
জি. জনাৰ্দন ৰেড্ডীৰ কাৰণে জীৱনটো কেতিয়াও এনেকুৱা নাছিল।
৪২ বছৰ বৰ্ষীয় খনিৰ ব্যৱসায়ী আৰু কৰ্ণাটক চৰকাৰৰ বিজেপি মন্ত্ৰীয়ে বেংগালুৰুৰ পৰা ২৯০ কিলোমিটাৰ দূৰৰ খনিজ সম্পদত চহকী জিলা বেল্লাৰীৰ পৰা লোৰ আকৰ ৰপ্তানী কৰি টকাৰ পাহাৰ গঢ়িছে।
এদিনাখন ৰাতিপুৱা বেল্লাৰী পৌৰনিগম ৩৫ জনীয়া সদস্যৰ দলটোৰ দুজন বিৰোধী দলৰ সদস্যক বাহিৰ কৰি নিগমটোক সম্পূৰ্ণ গেৰুৱা কৰিবলৈ চঞ্চল কিন্তু পৰিপাটি কাপোৰ পিন্ধা ৰেড্ডীয়ে কয়, “যোৱা পাঁচটা বছৰত কিমান টকা ঘটিছো মই নাজানো… মই কুৰাপ্পাহত (চুবুৰীয়া অন্ধ্ৰপ্ৰদেশত) ২০ হাজাৰ কোটি টকাৰ তীখাৰ প্ৰকল্প এটা নিৰ্মাণ কৰি আছো।”
ক্ষমতালৈ অহাৰ কেইসপ্তাহমানৰ ভিতৰতে ৰেড্ডীয়ে খননৰ নীতি এখনৰ খচৰা প্ৰস্তুত কৰিলে য’ত তেনে আবেদনকাৰীকহে নতুনকৈ খননৰ লীজ দিয়া হ’ব যিয়ে “মূল্য সংযোজন” কৰিব পাৰে।
আন অৰ্থত, তেওঁৰ দৰে উদ্যোগীৰ কথাকে তেওঁ ক’লে।
“মোৰ ব্যক্তিগত সম্পত্তি প্ৰায় ১,৫০০ কোটি টকা হ’ব,” ৰেড্ডীয়ে কয়।
সেয়া বেল্লাৰীৰ ১৫ লাখ ভোটাৰৰ ৫০ শতাংশৰ পূঞ্জীভূত মুঠ আয়তকৈ বেছি হ’ব আৰু এয়া এজন পুলিচ কনিষ্টবলৰ পুত্ৰ যিয়ে ১৯৮৯ত বন্ধুৰ সৈতে লগ লাগি ৩৫ হাজাৰ টকাৰে বিত্তীয় সঞ্চয়ৰ ফাৰ্ম খুলি ব্যৱসায় আৰম্ভ কৰিছিল, তেওঁৰ বাবে ইমানো বেয়া নহয়।
আজিৰ তাৰিখত ৰেড্ডীৰ সম্পত্তিৰ তালিকাত দুখন ব্যক্তিগত হেলিকপ্টাৰ, অসংখ্য বিলাসী গাড়ী আৰু বিশাল ৰাজনৈতিক শক্তি আছে কিয়নো তেওঁ নিৰ্বাচনৰ আগেয়ে নিজৰ দলটোৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰিছে।
১৯৯৯লৈ পিছপৰা জিলা বেল্লাৰীৰ ভাৰতীয় ৰাজনৈতিক মানচিত্ৰত কোনো চিন-মোকাম নাছিল, সেয়া কংগ্ৰেছৰ দুৰ্গৰ দৰে আছিল। কংগ্ৰেছে স্বাধীনতাৰ দিন ধৰি লোকসভা নিৰ্বাচনত জয়ী হৈ আহিছে আৰু চোনিয়া গান্ধীয়ে সুষ্মা স্বৰাজৰ বিৰুদ্ধে এই সমষ্টিটোতে জয়ী হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল।
আজিৰ তাৰিখত কথাবোৰৰ ইমান বেছি পাৰ্থক্য নাই।
ৰেড্ডী আৰু তেওঁৰ ডাঙৰ ভায়েককে ধৰি জিলাখনৰ পৰা তিনিজন বিধায়ক ৰাজ্যিক কেবিনেটত আছে আৰু ৰাজ্যিক বিজেপিৰ হৰ্তা-কৰ্তা।
ৰেড্ডীৰ ডাঙৰজন ভায়েকে ২০০৪ত দলটোৰ প্ৰথমখন সংসদীয় আসন লাভ কৰিছিল আৰু ৰেড্ডীয়ে বিজেপিৰ প্ৰাৰ্থী আৰু স্থানীয় বিধায়ক জে. শান্তিৰ ভনীয়েকজনীয়ে পুনৰাই সেইখন আসন দখল কৰিব বুলি কৈছে।

বিজেপি মন্ত্ৰী আৰু প্ৰভাৱশালী ব্যৱসায়ী জি জনাৰ্দনে কয়, 'যোৱা পাঁচটা বছৰত মই কিমান টকা ঘটিছো মই নিজেই নাজানো...'
