আমি জোপোহা হাবিখনত সোমাই পিৰান্দাই (অসমীয়াত হাড়জোৰা লতা, ইংৰাজী নাম ডেভিলচ্ বেকব’ন) বিচাৰি ফুৰিছো। স্থানীয় ভাষাত ইয়াক পিৰানদাই বুলি কয়, Cissus quadrangularis হৈছে বৈজ্ঞানিক নাম। এই চাৰিকোণীয়া চয়তানৰ হাড়কে ৰথী আৰু মই বিচাৰি ফুৰিছো। লতাবিধৰ গুণ বহুত। বিশেষকৈ লতাবিধৰ কুমলীয়া ঠানি চিঙি আনি চাফা কৰি শুকান জলকীয়াৰ গুড়ি, নিমখ আৰু তিলৰ তেলৰ সৈতে সংৰক্ষণ কৰা হয়। ভালদৰে সংৰক্ষণ কৰিলে ই বছৰটোলৈ বেয়া নোহোৱাকৈ থাকে। আৰু ভাতৰ লগত খাই বৰ ভাল লাগে।
জানুৱাৰী মাহৰ উষ্ম আবেলি এটাত আমি হাবিখনত এবিধ প্ৰাচীন শুকান লতা বিচাৰি পালো। ইয়াৰ এটা ভাবোদ্বেলক তামিল নাম আছে: য়েল্লাইআট্টাম্মান ওড়ই। আক্ষৰিক অৰ্থত দেৱীৰ নৈ, যাৰ কোনো সীমা নাই। এই কথাত আপোনাৰ নোম শিহৰি উঠিব পাৰে। আৰু শিলত খুন্দা খাই এবাৰ ইফালে, এবাৰ সিফালে বৈ অহা কোনো এখন তৰংগিনীৰ ভাবি আপোনাৰ আকৌ এবাৰ নোম শিহৰিব পাৰে।
ৰথীয়ে আমি খোজ কাঢ়ি গৈ থাকো মানে কাহিনীবোৰ কৈ গৈ থাকে। তাৰে কিছুমান কল্পকাহিনী আৰু ৰোমাঞ্চকৰ। কমলা আৰু পখিলাক লৈ। কিছুমান সঁচা আৰু চিন্তনীয়। সেইবোৰ নব্বৈৰ দশকত গা কৰি উঠা খাদ্যৰ ৰাজনীতি আৰু জাতিগত সংঘৰ্ষক লৈ, তেতিয়া তেওঁ হাইস্কুলীয়া ছাত্ৰী। “আমাৰ পৰিয়ালটো থুটুকুৰিলৈ পলাই আহিছিল…”
দুটা দশক পিছত ৰথী তাইৰ নিজ গাঁৱত এগৰাকী পেছাদাৰী কাহিনীকথক, গ্ৰন্থাগাৰ সহায়ক আৰু পুতলানাচ প্ৰদৰ্শক হিচাপে আহিছে। তেওঁ লাহে লাহে কথা কয়, খৰকৈ পঢ়ে। “ক’ভিডৰ সময়ত সাত মাহত মই ২২ হাজাৰ সৰু-ডাঙৰ শিশুগ্ৰন্থ পঢ়িছো। কেতিয়াবা মোৰ সহায়কজনে মোক পঢ়া বন্ধ কৰিবলৈ কাকূতি কৰিছিল। পঢ়ি নাথাকিলে মই সংলাপ গাবলৈ ধৰো,” তেওঁ কৈ হাঁহে।
তেওঁৰ হাঁহিটো নৈৰ দৰেই স্বচ্ছল, ঠিক যিদৰে তেওঁৰ নামটো - ভাগীৰথী। চমুকৈ ৰথী। হিমালয়ৰ দক্ষিণে ৩,০০০ কিলোমিটাৰ দূৰত তেওঁ বসতি, তাতে নদীখনে গংগা নাম লৈছে। তেওঁৰ গাওঁখনৰ নাম টেংকালাম। তামিলনাডুৰ তিৰুনেলভেলি জিলাত অৱস্থিত গাওঁখন পাহাৰ আৰু জোপোহা হাবিয়ে আগুৰা। তেওঁ সেই পাহাৰবোৰ ভালকৈ জানে, যিদৰে তেওঁক গাঁৱৰ মানুহবোৰে।
