"প্ৰায় ৩০ বছৰ পূৰ্বে স্পিতিত প্ৰচুৰ বৰফ পৰিছিল। ই সেউজীয়া আছিল আৰু ঘাঁহবোৰো ভাল আছিল," হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলাৰ এজন গৰখীয়া আৰু খেতিয়ক শ্বেৰিং আংদুইয়ে এইদৰে কয়।
৪৩ বছৰীয়া ব্যক্তিজনে সাগৰ পৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত লাংজা নামৰ এখন গাঁৱত বাস কৰে আৰু ইয়াত মুঠ ১৫৮ জন লোকে বাস কৰে (লোকপিয়ল ২০১১ অনুসৰি)। তেওঁলোকৰ বেছিভাগেই ৰাজ্যখনৰ অনুসূচীত জনজাতি হিচাপে ভট সম্প্ৰদায়ৰ তালিকাভুক্ত । গাওঁখনৰ বাসিন্দাসকলে মুখ্যতঃ খেতি, পশুধন পালন, আৰু স্পিতি ভ্ৰমণ কৰা পৰ্যটকসকলক পৰিচালনা কৰাত নিয়োজিত হৈ আছে।
জুলাই ২০২১-ৰ শেষৰ ফালে, আমি শ্বেৰিং আৰু লাংজাত কেইজনমান গৰখীয়াক লগ পাইছিলো, তেওঁলোকে গৰু, ভেড়া আৰু ছাগলী আদি চৰাইছিল। তেওঁলোকে কেৱল নিজৰ পশুধনবোৰৰ বাবে ঘাঁহ বিচাৰি বহু দূৰলৈ যাবলগীয়া হোৱাৰ কথা কৈছিল।
"এতিয়া ইয়াৰ পৰ্বতবোৰত কম বৰফ পৰে। বেছি বৰষুণো নহয়। সেয়ে এতিয়া বেছি ঘাঁহো নগজে," শ্বেৰিঙে এইদৰে কয়, "এইকাৰণে আমি পশুবোৰ চৰাবলৈ বাবে অধিক উচ্চতালৈ লৈ যাব লাগিব।"
স্পিতি হিমাচল প্ৰদেশৰ উত্তৰ-পূব অংশত অৱস্থিত। ইয়াত কেইবাখনো নদীৰ অধিক উচ্চতাৰ উপত্যকা আছে। অঞ্চলটোত এক শীতল মৰুভূমিসদৃশ পৰিৱেশ আছে যি ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰ্যটকক আকৰ্ষিত কৰে - বিশেষকৈ গ্ৰীষ্মৰ মাহবোৰত। দৰ্শনাৰ্থীসকলে ইয়াত নিশাৰ ফটফটীয়া আকাশত দৃশ্যমান হাতীপটিৰ এক আভাসো পাব পাৰে।
এই চলচ্চিত্ৰখনত দৃশ্যায়িত গৰখীয়াৰ কাহিনীটোৱে আমাক দেখুৱাইছে যে কেনেদৰে অনিয়মীয়া তুষাৰপাতে শ্বেৰিং আৰু তেওঁৰ সহকৰ্মী পশুপালকসকলৰ জীৱন আৰু জীৱিকাত প্ৰভাৱ পেলাইছে।
"আমি [গাওঁবাসীসকলে] ভাবি আছোঁ যে আগন্তুক বছৰবোৰত কিবা এটা ঘটনা ঘটিব আৰু ইয়াত থকা ভেড়া আৰু ছাগলী বিলুপ্ত হৈ পৰিব কিয়নো আমাৰ ওচৰত আৰু পৰ্যাপ্ত ঘাঁহ নাই। আমি এয়া ক'ৰ পৰা পাম?" তেওঁ এইদৰে সোধে, তেওঁৰ মুখমণ্ডলত চিন্তাৰ ৰেখা স্পষ্ট হৈ উঠে।

লাংজা গাওঁখন হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলাত সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত। গাওঁখনত প্ৰায় ৩২ টা পৰিয়াল আছে আৰু ইয়া ৰ ৯১ শতাংশ লো কেই অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত ভট সম্প্ৰদায়ৰ

গাওঁখনৰ সকলো পশুধন ক একেলগে গোট খুৱাই শ্বেৰিং আৰু আনসক লে পাহাৰত চ ৰা বলৈ লৈ যায়

শ্বেৰিঙৰ জীয়ৰী তানজিন লাকীয়ে ও কেতিয়াবা পশুবোৰৰ সৈতে ভ্ৰমণ কৰে। "পানীৰ অভাৱৰ ফলত পৃথিৱীখন ধীৰে ধীৰে শুকাই আহিছে আৰু ফাটি পৰিছে," শ্বে ৰিঙে এইদৰে কয়

গাঁৱৰ ভেড়া , ছাগলী , গৰু আৰু গাধবোৰ চৰণীয়া পথাৰৰ সন্ধানত ওখ ঠাইলৈ আগবাঢ়িছে

শ্বেৰিং আংদুই আৰু আন গৰখীয়াসকলে সকলো পশুক চৰণীয়া ঠাইলৈ চৰাবলৈ লৈ যোৱাৰ বাবে একত্ৰিত হোৱালৈ অপেক্ষা কৰি আছে

হিমাচল প্ৰদেশৰ ওখ অঞ্চলত চৰি থকা লাংজা গাঁৱৰ পশুবোৰ

চ ৰি অহাৰ পিছত সন্ধিয়া গাঁৱলৈ উভতি অহা পশু বোৰ

শ্বেৰিং আংদুই এজন খেতিয়ক আৰু তেওঁৰ দুটা গৰু আৰু এটা গাধ আছে। গোলকীয় উষ্ণতাৰ বাবে স্পিতিত পশুধন নোহোৱা হৈ যোৱাৰ বিষয়ে তেওঁ উদ্বিগ্ন হৈ পৰিছে

নিশাৰ ফটফটীয়া আকাশত হাতীপটি দৃশ্যমান হোৱাৰ এক দৃশ্য
অনুবাদঃ মনোৰঞ্জন মজুমদাৰ