আজিৰ দিনটোৰ বাবে এইয়া তেওঁৰ বহনিৰ সময়। শিৱপুৰ্ৱা গাঁৱৰ এটা হেণ্ডপাম্পৰ ওচৰত গোট খোৱা ৯-১০ গৰাকীমান মহিলাৰ জুম এটাৰ ওচৰত বাচুয়ে তেওঁৰ মটৰ চাইকেলখন ৰখালে। “বাইদেউ, এই কাপোৰবোৰৰ ডিজাইনবোৰ চাওকচোন” তেওঁ ক’লে। “এনেকুৱা শাড়ী আপুনি সিধিৰ বজাৰৰ ডাঙৰ ডাঙৰ দোকানতো নাপায়। অৱশ্যে কিনিব লাগিব বুলি কোনো কথা নাই, ভাল নালাগিলে নিকিনিব।”
তাৰপিছত, বহনি নিশ্চিত কৰিবৰ বাবে, বাচুয়ে ৰেহাইৰ পৰিমাণ পোনচাটে বঢ়াই দিলেঃ “এই এখন এখন শাড়ীৰ দাম ৭০০ টকা, কিন্তু মই আপোনাক মাত্ৰ ৪০০ টকাতে দিম.....”
মহিলাসকলে বাণ্ডিলটোত থকা ১৫-২০ খন নাইলনৰ শাড়ী এখন এখনকৈ খুলি-মেলি চালে। তেওঁলোকৰ মাজৰ এগৰাকীয়ে ক’লে যে তেওঁ ১৫০ টকাহে দিব। বিৰক্ত হৈ বাচুয়ে তেওঁৰ শাড়ীবোৰ জাপিবলৈ আৰম্ভ কৰিলে, বাণ্ডিলটো ৰছী এডালেৰে বান্ধি থাকোতে তেওঁ ভোৰভোৰাই উঠিল, এখন শাড়ীৰ কিনা দামেই ২৫০ টকা। তেওঁৰ প্ৰথম গৰাকী গ্ৰাহক হ’বলগীয়া মহিলাগৰাকী হেণ্ডপাম্পটোলৈ উভতি গ’ল।
নিৰাশ হৈ বাচুয়ে তেওঁৰ মটৰচাইকেলত উঠি তেওঁৰ সেইদিনাৰ পথত থকা পিছৰখন গাঁও মাড়ৱালৈ গ’ল। “কেতিয়াবা মানুহেবোৰে বহুত সময় নষ্ট কৰে অথচ একো নিকিনে,” স্থানীয় বাঘেলী ভাষাত ভোৰভোৰাই তেওঁ ক’লে। “আমাৰ বহুত সময় কেৱল মাত্ৰ শাড়ীবোৰ জপা-মেলা কৰোঁতে আৰু টোপোলা বনাওতেই যায়।”
প্ৰায় তিনি কিলোমিটাৰৰ পিছত তেওঁ মাড়ৱাৰ হেণ্ডপাম্পত পানী খাবলৈ ৰ’ল। “মোৰ যাত্ৰা আৰম্ভ কৰা চাৰি ঘণ্টা হ’ল,” তেওঁ ক’লে। “কিন্তু এতিয়ালৈকে মই মোৰ বহনিয়ে কৰা নাই (দিনটোৰ প্ৰথম বিক্ৰী, শুভ বুলি কোৱা হয়)। আজি ৰাতিপুৱা মই পেট্ৰ’লত ১৫০ টকা খৰছ কৰিলো আৰু এতিয়ালৈকে সেইখিনিও ঘূৰি অহা নাই।”


বাচুয়ে (বাওঁফালে পুতেক পুষ্পৰাজৰ সৈতে) তেওঁৰ মটৰ চাইকেলত ৩০ৰ পৰা ৫০ কিলোমিটাৰৰ মাজত ৯-১০ খন গাঁৱলৈ শাড়ী, চাদৰ আৰু অন্য সামগ্ৰী বিক্ৰী কৰিবলৈ যায়