“হাবিলৈ কিয় গৈ আছা?” কেইগৰাকীমান শ্ৰমিক মহিলাই সুধিলে। “আমি হাড়জোৰা লতা বিচাৰিছো,” ৰথীয়ে কয়। “লগত থকা মহিলাগৰাকী কোন? তোমাৰ বন্ধু?” গৰু চৰাই ফুৰাগৰাকীয়ে জানিব বিচাৰিলে। “হয়, হয়, বান্ধবী,” ৰথীয়ে মিচিকিয়াই হাঁহিলে, মই হাতবাউল দি বিদায় জনাই ৰথীৰ লগত আগবাঢ়িলো।


হাড়জোৰা তামিলনাডুৰ তিৰুনেলভেলিৰ জোপোহা হাবিয়নিবোৰত পোৱা যায়। ৰথীয়ে হাড়জোৰা লতা এডাল বিচাৰি পাইছে (সোঁফালে)। কোমল ঠানিবোৰ চিঙি নি শুকান জলকীয়াৰ গুড়ি, নিমখ আৰু তিলৰ তেলত দি এবছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি
*****
গছ-লতা বিচাৰি সংগ্ৰহ কৰাটো বিভিন্ন সভ্যতা আৰু মহাদেশত এক বহুপ্ৰচলিত পৰম্পৰা। এয়া সমাজ এখনৰ শাৰীৰিক, প্ৰাকৃতিক আৰু অনান্য উপলব্ধ সম্পদৰ সৈতে জড়িত, য’ত অঞ্চল এটাৰ বন্য উপজ শাক-বন আদি উপযুক্ত ঋতু অনুসৰি আৰু বহনক্ষমতা ৰক্ষা কৰি খোৱা হয়।
বেংগালুৰু চহৰত নগৰীয়া খাদ্য বিচৰাক লৈ ৰচিত চেজিং ছপ্পু নামৰ কিতাপখনত লেখকে কৈছে যে “বন্য উদ্ভিদ সংগ্ৰহ আৰু ব্যৱহাৰে স্থানীয় নৃগোষ্ঠীয়-পৰিৱেশ আৰু নৃতাত্ত্বিক-উদ্ভিদবিজ্ঞানৰ জ্ঞান সংৰক্ষণ কৰাত সহায় কৰে।” তেওঁলোকে দেখে যে হাড়জোৰাৰ দৰেই সাধাৰণতে বনৰীয়া গছ-গছনি গোটোৱা কামটো মহিলাসকলেই কৰে। “তেওঁলোক অতিশয় প্ৰয়োজনীয় আৰু তেওঁলোকৰ চৌপাশৰ স্থানীয় বন্য উদ্ভিদৰ বিশেষজ্ঞ। তেওঁলোকে জানে যে উদ্ভিদৰ কি কি অংশ খাদ্য, ঔষধ বা সাংস্কৃতিক ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয় আৰু কোনটো ঋতু খাদ্য বিচাৰিবলৈ সৰ্বোত্তম।
তেওঁলোকে বৰ ভাল ব্যঞ্জনো বনায়, যিবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম প্ৰৱাহিত হৈ আহিছে।”
এয়া ঋতুগত উপজ সামগ্ৰী সংৰক্ষণ কৰি ৰখাৰ সহজ আৰু আকৰ্ষণীয় উপায়। তাৰে আটাইতকৈ জনপ্ৰিয় পদ্ধতিটো হৈছে শুকানকৈ ভাজি বনোৱা আৰু তেলত দিয়া আচাৰ। দক্ষিণ ভাৰতত, বিশেষকৈ তামিলনাডুত আন ঠাইত সাধাৰণতে ব্যৱহাৰ কৰা ভিনেগাৰৰ পৰিৱৰ্তে তিলৰ তেল ব্যৱহাৰ কৰা হয়।
