প্ৰথমবাৰৰবাবে মনৱাৰা বেৱাৰ গাঠিৰ ধন একেবাৰে নোহোৱা হৈ পৰে | উদ্যোগ বন্ধ হল, ২০ দিনমান ধৰি মুঞ্চী নিৰুদিষ্ট হৈ আছে, পৰিয়ালটোক খুৱাবলৈ তেওঁৰ হাতত ফুটাকড়ি এটাও নোহোৱা হল | মনোৱাৰাই কয যে দেশৰ বিভিন্ন স্থানত বহুতো লোকে এই অশুভ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে আৰু তেওঁলোকৰ দুর্দশাৰ মূলতে এই অশুভ ঘটনা
১০০০ টা বিড়ি তৈয়াৰ কৰি ১২৬ টকা মজুৰী লাভ কৰে। এইদৰে বিগত ১৭ বছৰ ধৰি ৪৫ বছৰীযা মনোৱাৰাই উপার্জন কৰি পৰিয়াল চলাই আহিছে।স্বামীৰ মৃত্যুৰ পিচত মনোৱাৰাই বিড়ি বনোৱা কাম আৰম্ভ কৰে, ভূমিহীন এই দম্পতীৰ দুটা লৰা আছিল, সেই সময়ত সৰু লৰাটোৰ মাত্র ছমাহ বয়স আছিল।ডেকা কালত মনোৱাৰাই দৈনিক ২০০০ টা বিড়ি বনাব পাৰিছিল, এতিয়া কোনোমতে ৫০০ টা তৈয়াৰ কৰে।
পশ্চিমবংগৰ ঘৰতে বিড়ি বনোৱা শ্রমিকৰ ৭০ শতাংশ মহিলা-এয়া চৰকাৰী শ্রম বিভাগৰ তথ্য।ভালকৈ বিড়ি বনোৱাৰ ক্ষমতা নথকা যুৱতীয়ে ভাল স্বামী লাভ কৰাও কঠিন, মনিৰুল হক নামৰ মুঞ্চীজনে কয়।ঘৰে ঘৰে প্ৰতিঘৰ মানুহক বিড়ি বনোৱা সামগ্রী যোগান ধৰা তেওঁ এজন ঠিকাদাৰ আৰু বনোৱা শেষ হলে সেইবোৰ সংগ্রহ কৰে।পশ্চিম বংগৰ মুর্চিদাবাদ জিলাৰ জংগীপুৰ মহকুমাৰ বিড়ি কাৰখানা এটাৰ তেওঁ ঠিকাদাৰ।

বাওফালেঃ কেন্দুৰ পাত, ঔৰংগাবাদ, জংগীপুৰঃ ঠিকাদাৰে শ্ৰমিকলৈ ধঁপাত যোগান ধৰে আৰু শ্ৰমিকে পাতবোৰ কাটি সেইবোৰ মেৰিয়াই বিড়ি তৈয়াৰ কৰে। সোফআলেঃ সাধাৰণতে ঔৰংগাবাদৰ এই চোতালখন ৫০-৬০ গৰাকী শ্ৰমিকেৰে ভৰি থাকে, এতিয়া কেইগৰাকীমানকহে দেখা গৈছে
পশ্চিমবংগৰ ৯০ শতাংশ পঞ্জীয়নভূক্ত বিড়ি উত্পাদনকাৰী বৃহত্ বিড়ি উদ্যোগত প্ৰায় ২০ লাখ বিড়ি শ্রমিক (উদ্যোগত বা ঘৰৰ পৰা) নিয়োজিত হৈ আছে।এই উদ্যোগৰ নাভি কেন্দ্র হৈছেএই সৰু মহকুমাটোত থকা১৮ টা বৃহত্ বিড়ি উদ্যোগ আৰু ৫০ টা ক্ষুদ্ৰ বিড়ি উদ্যোগ - এই তথ্যভাৰতীয ট্রেড ইউনিয়ন কেন্দ্রৰ স্থানীয় কাৰ্যালয়ৰ।ইয়াৰে ৯০ শতাংশ শ্রমিকে ঘৰতে বিড়ি প্ৰস্তুত কৰে।
৮ নৱেম্বৰৰ বিমুদ্রাকৰণৰ পিচত এই সকলো নাটকীয়ভাৱে সলনি হৈ যায়।বহুতো বৃহত্ বিড়ি উদ্যোগে দোকান বন্ধ কৰি দিয়ে, অৰ্ধাংশ বিড়ি শ্রমিক কর্মহীন হৈ পৰে, হাতত ধন নাই, ঘৰত খাবলৈ খাদ্য নাই।যিসকলে অলপ কাম পাইছে, আগৰ তুলনাত অৰ্ডাৰ কমকৈ আহিছে।ইফালে সাপ্তাহিক বেতন আদায় দিয়াও বন্ধ হল।উদাহৰণ স্বৰূপে, পতাকা বিড়ি নামৰ ইয়াৰ এটা দামী উদ্যোগ। শিৱ বিড়ি উদ্যোগৰ মালিক হল ৰাজ্যিক শ্রম মন্ত্রী জাকিৰ হুছেইন।বিমুদ্রাকৰণৰ এসপ্তাহৰ ভিতৰতে তেওঁ বিড়ি উদ্যোগত তলা লগালে।ে