বেল্লাৰীৰ শিলাময় পাহাৰৰ দাঁতিত থকা নীলা পানীৰ চুইমিং পুলটোত বহি ব্যৱসায়ীজনে কয়: “মই তেওঁৰ বাবে এক অভাৱনীয় সংখ্যাগৰিষ্ঠতাৰ গেৰাণ্টি দিছো।”
১৯৯৯ত শোচনীয় পৰাজয় ঘটাৰ পিছত বাইদেৱে (সুষ্মা স্বৰাজ) ৰেড্ডী পৰিয়ালটোক দিকদৰ্শন কৰাইছে আৰু দলটোৰ ৰাজনৈতিক পৰিক্ৰমাৰো বাট কাটিছে। তেওঁলোকৰ খনিৰ ব্যৱসায়ৰ টকাৰে অঞ্চলটোৰ লগতে ৰাজ্যখনত ৰাজনৈতিক প্ৰচাৰ অভিযান চলোৱা হৈছে।
২০০৮ৰ বিধানসভা নিৰ্বাচত নিৰ্বাচনী আয়ুক্তই দিল্লী আৰু মুম্বাইৰ চেমিনাৰত দৰ্শকক কৈছিল যে এনেকৈ সম্পত্তিৰ প্ৰদৰ্শনে “গণতন্ত্ৰক ধ্বংস” কৰিছে। বেল্লাৰীত অৱশ্যে এই সমালোচনাৰ কোনো প্ৰভাৱ নাই।
ভোটাৰক ধন দিয়াৰ কথাক লৈ ৰেড্ডীয়ে হাঁহি মাৰি উৰুৱাই দি কয়, “মই সেয়া কৰিবলগীয়া নহয়...দেৱে গৌড়াই [বিৰোধী জনতা দল (চেকুলাৰ)ৰ মুৰব্বী]গৰাকীয়ে সেয়া কৰি আহিছে।”
বেল্লাৰীৰ বস্তি অঞ্চল, য’ত বেছিভাগ মানুহেই দলিত আৰু মুছলমান, তেওঁলোকৰ ভাষ্য বিপৰীত।
“নিৰ্বাচনৰ আগতে আটাইবোৰ দলৰ মানুহ আহি প্ৰতিজন ভোটাৰকে ১,০০০ টকাকৈ দিয়ে,” কাঠমিস্ত্ৰী গান্নানাই (৪৫) বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত কয়।
গান্নানাই নাজানে যে সেই টকা, যিখিনি তেওঁৰ মাহিলী উপাৰ্জনৰ এক-তৃতীয়াংশ, আৰু ভোটটোৱে তেওঁলোকৰ দৰে মানুহৰ কিবা কল্যাণ কৰিছে।
“যেতিয়া মই দলিতসকলৰ বাবে ক্ষুদ্ৰ ঋণৰ বাবে কেইমাহমান আগতে মেয়ৰৰ ওচৰত সহায় বিচাৰি গৈছিলো, তেওঁ মোক খেদি পঠিয়াইছিল, কৈছিল, ‘তোমালোকে মোক ফ্ৰীতে ভোট দিছিলা নেকি?’”