“তিলৰ তেলত চেচামিন আৰু চেচামল থাকে। এই দুবিধ প্ৰাকৃতিক প্ৰতিজাৰক (এণ্টি-অক্সিডেণ্ট) আৰু প্ৰিজাৰ্ভেটিভ হিচাপে কাম কৰে,” খাদ্য প্ৰযুক্তিৰ এম.টেক ডিগ্ৰীধাৰী মেৰী সন্ধ্যা জে.য়ে কয়। তেওঁৰ ‘আঝি’ অৰ্থাৎ মহাসাগৰ নামে মাছৰ আচাৰৰ নিজা ব্ৰেণ্ড আছে। সন্ধ্যাই মাছৰ আচাৰত ক’ল্ড প্ৰেছড্ তিলৰ তেল দিয়াটো পছন্দ কৰে, “এই তেলে আচাৰ বেছিদিনলৈ ভালে ৰাখে, পুষ্টিকৰ গুণৰ লগতে সোৱাদো বেছি আৰু ৰঙো ভাল।”

বন-লতা সংগ্ৰহ কৰা পৰম্পৰাটো বিভিন্ন সভ্যতা আৰু মহাদেশত বিদ্যমান। বনৰীয়া গছ-লতা স্থানীয়ভাৱে খোৱা হয়, সংৰক্ষণ কৰা হয় আৰু এই প্ৰক্ৰিয়া বহনক্ষম। প্ৰতিবাৰ এই বন-লতা বিচাৰি যাওতে ৰথীৰ চাৰিঘণ্টা মান লাগে আৰু তেওঁ লতা বিচাৰি ১০ কিলোমিটাৰমান খোজকাঢ়ে। ‘কিন্তু সেয়া বিচাৰি উলিয়ামেই,’ তেওঁ হাঁহি মাৰি কয়, ‘সেইবোৰ যে ক’ত লুকাই থাকে, নাজানো দেই’
ৰথীৰ পৰিয়ালে তিলৰ তেল বিভিন্ন কামত ব্যৱহাৰ কৰে। শাক-পাচলি আৰু মাংসৰ আচাৰ আৰু জোল বনোৱাত। কিন্তু খাদ্যবস্তু বিতৰণৰ ক্ষেত্ৰত উচ-নীচ নীতিয়ে তেওঁক বিৰক্ত কৰে। “গাঁৱত জন্তু এটা মাৰিলে, ভাল অংশখিনি ওপৰ খাপৰ মানুহে পায়। নাড়ী-ভুঁৰু আদি আমাৰ ভাগত পৰে। আমাৰ ইতিহাসত মাংসৰ কোনো স্থান নাই, আমাক ভাল মাংস কেতিয়াও দিয়াই হোৱা নাই। আমাক কেৱল তেজখিনিহে পৰে, আন একোৱে নাই,” ৰথীয়ে কৈ যায়।
“দলিত, বহুজন আৰু আদিবাসী সমাজৰ ওপৰত নিপীড়ন, ভুগোল আৰু স্থানীয় উদ্ভিদ আৰু পশুৰ প্ৰজাতি আৰু জাত-পাতৰ শ্ৰেণীবিন্যাসে ইমান গভীৰভাৱে ৰেখাপাত কৰিছে যে সমাজবিজ্ঞানীয়ে আজিও তাৰ সঠিক বিশ্লেষণ কৰিব পৰা নাই,” বিনয় কুমাৰে ব্লাড ফ্ৰাই এণ্ড আদাৰ দলিত ৰেচিপিচ ফ্ৰম মাই চাইল্ডহুড শীৰ্ষক প্ৰবন্ধত এই কথা লিখিছে।
ৰথীৰ মাকৰ “পৰিষ্কাৰ তেজ, অন্ত্ৰ আৰু আন বিভিন্ন অংগ ৰন্ধাৰ” বিশেষ পাৰদৰ্শিতা আছে, ৰথীয়ে কয়। “যোৱা দেওবাৰে আম্মাই তেজ ৰান্ধিছিল। গোটেই চহৰখনতে ই এক জনপ্ৰিয় ব্যঞ্জন, ব্লাড চচেজ আৰু ব্লাড পুডিং। মাথাটোৰ ভাজিখন খাবলৈ বৰ ভাল। চহৰলৈ গ’লে মই দামবোৰ দেখি বৰ আচহুৱা অনুভৱ কৰোঁ। যিটো বস্তু মই গাঁৱত ২০ টকাত পাওঁ, তাৰবাবে ইমান দাম ভৰিব লাগে।”
