ঝাৰখণ্ডৰ চেচাৰিয়া গাৱঁৰ সবিতা দেৱীৰ মাটিৰ ঘৰটোৰ বেৰৰ পৰা ড . বি আৰ আম্বেদকাৰৰ ফটোখনে তললৈ হাউলি চাই আছে। “ বাবাচাহেবে আমাক দিছে ( ভোট দিয়াৰ অধিকাৰ ), সেইবাবেই আমি ভোট দিব পাৰিছোঁ ,” সবিতাই ক ’ লে।
সবিতাৰ এবিঘা (০.৭৫ একৰ) মাটি আছে, য’ত খাৰিফ শস্যৰ ঋতুত তেওঁ ধান আৰু মাকৈৰ খেতি কৰে আৰু ৰবি শস্যৰ ঋতুত ঘেঁহু, বুট আৰু তেলগুটিৰ খেতি কৰে। তেওঁ ভাবিছিল যে পিছ চোতালৰ মাটিখিনিত শাক-পাচলিৰ খেতি কৰিবৰ বাবে ঠিক-ঠাক কৰি ল’ব। “কিন্তু যোৱা দুবছৰ ধৰি পানীয়েই নাই।” একেধাৰে হোৱা খৰাং বতৰৰ ফলত তেওঁৰ পৰিয়ালটো ধাৰত পোত গৈছে।
পালামু জিলাৰ এই গাওঁখনত ৩২ বছৰ বয়সীয়া সবিতা তেওঁৰ চাৰিটা সন্তানৰ স’তে থাকে, তেওঁৰ স্বামী ৩৭ বছৰ বয়সীয়া প্ৰমোদ ৰাম এগৰাকী প্ৰব্ৰজিত শ্ৰমিক, তেওঁ ২০০০ কিলোমিটাৰ দূৰৈৰ বেংগালুৰুত শ্ৰমিক হিচাপে কাম কৰে। দিনহাজিৰা কৰা দলিত শ্ৰমিকগৰাকীয়ে ক’লে, “চৰকাৰে আমাক কাম নিদিয়ে। ল’ৰা-ছোৱালীকেইটাক খুৱাবলৈ নাটেই।”
নিৰ্মাণ ক্ষেত্ৰত কাম কৰি প্ৰমোদে মাহে প্ৰায় ১০,০০০-১৫,০০০ টকা উপাৰ্জন কৰে। মাজে সময়ে তেওঁ ট্ৰাক চালক হিচাপেও কাম কৰে, কিন্তু সেই সুবিধাটো গোটেই বছৰ জুৰি নাথাকে।‘মানুহজনে যদি চাৰি মাহ ঘৰত বহি থাকে, আমি ভিক্ষা মাগিব লাগিব। আমি আৰু কি কৰিব পাৰো (প্ৰব্ৰজনৰ বাদে)?” সবিতাই প্ৰশ্ন কৰিলে।
৯৬০ জন বাসিন্দাৰে ( ২০১১ চনৰ লোক পিয়ল ) চেচাৰিয়া গাঁৱৰ বেছিভাগ পুৰুষেই কামৰ সন্ধানত গাওঁ এৰিব লাগে। “ ইয়াত কাম পোৱাৰ একো সুবিধা নাই। কৰিবলৈ কাম পালে মানুহ কিয় বাহিৰলৈ যাব ?” সবিতাৰ ৬০ বছৰ বয়সীয়া শাহুৱেক সুৰপতি দেবীয়ে উনুকিয়ালে।

![Right: ‘Babasaheb has given us [voting rights], that's why we are voting,’ Savita says](/media/images/02b-E2F4-AKS-What_have_you_done_for_our_vi.max-1400x1120.jpg)
বাওঁফালে: ঝাৰখণ্ডৰ চেচাৰিয়া গাৱঁৰ সবিতা দেৱীৰ মাটিৰ ঘৰটোৰ বেৰৰ পৰা ড. বি আৰ আম্বেদকাৰৰ ফটোখনে তললৈ হাউলি চাই আছে। যোৱা কেইবছৰমান ধৰি গাওঁখনে আম্বেদকাৰ জয়ন্তী পালন কৰি আহিছে। সোঁফালে: ‘বাবাচাহেবে আমাক দিছে (ভোট দিয়াৰ অধিকাৰ), সেইবাবেই আমি ভোট দিব পাৰিছোঁ,’ সবিতাই কয়
