ৰঙালী বিহুৰ আগে আগে তাঁতশালত মহিলাৰ ব্যস্ততা বাঢ়ে। তাঁতশালত মাকোৰ খিট্ খিট্ শব্দৰে গোটেই চুবুৰিটো মুখৰিত হৈ পৰে।
ভেল্লাপাৰাৰ নিৰল-নিস্তব্ধ চুবুৰী এটাৰ বাটেৰে গ ’ লে আপুনি কেৱল শুনিবলৈ পাব পটনে দেউৰীয়ে তাঁতশালত কাপোৰ বৈ থকাৰ খিট্ খিট্ শব্দ। বজ্ৰাঝাৰ গাঁৱৰ নিজ ঘৰত তেওঁ এণ্ডি (এৰী) সূতাৰ গামোচা বৈ আছে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু নতুন বছৰ উপলক্ষে তেওঁলোকে কাপোৰ বৈ উলিয়াই সাজু হ’ব লাগিব।
কিন্তু এই গামোচাবোৰ তেনেই সাধাৰণ গামোচা নহয়। গুটি গুটি চকুত লগা ফুল তুলিব পৰা ৫৮ বৰ্ষীয় পটনে এগৰাকী পাকৈত শিপিনী। “আলহীক উপহাৰ হিচাপে দিবলগীয়া ৩০ খন গামোচাৰ অৰ্ডাৰ পাইছো, বিহুৰ আগত সেয়া বৈ উলিয়াব লাগিব,” তেওঁ কয়। প্ৰায় ডেৰ মিটাৰমান দৈৰ্ঘ্যৰ গামোচাখন অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা উপাদান। উৎসৱৰ সময়ত স্থানীয় লোকৰ মাজত ভমকাফুলীয়া গামোচাৰ চাহিদা বাঢ়ে, বিশেষকৈ ৰঙা ৰঙৰ ফুল তোলা এই গামোচাই উৎসৱবোৰ ৰঙীন কৰি তোলে।
“কাপোৰত ফুল তোলাটো মোৰ চখ। যি ফুলেই নহওঁক লাগিলে, মই কাপোৰত সেই ফুল হুবহু তুলিব পাৰো। এবাৰ মাত্ৰ ফুলটো দেখা পালেই হ’ল,” সগৌৰৱে হাঁহি মাৰি দেউৰীয়ে কয়। দেউৰী সম্প্ৰদায়টো অসমত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।


অসমৰ বজ্ৰাঝাৰ গাঁৱৰ পটনে দেউৰী তাঁতশালত বহিছে। তেওঁ অলপতে বৈ উলিওৱা (সোঁফালে) এৰি চাদৰখন
হস্ততাঁত থকা ১২.৬৯ লাখ পৰিয়াল আৰু ১২ লাখৰো অধিক শিপিনী থকা ৰাজ্যখনৰ এই পৰিসংখ্যাত মাজবাট উপ-সংমণ্ডলৰ এইখন গাঁৱৰ শিপিনীসকলো অন্তৰ্ভুক্ত। এই সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক । হস্ততাঁতৰ সামগ্ৰী, বিশেষকৈ এৰী, মুগা, নুনি পাত আৰু তছ - এই চাৰি প্ৰকাৰৰ ৰেচমী কাপোৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ প্ৰথম শাৰীত থকা ৰাজ্যকেইখনৰ মাজত অসমো এখন।
দেউৰীসকলে এৰী (কপাহী আৰু ৰেচমী দুয়োবিধ) সূতা ব্যৱহাৰ কৰে। স্থানীয় বড়ো ভাষাত এণ্ডি বুলিও কয়। “বোৱা-কটাৰ কাম সৰুতেই শিকা, মাৰ পৰা। নিজে তাঁতশালত বহিবপৰা হোৱাৰে পৰা কাপোৰ ববলৈ ল’লো। তেতিয়াৰে পৰা এই কামকেই কৰিছো,” পাকৈত শিপিনীগৰাকীয়ে কয়। তেওঁ সাধাৰণ গামোচা, ফুলাম গামোচা, মেখেলা-চাদৰ আৰু এণ্ডি (এৰীয়া) চাদৰ আদি বোৱাত পটু।