তেওঁৰ মাকৰো শাক-পাচলিৰ বিষয়ে ভাল জ্ঞান আছে। “আপুনি ঘূৰি চালে দেখিব, পিছফালে বটলত বনৌষধী আৰু তেল আদি আছে,” ৰথীয়ে শোৱনী কোঠাত আমাক কয়। “মোৰ মায়ে আটাইবোৰ নাম আৰু তাৰ ব্যৱহাৰ জানে। হাড়জোৰা লতাই পাচনশক্তি বঢ়ায়। আম্মাই আমাক কৈ দিয়ে কোনবিধ লতা বা বনৌষধি আমাক লাগে, সেই হিচাপে আমি হাবিলৈ যাও আৰু সেয়া বিচাৰি আনো।
এইবোৰ ঋতুগত উপজ সামগ্ৰী আৰু বজাৰত উপলব্ধ নহয়।” প্ৰতিবাৰ যাওতে তেওঁক চাৰিঘণ্টা সময় লাগে, তেওঁ ১০ কিলোমিটাৰ পৰ্য্যন্ত বন-লতা বিচাৰি খোজ কাঢ়ে। “কিন্তু ঘৰলৈ অনাৰ পিছত তাৰ কি হয়, মই নাজানো,” হাঁহি মাৰি ৰথীয়ে কয়।
*****


ৰথীয়ে হাবিৰ পৰা তেতেলী চিঙিছে। তেতেলী টেঙা বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হয়
হাবিলৈ যোৱাটোৱে মনত সঁচাকৈয়ে আনন্দ দিয়ে। শিশুক ৰংচঙীয়া কিতাপে যি আনন্দ দিয়ে, ঠিক তেনেকুৱাই, প্ৰতিটো কেঁকুৰিতে নতুন কিবা এটা থাকে: ইয়াত যদি পখিলা এটা, তাত চৰাই, বিশালতাৰ অনুভৱ দিয়া ডাঙৰ ডাঙৰ বিৰিখৰ ছাঁ। ৰথীয়ে বগৰী এজোপালৈ আঙুলিয়াই দি কয়, “কেইদিনমানতে পকিব, বৰ সোৱাদ বগৰীজোপাৰ।” আমি হাড়জোৰা বিচাৰি চলাথ কৰিছো, কিন্তু পোৱা নাই।
“কোনোবাই আমাতকৈ আগতে চিঙি লৈ গ’ল,” ৰথীয়ে কয়। “কিন্তু চিন্তা কৰিব নালাগে, যোৱা বাটত আমি পাই যাম।”
তেওঁ তেতেলী এজোপাৰ তলত ৰ’ল, ডাঙৰ ঠানি এটা হলাই আনি তাৰপৰা কেইটামান তেতেলী চিঙিলে, ঠিক যেন হাড়জোৰা নোপোৱাৰ দুখ ক্ষণিকৰ বাবে পাহৰাবলৈ তেওঁ তেনে কৰিছে। হাতৰ তলুৱাত সেয়া ভাঙি লৈ আমি তাৰে টেঙা-মিঠা সোৱাদ ল’লো। ৰথীৰ সৰুকালিৰ কিতাপৰ তেতেলীৰ ছবিখন মনত পৰিল। “মই সাউতকৈ কিতাপ এখন হাতত লৈ চুক এটাত বহি তেতেলী টেঙা লগত লৈ জুতি লৈছিলো।”
অকণমান ডাঙৰ হোৱাত তেওঁ ঘৰৰ পিছফালে শিৰিখ গছৰ তলত বহি কিতাপ পঢ়িছিল। “মোৰ ১৪ কি ১৫ বছৰ বয়সত সেই গছডাল বগাই থাকো কাৰণে মায়ে সেইডাল গছ কটাই পেলালে,” কথাখিনি কৈ তেওঁ হাঁহি ফাটি পৰে।
ভৰদুপৰীয়া হৈছে, ৰ’দ মূৰৰ ওপৰত উঠিছে। জানুৱাৰী মাহ হিচাপে এয়া অস্বাভাৱিকভাৱে তীব্ৰ আৰু দেই পুৰি নিয়া। “মাত্ৰ অলপ আগুৱাই গৈ আমি পুলিয়ুটু পাম, তাতেই গাওঁখনৰ পানীৰ উৎস আছে,” ৰথীয়ে কয়। পানী শুকাই যোৱা ধাৰাটোৰ অ’ত-ত’ত পানী আছে। বোকাত পখিলাবোৰে নাচি ফুৰিছে। সিহঁতে পাখি মেলি দিয়ে (ভিতৰত উজ্জ্বল নীলা ৰং) আৰু পাখি জপাই দিলে সাধাৰণ ধূসৰ বৰণৰ পখিলা হৈ পৰে। ইয়াতকৈ বেছি যাদুকৰী ৰং মই দেখা নাই।
