বাৰিষাৰ দিনকেইটাত, বিশেষকৈ জুন মাহত সুনন্দা চুপেয়ে খেতি পথাৰখনত নামিবলৈ ভয় কৰে। এইখিনি সময়ত মুঠে গোগলগাই (জিয়াণ্ট আফ্ৰিকান স্নেইলৰ স্থানীয় নাম)য়ে দাৰাকৱাড়ি গাঁৱত তেওঁৰ নিজা খেতিখন খাই নষ্ট কৰি পেলায়।
“যিয়েই খেতি নকৰো কিয়, সিহঁতে খাবই। ধান, ছয়াবিন, বাদাম, কালা ঘেৱৰা (ব্লেক বিন), ৰাজমা একোৱেই সিহঁতে নেৰে,” তেওঁ কয়। আনকি আম, চিকু, মধুৰিয়াম আদিও সিহঁতৰ পৰা সাৰি নাযায়। “পথাৰত শামুকৰ সংখ্যা হাজাৰ হাজাৰ হৈ পৰে,” ৪২ বৰ্ষীয় খেতিয়কজনে কয়।
মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত মহাদেৱ কোলি সম্প্ৰদায়ৰ সুনন্দা তেওঁৰ মাক আৰু ভায়েকৰ সৈতে চাছকামান বান্ধৰ কাষতে থাকে। বান্ধটোৰ এফালে তেওঁৰ খেতি, আনফালে ঘৰ। ইটো পাৰৰ পৰা সিটোলৈ আধা ঘণ্টাৰ বাট তেওঁ নাও লৈ যাব লাগে।
জিয়াণ্ট আফ্ৰিকান স্নেইল ( Achatina fulica ) ভাৰতত প্ৰৱেশ কৰা এবিধ আগ্ৰাসী প্ৰজাতি বুলি গ্ল’বেল ইনভেচিভ স্পেচিছ ডেটাবেচ ৰ তথ্যত প্ৰকাশ পাইছে, বিভিন্ন শস্য সিহঁতৰ খাদ্য। বাৰিষাকালত, জুনৰ পৰা ছেপ্টেম্বৰ মাহত তিৱালি পাহাৰৰ নামনিত থকা শস্যপথাৰ এই প্ৰজাতিৰ শামুকেৰে ভৰি পৰে। কেতিয়াবা সিহঁত আৰু কেইমাহমানলৈ থাকে। ২০২২ৰ শেষৰফালে সুনন্দাৰ সৈতে এই প্ৰতিবেদকে কথা পাতিছিল, তেওঁ কয় যে তিনিবছৰ ধৰি এই শামুকে তেওঁলোকক জ্বলা-কলা খুৱাইছে।


পুণে জিলাৰ দাৰাকৱাড়ি গাঁৱৰ খেতিয়ক সুনন্দা চুপে (বাওঁফালে) কয় যে এই বিশেষ শামুকবিধে তেওঁৰ খেতিখনৰ (সোঁফালে) বহুত ক্ষতি কৰিছে


সুনন্দাৰ খেতিপথাৰৰ অমিতা (বাওঁফালে) আৰু সৰু আমগছ এডালত (সোঁফালে) জিয়াণ্ট আফ্ৰিকান স্নেইল । তেওঁ কয় , 'শামুকে সকলো নষ্ট কৰিছে'
“সেইবোৰ কেনেকৈ ইয়ালৈ আহিল ক’ব নোৱাৰো,” নাৰায়নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয় বিষয়া ড. ৰাহুল ঘাড়গেয়ে কয়। “এটা শামুকে এদিনত এক কিলোমিটাৰ বগাব পাৰে আৰু কণী পাৰে,” তেওঁ কয়। তেওঁ লক্ষ্য কৰিছে যে এই শামুকবোৰ জানুৱাৰীত নিষ্ক্ৰিয় হৈ থাকে আৰু গৰম পৰিলে ওলাই আহে, “সিহঁতৰ বাচি থকাৰ বাবে প্ৰয়োজনীয় উষ্ণতা সেইখিনি সময়তে থাকে,” তেওঁ বহলাই কয়।
“মই ব্লেক বিন আৰু ৰাজমাৰ খেতি কৰিছিলো। শামুকে সকলো নষ্ট কৰিলে,” সুনন্দাই কয়। “৫০ কিলো শস্য পাম বুলি আশা কৰিছিলো, পাইছো মাত্ৰ এক কিলো।” ৰাজমাৰ কিলো ১০০ টকা। সুনন্দাই ব্লেক বিনো শামুকৰ পৰা সাৰি যোৱা নাই, আনকি বাদামো শামুকে এৰা নাই। এনেকৈ কেৱল বাদামতেই তেওঁৰ ১০ হাজাৰ টকাৰ লোকচান হৈছে।
“আমি দুটা ঋতুত খেতি কৰো। বাৰিষা (খাৰিফ) আৰু দিৱালি (ৰবি) শস্যৰ খেতি,” তেওঁ কয়। যোৱা বছৰ বাৰিষা শামুকৰ উৎপাতত দুমাহ তেওঁৰ খেতিপথাৰখন চন পৰি থাকিল। “ডিচেম্বৰৰ শেষৰফালেহে আমি সেউজীয়া বুটমাহ, ঘেঁহু, বাদাম আৰু পিয়াজৰ খেতি কৰিব পাৰিলো,” তেওঁ কয়।
মহাৰাষ্ট্ৰৰ পাঁচৰ পৰা ১০ শতাংশ কৃষিভূমি শামুকৰ পৰা ক্ষতিগ্ৰস্ত হৈছে বুলি ড. ঘাড়গেয়ে অনুমান কৰে। “সিহঁতে উদ্ভিদৰ কুমলীয়া ঠানি খাই ভাল পায় আৰু শস্যক অংকুৰিত অৱস্থাতে আক্ৰমণ কৰে, এই কাৰণতে ক্ষতিও হয় সৰ্বোচ্চ। খেতিয়কৰ সঁচাকৈয়ে বহুত লোকচান হৈছে।”