গামোচাৰ বিক্ৰী বঢ়াবলৈ তেওঁ ১৯৯৬ত এটা আত্মসহায়ক গোট গঠন কৰিছিল। “ভেল্লাপাৰ ক্ষুদ্ৰ সঞ্চয় আত্মসহায়ক গোট গঠন কৰাৰ পিছৰে পৰা মই বোৱা কাপোৰ বিক্ৰী কৰিবলৈ লৈছিলো,” নিজৰ উদ্যমীতাৰ যাত্ৰাক লৈ গৌৰৱ কৰি তেওঁ কয়।
কিন্তু সূতা কিনাৰ সময়তহে আচল সমস্যা আহি পৰে। পটনেৰ দৰে শিপিনীৰ উপাৰ্জনৰ ক্ষেত্ৰত সূতা কিনিব যোৱা বাটত হেঙাৰ হৈ পৰে সূতাৰ দাম। সূতা কিনিবলৈ লাগে মূলধন, যিটো পটনেৰ হাতত তেনেই তাকৰীয়া। সেয়ে তেওঁ কমিচনৰ ভিত্তিতে কাম কৰিবলগীয়া হয়। তেওঁ দোকানীৰ পৰা নাইবা কাপোৰ বিক্ৰেতাৰ পৰা সূতা আনে আৰু যি বব কয়, সেয়া বৈ উলিয়ায়। “গামোচা ববলৈ মই দীঘে-বাণীয়ে মিলাই অতিকমেও তিনি কিলো সূতা কিনিব লাগিব। এক কিলো এণ্ডি সূতাৰ দাম ৭০০ টকা। ২,১০০ টকা খৰছ কৰাৰ সাধ্য মোৰ নাই,” বেপাৰীয়ে তেওঁক ১০ খন গামোচা বা তিনিখন চাদৰৰ কাম একেলগে দিয়ে। “যিমান পাৰো সোনকালে মই সেয়া বৈ উলিওৱাৰ চেষ্টা কৰোঁ,” তেওঁ কয়।
সূতা কিনিবলৈ আৰ্থিক সম্বলহীন আন এগৰাকী শিপিনী মাধৱী চহৰীয়া। পটনেৰ চুবুৰীয়া মাধৱীয়েও আনে দিয়া সূতাৰ পৰা বোৱা কাপোৰৰ বিনিময়ত পোৱা মজুৰিৰ ওপৰতে জীৱিকাৰ বাবে নিৰ্ভৰ কৰে। গামোচা বোৱা শিপিনী মাধৱীয়ে কয়, “মোৰ মানুহজনে দিনহাজিৰা কৰে। কেতিয়াবা কাম পায়, কেতিয়াবা বহি থাকিবলগীয়া হয়। এনে পৰিস্থিতিত সূতা কিনাটো মোৰ বাবে সম্ভৱ নহয়,” তেওঁ পাৰিক কয়।
অসমত তাঁতশাল থকা ১২.৬৯ লাখ পৰিয়াল আছে আৰু হাতেবোৱা কাপোৰ উৎপাদনৰ ক্ষেত্ৰত অসম দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ এখন
মাধৱী আৰু দেউৰীৰ যি পৰিস্থিতি, সেয়া কোনো অস্বাভাৱিক কথা নহয়। সূতবিহীন ঋণ আৰু ভাল ঋণ ব্যৱস্থাৰ পোষকতা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত এই কথাই কোৱা হৈছে যে ৰাজ্যখনৰ ঘৰুৱা বোৱা-কটা কাম কৰা শিপিনীসকলৰ অৱস্থা একেই। মহিলা শিপিনীসকলৰ মাজত সংঘবদ্ধ সংস্থাৰ অভাৱে তেওঁলোকক চৰকাৰী আঁচনি, স্বাস্থ্য বীমা, ঋণ আৰু বজাৰৰ সুবিধা আদিৰ পৰা আঁতৰাই ৰাখিছে।
“তিনিদিনত মই চাদৰ এখন বৈ উলিয়াব পাৰো,” দেউৰীয়ে কয়। মজলীয়া আকাৰৰ গামোচা এখন বোৱাৰ বাবে এটা দিন লাগে। দেউৰীয়ে বৈ উলিওৱা প্ৰতিখন কাপোৰৰ বাবদ ৪০০ টকা পায়। অসমীয়া পাটৰ মেখেলা-চাদৰ এযোৰৰ দাম বজাৰত ৫,০০০ৰ পৰা কেইলাখমানলৈকে; কিন্তু দেউৰীৰ দৰে শিপিনীৰ হাতলৈ আহে মাহে কেৱল ৬,০০০ৰ পৰা ৮,০০০ টকা।
