কুকুৰ এটাই ভুকিছে। বাঘ এটাই গুজৰি উঠিছে। মানুহৰ চিঞৰ-বাখৰেৰে আকাশ-বতাহ তালফাল লাগিছে।
এয়া একো অস্বাভাৱিক পৰিস্থিতি নহয়। আমি চন্দ্ৰপুৰৰ তাড়োবা আন্ধাৰি টাইগাৰ ৰিজাৰ্ভ (টি.এ.টি.আৰ.)ৰ পৰা বেছি দূৰত নাই।
কিন্তু অস্বাভাবিক এই সকলো মাত বাণীবদ্ধ কৰা; মানুহ আৰু জীৱ-জন্তুৰ শ্ৰুতিকটু সংমিশ্ৰণৰ বাণীবদ্ধ ৰূপ উফৰি আহিছে মাংগি গাঁৱৰ এটা লাউড স্পীকাৰৰ পৰা। বাঁহ এডালত মেগাফোনটো ওলমাই থিয় কৰি তাঁৰেৰে বেটাৰীৰে চলা পেষ্টিচাইড স্প্ৰে পাম্পত সংযোগ কৰা হৈছে। গ্ৰামীণ বিদৰ্ভৰ কপাহ আৰু ৰহৰ দাইলৰ খেতিৰ মাজতে এনেকৈ এলাৰ্মৰ ব্যৱস্থা কৰা হৈছে।
“এই এলাৰ্মটো ৰাতি যদি নবজাও, বনৰীয়া গাহৰি নাইবা নীলগাইয়ে আহি (নিশাচৰ প্ৰাণী) মোৰ খেতিখন খাই পেলাব,” বন্য জীৱ-জন্তুৰ পৰা নিজৰ খেতিখন বচোৱাৰ বাবে উপায়ন্তৰ হৈ শেহতীয়াকৈ এলাৰ্মৰ ব্যৱস্থা কৰা ৪৮ বছৰ বয়সীয়া কৃষক সুৰেশ ৰেংঘে এনেদৰে যুক্তি দৰ্শায়।
সৌৰশক্তি আৰু ৱায়াৰ্ড ফেঞ্চ দিও বন্যজীৱক পথাৰৰ পৰা আঁতৰাই ৰাখিব নোৱাৰাত তেওঁ বেটাৰীচালিত স্প্ৰেয়িং পাম্পটোৰ চকেটত গেজেটটোৰ দুটা পিনৰ প্লাগটো ভৰাই দিয়ে। ক্ষণিকতে মানুহ আৰু জীৱ-জন্তুৰ তীব্ৰ মাতেৰে চৌপাশ ভৰি পৰে।


য়াভাতমাল জিলাৰ মাংগি গাঁৱৰ খেতিয়ক সুৰেশ ৰেংঘেয়ে দেখুৱাইছে, কেনেকৈ ফাৰ্ম এলাৰ্ম এটাই বনৰীয়া জীৱ-জন্তুক ভয় খুৱাই নিলগাই ৰাখে, বিশেষকৈ নীলগাই আৰু বনগাহৰি যিয়ে খেতি প্ৰায়ে তহিলং কৰে

খেতি তহিলং কৰিবলৈ অহা বনৰীয়া জন্তুক বাধা দিবলৈ সুৰেশে সৌৰশক্তিচালিত ম’বাইলৰ দ্বাৰা চলাব পৰা এবিধ আহিলা ব্যৱহাৰ কৰে, সিটোৱে গোটেই ৰাতি শব্দ কৰি জীৱ-জন্তুক ভয় খুৱায়
সুৰেশে তেওঁৰ ১৭ একৰ খেতিক লৈ চিন্তিত। তাত তেওঁ কপাহ, চানা, ৰহৰ দাইল, জলকীয়া, সেউজীয়া মটৰ, ছয়াবিন আৰু বাদাম আদি বিভিন্ন খেতি কৰে।