উত্তৰ প্ৰদেশৰ সীমাত থকা মধ্যপ্ৰদেশৰ সিধি জিলাৰ সিধি চহৰত থকা নিজ ঘৰৰ পৰা সেইদিনা ৰাতিপুৱা প্ৰায় ১০টা মান বজাত বাচু জয়ছোৱালে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ আৰু অন্য ফেৰীৱালাসকল, গাঁৱে গাঁৱে ঘূৰি ঘূৰি কাপোৰ বিক্ৰী কৰা এই লোকসকলে - এই অঞ্চলবোৰত গাঁওবোৰত ঘৰে ঘৰে গৈ শাড়ী, কম্বল, বিচনা চাদৰ, কুচন কভাৰ, চাদৰ, প্লাষ্টিকৰ জোতা আৰু অন্য সামগ্ৰীবোৰ ৰেহাই মূল্যত বেচেগৈ। তেওঁলোকে সাধাৰণতে এই সামগ্ৰীবোৰ ২০০ কিলোমিটাৰ আঁতৰৰ কাটনী জিলাৰ এখন ডাঙৰ বজাৰৰ পৰা কিনি আনে। তেওঁলোকৰ গ্ৰাহকবোৰ সাধাৰণতে মহিলাসকল হয় যিসকলে ডাঙৰ বজাৰলৈ সততে নাযায়।
এই মহিলাসকলৰ মাজত এগৰাকী ৩২ বছৰীয়া কৃষি কৰ্মী মধু মিশ্ৰ, তেওঁ সিধি চহৰৰ পৰা ২০ কিলোমিটাৰ আঁতৰৰ সদলা গাঁৱত থাকে। “খেতিৰ পৰা মই ইমান সময় নাপাওঁ যে মই বজাৰলৈ যাব পাৰিম, সেয়ে ফেৰীৱালাসকলৰ পৰা কিনাটো মোৰ বাবে সহজ হয়। মই প্ৰতি বছৰে ৩-৪ খন শাড়ী আৰু ৪-৫ খন বিচনা চাদৰ কিনো,” তেওঁ কয়। “বাচুয়ে আগতে মোক ২০০ টকাত এখন ভাল শাড়ী আৰু ১০০ টকাত এখন বিচনা চাদৰ দিছিল। কিন্তু এতিয়া তেওঁ শাড়ী এখনৰ দাম ২৫০ টকা আৰু এখন বিচনা চাদৰৰ দাম ১৫০ টকাতকৈ বেছি কয়।”
বাচুয়ে অৱশ্যে কয় তেওঁৰ হাতত উপায় নাই। তেওঁ কয় যে বাৰে বাৰে বাঢ়ি যোৱা পেট্ৰ’লৰ দামে তেওঁৰ দৰে সৰু ব্যৱসায়ীসকলক চেপি পেলাইছে।
২০২১ৰ ছেপ্টেম্বৰত, মধ্যপ্ৰদেশত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১১০ টকা হ’লগৈ। য’ত ২০১৯ৰ ছেপ্টেম্বৰত এইয়া ৭৮ টকা আছিল (দাম বাঢ়ি গৈ ৩ নবেম্বৰ দিনা ১২০ টকা হৈছিলগৈ, তাৰ পিছত অলপ নামিল)। বহুদিনৰ পৰাই বাচুয়ে দিনটোলৈ ওলাই যাওঁতে ১০০ টকাৰ পেট্ৰ’ল ভৰাই লোৱাৰ অভ্যাস আছিল। এতিয়া ১৫০ টকালৈ বঢ়াই দিয়াৰ পিছতো তেওঁ পোৱা পেট্ৰ’লৰ পৰিমাণ কম হয় আৰু ইয়াৰ বাবে তেওঁ প্ৰতিদিনে তেওঁৰ টোপোলা লৈ যোৱা গাওঁ আৰু লগতে কিলোমিটাৰ কমাই আনিবলগীয়া হৈছে।
