''মোৰ পিতাই পুতলা নাচৰ সূতাবোৰ মোৰ আঙুলিত মেৰিয়াই দিছিল আৰু কেনেকৈ নচুৱায় শিকাইছিল,’’ ৭৪ বছৰ বয়সীয়া প্ৰেমৰাম ভাটে ছটা দশক আগৰ কথা মনত পেলায়।
''পুতলা নাচ দেখুৱাবলৈ তেওঁ যোৱা গাওঁবোৰলৈ মোকো লগত নিছিল, তেতিয়া মোৰ বয়স ৯ বছৰ,’’ তেওঁ যোগ দিয়ে। ''মই তেতিয়া ঢোল বজাও। লাহে লাহে মই পুতলা নচুওৱাত আগ্ৰহী হৈ পৰিলো। মোৰ পিতা লালুৰাম ভাটে মোক পুতলাবোৰ কেনেকৈ লৰচৰ কৰাব লাগে শিকালে আৰু মই লাহে লাহে পুতলা নচুওৱা হ’লো।’’
যোধপুৰৰ প্ৰতাপ নগৰ এলেকাৰ পদপথৰ পঁজাঘৰ এটাত প্ৰেমৰাম থাকে। তেওঁৰ পত্নী ৭০ বছৰ বয়সীয়া জুগনিবাঈ, তেওঁলোকৰ পুত্ৰ সুৰেশ আৰু বোৱাৰী সুনীতা আৰু তেওঁলোকৰ ৩ৰ পৰা ১২ বছৰ বয়সৰ চাৰিটা সন্তান- সকলো একেলগে তাতে থাকে। পৰিয়ালটো ভাট সম্প্ৰদায়ৰ (ৰাজস্থানত অনান্য পিছপৰা শ্ৰেণী হিচাপে সূচিত)। সম্প্ৰদায়টোৰ জ্যেষ্ঠসকলে কয় যে ভালেমান ভাট পৰিয়ালে ১০০ বছৰ আগতে ৰাজ্যখনৰ নাগৌড় জিলাৰ পৰা উঠি আহি ৰাজস্থানৰ বিভিন্ন চহৰ যেনে যোধপুৰ, জয়পুৰ, জয়শেলমাৰ আৰু বিকানেৰত থিতাপি লৈছিল।
''পুতলা সজা বা পুতলা নচুওৱাৰ মোৰ কোনো প্ৰশিক্ষণ নাই। পিতাইক চাই চাই এই বিদ্যা আয়ত্ব কৰিছিলো,’’ ৩৯ বছৰ বয়সীয়া সুৰেশে কয়। তেঁৱো প্ৰেমৰামৰ সৈতে গাঁৱে গাঁৱে গৈছিল আৰু ১০ মান বছৰ বয়সতে প্ৰদৰ্শনীবোৰত সহায়ক হিচাপে কাম কৰিবলৈ লৈছিল। ঘৰত আকৌ তেওঁ নিজে পুতলা সাজিছিল। ''১৫ বছৰ বয়সতে পুতলা নচুওৱা শিকিছিলো। মই অকলেই গাওঁবোৰলৈ গৈ পুতলা নাচ দেখুৱাইছিলো,’’ তেওঁ কয়।
তেওঁৰ ১২ বছৰীয়া পুত্ৰ মোহিতে এতিয়া তেওঁক সংগ দিয়ে। ''কিবা কাম পালে মোহিতক মোৰ সৈতে ঢোল বজাবলৈ নিও,’’ সুৰেশে কয়। ''তেওঁ ৫ম মানত পঢ়ি আছে, কিন্তু স্কুল বন্ধ (মহামাৰীজনিত লকডাউনৰ কাৰণে)।’’
এতিয়া কাম পোৱাটো টানেই হৈ পৰিছে। ৰাজস্থানৰ হোটেলবোৰত বিদেশী নাগৰিকে আমাৰ পুতলা নাচ চাইছিল। তেওঁলোকৰ বাবে তিনিজনীয়া দল এটাই এঘণ্টাৰ প্ৰদৰ্শনী চলায়। এজনে পুতলা নচুৱায়, আন দুজনে হাৰমনিয়াম আৰু ঢোল বজায়। তেওঁলোকে প্ৰদৰ্শনীত লোকগীত গায় আৰু ৰজা-মহাৰাজাৰ কাহিনী দেখুৱায় (ভিডিঅ’টোত দেখিবলৈ পাব)।