পুলিয়ুটু মানে পুখুৰী। সেইটো গাঁৱৰ দেৱীৰ প্ৰাচীন মন্দিৰটোৰ কাষত। ঠিক সিপাৰে, ৰথীয়ে আঙুলিয়াই দি কয়, “ভগৱান গণেশৰ নতুন এটা মন্দিৰ বনোৱাৰ কথা আছে। আমি এজোপা প্ৰকাণ্ড বৰগছৰ তলত বহি কমলা খালো। আমাৰ চৌপাশখন ইমান কোমল – হাবিৰ গভীৰত দুপৰীয়াৰ পোহৰ পৰিছে; টেঙাফলৰ মিঠা মিঠা গোন্ধ, কমলা আৰু ক’লা মাছ। ৰথীয়ে মোক এটা কাহিনী শুনাইছে। ‘এইটোৰ নাম পিথ, পিপ এণ্ড পিল,’ তেওঁ ক’বলৈ লৈছে। মই মন দি শুনিছোঁ।


ডাঙৰ বৰগছজোপাৰ তলত বহি থাকোতে ৰথীয়ে মোক কাহিনী শুনাইছে (সোঁফালে)
ৰথী কিতাপৰ পোক। সেই যে সৰুতে তেওঁক বেংকৰ মেনেজাৰ দেউতাকে এখন মিকি মাউচৰ কমিকচ্ কিনি দিছিল, ৰথীৰ মনৰ কুঠৰীত সেয়াই কিতাপক লৈ প্ৰথম স্মৃতি। “বৰ ভালদৰে মনত আছে, মোৰ ভাইটি গংগাই এটা ভিডিঅ’ গেম, ভনী নৰ্মদাই এটা পুতলা আৰু মই পাইছিলো এখন কিতাপ!”
কিতাপ পঢ়াৰ অভ্যাসটো ৰথীয়ে দেউতাকৰ পৰা পাইছে। তাতে আকৌ প্ৰাথমিক বিদ্যালয়ৰ গ্ৰন্থাগাৰটোও বৰ বিশাল আছিল। “তেওঁলোকে কিতাপ-পত্ৰবোৰ হিচাপ নাৰাখে আৰু আটাইতকৈ দুষ্প্ৰাপ্য কিতাপৰ শিতানটোও মোৰ বাবে খুলি দিছিল - নেশ্যনেল জিওগ্ৰাফিক আৰু বিশ্বকোষ, যিবোৰ সাধাৰণতে তলা মাৰি থোৱা থাকে। কাৰণ এটাই, কিতাপ নহ’লে মোৰ নচলিছিল!”
ইমানেই কিতাপ ভাল পাইছিল যে তেওঁৰ শৈশৱটো কিতাপ মাজতেই পাৰ হৈছিল। “ৰুছ ভাষাৰ পৰা অনূদিত কিতাপ এখন আছিল, সেইখন হেৰুওৱা বুলি ভাবিছিলো। কিতাপখনৰ নামটো মনত নাই, কেৱল ছবি আৰু কাহিনীভাগ মনত আছে। যোৱাবছৰ সেইখন মই এমেজনত পালো। সেয়া আছিল ছীল আৰু নাবিকৰ ওপৰত। সেইখনৰ কাহিনী শুনিব খোজে নেকি?” তাৰপিছত তেওঁ কাহিনীটো কৈ যাবলৈ ধৰিলে। তেওঁৰ মাতটো এবাৰ সৰু হয়, এবাৰ ডাঙৰ, ঠিক বৰ্ণনাৰ সাগৰখনৰ ঢৌৰ দৰেই।