বাচুয়ে দুটা দশকতকৈও অধিক কাল এনেদৰে এঠাইৰ পৰা আন ঠাইলৈ গৈ বস্তু বেচাৰ কাম কৰি আহিছে আৰু পৰিয়ালৰ ধাৰ, বেমাৰ আৰু আনকি লকডাউনৰ পিছতো তেওঁ এনেদৰেই জীৱনটো চলাই নিছে। তথাপি, এনেদৰে বাঢ়ি গৈ থকা পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে তেওঁৰ সন্মুখনত সমস্যা হৈ থিয় দিছে। তেওঁ কয় যে কিছু বছৰ পৰা, বাঢ়ি গৈ থকা দাম আৰু কমি গৈ থকা বিক্ৰীৰ বাবে বহুতো ফেৰীৱালাই এই কাম এৰি দিছে আৰু তাৰ পৰিৱৰ্তে হাজিৰা কাম কৰিছে অথবা বেকাৰ হৈ বহি আছে। যিহেতু ফেৰীৱালাসকলৰ ওচৰত কোনো লাইচেঞ্চ নাথাকে বা বিক্ৰীৰ মান্যতা নাপায় সেয়ে ৰাজ্যই প্ৰদান কৰা কোনো ধৰণৰ সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত বা তেওঁলোক কোনো আঁচনিৰ আওঁতালৈ নাহে।(এই ষ্ট’ৰিটোৰ লগত থকা ভিডিঅ’টোত সিধি জিলাৰ টিকট কালান নামে গাওঁখনৰ অন্য এগৰাকী ফেৰীৱালা যাজ্ঞ্যনাৰায়ণ জয়ছোৱালেও একেধৰণৰ সমস্যাৰ কথাই কয়।)
কিছু বছৰৰ পৰা, বাঢ়ি গৈ থকা দাম আৰু কমি গৈ থকা বিক্ৰীৰ বাবে বহুতো ফেৰীৱালাই এই কাম এৰি দিছে আৰু তাৰ পৰিৱৰ্তে হাজিৰা কাম কৰিছে অথবা বেকাৰ হৈ আছে
৪৫ বছৰীয়া বাচুয়ে কয় যে ফেৰীৱালাৰ ব্যৱসায় আগতে লাভজনক আছিল। এই ব্যৱসায়টো সাধাৰণতে এটা পৰিয়ালত ইটোৰ পিছত সিটো প্ৰজন্ম ধৰি চলি আহিছিল। “প্ৰথম ছবছৰত মই মোৰ মুৰত কাপোৰবোৰ লৈ খোজ কাঢ়িছিলো,” তেওঁ মনত পেলায়, ১৯৯৫ত তেওঁ এই কাম আৰম্ভ কৰিছিল। তেওঁ অনুমান কৰি কয় যে টোপোলাটো প্ৰায় ১০ কেজি মানৰ আছিল। “মই প্ৰতিদিনে প্ৰায় ৭-৮ কিলোমিটাৰ মান খোজ কাঢ়িছিলো আৰু ৫০ৰ পৰা ১০০ টকামান উপাৰ্জন কৰিছিলো।”
২০০১ চনত বাচুয়ে এখন চাইকেল কিনিলে। “মই তেতিয়া প্ৰতিদিনে ১৫-২০ কিলোমিটাৰ যাবলৈ আৰম্ভ কৰিলো, আৰু খোজ কঢ়াতকৈ মই কম ভাগৰিছিলো,” তেওঁ কয়। “মই ৫০০ৰ পৰা ৭০০ টকামানৰ বস্তু বেচিছিলো, আৰু ১০০ আৰু ২০০ টকাৰ মাজত উপাৰ্জন [লাভ] কৰা আৰম্ভ কৰিলো।”
২০১৫ চনত, ফেৰীৱালা হিচাপে বাচুয়ে এখোজ আৰু আগবঢ়ালে - তেওঁ এজন বন্ধুৰ পৰা ১৫,০০০ টকাত এখন ছেকেণ্ড হেণ্ড মটৰ চাইকেল কিনিলে। “ইয়াৰ পিছত, মই মটৰচাইকেলত ৩০ৰ পৰা ৪০ কিলোমিটাৰ যাব পৰা হ’লো আৰু দিনে ৫০০ৰ পৰা ৭০০ টকা উপাৰ্জন কৰিবলৈ ধৰিলো।” তেওঁ ৯ৰ পৰা ১০খন গাঁৱলৈ যাবলৈ ধৰিলে, তাৰে কিছুমান ৫০-৬০ কিলোমিটাৰ দূৰতো আছিল।
