যেতিয়া শিক্ষকৰ ৰূপত অৱতীৰ্ণ হয় পাৰি আৰু বিষয় হয় ভাৰতবৰ্ষ, তেতিয়া সেই শিক্ষণ বাস্তৱিক, মূৰ্ত আৰু দীৰ্ঘম্যাদী হৈ পৰে ৷
আমাৰ সৈতে হোৱা আয়ুষ মংগলৰ কথা-বতৰাৰ অভিজ্ঞতাকেই লক্ষ্য কৰক। তেওঁ ছট্টিশগড়ৰ গ্ৰামাঞ্চলৰ আদীবাসীসকলৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱ তথা ঝোলা-চাপ চিকিৎসকসকলৰ মাজৰ সংযোগ অনুধাৱন কৰিবলৈ পাৰিৰ সৈতে সময়ৰ সদ্ব্যৱহাৰ কৰিছিল ৷ "মই ব্যক্তিগত আৰু ৰাজহুৱা তথা যোগ্য আৰু অযোগ্য চিকিৎসকসকলৰ মাজত থকা অসামঞ্জস্য সম্পৰ্কটো প্ৰত্যক্ষ কৰিছিলো। কোনো নীতিৰ দ্বাৰা এয়া সমাধান কৰিব লাগিব," ৰাজ্যখনৰ জাঁজগিৰ চম্পা জিলাৰ অন্তৰ্গত আৰু অৰ্থনীতিত স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰজনে এইদৰে কয়।
যুৱক-যুৱতীসকলে উপান্ত লোকসকলৰ বিষয়ে বহলাই জানিব লৈছে, যিবোৰ তেওঁলোকৰ পাঠ্যপুথিত স্থান নাপায়। সাংবাদিকতাৰ শিক্ষাৰ্থী সুভাশ্ৰী মহাপাত্ৰই গৌৰাৰ দৰে বিকলাংগ লোকসকলৰ বাবে ওড়িশাৰ কোৰাপুটত ৰাজ্যিক সুবিধা লাভ কৰাটো কিমান কঠিন সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁক এই প্ৰশ্নটো কৰিবলৈ বাধ্য কৰি তুলিছিল: "চৰকাৰৰ অকৰ্মণ্যতাই গৌৰাক ইমান আৱেগিক আৰু শাৰীৰিক চাপৰ সন্মুখীন কৰি তুলিছিল নে?"
২০২২ চনৰ ছেপ্টেম্বৰ মাহত পিপলছ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ শিক্ষা শাখা পাৰি এজুকেচনে পঞ্চম বৰ্ষত প্ৰৱেশ কৰিছে। এই বৰ্ষবোৰত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, সামাজিক পৰিৱৰ্তনৰ বাবে সংগঠনত কাম কৰা যুৱক-যুৱতী, আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলোৱে সাধাৰণ লোকৰ বিবিধ দক্ষতা আৰু জ্ঞানৰ বিষয়ে গভীৰভাৱে অনুধাৱন কৰিব পাৰিছে। ছট্টিশগড়ৰ ৰায়পুৰত ধন ঝুমাৰ্ছক নথিভুক্ত কৰাৰ পিছত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰজ্জল ঠাকুৰে এইদৰে কৈছিল: "উৎসৱবোৰত কৃষকসকলৰ ভূমিকা আৰু ধানৰ গুৰুত্ব সম্পৰ্কে মই অধিক সচেতন হৈ পৰিছিলো... পাৰি এজুকেচনৰ সৈতে কাম কৰি মই যি সমাজত বাস কৰোঁ তাৰ এক নতুন দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছোঁ।"
প্ৰায় এশৰো অধিক স্থানৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰকল্পৰ জৰিয়তে তেওঁলোকে বিভিন্ন অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰি আহিছে: দিল্লীত কৃষকৰ প্ৰতিবাদ কভাৰ কৰা; সমগ্ৰ দেশৰ উপান্ত লোকসকলৰ মাজত ক’ভিড-১৯-ৰ প্ৰভাৱ আৱিষ্কাৰ কৰা; আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ জীৱনৰ যাত্ৰা আৰু সীমাবদ্ধতা অনুসৰণ কৰা, ইত্যাদি ৷
