নাগি শিৱাই তেঁওৰ পৰিয়ালৰ সৈতে লক্কেৰে গাঁৱত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে, কৰ্ণাটকৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে। তেওঁ কুৰুবা গৌড় সম্প্ৰদায়ৰ আৰু ঘৰুৱা শ্ৰমিক হিচাপে কাম কৰে।
ছমাহত তেওঁ কৰ্ণাটক জিলাৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰস্থিত প্ৰমুখ ব্যাঘ্ৰ সংৰক্ষণস্থলীৰ দাঁতিকাষৰ তেওঁৰ দৈনন্দিন জীৱনৰ সৰু-বৰ দৃশ্য- গছডাল, খেতিপথাৰ আৰু শস্য চপোৱা, জীৱ-জন্তু, তেওঁৰ পৰিয়াল আদি কেমেৰাৰ লেন্সত আবদ্ধ কৰিছে। এয়াই প্ৰথমবাৰৰ বাবে তাই কেমেৰা ব্যৱহাৰ কৰিব শিকিছে (ফিউজিফিল্ম ফাইনপিক্স S8630)। তেওঁৰ ফটো ৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে মানুহৰ সহাৱস্থানক কেন্দ কৰি হোৱা এক ফটোগ্ৰাফীৰ সহযোগী প্ৰকল্পৰ এক অংশ আৰু পৰি(PARI)ত প্ৰকাশিত ধাৰাবাহিকৰ দ্বিতীয় অংশ। (এই ধাৰাবাহিকৰ প্ৰথমখন ৰচনা যেতিয়া নাহৰফুটুকীটো জয়াম্মাৰ চকুত পৰিছিল , ২০১৭ চনৰ ৮ মাৰ্চত প্ৰকাশিত হৈছিল।)

"মই মোৰ মানুহবোৰৰ ফটো লৈ ভাল পালো। আমি কেনেদৰে সমস্যাৰ মাজত আছো আৰু কেনেদৰে জীয়াই আছো সেয়া আনে বুজা উচিত," ৩৩ বৰ্ষীয় নাগি শিৱাই কয়। "মোৰ আৰু ফটো ল'বলৈ মন আছিল, কিন্তু মই বেছি সময়ে নাপাও। মই গৰুবোৰ ঘৰলৈ উভতাৰ ফটো ল'ব বিচাৰো। বৰষুণৰ পিছত চাৰিওফালে সেউজীয়া হৈ পৰিছে। ভেড়া-ছাগলী আদি পথাৰত চৰি থকা অথবা চৰায়ে জলাশয়ৰ পৰা পানী খাই থকা ফটো মই তুলিব বিচাৰো।"

অকলশৰীয়া গছবোৰঃ "এই গছ়ডালক জাগালা গান্তি মাৰা (যুঁজাৰু গছ) বুলি কোৱা হয়। কোনেও ঘৰত বা পথাৰত ক'তোৱে এই গছজোপা ৰুব নোখোজে, কিয়নো এই গছজোপাই কন্দল চপায় বুলি বিশ্বাস কৰা হয়। বহুযুগ আগৰপৰাই ইয়াৰ নাম এইটোৱেই। আমি এয়া ব্যৱহাৰ নকৰো। খৰিৰ বাবে এয়া ব্যৱহাৰ কৰা হয়।"

পথাৰত কাম চলি আছেঃ "এয়া মোৰ গাঁৱৰ কাষৰে দৃশ্য, মহিলাসকলে বিনৰ খেতি চপাইছে। এই ছবিখনত থকা আটাইবোৰেই মোৰ চিনাকী। মই পুৱা ৭ মান বজাত এইখন ফটো তুলিছো। ফটোখন ল'বৰ বাবে মই ওলাই আহিছিলো। কেৱল পুৰুষেই নহয়, মহিলাবোৰেও কাহিলীপুৱাতে পথাৰলৈ যায়। ময়ো পথাৰত কাম কৰিছিলো, কিন্তু এতিয়া মই অইন নিয়োগ পাইছো। হাবিৰ কাষৰ এই পথাৰবোৰত আমি বহু কষ্ট কৰো।"