আগতে আৰু এতিয়াও বাচুয়ে কেৱল ঠাণ্ডা আৰু গৰমৰ মাহকেইটাত, মানে নৱেম্বৰৰ পৰা মে’লৈকেহে ব্যৱসায়ৰ বাবে য়ায়। “বাৰিষাৰ দিনবোৰত [জুনৰ মাজভাগৰ পৰা ছেপ্তেম্বৰলৈকে] আমি ফেৰীৰ কাম এৰাই চলো কাৰণ আমাৰ টোপোলাবোৰ তিতি বেয়া হৈ যাব পাৰে আৰু গাঁৱৰ বাট-পথবোৰ বোকাৰে পোত যায়।”
গৰমৰ দিনবোৰটো বিক্ৰীৰ বাবে যোৱাতো কঠিন। “যেতিয়া তাপমান ৪৫ ডিগ্ৰী [চেলচিয়াছ] হৈ থাকে তেতিয়া সেই ভীষণ গৰমত মটৰ চাইকেল চলোৱাটো বৰ টান হৈ পৰে,” তেওঁ কয়। “তথাপিও, গৰমৰ দিনবোৰত আমি যিমান পাৰো সিমান টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰো যাতে বাৰিষাৰ সময়ৰ ঘাটি মিলাই ল’ব পাৰো।”
![Driving a motorbike for hours in the searing heat when the temperature is 45 degrees [Celsius] is extremely tough'. (On the right is Sangam Lal, a feriwala from Tikat Kalan village, whose father, Jagyanarayan Jaiswal, is featured in the video with this story)](/media/images/03a-IMG20211007112141-AKT.max-1400x1120.jpg)
![Driving a motorbike for hours in the searing heat when the temperature is 45 degrees [Celsius] is extremely tough'. (On the right is Sangam Lal, a feriwala from Tikat Kalan village, whose father, Jagyanarayan Jaiswal, is featured in the video with this story)](/media/images/03b-20211006085831_IMG_3049-AKT.max-1400x1120.jpg)
‘যেতিয়া তাপমান ৪৫ ডিগ্ৰী [চেলচিয়াছ] হৈ থকা সময়ৰ ভীষণ গৰমত মটৰ চাইকেল চলোৱাটো সাংঘাতিক টান কাম হৈ পৰে।’ (সোঁফালে টিকট কালান গাঁৱৰ এগৰাকী ফেৰীৱালা সংগম লাল, তেওঁৰ পিতৃ যাজ্ঞ্যনাৰায়ণ জয়ছোৱালক এই ষ্টৰিটোৰ লগত থকা ভিডিঅ’টোত দেখা গৈছে)