এই প্ৰদৰ্শনীৰ পৰা প্ৰতিজনে মাহত ৩ বা ৪ বাৰ ৩০০ৰ পৰা ৫০০ টকা পায়। লকডাউনৰ কাৰণে এই প্ৰদৰ্শনীবোৰৰো মুধা মৰাত পুতলা নচুওৱাসকলে ছেগা-চোৰোকাকৈ চলা ৰাস্তাৰ কাষৰ প্ৰদৰ্শনীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। তাতে তেওঁলোকে কোনোমতে এটা প্ৰদৰ্শনীত ১০০-১৫০ টকা পায়। তেওঁলোকৰ কিছুমানে আকৌ খেৰ-ভেলভেটেৰে সামগ্ৰী সাজি বিক্ৰী কৰি দুপইছা পায়। (যোধপুৰৰ পুতলা সাজোতাঃ খেৰ-কুটাত ওলমি থকা জীৱন চাব পাৰে)
লকডাউনৰ সময়ত এইসকল লোকে ৰেচনৰ বাবে দাতব্য সংস্থা আদিৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছিল। এতিয়া অৱশ্যে ৰাজ্যখনত নিয়মবোৰ শিথিল কৰি দিয়াত তেওঁলোকে অলপ কাম পোৱা হৈছে।


বাওঁফালে: 'কোনেও আমাৰ এই শিল্পবিধক আগৰ দৰে সন্মান নিদিয়ে,’ প্ৰেমৰাম ভাটে কয়। প্ৰচ্ছদ আলোকচিত্ৰত তেওঁ ঢোল বাদক মোহনলাল ভাটৰ সৈতে শিল্প প্ৰদৰ্শন কৰিছে। সোঁফালে: মঞ্জু আৰু বনৱাৰি লাল ভাট, 'আমাৰ কাহিনীবোৰ সঁচা ’
যোধপুৰৰ প্ৰতাপ নগৰ এলেকাৰ পদপথৰ হাট এখনত ৩৮ বছৰ বয়সীয়া মঞ্জু ভাট থাকে, তেওঁ পুতলাৰ বাবে কাপোৰ সীয়ে আৰু গহণা সাজে, সেই পুতলাৰে গিৰীয়েক বনৱাৰি লাল ভাটে পুতলা নাচ প্ৰদৰ্শন কৰে।
''এই শিল্প এতিয়া মৰিব ধৰিছে,’’ তেওঁ কয়। ''আগতে আমি মাহত ৩-৪ টা প্ৰদৰ্শনী পাইছিলো, কিন্তু ক’ৰনা অহাৰ পৰা আমি একেবাৰে কৰ্মহীন হৈ পৰিলো। কেৱল চৰকাৰে এই শিল্পক উদ্ধাৰ কৰিব পাৰে। আমি নোৱাৰো। মনোৰঞ্জনৰ এতিয়া ন ন আহিলা আহিছে আৰু আমাৰ কথা কোনেও নুশুনে, আমাৰ প্ৰদৰ্শনীও নাচায়।’’
তাৰোপৰি, তেওঁলোকৰ পাৰম্পৰিক কাহিনী-কিংবদন্তিবোৰ এতিয়া বিকৃত কৰি পেলোৱা হৈছে বুলি তেওঁ কয়। ''আমাৰ কাহিনীবোৰ সঁচা। পঢ়া-শুনা থকা মানুহে আহি আমাৰ কাহিনীবোৰ শুনে আৰু তাৰপাছত তাৰ হৰণ-ভগন কৰি ধাৰাবাহিক, নাটক, চিনেমা আদি নিজে যি ভাল পায় তাকে কৰে। এইবোৰত সঁচা কথা কম থাকে, মিছাৰে ভৰি থাকে।’’
প্ৰেমৰামেও কয় যে নতুন প্ৰযুক্তি যেনে টেলিভিছন আৰু ম’বাইল ফোন আদিয়ে পুতলা নাচৰ এই শিল্পৰ আদৰ কমাইছে। ''আমাৰ পূৰ্বপুৰুষসকলে ৰজা-মহাৰজাৰ দৰবাৰত পুতলা নচুৱাইছিল। বিনিময়ত বছৰজোৰা খাদ্য, পইছা আৰু বিভিন্ন সামগ্ৰী পাইছিল। মোৰ পিতাই আৰু ককাদেউতাই গাঁৱে গাঁৱে গৈ মানুহক মনোৰঞ্জন যোগাইছিল। গাঁৱত এতিয়াও আমাৰ আদৰ আছে। কিন্তু পৃথিৱীখন সলনি হ’ল। কোনেও আমাৰ শিল্পক আগৰ দৰে মৰ্য্যাদা নিদিয়ে। এই শিল্প এতিয়া মৃতপ্ৰায় আৰু ময়ো পুতলা নচুৱাই আগৰ দৰে আত্মসন্তুষ্টি নাপাও।
অনুবাদ: পংকজ দাস