আঠ লাখতকৈয়ো বেছি মানুহ কাম আৰু নিয়োগৰ সন্ধানত ঝাৰখণ্ডৰ বাহিৰলৈ যায় (২০১১ চনৰ লোকপিয়ল)। “এইখন গাৱঁত ২০ৰ পৰা ৫২ বছৰ বয়সৰ এজন পুৰুষো বিচাৰি নাপাব। মাত্ৰ ৫ শতাংশ বাকী আছে; বাকী সকলো বাহিৰলৈ ওলাই গৈছে,” বাচনা পঞ্চায়ত সমিতিৰ সদস্য হৰিশংকৰ ডুবেয়ে ক’লে। চেচাৰিয়া উক্ত পঞ্চায়তৰ অন্তৰ্ভুক্ত।
“এইবাৰ সিহঁতে ভোট বিচাৰি আহিলে, আমি সুধিম, গাওঁখনৰ কাৰণে আপোনালোকে কি কৰিলে?” খঙত অথচ সমানেই দৃঢ়তাৰে সবিতাই ক’লে। পৰিয়ালৰ আন সদস্যসকলৰ লগত তেওঁ ঘৰৰ আগফালে বহি আছে, পিন্ধনত গুলপীয়া নাইটী আৰু হালধীয়া দোপাট্টাৰে মূৰটো ঢকা। দুপৰীয়া সময়, তেওঁৰ চাৰিটা স্কুললৈ যোৱা ল’ৰা-ছোৱালী মধ্যাহ্ন ভোজনৰ খাদ্য হিচাপে স্কুলত খাবলৈ পোৱা খিচিৰি খাই ঘৰ সোমাইছেহি মাথোন।
সবিতা দলিত চমাৰ সমাজৰ মানুহ আৰু ৭০% অনুসূচীত জাতিৰ লোকে বাস কৰা গাওঁখনৰ বাসিন্দাসকলে আয়োজন কৰা আম্বেদকাৰ জয়ন্তী উদযাপনৰ পৰাই ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতা বাবাচাহেব আম্বেদকাৰ নামৰ মানুহজনৰ বিষয়ে জানিব পাৰিছিল বুলি তেওঁ জনালে। ২৫ কিলোমিটাৰ দূৰৈৰ গাঢ়োৱা চহৰৰ বজাৰৰ পৰা কেইবছৰমানৰ আগেয়ে তেওঁ আম্বেদকাৰৰ বন্ধোৱা ফটোখন আনিছিল।
২০২২ চনৰ পঞ্চায়ত নিৰ্বাচনৰ আগেয়ে মুখীয়া (গাওঁ প্ৰধান)ৰ পৰিবাৰৰ অনুৰোধত গাত তমোময় জ্বৰ লৈ হ’লেও সবিতাই নিৰ্বাচনী সমাৱেশত ভাগ লৈছিল। সবিতাই ক’লে, “জিকিলে আমাক দমকল দিব বুলি তেওঁ কথা দিছিল।” জিকাৰ পিচতো তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে, সবিতা তেওঁৰ ঘৰলৈ দুবাৰো গৈছিল। “মোক লগ কৰাটো বাদেই, তেওঁ মোলৈ নাচালেও। তেওঁ এগৰাকী নাৰী হৈয়ো আন এগৰাকী নাৰীৰ অৱস্থাৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ নকৰিলে।”
যোৱা ১০ বছৰ ধৰি চেচাৰিয়া গাঁওখন পানীৰ অভাৱৰ মুখামুখী হৈ আহিছে। ১৭৯ টা ঘৰৰ বাবে পানীৰ যোগান ধৰা মাত্ৰ এটা কুঁৱাতে পানী আছে। প্ৰত্যেক দিনেই সবিতাই দুবাৰকৈ ২০০ মিটাৰ ওপৰলৈ বগাই দমকলৰ পৰা পানী আনিবলৈ যায়। ৰাতিপুৱা ৪ বা ৫ বজাতে উঠি তেওঁ পানীৰে স’তে জৰিত কাম-কাজখিনিত দৈনিক ৫ৰ পৰা ৬ ঘণ্টা খৰছ কৰিব লাগে। তেওঁ সুধিলে, “দমকল এটা দিয়াটো চৰকাৰৰ দায়িত্ব নহয় জানো?”