বাওফালে বিড়ি পেকেট তৈয়াৰ কৰাৰ বাবে ৰখা লেবেলৰ দম অব্যৱহৃত অৱস্থাত দেখা গৈছে। সোঁফালেঃ মুৰ্চিদাবাদস্থিত জাহাংগিৰ বিড়ি ফেক্টৰীত বিড়ি হিচাপ কৰি ওজন কৰা ঠাই-সাধাৰণতে ফেক্টৰীৰ আটাইতকৈ ব্যস্ত এলেকা
নগদ ধনৰ সংকটৰ বাবেই এতিয়া চলি থকা কেইটামান বিড়ি উদ্যোগ শীঘ্রে বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে।ইয়াত নগদ ধনেৰে মজুৰী আদায় দিয়া হয়।মুঞ্চিৰ দ্বাৰা শ্রমিকক দিবলৈ প্ৰতিসপ্তাহত মোক ১ ৰপৰা ১.৫ কোটি টকাৰ প্ৰয়োজন হয়। ইয়াৰপৰিৱর্তে কাৰেন্ট একাউন্টৰ পৰা প্ৰতিদিনে মাত্র ৫০,০০০ টকা উলিয়াবলৈ পোৱাৰ নিশ্চয়তা নাই।জংগীপুৰ মহকুমাৰ ঔৰংগাবাদৰ জাহাংগীৰ বিড়ি কাৰখানাত মালিক ইমানী বিশ্বাসে কয়। মোৰ ব্যৱসায় কেনেকৈ চলাম, যেনেতেনে চলাই আছো... কিন্তু নগদধনৰ ইমান নাটনিৰ দিনত কাৰখানা চলাই থকা সম্ভৱ নহয়, সেয়ে কেইদিনমানৰ ভিতৰতে কাৰখানা বন্ধকৰিবলৈ মই বাধ্য হম।

আমি আমাৰ ফেক্টৰী এতিয়াও বন্ধ কৰা নাই, কিন্তু কাম প্ৰায় নচলা হৈ পৰিছে আৰু আমি সোনকালেই ফেক্টৰী বন্ধ কৰিবলগীয়া হ' ব, মুৰ্চিদাবাদৰ চুটি নামৰ ঠাইত থকা জাহাংগীৰ বিড়ি ফেক্টৰীৰ মালিক ইমানি বিশ্বসে কয়
শ্রমিকসকলে তৈয়াৰ কৰা প্ৰতি ১০০০ টা বিড়িৰ বাবে ১২৬ টকা হাৰত প্ৰত্যেক সপ্তাহত মুর্চিদাবাদৰ বিড়ি উদ্যোগত ঘৰতে বিড়ি তৈয়াৰ কৰা শ্রমিকক মজুৰী আদায় দিয়া হয়।প্ৰতিজন শ্রমিকে বিড়ি তৈয়াৰ কৰোতে যিমান সময় ব্যয় কৰে, তাৰ ওপৰত ভিত্তি কৰি ৬০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত একোজন শ্রমিকে এসপ্তাহত মজুৰী পায়।বিড়ি কাৰাখানাবোৰৰ মুঞ্চীসকলে প্ৰতিসপ্তাহত মুঠ ৩৫ কৌটি টকা শ্রমিক মজুৰীৰ বাবে আদায় দি বিড়িৰ উত্পাদন কৰি গৈছিল, এইদৰে কয় ঔৰংগাবাদ বিড়ি সত্ত্বাধিকাৰী সংস্ত্রাৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ জৈনে|
অসহায় লোকসকলক একাংশ লোকে শোষণ কৰিছে- মুর্চিদাবাদ জিলাৰ জংগীপুৰ, ধুলিয়ান আৰু ছামছেৰগঞ্জৰ কিছুমান ঠাইত চৰকাৰে নির্দ্ধাৰণ কৰি দিয়া ন্যূনতম মজুৰীৰ নিৰিখ উলংঘা কৰি শ্রমিকসকলক ১০০০ বিড়ি তৈয়াৰ কৰাৰ বাবদ ৯০ টকা দিয়া হয়।
নগদ টকাৰ নাটনিৰ ফলত বিড়িৰ উত্পাদন হ্রাস পোৱাৰ লগতে বিড়িৰ বিক্ৰীও হ্রাস পাইছে।ঔৰংগাবাদ বিড়ি সত্ত্বাধিকাৰী সংস্থাৰ তথ্য মতে মুর্চিদাবাদৰ পৰা দেশলৈ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা বিড়িৰ পৰিমাণ ৫০ শতাংশ হ্রাস পাইছে।কাৰখানাৰ গুদামত বিড়িভর্তি বস্তাদম হৈ পৰি আছে।

