এইবাৰ শীতৰ প্ৰকোপ বেছি হোৱা বাবে আব্দুল মাজীদ ৱানিয়ে ভাল পাইছে। তেওঁ তৈয়াৰ কৰা কাংৰীৰ চাহিদা এইবাৰ বৃদ্ধি পাব বুলি তেওঁ আশাবাদী আৰু যোৱা বছৰৰ ডিচেম্বৰত কাশ্মীৰৰ কিছুমান অঞ্চলত তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছ হৈছিল, সেই চাই এইবাৰো চাহিদা ভাল হ’ব।
মধ্য কাশ্মীৰৰ বাদগাম জিলাৰ চাৰাৰ-ই-শ্বৰীফত ৫৫ বছৰীয়া ৱানি থাকে আৰু কাম কৰে। শ্ৰীনগৰৰ পৰা ৩২ কিলোমিটাৰ দূৰত এই চহৰখন কাংৰী তৈয়াৰ কৰা হস্তশিল্পীৰ কেন্দ্ৰস্থল স্বৰূপ। কাংৰী হৈছে কাঠকয়লাৰ আঙঠাৰে পৰিপূৰ্ণ এটা মাটিৰ পাত্ৰ আৰু ইয়াক বাঁহ-বেতেৰে তৈয়াৰ কৰা এটা পাত্ৰত সুমুৱাই লোৱা হয়। কাশ্মীৰৰ দীঘলীয়া শীতকালত নিজকে গৰম কৰি ৰাখিবলৈ বহুতো কাশ্মীৰিয়ে লগত সহজে লৈ ফুৰিব পৰা নাল লগোৱা ‘হিটাৰ’টো ‘ফিৰণ’ (শীতকালত পৰিধান কৰা আঠুলিকৈ দীঘল ঊলৰ পৰম্পৰাগত হলৌচোলা)ৰ তলত লৈ ফুৰে। (কিছুমান সমীক্ষাই ‘কাংৰী কৰ্কট’ৰ বিষয়ে কয় যে সেয়া এক বিশেষ ৰোগ, শৰীৰত লগাই জ্বলি থকা আঙঠা লৈ ফুৰাৰ বাবে কাশ্মীৰত এই ৰোগ হয় ৰোগ, গোটই দীঘলীয়া শীতকালটো ইয়াক লৈ ফুৰোৱাৰ বাবে সেই ৰোগ হয়, কিন্ত সেয়া এক অন্য কাহিনী।)
‘মিহি বেতেৰে তৈয়াৰ কৰা সুন্দৰ কাংৰীৰ বাবে আমাৰ অঞ্চলটো বিখ্যাত।’ চাৰাৰ-ই-শ্বৰীফৰ কানিল মহল্লাৰ বাসিন্দা ৩০ বছৰীয়া ওমৰ হাছান ডৰে ক’লে। হস্তশিল্পী আৰু শ্ৰমিকসকল কাংৰী নিৰ্মাণৰ কামত জৰিত হৈ পৰে। কাংৰী সুমুওৱা পাত্ৰটো তৈয়াৰ কৰিবলৈ ওচৰৰ জংঘলৰ পৰা ছিৰিলি ছিৰিলি পাতৰ ৱিলো কাঠী সংগ্ৰহ কৰা হয় বা কৃষকৰ পৰা ক্ৰয় কৰা হয়। মৰাপাটৰ কাঠীৰ লেখীয়া এই কাঠীবোৰ কোমল কৰিবলৈ সিজোৱা হয়, তাৰ পিছত মিহিকৈ কাটি চাঁচি পেলোৱা হয় (হাতেৰে তৈয়াৰী এবিধ চোকা যন্ত্ৰেৰে স্থানীয় লোকে ইয়াক চাপ্পুন বুলি কয় (কাঠীৰ দুডাল লাঠি কেৰিয়াকৈ লোৱা হয়। তাৰ পিছত মাটিত পুতি লোৱা হয়)। তাৰ পিছত পানীত তিয়াই থোৱা, শুকোৱা আৰু ৰং কৰাৰ কাম কৰা হয়। তাৰ পিছত এই কাঠী-কামিবোৰেৰে মাটিৰ পাত্ৰটোৰ চাৰিওফালে ঘেৰ দি লোৱা হয়।
গোটেই কামখিনিৰ বাবে প্ৰায় এসপ্তাহ সময় লাগে। এই সময়খিনিৰ ভিতৰতে কাঠী-কামিবোৰ ভালদৰে শুকুৱাই লোৱা হয়। শীতকাল আৰম্ভ হোৱাৰ আগতে আগষ্ট মাহত সাধাৰণতে কাংৰীবোৰ তৈয়াৰ কৰা হয়। কেতিয়াবা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শীতকালতো এয়া কৰা হয়। আনকি এই কাম ফেব্ৰুৱাৰী মাহৰ শেষলৈকে চলি থাকে।
আগতে কাশ্মীৰৰ কাংৰীবোৰ কেৱল এটা মাটিৰ পাত্ৰ আছিল। স্থানীয় কুমাৰৰ পৰা ক্ৰয় কৰি লোৱা হয়, তেনেকুৱা কুমাৰৰ মাটিৰ কাংৰীত বাঁহ-কাঠেৰে তৈয়াৰ কৰা আৱৰণ নাছিল। সময় সলনি হোৱাৰ লগে লগে স্থানীয় হস্তশিল্পীয়ে এই পৰম্পৰাত ‘হিটাৰ’ৰ বাবে বিভিন্ন আৰ্হিৰ আৱৰণ তৈয়াৰ কৰিবলৈ ধৰিলে। ইয়াৰ বজাৰ মূল্যও আগৰ কাংৰীৰ তুলনাত বৃদ্ধি পালে। এতিয়া একেবাৰে কম দামৰ কাংৰী এটাৰ দাম অতিকমেও ১৫০ টকা আৰু তৈয়াৰ কৰিবলৈ ৩-৪ ঘণ্টা সময় লাগে। অতি জটিল আৰ্হিৰে বহুৰঙী কাংৰী একোটাৰ বাবে তিনি-চাৰিদিন সময় লাগে। এনেকুৱা এটাৰ দাম প্ৰায় ১৮০০ টকা হয়। ডৰে মোক ক’লে যে তেনে এটা কাংৰীৰ পৰা ১০০০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত লাভ হয়।


বাওঁফালেঃ বাদগাম জিলাত চাৰাৰ-ই-শ্বৰীফৰ এটা কাৰাখানাত ৰঙীন কাংৰী এটা প্ৰস্তুত কৰিছে ৪০ বছৰীয়া মঞ্জুৰ আহমেদে। সোঁফালেঃ চাৰাৰ-ই-শ্বৰীফৰ কানিল মহল্লাত থকা কাৰখানাত ৮৬ বছৰীয়া খাজিৰ মহম্মদ মালিকে একচিত্ৰবিশিষ্ট কাংৰী তৈয়াৰ কৰিছে
যদিও কাংৰী তৈয়াৰ কৰাটো ঋতুভিত্তিক জীৱিকা, ই হস্তশিল্পী আৰু ৱিলোৰ কাঠী-কামি বিক্ৰী কৰা কৃষকৰ বাবে গোটেই বছৰৰ বৃত্তি হৈ পৰে, তেওঁলোকে এইবিলাক ব্যৱসায়ী আৰু ঠিকাদাৰক বিক্ৰী কৰে। চাৰাৰ-ই-শ্বৰীফত কাংৰী বনোৱা এজনে মোক ক’লে, প্ৰত্যেক শীতকালত তেঁওলোকে প্ৰায় ৫০,০০০ৰ পৰা ৬০,০০০ কাংৰী বিক্ৰী কৰি মুঠ ১ (এক) কোটি টকা উপাৰ্জন কৰিছিল। এতিয়া তীব্ৰ শীতকাল পৰিছে, সেয়ে বিক্ৰী আৰু বাঢ়িব। ‘কাংৰীৰ চাহিদা বৃদ্ধি হৈ থকালৈ চাই এইবাৰ কাংৰী বিক্ৰী কৰি ১ কোটি টকাৰ বেছি উপাৰ্জন কৰিব পৰা যাব,’ ৱানিয়ে ক’লে। জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত তেওঁ মাহে ১২,০০০-১৫,০০০ টকা উপাৰ্জন কৰে।
কাংৰী তৈয়াৰ কৰাৰ আন কামখিনি পুৰুষে কৰে, মহিলাসকলে কাঠবিলাক মিহিকৈ ফালি চাঁচি পেলোৱা কাম কৰে। ‘মই দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে কাঠী-কামি বনোৱা কাম কৰিবলৈ লৈছিলো। কাঠৰ ডাল এটা নিঁখুতভাবে ফালিবলৈ যথেষ্ট নিপুণতাৰ প্ৰয়োজন হয়, নহ’লে কাঠৰ ডালটো ভাঙি যাব, ফলত নষ্ট হ’ব।’ নিঘট আজিজে কয় (নাম সলনি কৰা হৈছে)। তেওঁ এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা। নিঘটৰ দৰে বহুতো যুৱতী মহিলাই গাণ্ডাৰবল জিলাৰ উমাৰহেৰে এলেকাত কাঠী-কামি বনোৱা কাম কৰে। তেওঁলোকে সাধাৰণতে এমুঠি কাঠী বনালে ৪০ টকা উপাৰ্জন কৰে, দৈনিক ৩ বা ৪ ঘণ্টাত তেওঁলোকে ৭-৮ মুঠি কাঠী বনাব পাৰে।
কিছুমান মহিলাই কৈছে তেওঁলোকে এই কাম কৰা বন্ধ কৰিব বিচাৰিছে। ‘কাংৰীৰ বাবে কাঠী বনোৱা বাবে আমাৰ গাঁৱৰ কিছুমান মানুহে আমাক হেয় কৰিব বিচাৰে, সিহঁতে ভাবে এয়া দুখীয়া পৰিয়ালৰ মানুহৰ কাম। মানুহবোৰৰ উপলুঙাৰ বাবেই মই এই কাম কৰি থাকিব নোৱাৰিলো,’ উমাৰহেৰেৰ পাৰৱীনা আখতাৰে কয়।
সাধাৰণতে পৰিয়ালৰ মানুহে ব্যৱহাৰ কৰা কাংৰীৰ বাবে মহিলাসকলেই আঙঠা তৈয়াৰ কৰে। বজাৰৰ পৰা কাঠ-কয়লা কিনি অনা হয়, কাঠ পুৰি কাঠ-কয়লা তৈয়াৰ কৰা হয়, সাধাৰণতে আহোম বগৰী আৰু আপেল গছৰ পৰা কাঠ-কয়লা বনোৱা হয়। ‘পুৱা আৰু সূৰ্যাস্তৰ পিছত আমি পাত্ৰবোৰ বনাও। গোটেই কাশ্মীৰতে মহিলাসকলে এই কাম কৰে,’ ৫০ বছৰীয়া হাজা বেগমে ক’লে। তেওঁ শ্ৰীনগৰৰ মাজভাগত থকা আলি কাদাল অঞ্চলত বাস কৰে। তেওঁ প্ৰতিদিনে তেওঁলোকৰ যৌথ পৰিয়াল বাবে কমও ১০ টা কাংৰী প্ৰস্তুত কৰিব লাগে। শাকপাচলি বিক্ৰেতা তেওঁৰ স্বামীৰ বাবেও হাজাই কাংৰী প্ৰস্তুত কৰি দিয়ে।
উত্তাপ পোৱাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থাই এতিয়া ঠাই লৈছ। ইয়াৰে ভিতৰত মধ্য এছিয়াত শেহতীয়াভাৱে ব্যৱহাৰ কৰা বুখাৰী (কাঠৰ ষ্টোভ)ৰ পৰা কাংৰীলৈকে। কিন্তু সাধাৰণ মানুহৰ হিটাৰ হিচাপে কাংৰীয়েই স্থান পাই আহিছে। কাশ্মীৰৰ প্ৰায় শূন্য ডিগ্ৰী উত্তাপ হোৱা গ্ৰামাঞ্চলত কাংৰী ব্যৱহৃত হয়। দীঘল শীতকালচোৱাত দেহত তাপ পোৱাৰ বাবে কাঠ-কয়লাৰ আঙঠাৰে জ্বলোৱা কাংৰী সকলোৰে বাবে বহনসাধ্য।