খেতি খাই তহিলং কৰা বনৰীয়া জীৱ-জন্তুৰ পৰা বাচিবলৈ গ্ৰামীণ বিদৰ্ভৰ শ শ গাঁৱত এই নব্য ফাৰ্ম এলাৰ্ম ব্যৱহাৰ কৰা হয়।
এই বাণীবদ্ধ মাতে কেৱল পশু-পক্ষীকে চক নুখৱায়। “নিজান ৰাস্তাৰে যোৱা মানুহ, বাইকাৰকো এই মাতে বিবুদ্ধিত পেলায়,” কাষৰ খেতিয়কে খিকখিকাই হাঁহি দিয়ে যদিও সুৰেশে নিঃসংকোচে কৈ যায়।
মাংগি গাওঁখন অৰণ্যখনৰ সৰু সৰু টুকুৰা আৰু চেগুন গছেৰে ভৰি আছে। য়াভাতমালৰ ৰালেগাওঁ তেহচিলৰ নাগপুৰ-পান্ধাৰকাৱড়া ৰাজপথৰ পৰা নামি গৈ গাওঁখন পায়। ইয়াৰ পূৱ ভাগটোত আছে টি.এ.টি.আৰ., এই সংৰক্ষিত অঞ্চল মহাৰাষ্ট্ৰৰ মুঠ ৩১৫ টা বাঘৰ ৮২ টাৰ ঘৰ, তাৰ পশ্চিমে আছে য়াভাতমাল জিলাত তিপেশ্বৰ বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য কেৱল বাঘৰেই বাসস্থান নহয়; নাহৰফুটুকী বাঘ, শ্লথ বিয়েৰ, বনৰীয়া কুকুৰ, মেথোন, ফুটুকী হৰিণ আৰু সাম্বাৰ হৰিণৰো ঠাই – এই আটাইবোৰেই খেতিয়কৰ বাবে ভাবুকি।
৮৫০ জনসংখ্যাৰ গাওঁখন এই দুই অভয়াৰণ্যৰ মাজতে ক’ৰিডৰ হৈ আছে। গুল্মজাতীয় গছৰ সৰু সৰু হাবিয়নি আৰু খেতিপথাৰেৰে আবৃত গাওঁখনৰ সমস্যা আন অভয়াৰণ্যৰ কাষত থকা গাওঁবোৰৰ সৈতে একেই। হাবিবোৰ ডাঠ থাকোতে জীৱ-জন্তুৱে খাবলৈ খাদ্য আৰু পানী ভিতৰতে পাইছিল। কিন্তু এতিয়া সুৰেশৰ শস্যৰে ভৰা পথাৰখনেই সিহঁতৰ খাদ্যৰ উৎসত পৰিণত হৈছে।
“সিহঁতে বনৰীয়া জন্তুবোৰ লৈ যাব লাগে, নাইবা মাৰি পেলোৱাৰ বাবে আমাক অনুমতি দিব লাগে,” সমস্যাটোৰ বাবে বন বিভাগক দোষ দি এজন খেতিয়কে কয়। “এইবোৰ সিহঁতৰ (বন বিভাগৰ) জন্তু,” এই বুলি ভাবিয়ে তেওঁলোক ক্ষান্ত থাকে।


বাওঁফালে: এটা নীলগাই, মাংগিৰ খেতিৰ নিচেই কাষত। সোঁফালে: বাদামৰ খেতি চপাবৰ হৈছেই। বনগাহৰি আৰু নীলগাইয়ে বাদাম খাই খুবেই ভাল পায় বুলি খেতিয়কে কয়
বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত সুৰক্ষিত এই জীৱ-জন্তু মৰা বা আবদ্ধ কৰিলে “এবছৰতকৈ বেছি জেল হ’ব পাৰে, যিটো সাত বছৰ পৰ্য্যন্ত বৃদ্ধি কৰা হ’ব পাৰে আৰু জৰিমনা হ’ব পাৰে, যিটো পাঁচ হাজাৰতকৈ কম নহয়।” আইনখনত বন্যজীৱৰ পৰা হোৱা শস্যৰ ক্ষতিপূৰণৰ কোনো সুবিধাৰ কথা উল্লেখ আছে যদিও ব্যৱস্থা বৰ ঝামেলা থকা আৰু আৰ্থিক ক্ষতিপূৰণ পৰ্য্যাপ্ত নহয়। পঢ়ক: এয়া এক নতুন ধৰণৰ খৰাং
সাধাৰণতে বনৰীয়া গাহৰি বা হৰিণা আৰু নীলগাই জাক পাতি এক-দুই ডজন আহে, কেতিয়াবা তাতোকৈ বেছি আহে। “আপুনি নথকাত যদি সিহঁত পথাৰত সোমাল, আপোনাৰ বহুত ক্ষতিসাধন হ’ব,” সুৰেশে কয়।
মানুহৰ উপস্থিতিয়ে বাধা দিব পাৰে, কিন্তু মাংগিৰ খেতিয়কে ৰাতিৰ ভাগত পহৰা দিব নোৱাৰা হৈছে। ৰাতি পহৰা দি স্বাস্থ্যৰ ক্ষতি হয় আৰু ই বিপজ্জনকো। তাতকৈ এই সৰু আহিলাবোৰেই তেওঁলোকৰ অঞ্চলটোত জনপ্ৰিয় ব্যৱস্থা হৈ পৰিছে।
“ভগ্নস্বাস্থ্যৰ বাবে মই সদায় খেতিপথাৰত থাকিব নোৱাৰো,” সুৰেশে কয়, সেয়ে “এয়া এক বিকল্প ব্যৱস্থা।” এয়া চলাবলৈও সহজ, পকেটৰ পইচাও ইমান নাযায়। এলাৰ্মে মানুহ থকা যেন পৰিৱেশ এটা সৃষ্টি কৰে, কিন্তু ই সিমানো কামৰ বস্তু নহয়, “ই ফুলপ্ৰুফ নহয়, বনৰীয়া জীৱ-জন্তুই এলাৰ্ম বাজিলেও পথাৰত সোমাই শস্য তহিলং কৰে।”
কিন্তু একো নথকাতকৈ এই ব্যৱস্থাটোৱেই তেওঁলোকৰ সাৰথি।
*****
কেৱল য়াভাতমালেই নহয়, বিদৰ্ভৰ অঞ্চলটো পূৱ মহাৰাষ্ট্ৰৰ এই অংশটো কপাহৰ ৰাজ্য বুলিয়েই জনা যায়, ঘাইকৈ অঞ্চলটোৰ এই কৃষিকৰ্ম বৰ্ষানিৰ্ভৰ। অৱশ্যে মাংগি গাঁৱৰ কাষতে থকা বাভুলগাঁৱত এক বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাম শেষ হোৱাৰ দিশে আগবাঢ়িছে। এই প্ৰকল্পই সকলো সলনি কৰিব বুলি আশা কৰা হৈছে – খালেৰে পানী এইখন গাঁৱলৈ বৈ আহিব, খেতিয়কেও দুই ঋতুত দুবিধ শস্যৰ খেতি কৰিব পাৰিব বুলি আশা পালি থৈছে।