বাওঁফালে আৰু সোঁফালে: লখন ৰাম, সবিতাৰ শহুৰ, তেওঁৰ পিছফালে সেয়া শুকাই যোৱা কুঁৱাটো। চেচাৰিয়া গাওঁখনে এটাৰো অধিক দশক পানীৰ সমস্যাত ভূগি আছে
একেৰাহে হোৱা খৰাঙে ঝাৰখণ্ডক অতিকৈ প্ৰভাৱিত কৰি আহিছেঃ ২০২২ চনত, ২২৬ টা ব্লক-প্ৰায় গোটেই ৰাজ্যখনেই জলাভাৱ প্ৰভাৱিত হিচাপে ঘোষণা কৰা হৈছিল। পিচৰ বছৰত ১৫৮ টা ব্লক শুষ্ক হৈ পৰিছিল।
“আমি কিমান পানী খোৱা আৰু ধোৱা-পখলাত ব্যৱহাৰ কৰিব পাৰিম ভাবিব লাগে,” যোৱাটো মাহ, ২০২৪ চনৰ গ্ৰীষ্মৰ আৰম্ভনিৰে পৰা শুকাই থকা তেওঁলোকৰ কেঁচাঘৰটোৰ চোতালত থকা কুৱাঁটোলৈ আঙুলিয়াই সবিতাই ক’লে।
২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত, মে’ মাহৰ ১৩ তাৰিখে চেচাৰিয়াত ভোটদান হ’ব। প্ৰব্ৰজিত শ্ৰমিক প্ৰমোদ আৰু তেওঁৰ সৰু ভায়েক তাৰ আগেয়ে ঘৰলৈ আহিব। “তেওঁলোক কেৱল ভোট দিবলৈকে আহিব,” সবিতাই ক’লে। ঘৰলৈ ওভতাৰ এই যাত্ৰাত তেওঁলোকৰ ৭০০ মান টকা খৰচ হ’ব। তাৰ বাবে তেওঁলোকৰ এতিয়াৰ চাকৰিও যাব পাৰে, যিয়ে তেওঁলোকক পুনৰ কৰ্মহীন কৰিব পাৰে।
*****
চেচাৰিয়াৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান আঁতৰত এটা ছয়লেইনযুক্ত পথৰ নিৰ্মাণকাৰ্য্য চলি আছে, কিন্তু এই গাঁওখনলৈ এতিয়াও ৰাস্তা এটা আহিবলৈ বাকী। ২৫ বছৰীয়া ৰুণু দেৱীৰ প্ৰসৱ বেদনা আৰম্ভ হওঁতে চৰকাৰী গাড়ীখন (ৰাজ্যিক এম্বুলেন্স) তেওঁৰ ঘৰলৈ আহিব নোৱাৰিলে। “সেই অৱস্থাৰে মই মূল পথলৈ (প্ৰায় ৩০০ মিটাৰ) খোজ কাঢ়ি যাব লগা হৈছিল”, তেওঁ ক’লে। নিশা ১১ বজাৰ সেই খোজ কঢ়াৰ অভিজ্ঞতা তেওঁত স্মৃতিত খোদিত হৈ ৰ’ল।
কেৱল এম্বুলেন্সেই নহয়, দেখা গৈছে যে আন চৰকাৰী আঁচনিবোৰেও তেওঁলোকক ঢুকি পোৱাগৈ নাই।
চেচাৰিয়াৰ বেছিভাগ ঘৰতে চুলাত ৰন্ধা-বঢ়া কৰা হয়। তেওঁলোকে প্ৰধান মন্ত্ৰীৰ উজ্জলা যোজনাৰ অন্তৰ্গত এলপিজি ছিলিণ্ডাৰ পোৱা নাই নতুবা সেইটো পুনৰ ভৰাবলৈ হাতত পইচা নাই।