তেওঁৰ পৰিয়ালত সাতজন সদস্য। তেওঁৰ স্বামী ৬৬ বৰ্ষীয় নবীন দেউৰী, দুই সন্তান ৰজনী (৩৪) আৰু ৰুমী (২৬) আৰু ঢুকোৱা ডাঙৰজন ল’ৰাৰ ফালৰ বোৱাৰীজনী মিলি সাতজনীয়া পৰিয়ালটো কাপোৰ বোৱা কামটোৰে নচলে। সেয়ে তেওঁ স্থানীয় প্ৰাথমিক বিদ্যালয় এখনত ৰান্ধনীৰ কামো কৰে।


পটনে দেউৰীয়ে যঁতৰত মহুৰা ফুৰাইছে, এই মহুৰাৰ সূতা পাৰম্পৰিক তাঁতশালত বোৱা হ’ব


শিপিনী হিচাপে পটনে দেউৰীৰ নিপুণতা বজ্ৰাঝাৰ গাওঁবাসীৰ বাবে অনুপ্ৰেৰণাৰ কথা। মাধৱী চহৰীয়াই এৰী চাদৰ বৈ থকা চাইছে পটনে দেউৰীয়ে (সোঁফালে)
অসমত প্ৰায় সকলো শিপিনীয়ে (১১.৭৯ লাখ) মহিলা। এয়া সৰ্বভাৰতীয় হাতেবোৱা তাঁতশালৰ চতুৰ্থ জৰীপ (২০১৯-২০২০)ৰ তথ্য। এইসকল শিপিনীসকলে কাপোৰ বোৱাৰ লগতে জীৱিকাৰ বাবে দেউৰীৰ দৰে ইটো-সিটো বিভিন্ন কাম কৰিবলগীয়া হয়।
দিনটোত বিভিন্ন কাম থকাৰ বাবে দেউৰীয়ে পূবে ধলফাট নৌদিওতেই উঠে। পুৱা ৪ বজাতে শোৱাপাটী এৰা দেউৰীয়ে তাঁতশালৰ বেঞ্চখনত বহে। সোলোক-ঢোলোক বেঞ্চখনৰ খুঁটাকেইটাৰ তলত ইটা দি ভাৰসাম্য ৰক্ষা কৰা হৈছে। “পুৱা চাৰে সাত কি আঠমান বজাত কাপোৰ বোৱা কাম সামৰি মই স্কুললৈ যাবলৈ (মধ্যাহ্ন ভোজন ৰন্ধা কামৰ বাবে) প্ৰস্তুতি চলাও। আবেলি দুই-তিনিমান বজাত ঘূৰি আহি চাৰি মান বজাৰ পৰা আকৌ তাঁতশালত বহো। ৰাতি ১০-১১ মান বজালৈকে কাপোৰ বও,” তেওঁ কয়।
কেৱল কাপোৰ বোৱাটোৱেই একমাত্ৰ কাম নহয়। তাৰ আগতে দেউৰীয়ে সূতাখিনি মহুৰাত ফুৰাবলৈ সাজু কৰিব লাগিব। “এণ্ডি সূতাখিনি সিজাব লাগে, তাৰপিছত মাড় দিব লাগিব। তাৰপিছত সূতাখিনি নিচিগা কৰিবলৈ তাক শুকুৱাব লাগিব। সূতাখিনি বহলাই শুকুৱাবলৈ মই বাঁহৰ খুটা দুটা পুতি লৈছো। সূতাখিনি সাজু কৰাৰ পিছত সেয়া ৰাঁচত ভৰাব লাগিব। তাৰপিছত ৰাঁচখন গুৰিলৈকে ঠেলি নিব লাগিব। তাৰপিছত চলাব লাগিব হাত-ভৰি,” শিপিনীগৰাকীয়ে বুজাই কয়।