“শস্য বেছি মানে বনৰীয়া জীৱ-জন্তুৰ বাবে খাদ্য পোৱাৰ সম্ভাৱনা দীঘলীয়া হোৱা,” সুৰেশে কয়। “জন্তুবোৰ বৰ চতুৰ, সিহঁতে বাৰম্বাৰ শস্যপথাৰলৈ উভতি আহিব জানে।”


বাওঁফালে: বিভিন্ন ধৰণৰ খেতিৰে সমৃদ্ধ সুৰেশ ৰেংঘেৰ ১৭ একৰ খেতিমাটি। সোঁফালে: এজাক বনৰীয়া গাহৰিয়ে মাংগিৰ পাম এখনত কপাহৰ খেতিৰ সেউজীয়া গুটিবোৰ খাই তহিলং কৰি পেলোৱাৰ চিন স্পষ্ট
এই অঞ্চলটো য়াভাতমালৰ কপাহ আৰু ছয়াবিনৰ খেতি হোৱা ঠাই, ইয়াতেই প্ৰৱল কৃষি সংকটৰ কবলত পৰি দুটা দশক ধৰি বহু খেতিয়কে আত্মহত্যা কৰি আহিছে। সংগঠিত খণ্ডৰ ঋণ, বাঢ়ি যোৱা ধাৰ, বৰ্ষানিৰ্ভৰ খেতি, মূল্যৰ অনিশ্চয়তা, আয় কমি অহা, উৎপাদনৰ ব্যয় বাঢ়ি যোৱা আদি গুৰুতৰ সমস্যাৰে অঞ্চলটোৰ কৃষিক্ষেত্ৰখন জৰ্জৰিত। বনৰীয়া জীৱ-জন্তুৰ অবাধ প্ৰৱেশ কৃষকৰ বাবে “অনিচ্ছাকৃত কীট-পতংগ”ৰ দৰে হৈছে।
২০২১ৰ জানুৱাৰীত এই প্ৰতিবেদকজনে মাংগি গাঁৱলৈ গৈছিল – কপাহৰ খেতি প্ৰথমবাৰ তোলা ইতিমধ্যে হৈছিল – কপাহৰ গুটিটোৰ পৰা বগা কপাহখিনি এৰুৱাই অনা কাম শেষ। ৰহৰ দাইলৰ দীঘল দীঘল বীনবোৰ গছৰ পৰা ওলমি আছে। সুৰেশে পথাৰৰ এটা অংশত কৰা জলকীয়াৰ খেতিৰ জলকীয়াবোৰ পুৰঠ হ’বলৈ এমাহমা আছে।
শস্য চপোৱাৰ সময় আহিলত, বন্য জীৱ-জন্তুৰ আক্ৰমণত তেওঁ এক বুজন পৰিমাণৰ শস্য হেৰুৱাবলগীয়া হোৱা বুলি তেওঁ কয়।
২০২১ৰ জানুৱাৰী আৰু ২০২৩ৰ ফেব্ৰুৱাৰীৰ মাজৰ সময়ছোৱাত পাৰিয়ে ভালেমানবাৰ সুৰেশৰ খেতিপথাৰলৈ গৈছিল, বন্য জীৱ-জন্তুৰ পৰা তেওঁৰ খেতিপথাৰৰ বিভিন্নবিধ শস্যৰ ক্ষতি দেখা গৈছিল।
নিৰুপায় হৈ তেওঁ লাউডস্পীকাৰ থকা সৰু ইলেকট্ৰনিক বক্স এটা কিনি আনে। স্থানীয়ভাৱে নিৰ্মিত সৌৰশক্তিচালিত আহিলাবিধ বজাৰলৈ শেহতীয়াভাৱে আহিছে, চীনদেশত বনোৱা সস্তীয়া আহিলাও বজাৰত উপলব্ধ। স্থানীয় দোকানত সহজতে পোৱা আহিলাবিধত ২০০ৰ পা ১,০০০ টকা দাম পৰে – সামগ্ৰীবিধৰ গুণগত মান, মেটেৰিয়েল আৰু বেটাৰী-লাইফৰ ওপৰত দাম নিৰ্ধাৰিত