গবি ৰুদ্ৰশ্বৰাঃ " এয়াই আমাৰ প্ৰাকৃতিক দৃ্শ্য। আমাৰ পাহাৰ-পৰ্বত আৰু বাহি আছে আৰু আমি ইয়াতেই বাস কৰো। এইটো গবি ৰুদ্ৰেশ্বৰা পাহাৰীয়া মন্দিৰ। এয়া ব্যাঘ্ৰ সংৰক্ষণ স্থলীৰ তাঁৰকটাৰ ভিতৰত পৰে। পাহাৰখনৰ ভিতৰত এটা মুৰ্তি আছে আৰু গুহা এটাও আছে আৰু তাৰ মাজেৰে পাহাৰৰ ওপৰলৈ উঠিব পাৰি। তাৰে ভিতৰত কোনেও যাব নোৱাৰে, কিন্তু সৰু বাট এটা আছে আৰু গোটেইখন সাপেৰে ভৰি আছে। পাহাৰৰ ওপৰত এখন ঢাম আছে আৰু তালৈকে আমি খোজকাঢ়ি যাব পাৰো। বাঘ-হাতী আদি পাহাৰৰ ওপৰলৈ আহে, কিন্তু আমি আাটায়েই তালৈ গৈছো। আমি তাতে প্ৰাৰ্থনা কৰিব পাৰো। সেয়া আছে মোৰ গাঁও লক্কেৰ পৰা এক কিলোমিটাৰমান দুৰৈত।"

ঘৰটোৰ সমুখত বলদবোৰৰ সৈতে ভাইটোঃ "এই ঘৰটো বাংগালুৰুৰ ৰে্ড্ডী উপাধিৰ মানুহ এজনৰ। আমি তেওঁক জানো। তেওঁ আমাৰ গাঁৱত স্কুলখন পাতোতে পুঁজি দি সহায় কৰিছে। তেওঁলোকে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বহী-কিতাপ আৰু বৃত্তি দিয়ে। মই আগতে সেই ঘৰতে ঘৰুৱা কাম-বন কৰিছিলো। ঘৰটোৰ সমুখতে মোৰ ভাইটোৱে তেওঁৰ নিজৰ ঘৰলৈ বলদবোৰক আনি আছে। এই বলদকেইটা তেওঁৰেই। এতিয়া এনে ডাঙৰ ডাঙৰ ঘৰ গাঁৱৰ বাহিৰৰ মানুহে সাজিছে।"

বলদঃ "এই বলদটো মোৰ ভাইৰ। গৰুৱে খেতিপথাৰত খেতিয়কক বহুত সহায় কৰে। পথাৰত গৰুৱে বহুত কষ্ট কৰে, সেয়ে সিহতক পুজা কৰা হয়। আমি ইয়াকেই বুল বৈসৱা বুলি কও।"

খাদ্য কঢ়িওৱা মহিলাঃ "এয়া মোৰ ভনী। তেওঁ পথাৰত কাম কৰি থকা গিৰীয়েকলৈ পুৱাৰ ভাগত জলপান নিছে।"

বনজুইঃ "নাজানো কোনে হাবিত জুই লগালে। হাবিত যোৱা কোনোবাই সেয়া কৰিব পাৰে। কোনোবাই চাগে বিড়ি হুপি উঠি দিয়াশলাইৰ কাঠি তাতে এৰি আহিল। নতুবা এয়া প্ৰাকৃতিকভাবেও হ'ব পাৰে। এয়াও সম্ভৱ। হাবিত গৰু চৰাবলৈ যোৱা কোনোবাই অথবা হাবিলৈ যোৱা আন কোনোবাই সেয়া কৰিব পাৰে। এয়া লক্কেৰেৰ সমীপৰ দৃশ্য। বন বিভাগে জুই নুমুৱাবৰ চেষ্টা কৰি আছে। তেওঁলোকে জুই নুমুৱাবলৈ ৰাতি ১১ বজালৈ চেষ্টা কৰিছে।"