সেই সমূদ্ৰৰ ঢৌৰ দৰে অশান্তও আছিল তেওঁৰ শৈশৱটো। হাইস্কুলত পঢ়ি থকাৰ সময়ৰ হিংসাৰ কথা তেওঁ মনত পেলায়। “ছুৰি চলিছিল। দাউদাউকৈ জ্বলিছিল বাছবোৰ। আমি গাঁৱত প্ৰায়ে এনেবোৰ ঘটনাৰ বিষয়ে শুনিছিলো। আমাৰ গাঁৱৰ কোনো অনুষ্ঠান-পৰ্বত তেওঁলোকে চিনেমা দেখুৱায়। সেয়াই আছিল হিংসাৰ উৎস। এবাৰ মৰা-মৰি লাগিল। ছুৰী চলিল। মই ৮ম মানত পঢ়ি থাকোতে হিংসাৰ পৰিৱেশ আছিল তুংগত। আপুনি কাৰ্নান চিনেমাখন চাইছেনে? আমাৰ জীৱনবোৰ তেনেকুৱাই আছিল।” কাৰ্নান হৈছে ১৯৯৫ত কড়িয়ানকুলমত চলা জাতিগত হিংসাক কেন্দ্ৰ কৰি নিৰ্মিত চলচ্চিত্ৰ, ধনুষে সেই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
নব্বৈৰ দশকৰ শেষৰ ফালে জাতিগত হিংসা তুংগত উঠালৈকে ৰথীৰ দেউতাকে আন এখন বেলেগ চহৰত বাস কৰিছিল, তেওঁৰ চাকৰি তাত আছিল। তাই আৰু তাইৰ ভায়েকহঁতে মাকৰ লগত গাঁৱতে থাকিছিল। কিন্তু নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে তাই প্ৰতি বছৰে বেলেগ স্কুললৈ গুচি গৈছিল।
ৰথীৰ জীৱন আৰু অভিজ্ঞতাই কেৰিয়াৰৰ পছন্দক প্ৰভাৱিত কৰিছিল। “তিৰুনেলভেলিত মই আছিলো এজন পাঠক, সেয়া ৩০ বছৰ আগৰ কথা। মোৰ বাবে কিতাপ বাছি দিবলৈ কোনো নাছিল। প্ৰাথমিক বিদ্যালয়তেই শ্বেক্সপীয়েৰ হাতত তুলি লৈছিলো। আপুনি জানেনে মোৰ প্ৰিয় কিতাপবোৰৰ ভিতৰত এখন হ’ল [জৰ্জ এলিয়টৰ] মিল অন দ্য ফ্লছ? কিতাপখনত বৰ্ণ আৰু শ্ৰেণীবৈষম্যৰ কথা কোৱা হৈছে। কাহিনীটোৰ মূল চৰিত্ৰত আছে এগৰাকী কৃষ্ণবৰ্ণৰ মহিলা। স্নাতক পাঠ্যক্ৰমত এই কিতাপখন পঢ়িবলৈ দিয়া হয়। কিন্তু কোনোবাই স্কুললৈ দান কৰিছিল, সেয়ে চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে মুখ্য চৰিত্ৰটোৰ সৈতে পৰিচয় হ’ল। তেওঁৰ কাহিনীটোৱে মনত গভীৰ সাচ পেলাই থৈ গ’ল…”


ৰথীয়ে তেওঁৰ প্ৰিয় গ্ৰন্থবোৰৰ মাজৰ এখন উলিয়াই দেখুৱাইছে (বাওঁফালে), আনফালে তেওঁৰ প্ৰিয় পুতলাবোৰ
বহুবছৰৰ মূৰত ৰথীয়ে শিশু সাহিত্য পুনৰ আৱিষ্কাৰ কৰাটোৱে তেওঁৰ কেৰিয়াৰ নিৰ্ধাৰণ কৰি পেলালে। “শিশুসাহিত্য বুলি যে কিবা আছে, সেই লৈ মোৰ কোনো ধাৰণা নাছিল। হুৱেৰ দ্য ৱাইল্ড থিংছ আৰ আৰু ফাৰ্ডিনাণ্ডৰ দৰে কিতাপ আছে বুলি মোৰ কোনো ধাৰণা নাছিল। ৮০ বা ৯০ বছৰ ধৰি এই কিতাপবোৰ আছে, আৰু ল’ৰা-ছোৱালীয়ে পঢ়িছে। ই মোক ভাবিবলৈ বাধ্য কৰালে – সৰুতে এই কিতাপবোৰ পঢ়িবলৈ সুবিধা পালে কেনে হ’লহেঁতেন? মোৰ যাত্ৰা বেলেগ হ’লহেঁতেন। মই ইয়াতকৈ ভাল বুলি কোৱা নাই, কিন্তু ভিন্ন হ’লহেঁতেন।”