হয়। আহিলাবিধৰ আকাৰৰ ড’ৰবেল এটাৰ সমান আৰু বেটাৰীটো ৬-৭ ঘণ্টা চলে। সৌৰশক্তিচালিত স্প্ৰেয়িং পাম্পৰ দ্বাৰাও ৰিচাৰ্জ কৰিব পৰা যায়। সাধাৰণতে খেতিয়কে দিনৰ ভাগত আহিলাবিধ ৰিচাৰ্জ কৰে আৰু বাঁহ এডালৰ ওপৰত ওলমাই লৈ খেতিপথাৰৰ মাজত বাঁহডাল পুতি গোটেই ৰাতি বজাই থাকে।
কৃষি সংকট আৰু বহুসংখ্যক খেতিয়কৰ আত্মহত্যাৰ বাবে য়াভাতমালখন জনাজাত। বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণক ‘কীট-পতংগৰ আক্ৰমণ’ৰ দৰেই খেতিয়কে বিবেচনা কৰে
যোৱাবছৰ এই প্ৰতিবেদকে ফাৰ্ম-এলাৰ্মৰ এক আচৰিত ধৰণৰ আহিলা বিদৰ্ভৰ খেতিপথাৰত বহুলভাৱে ব্যৱহাৰ হোৱা দেখিবলৈ পায়, গোটেই ৰাতি এই আহিলাবিধে কোৰ্হাল কৰি থাকে।
“আমি কেইবছৰমান আগৰ পৰা এইবিধ এলাৰ্ম ব্যৱহাৰ কৰিবলৈ লওঁ,” মাংগিৰ চাৰি একৰ মাটিৰ খেতিয়ক ৰমেশ সাৰোদে কয়। তেওঁ খেতিডৰাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পথাৰত কেবাটাও স্কেয়াৰক্ৰ’ থিয় কৰাই থোৱাৰ লগতে এই এলাৰ্মবিধো লগাইছে। “আমি গোটেই দিনটো ফটকা ফুটাবলৈ চেষ্টা কৰি চাইছো, কিন্তু সেইবোৰৰ দাম বহুত আৰু অৰ্থহীন। এইবিধ এলাৰ্ম প্ৰায় সকলো ইলেকট্ৰনিক্সৰ দোকানতে উপলব্ধ,” তেওঁ কয়।
প্ৰায় সকলো খেতিয়কে এলাৰ্মবোৰ সন্ধিয়া ঘৰলৈ যোৱাৰ আগেয়ে ঘৰলৈ অন কৰি থৈ যায়। কেইকিলোমিটাৰমান দূৰত থকা তেওঁৰ ঘৰৰপৰা সেই আহিলাবিধৰ পৰা ওলোৱা জীৱ-জন্তুৰ মাত কাণত পৰে। কিন্তু সেইৰে কাম নচলিবও পাৰে বুলি সুৰেশে বতাহ বলিলে চলা ফেন এখন এনেকৈ লগাই থৈছে যে সি ষ্টীলৰ প্লেট এখনত কোবাই থাকে। তেওঁ সেইটো আন এচুকত কাঠৰ খুঁটা এটাত বান্ধি থৈছে, যাতে সকলোফালে সামৰি ল’ব পাৰে।
“মনস্যা তচল্লিচাথি কৰতৌ জি হে (মনৰ শান্তিৰ বাবে এয়া কৰো),” অলপ ইতস্ততঃবোধ কৰি হাঁহি মাৰি সুৰেশে কয়, যেন তেওঁ নিজক লৈয়ে ৰগৰ কৰিছে। “কা কৰতা (আৰু কৰিবওনো কি পাৰো)!”