বাচুয়ে তেওঁৰ সঞ্চয় আৰু তেওঁৰ খেতি-খোলাৰ পৰা লকডাউনত বৰ্ত্তি থাকিল। সিধি চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰমান দূৰত থকা নিজৰ গাওঁ কুবৰীত বাচুৰ আধা একৰ মাটি আছে, য’ত তেওঁ খৰিফ শস্যৰ সময়ত ধান আৰু ৰবি শস্যৰ সময়ত ঘেঁহু ৰোৱে। খেতি কৰিবলৈ তেওঁ প্ৰতিমাহে কেইদিনমান ফেৰীৰ কামৰ পৰা অব্যাহতি লয়। “প্ৰতি বছৰে, আমি প্ৰায় ৩০০ কেজি ঘেঁহু আৰু ৪০০ কেজি ধন পাওঁ [ঘৰত খাবলৈ ব্যৱহাৰ হয়], আৰু আমি দাইল আৰু অন্য শস্যবোৰ বজাৰৰ পৰা কিনো,” বুলি তেওঁ কয়।
২০২১ৰ মাৰ্চ মাহত, ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ আৰম্ভণিতে বাচু সংক্ৰমিত হ’ল। “মই দুমাহতকৈও বেছি বিচনাত পৰি থাকিলো আৰু এখন বেচৰকাৰী হস্পিতালত চিকিত্সা কৰাওতে প্ৰায় ২৫,০০০ মান টকা খৰছ হয়,” তেওঁ কয়।
“সেই মাহকেইটাত আমাৰ কোনো উপাৰ্জন নাছিল,” বাচুৰ ৪৩ বছৰীয়া পত্নী প্ৰমিলা জয়ছোৱালে আমাৰ কথাত যোগ দি কয়। “সেই সময়ত মোৰ দেউতাই [খেতিয়ক] আমাক চাৰিজনী গাই উপহাৰ দিলে। এতিয়া প্ৰতিদিনে মই পাঁচ লিটাৰ গাখীৰ পাও যিখিনি আমাৰ চুবুৰীটোত বিক্ৰী কৰি মই প্ৰতিমাহে ৩০০০-৪০০০ টকা উপাৰ্জন কৰোঁ।”
আবেলি সময়ত, প্ৰমিলাই সিধি চহৰৰ বাহিৰত থকা ঘাঁহৰ পথাৰবোৰলৈ খোজকাঢ়ি যায় যাতে নিজৰ পশুবোৰলৈ ঘাঁহ আনিব পাৰে। বাচুয়ে তেওঁৰ ফেৰীৱালাৰ কামৰ পৰা প্ৰায় ৬টা মান বজাত ঘূৰি আহে আৰু তাৰ পিছত প্ৰমিলাক গোহালি চাফা কৰা আৰু পশুবোৰক খাদ্য যোগান ধৰাত সহায় কৰে।
প্ৰথম লকডাউনৰ আগতে প্ৰমিলাই শাক-পাচলি বেচিছিল। “মই ২০১০ৰ পৰা ওচৰে-পাজৰে চুবুৰীবোৰলৈ মুৰত এটা খদা লৈ পাচলি বিক্ৰী কৰিবলৈ লৈছিলো,” তেওঁ কয়। “প্ৰতিদিনে মই তিনি কিলোমিটাৰ খোজকাঢ়ি পাচলিৰ মাণ্ডিলৈ যাওঁ যাতে পাচলি কম দামত কিনিব পাৰো আৰু দিনটোত ১০০-১৫০ টকা মোৰ উপাৰ্জন হয়।” তেওঁ তেওঁৰ ২২ বছৰীয়া সৰুজনী জীয়েক পূজাৰ বিয়াৰ পিছৰ পৰা এই কাম বন্ধ কৰিলে। ২০২০ চনৰ ফেব্ৰুৱাৰীত পূজাৰ বিয়া হৈ গ’ল। “মই যেতিয়া শাক-পাচলি বেচিবলৈ গৈছিলো, তাই গোটেই পৰিয়ালৰ বাবে ৰন্ধা-বঢ়া কৰিছিল। তাইৰ বিয়াৰ পিছত ৰন্ধা-বঢ়া গোটেইখিনি মই কৰিব লাগে।” তেওঁ কয়।