অৱশ্যে গল্প-সাধুকথা পঢ়াটোৰে প্ৰাতিষ্ঠানিক শিক্ষাৰ সৈতে সাঙুৰি লোৱা নহয়। “সদায় ইয়াক মনোৰঞ্জনৰ বাবেহে বিবেচনা কৰা হয়,” তেওঁৰ মূৰটো ল’ৰাই কয়, “দক্ষতা নিৰ্মাণৰ বাবে নহয়। অভিভাৱকে কেৱল স্কুল-কলেজৰ কিতাপ কিনে, কিন্তু সাধুকথা আদি কিতাপ পঢ়ি শিশুৱে কেনেদৰে শিকিব পাৰে, সেই কথা অভিভাৱকে নাভাবে। তদুপৰি গাওঁ-চহৰৰ মাজত এতিয়াও ভালেখিনি ব্যৱধান আছে। গাঁৱৰ শিশুবোৰে পঢ়াৰ ক্ষেত্ৰত এতিয়াও চহৰৰ ল’ৰা-ছোৱালীৰ তুলনাত তিনিখাপমান পিছপৰি আছে।”
ঠিক এই কাৰণতে গ্ৰামীণ শিশুৰ সৈতে কাম কৰিবলৈ ৰথীয়ে ভাল পায়। তেওঁ সাহিত্য উৎসৱ আৰু গ্ৰন্থ উৎসৱ আয়োজন কৰি অহাৰ ছবছৰ হ’ল। তাৰোপৰি গ্ৰন্থাগাৰটোও চলাই আছেই। তেওঁ কয়, আপুনি ডাঙৰ ডাঙৰ কিতাপৰ কেটেলগ বনোৱা গ্ৰন্থাগাৰিক পাব, কিন্তু কিতাপখনৰ ভিতৰত কি আছে, সেয়া নাজানে। “আপুনি কি পঢ়াটো ভাল, সেয়া যদি তেওঁলোকে দেখুৱাই দিব নোৱাৰে, তেন্তে ডিগ্ৰীবোৰৰ অৰ্থ কি থাকিল?”
ৰথীয়ে গোপনীয় কথা কোৱাৰ দৰে সুৰটো সৰু কৰি কয়। “এবাৰ গ্ৰন্থাগাৰিক এজনে মোক সুধিলে, গ্ৰন্থাগাৰৰ ভিতৰত কিয় সৰু ল’ৰা-ছোৱালীক সোমাবলৈ দিছে বাইদেউ? আপুনি মোৰ প্ৰতিক্ৰিয়া চাব লাগিছিল!” কথাখিনি কৈ তেওঁ আকৌ হাঁহিত ফাটি পৰে, আবেলিটো তেওঁৰ হাঁহিৰে ভৰি পৰে।
*****
উভতি অহাৰ বাটত আমি পিৰান্দাই (হাড়জোৰা লতা) পালো। সেইবোৰ চিঙিবলৈ বৰ টান, গছবোৰ মেৰিয়াই ধৰি থাকে। ৰথীয়ে মোক কুমলীয়া সেউজীয়া আগবোৰ চিঙিবলৈ বুলি দেখুৱাই দিলে। লতাডাল চিঙিলে এক শব্দ হয়। তেওঁ পিৰান্দাইৰ সৰু সৰু কুমলীয়া ঠানিবোৰ গোটাই ল’লে। চয়তানৰ হাড় - এই নামটোৱে আমাক আকৌ এবাৰ হহুৱালে।


হাবি চলাথ কৰি শেষত পোৱা হাড়জোৰা লতা, জোপোহা গছ মেৰিয়াই ধৰি থকা এই লতাবিধৰ বৈজ্ঞানিক নাম Cissus quadrangularis
বৰষুণ পৰিলেই লতাবিধৰ মুকুল ওলায়। ৰথীয়ে কয়, “আমি কেতিয়াই ঘন সেউজীয়া অংশবোৰ নিচিঙো। তেনে কৰা মানে কণী থকা মাছ মাৰি খোৱাৰ দৰেই হ’ব? নহ’লে সৰু সৰু টুকুৰাৰ ভাজি কেনেকৈ হ’ব?”