যেতিয়া সাংবাদিকতাৰ শিক্ষাৰ্থী আদৰ্শ বি. প্ৰদীপে কোচিৰ এটা নলাৰ পাৰত বাস কৰা পৰিয়ালবোৰক তেওঁলোকৰ ঘৰত লেতেৰা পানী প্ৰৱেশ কৰাৰ লগে লগে ওখ স্থানলৈ উঠি যোৱা দেখিছিল, তেওঁলোকে কিয় নিজৰ ঘৰ ত্যাগ কৰিবলগীয়া হৈছিল সেই কাৰণবোৰ আলোকপাত কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিল। তেওঁ কয়, "পাৰিৰ সৈতে কাম কৰি মই বহু কথা শিকিছিলো: চৰকাৰী উৎসৰ পৰা বিশ্বাসযোগ্য তথ্য বিচাৰি উলিওৱাৰ পৰা প্ৰতিটো বিৱৰণৰ মনোযোগ দিয়ালৈকে। এইটো কেৱল এটা শিক্ষণ অভিজ্ঞতাই নহয় বৰঞ্চ মই গৱেষণা কৰি থকা সম্প্ৰদায়টোৰ অধিক কাষ চপাই নিছিল।"
কেৱল গ্ৰামীণ আৰু নগৰ অঞ্চলৰ উপান্ত লোকসকলক প্ৰভাৱিত কৰা বিভিন্ন বিষয়েই নহয়, শিক্ষাৰ্থীসকলে আনকি তেওঁলোকৰ নিজৰ ভাষাত এই প্ৰতিবেদনসমূহ প্ৰস্তুত কৰি আছে। আমি মূলতঃ হিন্দী, ওড়িয়া আৰু বাংলাত প্ৰতিবেদনবোৰ পাইছো আৰু প্ৰকাশ কৰিছো। পাৰিৰ এক কৰ্মশালাত বিহাৰৰ গয়া জিলাৰ চিম্পল কুমাৰীয়ে মোৰাৰ বিষয়ে হিন্দীত লিখিছিল, যি বহু অঞ্চলৰ বাবে এগৰাকী প্ৰেৰণাদায়ী দলিত মহিলা – কৃষক, ৱাৰ্ড কাউঞ্চিলাৰ আৰু এতিয়া হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ এগৰাকী আশা কৰ্মী।

দেশৰ গাওঁ আৰু চহৰৰ প্ৰায় ৬৩ টা স্থানৰ পৰা যুৱচামৰ প্ৰতিবেদকে পাৰিৰ বাবে ৰিপ’ৰ্টিং আৰু ডকুমেণ্টেচনৰ কাম কৰি আহিছে
পাৰি এজুকেচন ৱেবছাইটত , আমি যুৱক-যুৱতীসকলৰ দ্বাৰা ২০০ৰো অধিক মূল প্ৰতিবেদন দাখিল আৰু প্ৰদৰ্শিত কৰিছো। তেওঁলোকে কেৱল লোকসকলৰ দৈনন্দিন জীৱনৰ প্ৰতিবেদন আৰু নথিভুক্ত কৰাই নহয় যাক আনকি সংবাদ মাধ্যমেও উপেক্ষা কৰে, বৰঞ্চ ন্যায়ৰ বিষয়বোৰ যেনে সামাজিক, অৰ্থনৈতিক, লিংগ, আৰু বহুতো বিষয় ফঁহিয়াই চোৱা হৈছে।
দিল্লীৰ এটা সৰু কাৰখানাত এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ জীৱনৰ অভিজ্ঞতা লাভ কৰা ছাত্ৰ প্ৰবীণ কুমাৰে কয়, "মই উপলব্ধি কৰিছিলো যে মানুহৰ সমস্যাবোৰ কেতিয়াও কেৱল ব্যক্তিগত বা আচুতীয়া নহয়, ই প্ৰকৃততে সমাজৰ বাকী অংশৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। এজন ব্যক্তিয়ে নিজৰ গাওঁ এৰি কামৰ বাবে চহৰলৈ যাব লাগে, সেয়া সমগ্ৰ সম্প্ৰদায়, ৰাজ্য আৰু দেশৰ বাবে চিন্তাৰ বিষয়।"
এই লোকসকলৰ সৈতে অন্বেষণ, আকৰ্ষণ আৰু সহানুভূতিৰ জৰিয়তে শিক্ষণে সমাজৰ বিষয়ে আমাৰ অনুধাৱন বৃদ্ধি কৰে। পাৰি এজুকেচন হৈছে জীৱনৰ এক শিক্ষা। সৰ্বশ্ৰেষ্ঠ শিক্ষক হৈছে তেওঁলোক যিয়ে তেওঁলোকৰ শিক্ষাৰ্থীৰ সৈতে সম্পৰ্ক ৰাখিব পাৰে আৰু পাৰিয়ে সেইটোৱে কৰে অৰ্থাৎ গ্ৰামীণ ভাৰতৰ সৈতে যুৱ ভাৰতীয়সকলৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে।
পাৰি এজুকেচন টিমটোক education@ruralindiaonline.org ত যোগাযোগ কৰিব পাৰিব।
প্ৰচ্ছদ আলোকচিত্ৰ : বিনাইফেৰ ভাৰুচা
অনুবাদ: মনোৰঞ্জন মজুমদাৰ