দাৰাকৱাড়ি গাঁৱৰ নিজৰ ৫ .৫ একৰ মাটিত নিতিন লাগাড়, তেওঁৰ খেতিখনো জিয়াণ্ট আফ্ৰিকান স্নেইলে এৰা নাই । শামুকে এনেকৈ তেওঁৰ খেতিখন বেৰি ধৰিলে যে চাৰিমাহ তেওঁ পথাৰখন এনেয়ে পৰি থাকিবলৈ দিবলগীয়া হ ’ল


বাওঁফালে : নিতিনে এতিয়া পিয়াজৰ খেতি কৰিছে যদিও শামুকৰ আক্ৰমণ অব্যাহত আছে । সোঁফালে : শামুকৰ কণী
দাৰাকৱাড়িৰে ৩৫ বৰ্ষীয় খেতিয়ক নিতিন লাগাড়ৰো অৱস্থা একেই, বছৰি শামুকৰ বাবে তেওঁৰ ক্ষতি হয়, তেওঁ কয়, “এইবছৰ ৭০ৰ পৰা ৮০ বেগ (প্ৰায় ৬ হাজাৰ কিলো) ছয়াবিন পাম বুলি আশা কৰিছিলো, কিন্তু পালো মাত্ৰ ৪০ বেগ (২ হাজাৰ কিলো)।”
তেওঁ সাধাৰণতে তেওঁৰ ৫.৫ একৰ মাটিত বছৰেকত তিনিবাৰ খেতি কৰে। এইবছৰ দ্বিতীয়খন খেতি শামুকৰ পৰা হোৱা ক্ষতিৰ বাবে কৰিব নোৱাৰিলে। “চাৰিমাহ পথাৰখন পেলাই থ’লো। এতিয়াহে পিয়াজৰ খেতি কৰিছো যদিও জুৱা খেলা যেনহে হৈছে,” তেওঁ কয়।
কৃষি ৰাসায়নিক যেনে মল্লুচাইচিডচ আদিও কামত দিয়া নাই। “আমি মাটিতহে ৰাসায়নিক দিও, শামুকবোৰ থাকে মাটিৰ তলত, ৰাসায়নিকবোৰ অথলে যায়। আপুনি সিহঁতক ধৰি লৈ ৰাসায়নিক দিলে সিহঁত খোলাত সোমাই যায়,” নিতিনে বুজাই কয়। “ৰাসায়নিক একেবাৰেই কামত অহা নাই।”


বাওঁফালে : সুনন্দাৰ খেতিপথাৰৰ কাষত জিয়াণ্ট আফ্ৰিকান স্নেইল । সোঁফালে : নিমখপানী দিয়া ড্ৰাম এটাত ডুবাই মৰাৰ পিছত সংগ্ৰহ কৰা জিয়াণ্ট আফ্ৰিকান স্নেইলৰ খোলাবোৰ
একো এটা উপায় বিচাৰি নোপোৱাত দাৰাকৱাড়িৰ খেতিয়কে এতিয়া হাতেৰেই শামুকবোৰ ধৰি সংগ্ৰহ কৰে। পলিথিনৰ মোনা হাতত পিন্ধি তেওঁলোকে শামুকবোৰ সংগ্ৰহ কৰে আৰু নিমখপানীৰ ড্ৰাম এটাত সেইবোৰ জুবুৰিয়াই সেইবোৰ মাৰে।
“ড্ৰামটোৰ পৰা সিহঁত ওলাই আহি থাকে। বাৰে বাৰে খুচি খুচি ভিতৰত ভৰাব লাগে। পাঁচবাৰমান তেনেকৈ কৰাৰ শেষত সিহঁত মৰে,” সুনন্দাই কয়।
নিতিন আৰু তেওঁৰ কেইগৰাকীমান বন্ধুৱে লগ লাগি তেওঁৰ ৫.৫ একৰ মাটিৰ পৰা এবাৰত ৪০০ৰ পৰা ৫০০ শামুক গোটাইছে। পিয়াজৰ খেতিখন কৰাৰ আগত তেওঁ পথাৰখন শামুকমুক্ত কৰিব বিচাৰিছে। কিন্তু শামুকবোৰ ওলায়েই থাকে। নিতিনে কয় যে শামুকে তেওঁৰ খেতিখন আধাতকে বেছি নষ্ট কৰিছে।
“এদিনত এশমান শামুক ধৰো, কিন্তু পিছদিনা একেই পৰিমাণৰ শামুক পথাৰত দেখো,” শামুকৰ পৰা পৰিত্ৰাণৰ উপায় নোপোৱা সুনন্দাই কয়।
“বাৰিষাৰ লগে লগে শামুকবোৰ আকৌ আহিব,” তেওঁ শংকা ব্যক্ত কৰে।
অনুবাদ: পংকজ দাস