বাওঁফালে: ৰেণু দেৱীয়ে সন্তান জন্ম দিয়াৰ কেইমাহমান আগৰ পৰাই মাকৰ ঘৰত আছে। তেওঁ ভায়েক কানহাই কুমাৰে হায়দৰাবাদত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰে। সোঁফালে: ৰেণুৰ ভনীয়েক প্ৰিয়ংকাৰ পৰিয়ালে তাইৰ পঢ়াৰ খৰছ বহন কৰিব নোৱাৰাত ১২ম মানৰ পিছত পঢ়া এৰিবলগীয়া হ’ল। তাই খুৰীয়েকৰ পৰা চিলাই মেচিন এটা ধাৰে আনি দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহৰ আশা পালিছে


বাওঁফালে: চেচাৰিয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত ছয়লেইনযুক্ত ৰাস্তা নিৰ্মাণ কাম চলি আছে, কিন্তু ৰেণু আৰু প্ৰিয়ংকাৰ ঘৰ ঢুকি পাবপৰাকৈ ৰাস্তা এটা নাই। সোঁফালে: কৃষিকৰ্মৰ বাবে পৰিয়ালটোৱে তেওঁলোকৰ ঘৰৰ পিছফালে থকা কুঁৱাটোৰ ওপৰত নিৰ্ভৰ কৰে
বছৰত ১০০ দিন কৰ্ম নিয়োজনৰ গেৰাণ্টি দিয়া মহাত্মাগান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সৃষ্টি আঁচনিৰ কাৰ্ড চেচাৰিয়া গাৱঁৰ সকলো বাসিন্দাৰে হাতত আছে। সেই কাৰ্ডবোৰ ৫ৰ পৰা ৬ বছৰৰ আগতেই দিয়া হৈছিল, কিন্তু তাৰ পাতবোৰ উকা হৈয়ে ৰ’ল। সেই বহীবোৰত এতিয়াও কাগজৰ সতেজ গোন্ধ লাগি আছে।
ৰেণুৰ ভনীয়েক প্ৰিয়ংকাই দ্বাদশ শ্ৰেণীত পঢ়া এৰিলে, কাৰণ পৰিয়ালটোৱে তাইৰ খৰচ দিব নোৱাৰিলে। ২০ বছৰীয়া ছোৱালীজনীয়ে বৰ্তমান চিলাইৰ কামেৰে উপাৰ্জন কৰিব বুলি আশা কৰি তাইৰ মাহীয়েকৰ পৰা এটা চিলাই মেচিন ধাৰলৈ আনিছে। কেঁচুৱা জন্ম হোৱাৰ পিচত মাকৰ ঘৰত থাকিবলৈ অহা ৰেণুৱে ক’লে, “তাইৰ শীঘ্ৰেই বিয়া হ’ব, দৰাৰ হাতত কোনো কাম/চাকৰি নাই, পকা ঘৰো নাই, কিন্তু সি ২ লাখ টকা বিচাৰিছে।” পৰিয়ালটোৱে বিয়াখনৰ কাৰণে ইতিমধ্যেই পইচা ধাৰ কৰিবলগীয়া হৈছে।
কোনো উপাৰ্জন নথকাৰ দিনত চেচাৰিয়া গাৱঁৰ বহুতো লোকে টকা ধাৰলৈ দিয়া মহাজনৰ পৰা টকা ধাৰলৈ লয় যিয়ে তেওঁলোকৰ পৰা উচ্চ হাৰত সুত লয়। মহাৰাষ্ট্ৰৰ ক’ল্হাপুৰত কাম কৰিবলৈ প্ৰব্ৰজন কৰা দুই যমজ ভাই লৱ আৰু কুশৰ মাক সুনিতা দেৱীয়ে ক’লে, “গাঁওখনত ধাৰৰ বোজা নথকা এখনো ঘৰ নাই।” সিহঁতে ঘৰলৈ পঠোৱা টকা কেইটাই তেওঁলোক বৰ্তি থকাৰ একমাত্ৰ উৎস। সিহঁতৰ ৪৯ বছৰ বয়সীয়া মাকজনীয়ে জনালে, “সিহঁতে কেতিয়াবা ৫০০০ আৰু কেতিয়াবা ১০,০০০ (টকা) পঠায়।”
