পাহাৰ সমান কৰি কেনেকৈ এই সেউজীয়া সুফলা চাহ বাগিচাবোৰ পাতিলে- তাকে কেন্দ্ৰ কৰি চাহ জনগোষ্ঠীৰ ঝুমুৰ গীতবোৰ সৃষ্টি হৈছে।
চান্তোৰ সংগীতৰ প্ৰতি ইমান হাবিয়াস দেখি গাঁৱৰ মানুহে তেওঁক প্ৰায়েই ঠাট্টা-মস্কৰা কৰে। তেওঁলোকে কয়, তেওঁ যিমানেই সপোন নেদেখক লাগিলে, শেষত গৈ চাহ বাগিচাত পাতেই চিঙিব লাগিব। এনে কথাই চান্তোৰ মনত দুখ দিয়ে, কিন্তু তেওঁ বেছিকৈ ধৰি নাথাকে। তেওঁলোকেও চান্তোক কিবা এটা কৰাৰ সপোন দেখাত বাধা নিদিয়ে। ছ’চিয়েল মিডিয়াত নিয়মীয়াকৈ আপলোড কৰাতো তেওঁলোকে বাধা নিদিয়ে।
অনুবাদ: পংকজ দাস