মধ্য কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ উমাৰহেৰে এলেকাৰ বাসিন্দা ৩২ বৰ্ষীয় ফাৰুক আহমেদ ৱানিয়ে ঠিকাদাৰৰ কাম কৰে, তেওঁ কৃষকৰ পৰা কাঠবিলাক ক্ৰয় কৰে আৰু কাংৰী তৈয়াৰ কৰা লোকক বিক্ৰী কৰিবলৈ এইবিলাকৰ কাঠী-কামি তৈয়াৰ কৰে

কাঠী-কামি তৈয়াৰ কৰাৰ বাবে মহিলাই উমাৰহেৰেত কাঠৰ বোজাবোৰ কঢ়িয়াইছে

উমাৰহেৰেত ২২ বছৰীয়া আশ্বিক আহমেদ আৰু তেওঁৰ ৫৪ বছৰীয়া পিতৃ গুলজাৰ আহমেদ ডৰে ঘৰৰ ওচৰতে থকা কাৰখানাত গোটেই ৰাতি সিজাই থকা কাঠীবোৰ উলিয়াইছে। ‘কাঠীবোৰ গোটাই অনাৰ পিছত সিজাই পেলালে ফালি চাঁচিবলৈ সহজ হয় আৰু ছাল এৰুৱাব পাৰি,’ আশ্বিকে কয়