সুনিতা আৰু তেওঁৰ স্বামী ৰাজকুমাৰ ৰামে যোৱা বছৰ তেওঁলোকৰ জীয়েকৰ বিয়াৰ বাবে স্থানীয় মহাজনৰ পৰা ৫% সুতৰ হাৰত ১ লাখ টকা ধাৰলৈ লৈছিল- ২০,০০০ টকা ঘূৰালে আৰু কয় যে ১.৫ লাখ টকা দিবলৈ বাকী আছে।
“গৰীব কে চাও দেউ লা কই নাইকে। অগৰ এক দিন হমন ঝুৰি নাহি লানব, তা আগলা দিন হমন কে চুলহা নহি জলতি (দুখীয়াক সহায় কৰোঁতা কোনো নাই৷ এদিনৰ কাৰণেও যদি আমি খৰি বুটলিবলৈ নেযাওঁ, পিচৰ দিনা আমাৰ চৌকাত জ্বলাবলৈ জুই নাথাকে),” সুনিতা দেবীয়ে কয়।
গাৱঁৰ আন মাইকী মানুহখিনিৰ লগতে তেৱোঁ খৰি গোটাবলৈ দৈনিক প্ৰায় ১০-১৫ কি.মি. দূৰ খোজকাঢ়ি পাহাৰলৈ যায় আৰু বনৰক্ষী কৰ্মীয়ে তেওঁলোকক প্ৰায় সদায়েই হাৰাশাস্তি কৰে।


বাওঁফালে: চেচাৰিয়াৰ আন বহুতৰ দৰে সুনিতা দেৱী আৰু তেওঁৰ পৰিয়ালটোও চৰকাৰী আঁচনি যেনে প্ৰধান মন্ত্ৰী আৱাস যোজনা বা উজ্জ্বলা যোজনাৰ সুবিধা লাভ কৰিব পৰা নাই। সোঁফালে: স্থানীয়ভাৱে কোনো কামৰ সুযোগ-সুবিধা নথকাত চেচাৰিয়া গাঁৱৰ পুৰুষবোৰে আন আন চহৰলৈ প্ৰব্ৰজন কৰিছে। বহু পৰিয়ালৰে লেবাৰ কাৰ্ড (মনৰেগাৰ) আছে, কিন্তু কোনেও সেয়া ব্যৱহাৰৰ বাবে কাম পোৱা নাই
গাবঁৰ আন মাইকী মানুহখিনিৰ লগতে সুনিতা দেবীয়েও যোৱাটো নিৰ্বাচনৰ আগতেই ২০১৯ চনতে প্ৰধান মন্ত্ৰী আবাস যোজনা (পিএমএৱাই)ৰ অন্তৰ্ভুক্ত ঘৰ এটা বিচাৰি আবেদন কৰিছিল৷ “কোনেও এটাও ঘৰ নাপালে”, তেওঁ ক’লে৷ লগতে ক’লে যে, “আমি পোৱা একমাত্ৰ সুবিধাটো হ’ল ৰেচন৷ তথাপিও ৫ কিলোৰ ঠাইত আমি ৪.৫ কিলোহে পাওঁ৷”
পাঁচ বছৰৰ আগতে জনতা দলৰ বিষ্ণু দয়াল ৰামে মুঠ ভোটৰ সংখ্যাৰ ৬২% পাই জয়লাভ কৰিছিল৷ তেওঁ ৰাষ্ট্ৰীয় জনতা দলৰ ঘূৰণ ৰামক পৰাজিত কৰিছিল৷ একেখন আসনৰ পৰাই তেওঁ এইবছৰো প্ৰতিদ্বন্দিতা কৰিব৷
যোৱা বছৰ, অৰ্থাৎ ২০২৩লৈকে সুনিতাই তেওঁৰ বিষয়ে একোৱেই নাজানিছিল৷ স্থানীয় মেলা এখনত তেওঁৰ নামৰ কিছুমান শ্লোগান শুনিছিল৷ “আমাৰ নেতা লাগে কেনেকুৱা? ভিডি ৰাম যেনেকুৱা!”
সুনিতাই ক’লে, “আজ তক উনক’ হামলোগ দেখা নেহী হেই (আজিলৈকে তেওঁলোকক আমি দেখা নাই)।”
অনুবাদ: ৰুবী বৰুৱা দাস