দেশ অইন ঠাইবোৰত বিড়িৰ বিক্ৰি লক্ষণীয়ভাবে হ্ৰাস পোৱাৰ ফলত জাহাংগীৰ বিড়ি ফেক্টৰীৰ গুডামত বিড়িৰ কাৰ্টনবোৰ ষ্টকতে পৰি আছে
অসংগঠিত খণ্ডৰ একেবাৰে অসুৰক্ষিত শ্রমিকসকলৰ ওপৰত ই বিপজ্জনক প্ৰভাৱ পেলাইছে।"আমাৰ জীৱন একমাত্র বিড়িৰ ওপৰত নির্ভশীলল।জিলাখনৰ এই ঠাইৰ সৰহসংখ্যক পৰিয়ালৰ ইয়েই একমাত্র উপাৰ্জনৰ ভৰসা।এই লোকসকল ভূমিহীন আৰু খেতিৰ জ্ঞানো নাই।ইয়াত আনউদ্যোগো নাই।জাহাংগীৰ বিড়ি কাৰখানাত বিগত ৩০ বছৰ মুঞ্চী হিচাপে কর্মৰত ৬৮ বছৰ বয়সীযা মহম্মদ ছৈফুদ্দিনে কলে।তেওঁ লগতে কয়, বিমুদ্রাকৰণৰ প্ৰথম সপ্তাহটোত আমি শ্রমিকসকলক পুৰণি ৫০০ আৰু ১০০০ টকাৰ নোটেৰে মজুৰী আদায দি উত্পাদন চলাই আছিলো।কিন্তু সেয়া বেচি দিন চলাব পৰা নগ'ল।উদ্যেগৰ পৰা বিড়ি তৈয়াৰ কৰিবলৈ নিদিয়া হল।এফালে কাম নোহোৱা হ'ল, আৰু শ্রমিকসকলক শেষৰ তিনি সপ্তাহৰ মজুৰীও আদায় দিব পৰা নগ'ল।তেওঁলোকে ভাবিব নোৱাৰা দুর্ভোগ ভূগিছে।
তিনিটা দশকত এনে সংকট কেতিয়াও দেখা নাছিলো বুলি ছৈফুদ্দিনে কয়।"আমাৰ কাৰখানা এতিয়াও বন্ধ হোৱা নাই, কিন্তু উত্পাদন যথেষ্ট হ্রাস কৰা হ'ল।কমকৈ বিড়ি তৈয়াৰ কৰাৰ কাম লৈ যেতিয়া মই গাঁৱলৈ যাও বা লগত বিড়ি বনোৱা কেঁচা মাল কমকৈ লৈ যাও, গাৱঁৰ মানুহ মোৰ ওচৰলৈ দলে দলে দৌৰি আহে।নিজৰ সন্তানক খুৱাবলৈ প্ৰতিগৰাকী মহিলা শ্রমিকে কামবিচাৰে।কিন্তু ময়ো এক অসহায় অৱস্থাৰ মাজত আছো।"
এসপ্তাহৰ পিচত সপ্তাহ ধৰি যেতিয়া কামনোহোৱা হ'ল,মজুৰী নোহোৱা হ'ল, তেতিয়ামুর্চিদাবাদৰ বহুতো বিড়ি শ্রমিক চৰম অনিশ্চয়তাত নিমজ্জিত হয়।প্ৰথমতে তেওঁলোকৰ হাতত জমা থকা ধন শেষ হবলৈ ধৰিলে, তাহেৰা বিবিৰ দৰে মহিলা শ্রমিকসকলে এতিয়া কোনোমতে এসাজ আহাৰ খাই আছে।পিতৃ-মাতৃৰ মৃত্যুৰ পিচৰ পৰা বিগত ৫০ বছৰ তাহেৰাই বিড়ি বনাই আহিছে।এতিয়া৫৮ বছৰত ভৰি দিয়া তাহেৰাই নিজৰ পুত্র আৰু অবিবাহিত জীয়ৰীৰো দায়িত্ব লব লগে।তেওঁৰ পুত্রই প্ৰব্রজনকাৰী শ্রমিকহিচাপে চেন্নাইত কাম কৰিছিল যদিও কেইবছৰ মানৰ পূর্বে এখন ভৰি আহত। এতিয়া ঘৰতে আছে। বিড়ি তৈয়াৰ কৰা কামেই পৰিয়ালটোৰ এক মাত্র উপাৰ্জনৰ উত্স।তাহেৰাই দিনে ১০০০ৰপৰা১২০০ বিড়ি বনাব পাৰে।প্ৰতিদিনে ধপাঁতৰ মাজত থকাৰ পিচত তেওঁ এতিযা যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে।"মই অসুখীযা, কিন্তু বিড়ি নহ'লে আমাৰ খাবলৈ নাই।মই উজাগৰে দিন কটাইছো"তাহেৰাই ক'লে।