দেউৰীয়ে ব্যৱহাৰ কৰা দুয়োখন তাঁতশালেই পাৰম্পৰিকভাৱে অসমত ব্যৱহৃত হাতেবোৱা তাঁতশাল। প্ৰায় তিনিটা দশক পূৰ্বে তেওঁ তাঁতশালদুখন কিনা বুলি কয়। তামোল গছৰ চাৰিটা খুঁটাত কাঠৰ তাঁতশাল দুখন পতা হৈছে। গৰকা দুডাল বাঁহৰ। মিহিকৈ চাঁচি উলিওৱা বাঁহৰ পাতল কামিৰ দৰে আকাৰৰ ফুলশলাৰে সুক্ষ্ম সুক্ষ্ম ফুলৰ চানেকী কাপোৰত তোলা হয়। ফুলৰ চানেকী এটা কাপোৰত তুলিবলৈ তেওঁলোকে দীঘৰ সূতাবোৰ নিজহাতে গণি গণি ওপৰ-তল কৰে। কাপোৰত ৰঙীন ফুল তুলিবলৈ তেওঁলোকে চেৰী (বাঁহৰ পাতল ফুলচিৰি)ৰে দীঘৰ সূতাখিনি প্ৰতিবাৰ ওপৰলৈ হিচাপ কৰি তোলে। ফুল তোলা এই কামটোত বহুত সময় লাগে আৰু তেওঁলোকৰ কাম লেহেমীয়া হৈ পৰে।


চেৰী হৈছে বাঁহৰ পাতল কামি যিপাতেৰে দীঘৰ সূতা ফুলৰ হিচাপত ওপৰ-তল কৰি ফুল তোলা হয়। ইয়ে ফুলশলাডাল পাৰ হোৱাত সহায় কৰে আৰু ফুল ফুটি উঠে। ৰঙীন ফুল বাছিবলৈ চেৰীৰে ভাগ কৰা সূতাৰ মাজেৰে পটনে দেউৰীয়ে ৰঙীন সূতাৰ ফুলশলা পাৰ কৰে


পটনে দেউৰীয়ে (বাওঁফালে) এখন এৰী চাদৰ বৈছে। সৰু সৰু ফুল তোলাত পাকৈত শিপিনীগৰাকীয়ে বৈ উলিওৱা এৰী চাদৰ স্থানীয় লোকৰ মাজত খুবেই সমাদৃত। তৰু বৰুৱাই (সোঁফালে) বোৱা-কটাৰ কাম এৰা তিনি বছৰ পাৰ হ’ল, তেওঁৰ ঘৰত এতিয়াও বিক্ৰী নোহোৱা গামোচা পৰি আছে
যদিওবা অসম চৰকাৰে ২০১৭-১৮ত গ্ৰহণ কৰা হস্ততাঁত নীতিত তাঁতশালবোৰ উন্নীত কৰাৰ লগতে সূতা সহজলভ্য কৰাৰ কথা কোৱা হৈছে, পটনে দেউৰীয়ে কয় যে তেওঁক আগুৱাই যাবলৈ আৰ্থিক সাহায্যৰ প্ৰয়োজন। “হস্ততাঁত বিভাগৰ লগত মোৰ কোনো চিনা-পৰিচয় নাই। তাঁতশালকেইখন পুৰণি হৈছে আৰু মই বিভাগৰ পৰা কোনো সহায় পোৱা নাই।”
তাঁতশালৰ উপাৰ্জনেৰে চলিবলৈ অসমৰ্থ ওদালগুৰি জিলাৰ হাতীগঢ় গাঁৱৰ তৰু বৰুৱাৰ বয়ন শিল্পৰ লগত এতিয়া সম্পৰ্ক নাই। “তাঁতশালত কাপোৰ বোৱা কামত মই আগভাগ লৈছিলো। মানুহে মোৰ পৰা মেখেলা-চাদৰ আৰু গামোচা কিনি নিছিল। কিন্তু যন্ত্ৰচালিত তাঁতশাল আৰু সস্তীয়া কাপোৰ বজাৰত অহাৰ পৰা মই কাপোৰ বোৱা কাম এৰিলোঁ,” নিজৰ পৰিত্যক্ত এৰী খেতিখনৰ কাষত থিয় দি থকা ৫১ বৰ্ষীয় তৰুৱে কয়, এতিয়া তাত আৰু পলু নাই।
“এতিয়া আৰু মানুহক বোৱা কাপোৰ পিন্ধা নেদেখো। মানুহে প্ৰায়ে যন্ত্ৰচালিত তাঁতশালৰ সস্তীয়া কাপোৰে পিন্ধে। কিন্তু মই কেৱল ঘৰত বোৱা প্ৰাকৃতিক সূতাৰ কাপোৰে পিন্ধো আৰু জীয়াই থকা দিনকেইটা কাপোৰ বৈ যাম,” তাঁতশালত মাকো মাৰি চাদৰ বৈ থকাৰ মাজতে দেউৰীয়ে কয়।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন (এমএমএফ)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস