লেখত ল'বলগীয়া ঔপনিৱেশিকতা বিৰোধী বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ লগতে একেধাৰে স্বাধীনতা সংগ্ৰামৰ পদাতিক সেনানীস্বৰূপ আছিল গ্ৰামাঞ্চলৰ ভাৰতীয়সকল। অগণন সহস্ৰজনে ভাৰতত ব্ৰিটিছ শাসন ওফৰোৱাৰ যুঁজখনত প্ৰাণ আহূতি দিছিল। ইয়াৰে বহুতেই স্বাধীন ভাৰতখন চোৱাৰ বাবে খুব কষ্টৰ মাজেৰে পাৰ হোৱাৰ লগতে বহুজন পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছিল। ১৯৯০ চনৰপৰা, বাচি থকা ভালেকেইজন মুক্তিযুঁজাৰুৰ জীৱনগাথা লিপিবদ্ধ কৰিছো। ইয়াতে পাঁচজনৰ কাহিনী আপুনি পঢ়িব পাৰিবঃ
যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল
স্বাধীনতা সংগ্ৰামত পানীমাৰাৰ পদাতিক সেনা-১

স্বাধীনতা সংগ্ৰামত পানীমাৰাৰ পদাতিক সেনা-১
প্ৰথমতে টাইমচ অব ইণ্ডিয়াত প্ৰকাশিত পাঁচোটা কাহিনীৰ থূপটোত অধিক ফটো যোগ দি পুনৰ প্ৰকাশ কৰা হৈছে। "পাহৰণিৰ স্বাধীনতাবোৰ" বোলা ধাৰাবাহিক লিখনীবোৰ তীব্ৰ বিদ্ৰোহৰ উত্থান ঘটা গাওঁবোৰৰ কথাৰে সজাই তোলা হৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামখন এমুঠি অভিজাতৰ ফচল নাছিল। স্বাধীনতাৰ গ্ৰামীণ যুঁজখন আছিল অধিক শক্তিশালী, সংখ্যাত সৰহ আৰু সেই যুঁজখন আছিল একাধিক স্বাধীনতাৰ বাবে দিয়া যুঁজ। উদাহৰণ স্বৰূপে ১৮৫৭ ৰ একাধিক সংগ্ৰামৰ পাতনি গাঁৱতেই হৈছিল, যিটো সময়ত মুম্বাই আৰু কলকাতাত সম্ভান্তসকলে ব্ৰিটিছৰ সফলতাৰ বাবে বৈঠক পাতি মন্ত্ৰ জপ কৰি আছিল। ১৯৯৭ চনত, স্বাধীনতাৰ ৫০ বছৰ অতিক্ৰম কৰাৰ সময়তে, মই সেই গাওঁবোৰলৈ ঘুৰি গৈছিলো, য'ৰপৰা আপুনি এই কাহিনীবোৰ পঢ়িবলৈ পাইছেঃ
শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ
কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম
ভাৰতৰ ৬৯তম স্বাধীনতা দিৱসত স্মৰণ কৰিবলগীয়া দহটা কাহিনী।
স্বাধীনতাৰ দহটা কাহিনী
(বাচি থকা কেইজনমান মুক্তিযুঁজাৰু, যাৰ বয়স এতিয়া ৯০ৰ ঘাই চুইছে, তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকৰ জীৱন কাহিনী নথিবদ্ধ কৰাৰ বাবে পৰি (PARI)য়ে চেষ্টা অব্যাহত ৰাখিছে।)
অনুবাদকঃ ৰশ্মি ৰেখা দাস