বাচুৰ পত্নী প্ৰমিলাই (মাজত) লকডাউনৰ সময়ছোৱাত গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে; তেওঁলোকৰ পুত্ৰ পুষ্পৰাজে (সোঁফালে) কলেজত পঢ়াৰ পিছত এটা চৰকাৰী চাকৰি পাব বুলি আশা কৰে
প্ৰমিলা আৰু বাচুৰ আৰু দুই সন্তান আছেঃ তেওঁলোকৰ ডাঙৰজনী ছোৱালী, ২৬ বছৰীয়া সংগীতা যাৰ ২০১৩ চনত বিয়া হৈ গ’ল, আৰু ১৮ বছৰীয়া পুতেক পুষ্পৰাজ সিধি, তেওঁ এখন কলেজত পঢ়ি আছে।
“বলে নোৱাৰিলেও আমি আমাৰ ল’ৰা-ছোৱালীকেইটাক প্ৰাইভেট স্কুলত পঢাইছিলো,” প্ৰমিলাই কয়। পূজাৰ বিয়াৰ খৰছ আৰু যৌতুকে তেওঁলোকক অধিক ধাৰত পোত খুৱালে - য’ৰ ১ লাখ টকা এতিয়াও পৰিশোধ কৰিবলৈ আছে। “মই নাজানো এই ধাৰবোৰ মই কি দৰে শুজিম,” তেওঁ লগতে কয়।
পুষ্পৰাজে এখন স্থানীয় ডেইৰি ফাৰ্মত সহায়ক হিচাপে কাম কৰি দৈনিক ১৫০ টকাকৈ উপাৰ্জন কৰে আৰু সেই উপাৰ্জনৰ পৰা তেওঁৰ নিজৰ কলেজৰ মাচুল আদি দিয়ে। “মই পৰ্য্যাপ্ত টকা একগোট কৰিবৰ বাবে কাম কৰিছো যাতে মই ক’চিং ক্লাছ ল’ব পাৰো [প্ৰতিযোগিতামূলক পৰীক্ষা অথবা চৰকাৰী চাকৰিত আবেদন কৰিবৰ বাবে]” তেওঁ জনায়। “ডেইৰি ফাৰ্মখনত গ্ৰাহক নথকা অৱস্থাত মোক পঢ়ি থাকিবৰ বাবে তেওঁলোকে অনুমতি দিছে।”
পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে পৰিয়ালটোক বৰ কষ্ট দিছে। “লকডাউনৰ আগতে [২০২০ৰ মাৰ্চত] যেতিয়া পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৭০-৮০ টকা আছিল, মই প্ৰতিমাহে প্ৰায় ৭০০০-৮০০০ টকা ঘটিছিলো। গাওঁবোৰত আমাৰ বস্তুবোৰৰ বহুত চাহিদা আছিল। বহুতো গ্ৰাহক আমাৰ পৰা কাপোৰ কিনিবলৈ বুলি ৰৈ থাকিছিল,” বাচুয়ে কয়।
“এতিয়া পেট্ৰ’ল দাম আৰু আমাৰ যাতায়তৰ খৰছ বঢ়াৰ পিছতো মানুহবোৰে আশা কৰে যে আমি শাড়ী আৰু অন্য সামগ্ৰীবোৰ আগৰ দামতে বিক্ৰী কৰিব পাৰিম, নহ’লে তেওঁলোকে নিকিনে,” তেওঁ লগতে কয়। “এনেকৈয়ে আমাৰ লাভ কমিছে। পুৱাৰ পৰা গধূলিলৈ খাটিও ২০০ টকা উপাৰ্জন কৰাটোও টান হৈ পৰিছে। পেট্ৰ’লৰ দামে আমাৰ ব্যৱসায় বৰবাদ কৰি পেলালে।”
অনুবাদ: ল’নলী গগৈ