এই এলাৰ্মৰ ব্যৱহাৰতো সুৰুঙা এটা নথকা নহয়। মানুহ বা পহৰাদাৰী কুকুৰৰ “গোন্ধ নাই,”, গতিকে বন্য জীৱ-জন্তুৰ বাবে সকলো সময়ত এই এলাৰ্ম কামত নাহে।


বাওঁফালে: বন্য জীৱ-জন্তুক পথাৰৰ পৰা নিলগাই ৰখাৰ নতুন এটা কিটিপ মাংগি গাঁৱৰ ৰমেশ সাৰোদ (বগা ছুৱেটাৰ পিন্ধোতা) আৰু সুৰেশ ৰেংঘে (হালধীয়া চোলা) বিচাৰি উলিয়াইছে। তেওঁলোকে লাউডস্পীকাৰৰ সৈতে সংযুক্ত গেজেট এটা সৌৰশক্তিচালিত স্প্ৰে পাম্পৰ বেটাৰীৰ সৈতে সংযোগ কৰি থয়। সেই গেজেটটোৱে জীৱ-জন্তুৰ মাত উলিয়ায় – কুকুৰে ভুকা, বাঘৰ গোঁজৰণি, চৰাই-চিৰিকতিৰ মাত আদিৰে সৰ্বভোজী প্ৰাণীবোৰক ভয় খুৱাবলৈ ব্যৱহাৰ কৰা হয়। সোঁফালে: গণেশ সাৰোদ আৰু তেওঁৰ বন্ধুৱে পথাৰত ডাঙৰ শব্দ কৰিবলৈ সাজি উলিওৱা আহিলাবিধ দেখুৱাইছে – এখন ফেনে বতাহত ঘুৰি ষ্টীলৰ প্লেট এখনত কোব মাৰে, সেয়া স্কেয়াৰক্ৰ’ৰ সলনি তেওঁলোকে ব্যৱহাৰ কৰিছে
*****
“শস্য চপোৱাৰ সময়ত চোকা নজৰ নাৰাখিলে আমি ৫০ৰ পৰা ১০০ শতাংশ শস্য হেৰুৱাবলগীয়া হ’ব পাৰে,” ৰেংঘেয়ে কয়।
তেওঁ স্থানীয় বৰহাদি (মাৰাঠীৰ এটা উপভাষা) ভাষাত কয়, “আদি থ্যে চাপ্পা চাফ কৰতে (জন্তুবোৰে গোটেই পথাৰখনৰ শস্য খাই তহিলং কৰিব।”
এয়া ২০২৩ৰ ফেব্ৰুৱাৰীৰ মাজভাগৰ কথা, আমি তেওঁৰ পথাৰত খোজ কাঢ়িছো, তেওঁৰ ঘৰৰ পৰা বেছি দূৰত নহয়। বনৰীয়া গাহৰিয়ে তেওঁৰ গমধানৰ খেতিখনৰ এটা সৰু অংশ খাই পেলোৱাৰ চিন তেওঁ দেখুৱাইছে।
আনকি জলকীয়া গছবোৰো সুৰক্ষিত নহয়। “ময়ুৰে জলকীয়া খায়,” ৰঙা-সেউজীয়া জলকীয়াৰে ভৰি থকা শাৰী শাৰী জলকীয়া গছবোৰৰ মাজেৰে খোজ কাঢ় গৈ থকাৰ মাজত সুৰেশে কয়। “ময়ুৰৰ সৌন্দৰ্য্য দেখি ভোল নাযাব, সিহঁতো সমানেই ধ্বংসকাৰী,” তেওঁ কয়। তেওঁ এক কি দুই একৰ মাটিত বাদামৰ খেতিও কৰে, সেয়া এপ্ৰিলৰ মাজভাগত চপাবলৈ হ’ব। বনৰীয়া গাহৰিয়ে বাদাম ভাল পায়।