আটোমটোকাৰি ঘৰটোত ১৯৭ৰ পৰা তিনিবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা টেকুৰ সুব্ৰমনিয়মৰ পুত্ৰ চিকিৎসাবিদ টি. ৰামানাথে চেলফৰ পৰা হালধীয়া এলবাম এটা উলিয়াই তেওঁৰ দেউতাকৰ পাঁচটা দশক পুৰণি ফটোখন উলিয়াই দেখুৱাইছে, দেউতাকে আলহী লাল বাহাদুৰ শাস্ত্ৰীৰ সৈতে মজিয়াত বহি জলপান গ্ৰহণ কৰিছে।
“দেউতা সাংসদ হোৱাৰ পিছত আমি দুখীয়া হৈ পৰিলো, তেওঁ ওকালতি কৰি যিখিনি পাইছিল, তাতকৈ তেওঁৰ দৰমহা কম আছিল,” চিকিৎসাবিদজনে কয়। “এতিয়াৰ ৰাজনীতিবিদৰ ক্ষেত্ৰত তেনেকুৱা কিবা হ’ব পাৰেনে? সিহঁতে উৎকোচ লৈ ধন গোটাইছে।”
বেল্লাৰীৰ শেহতীয়া পৰিৱৰ্তনক লৈ ৰামনাথৰ মত-আৱেগ স্ব-বিৰোধী।
“মুষ্টিমেয় কেইজনমানে খনিৰ পৰা টকা ঘটিছে। ঔদ্যোগিক পৰিৱৰ্তন ঘটিছে, সেয়া ভালেই হৈছে। কিন্তু প্ৰদূষণ বাঢ়িছে, গছ-বন কাটি তহিলং কৰা হৈছে আৰু স্থানীয় লোকৰ কৰ্কট আৰু যক্ষ্মাৰ দৰে ৰোগ বাঢ়িছে।”
এটা ভগা-চিগা ৰাস্তাৰে ৰঙামাটিৰ লক্ষ্মীমপুৰা গাঁৱলৈ যোৱা ৬৫ কিলোমিটাৰ বাট অতিক্ৰম কৰিলে বেল্লাৰী সেই খননস্থলী পায়।
সেই ঠাইৰ বাসিন্দা খেতিয়ক মুলেমানি এৰান্নাই কয় কেনেকৈ লোৰ আকৰৰ কাৰণে সৃষ্টি হোৱা যুযুৎসু পৰিৱেশটোৱে তেওঁলোকৰ দৰে খেতিয়কৰ পৃথিৱীখনেই ওলট-পালট কৰি পেলাইছে।
দুখন পাহাৰৰ মাজত থকা ওখ বিশাল জলাশয় হলি কুন্তে, য’ৰ পানী এতিয়া মামৰৰ দৰে ৰঙা আৰু বিষাক্ত হৈ পৰিছে, তালৈ একেথৰে চাই বোকা লাগি থকা লুঙি পিন্ধা অশিক্ষিত খেতিয়কগৰাকীয়ে কয়, “এসময়ত এই জলাশয়ৰ পৰাই আমাৰ খেতিবোৰলৈ পানী আহিছিল। আমাৰ মাটি আৰু পানী প্ৰদূষিত, অৰণ্যখন ধ্বংস।”
“আমাক ইয়াৰ অন্ত লাগে। কিন্তু খননকাৰীবোৰ ধনী ধনী মিনিষ্টাৰ, তেনেস্থলত আমাৰ কথা চৰকাৰে শুনিবনো কিয়?”
এই প্ৰতিবেদনৰ এক সংস্কৰণ ২০০৯ৰ মাৰ্চত দা হিন্দুস্তান টাইমচত প্ৰকাশ পাইছিল।
অনুবাদ: পংকজ দাস