ময়ুৰঃ "আমাৰ হাবিবোৰত হৰেক ৰকমৰ ধুনীয়া চৰাই আৰু জীৱ-জন্তু আছে। এই ময়ুৰটোৰ দৰে। মই কামলৈ যাওতে বাটতে ওচৰৰপৰা এই ফটোখন তুলিছিলো। টিলাটোৰ ওপৰত থকা শিল এটাৰ ওপৰত চৰাইটো ৰৈ আছিল। বৰ মুকলি ঠাইত থিৰ হৈ আছিল চৰাইটো।"

চাহ কৰাঃ "আমি পথাৰত কাম কৰো। আমি মাটি চহাও, বীজ সিঁচো আৰু খেতি চপাও। আমি হাবিৰ মাজতে বাস কৰো যদিও খেতি কৰো। আমি ৰাগী, জোৱাৰ আৰু পিয়াজৰ খেতি কৰো। ইয়াতে বেছি পানী নাই। প্ৰায়ভাগ মানুহে খেতিপথাৰত পানীৰ বাবে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়।"

ভেড়া চৰোৱাঃ "আমি ঘৰচীয়া পশু-পক্ষীৰ ওপৰতে ভৰসা কৰো, সেয়াই আমাৰ জীৱিকা। আমি সিবোৰ হাবিত চৰাও। মানুহে ভেড়া-ছাগলী আদি পোহে। আমি ঊণ পাও। কেতিয়াবা পইছাৰ বাবে দুই-এটা ছাগলী-ভেড়া বেচিবও লগা হয়। আমাৰ গাঁৱৰ বহুতো মানুহে আয়ৰ বাবে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰত্যেক ঘৰৰে প্ৰায় ৫০ টামান ছাগলী-ভেড়া আছে। আমাৰ ২৫ টা ছাগলী আছে, কিন্তু ভেড়া নাই। চাবৰ বাবে আচলতে আমাৰ গৰখীয়া নাই। মোৰ মা আৰু এতিয়া ওলাই যাব নোৱৰা হৈছে। আমি ভেড়াবোৰ এৰি দিব নোৱাৰো। আমি সিহতৰ লগত লাগি থাকিব লাগে, নহ'লে সিহত উভতি নাহিব, সিহতক খাইও পেলাব পাৰে। ছাগলী হেৰালে সি নিজেই উভতি আহিব। এইখন ফটোত মোৰ ভতিজাই সিহতক চৰাইছে। ভে়ড়াকেইটা মোৰ ভনীৰ আৰু ছাগলীকেইটা মোৰ।"

লাণ্টানাৰ ভাস্কৰ্যঃ "এয়া মোৰ ভনীজোৱাই। তেওঁ লাণ্টানাৰ কাম কৰিছে (সৰ্বব্যাপী লাণ্টানা কামাৰাই ভুভাগৰ বেছিভাগ ঠায়েই আগুৰি পেলাইছে আৰু বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখন)। তেওঁৰ নাম বাসৱ আৰু তেওঁ শাৰিৰীকভাৱে অক্ষম। আমাৰ এটা আত্মসহায়ক গোট আছে আৰু তাতে নগৰাকী মহিলা আৰু এগৰাকী পুৰুষ আছে। পুৰুষজন হৈছে বাসৱ। আমি গোটটোৰ নাম লাণ্টানা সংঘ দিছো। আমি লাণ্টানাৰে আচ-বাব আৰু অইন সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লৈছো। মই দিনে ১৫০ টকা হাজিৰা পাইছিলো। আমি কৰা কষ্ট হিচাপত এয়া লাভজনক নাছিল। সেয়ে মই সেই কাম বাদ দি ঘৰুৱা কাম কৰিবলৈ ল'লো।"

প্ৰশিক্ষণঃ "এয়া মোৰ ভনীয়ে গুড্ডেকেৰে গাঁৱৰ জেনু কুৰুবা আদিবাসী ছোৱালীবোৰক লাণ্টানাৰ কাম শিকাইছে। পুৰুষে হাবিৰপৰা লাণ্টানা সংগ্ৰহ কৰে আৰু মহিলাবোৰে তাৰে কামত খটুৱায়।"
এই কামখিনি জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত , সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে । বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫ - ১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ , উত্সাহ - উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ ( PARI ) ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ ( PARI ) সৈতে আলোচনাৰ অধীন।