উমাৰহেৰেৰ ৩২ বছৰীয়া বাসিন্দা ৱাছিম আহমেদে চৌকাত জ্বালানি ভৰাইছে, ইয়াত গোটেই নিশা কাঠীবোৰ সিজাব

৭০ বছৰ ধৰি কাংৰী ব্যৱসায়ৰ লগত জৰিত হৈ থকা চাৰাৰ-ই-শ্বৰীফৰ ৮৬ বছৰীয়া বাসিন্দা খাজিৰ মহম্মদ মালিক। ‘মই মোৰ পিতৃৰ পৰা উত্তৰাধিকাৰ সূত্ৰে এই শিল্পকলা লাভ কৰিছো, কাংৰী বাদ দি কাশ্মীৰত মানুহ জীয়াই থাকিব নোৱাৰে। মোৰ কাংৰীৰ পৰা মানুহে যেতিয়া দেহত উত্তাপ পায়, সেয়া দেখি মই সন্তুষ্ট হওঁ,’ তেওঁ ক’লে

মঞ্জুৰ আহমেদৰ সৈতে খাজিৰ মহম্মদ মালিকে চাৰাৰ-ই-শ্বৰীফত থকা কাৰখানাত কাংৰীৰ কামিৰ আৱৰণ তৈয়াৰ কৰিছে

চাৰাৰ-ই-শ্বৰীফৰ কানিল মহল্লাৰ বাসিন্দা ৪০ বছৰীয়া মঞ্জুৰ আহমেদে ২৫ বছৰ ধৰি কাংৰী তৈয়াৰ কৰি আহিছে। ‘মই দৈনিক ৩-৪ টা সাধাৰণ কাংৰী বনাব পাৰো আৰু উচ্চ মানৰ এটা কাংৰী তৈয়াৰ কৰিবলৈ মোক ৩-৪ দিন সময় লাগে,’ তেওঁ কয়

চাৰাৰ-ই-শ্বৰীফৰ কানিল মহল্লাৰ ৬৪ বছৰীয়া গুলাম নবী মালিকে কয়, ‘মই দেউতাৰ পৰা বনাবলৈ শিকিছো। তেওঁ মোক কৈছিল যে যথেষ্ট দক্ষতা নাথাকিলে তুমি কাংৰীৰ নাল এডালো তৈয়াৰ কৰিব নোৱাৰিবা। এটা নিখুঁত কাংৰী তৈয়াৰ কৰাৰ দক্ষতা আয়ত্ব কৰিবলৈ মোক ৯ বছৰ সময়ৰ প্ৰয়োজন হৈছিল’
![Mugli Begum, a 70-year-old homemaker in Charar-i-Sharief, says, “I have seen my husband [Khazir Mohammad Malik] weaving kangris for 50 years and I am happy with his work. Watching him weave a kangri is as good as weaving a kangri'](/media/images/_DSC9817.max-1400x1120.jpg)
চাৰাৰ-ই-শ্বৰীফৰ ৭০ বছৰীয়া গৃহিণী মুগলী বেগমে কয়, ‘মোৰ স্বামী (খাজিৰ মহম্মদ মালিক)য়ে কাংৰী তৈয়াৰ কৰা ৫০ বছৰ ধৰি দেখি আহিছো আৰু তেওঁৰ কাম দেখি মই সুখী। কাংৰী নিজে তৈয়াৰ কৰাতকৈ তেওঁ তৈয়াৰ কৰি থকা দেখি বেছি ভাল লাগে’

শ্ৰীনগৰ চহৰৰ নাৱাকাদাল এলেকাত বাস কৰা মহিলা ৫৫ বছৰ বয়সীয়া ফিৰদৌছা ৱানিয়ে এদিন কাহিলীপুৱাতে তেওঁৰ ঘৰৰ বাহিৰত থকা ছালিঘৰ (স্থানীয় মানুহে গঞ্জিল বুলি কয়)ত কাংৰীত কাঠ-কয়লা ভৰ্তি কৰিছে

চাৰাৰ-ই-শ্বৰীফৰ এখন কাংৰীৰ দোকান, গড়ে প্ৰতিদিনে ১০-২০ জন গ্ৰাহক দোকানলৈ আহে

শ্ৰীনগৰৰ মধ্যাঞ্চলৰ পুৰণি মাটিৰ ঘৰ এটাত তুষাৰপাতৰ দিন এটাত চাৰাৰ-ই-শ্বৰীফত তৈয়াৰ কৰা এটা কাংৰী বেৰত আৰি থোৱা দেখা গৈছে
অনুবাদঃ পংকজ দাস