শস্যৰ ক্ষতিৰ সন্মুখীন হোৱাৰ উপৰিও এলাৰ্ম আৰু বেটাৰীৰ খৰছো ব্যয়ত যোগ হয়। তাৰ লগত পথাৰত ফেঞ্চৰ সমানে সমানে নাইলনৰ শাড়ী মেৰিয়াই দিয়া কামটোতো খৰছ আছে। সুৰেশে গছৰ জোপাবোৰৰ তলে তলে নেফথেলিনৰ বড়িবোৰ কাপোৰেৰে মেৰিয়াই থৈ দিছে। কোনোবাই কৈছে যে নেফথেলিনৰ তীব্ৰ গন্ধই বনৰীয়া জীৱ-জন্তুক আঁতৰাই ৰাখিব পাৰে। তেওঁ বাৰে বাৰে বিফল হোৱা স্বত্ত্বেও যিয়েই উপায় পায়, সেয়া চেষ্টা নকৰাকৈ থাকিব নিবিচাৰে।


বাওঁফালে: সুৰেশ ৰেংঘেয়ে তেওঁৰ ফাৰ্মত বনৰীয়া গাহৰিৰ শেহতীয়া প্ৰৱেশৰ চিন দেখুৱাইছে। সোঁফালে: মাংগি গাঁৱৰ প্ৰবীণ কৃষক আৰু সামাজিক নেতা ৰমেশ সাৰোদে শস্যপথাৰত জীৱ-জন্তুৰ আক্ৰমণৰ সমাধানহীন সমস্যাক লৈ বিবুদ্ধিত পৰিছে


বনৰীয়া জীৱ-জন্তুক খেতিপথাৰৰ পৰা আঁতৰাই ৰাখিবলৈ কৃষকে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। কিছুমানে শস্যৰ গছৰ গুৰিত নেফথেলিন বড়িৰ টোপোলা গাঁথি দিছে, তীব্ৰ গোন্ধই জন্তুক আঁতৰত ৰাখে বুলি তেওঁলোকে বিশ্বাস কৰে। ফেঞ্চ হিচাপে চিন্থেটিক শাড়ী (সোঁফালে) খেতিপথাৰৰ চাৰিওফালে মেৰিয়াই শস্য বচোৱাৰ উপায়টো মহঙা কাৰবাৰ
“সমস্যাবিধৰ সমাধান নাই,” নিজৰ খেতিৰ কিছু অংশ চন পৰিবলৈ দিয়া সাৰোদে অনুতাপভৰা কণ্ঠেৰে কয়। “জন্তু খেদিবলৈ যদি ৰাতি টোপনি নমৰাকৈ পহৰা দিও, তেতিয়া বেমাৰত পৰিম। টোপনি গ’লে শস্য হেৰুৱাম – আমি কৰিমনো কি!”
বিদৰ্ভত অৰণ্যৰ কাষে কাষে টুকুৰা-টুকুৰ খেতিপথাৰ থকা অঞ্চলবোৰৰ বহুততে এই সমস্যাই গম্ভীৰ ৰূপ লৈছে। কিছু ক্ষুদ্ৰ আৰু উপান্ত কৃষকে মাটি চন পেলাই থৈছে। হঠাতে এনেকৈ শক্তি, সময় আৰু পইচা খৰছ কৰি সেউজীয়া কৰি তোলা খেতিডৰা নিজৰ স্বাস্থ্যলৈ আওকাণ কৰি দিনে-ৰাতি পহৰা দি হঠাতে হেৰুওৱাৰ বিপদ তেওঁলোকে চপাব বিচৰা নাই।
আপুনি বনৰীয়া জীৱ-জন্তুৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে, সফল হ’ব নোৱাৰে। কিছুমানে আনকি এতিয়া নিজৰ শস্যৰ একাংশ এৰি দিবলৈ বাধ্য হৈ পৰিছে।
প্ৰতিদিনে পুৱা সুৰেশে নিজৰ খেতিডৰালৈ যায় – একো অমংগলীয় ঘটনা নহওঁক বুলি প্ৰাৰ্থনা কৰে আৰু নিজকে আটাইতকৈ বেয়া দিন এটাৰ বাবে মানসিকভাৱে সাজু কৰে।
অনুবাদ: পংকজ দাস