হাবিৰ পৰা গাঁৱলৈ উভতি অহাৰ বাটত ভৰিত পানীজোলা ফুটো ফুটো অৱস্থা। ইফালে চোকা ৰ’দ, ৰ’দত বাদামী ৰঙৰ হৈ পৰা গছ-লতা। শুষ্ক ধৰাখন ৰ’দত চিকমিকাই উঠিছে। আমি কাষ চাপো মানে প্ৰব্ৰজিত চৰাই ব্লেক আইবিছ (আঁকুৰি বগ)ৰ জাক এটা উৰি গৈছে। চৰাইজাকে বহল ডেউকা মেলি ঢপঢপাই উৰিছে, আকাশত যেন পানীৰঙৰ ছবিহে আঁকি থৈ গৈছে। আমি আহি গাঁৱৰ চকটো পালো। তাত হাতত সংবিধানখন লৈ ড. আম্বেদকাৰ সদৰ্পে থিয় দি আছে। “বোধকৰো জাতিগত সংঘৰ্ষৰ পিছতেই মূৰ্তিটোৰ চাৰিওফালে লোৰ ঘেৰ দিয়া হৈছে।”
ৰথীৰ ঘৰটো মূৰ্তিটোৰ পৰা নাতিদূৰতে। শোৱনী কোঠাত তেওঁ মোক কয় যে গল্প-কাহিনীবোৰে যেন তেওঁৰ বাবে উপশম আনে, ঠিক বনৌষধিৰ দৰে। “কাহিনী কথক হিচাপে মই মঞ্চত বিভিন্ন অনুভূতি ফুটাই তোলো। অন্যথা সেয়া অব্যক্তি হৈ ৰ’ব। হতাশা আৰু ক্লান্তিৰ সমান সহজ-সৰল অনুভূতি, আপুনি যাক সাধাৰণতে লুকাই ৰাখে, সেয়া মই মঞ্চত ব্যক্ত কৰোঁ।”
দৰ্শকৰ চকু পিছে ৰথীৰ ওপৰত নপৰে, তেওঁ কয়। পৰে তেওঁ ৰূপায়ণ কৰি থকা চৰিত্ৰটোৰ ওপৰত। শোকেও আনকি ৰংগমঞ্চত মুক্ত হোৱাৰ সুযোগ পায়। “নকল কান্দোনৰ মোৰ একধৰণৰ বিশেষ কৌশল আছে, সেয়া শুনিলে কিবা হোৱা বুলি মানুহ উধাতু খাই আহিব।” এবাৰ কৰি দেখুৱাব নেকি বুলি মই সোধাত তেওঁ পোনচাটেই নোৱাৰো বুলিয়েই কৈ দিলে। “ইয়াত নোৱাৰিম। একেবাৰেই নোৱাৰিম। অতিকমেও তিনিজন সম্পৰ্কীয় আহি ওলাব…”
বিদায় জনোৱাৰ সময় সমাগত। ৰথীয়ে ভালেখিনি পিৰান্দাইৰ আচাৰ টোপোলা কৰি দিছে। আদাৰে ভৰি থকা আচাৰখিনিত তেলৰ চামনি পৰি চিকমিকাই উঠিছে। সুস্বাদু গোন্ধ পাই জিভাৰ পানী পৰিব খুজিছে। সেই গোন্ধে মোক দিনটো কেনেকৈ সেই লতা বিচাৰি আমি চলাথ কৰিলো, ঢেৰ কাহিনী শুনিলো, সেয়া মনত পেলাই দিলে…


আচাৰ বনাবলৈ পিৰান্দাইখিনি কাটি-কুটি সাজু কৰা হৈছে


আদাৰে ৰান্ধি (বাওঁফালে) সাজু কৰা আচাৰ: পিৰান্দাই আচাৰ (সোঁফালে), তলত ৰন্ধনপ্ৰণালী দিয়া হৈছে
ৰথীৰ মাক ভাডিভাম্মলৰ পিৰান্দাইৰ আচাৰ বনোৱাৰ ৰন্ধনপ্ৰণালী :
হাড়জোৰা লতাখিনি প্ৰথমে চাফা কৰি কাটি-কুটি লওক। ভালদৰে চালনী এখনত ধুই পানী শুকুৱাবলৈ দিয়ক। পানী একেবাৰেই থাকিব নালাগিব। কেৰাহী এটা লৈ তাত পৰ্য্যাপ্ত পৰিমাণে তিলৰ তেল দিয়ক। গৰম হ’লে সৰিয়হৰ বীজ ছটিয়াই দিয়ক, অলপ মেথিগুটি আৰু আদাৰ টুকুৰাও দিব পাৰে। তামৰঙৰ হৈ নুঠালৈকে ভাজক। তেতেলীৰ বল এটা পানীত তিয়াই থৈ তাক চেপি তাৰ ৰসখিনি ৰাখক। পিৰান্দাইয়ে কচুৰ দৰে কেতিয়াবা গলত ধৰিব পাৰে, সেয়া তেতেলীৰ ৰসে নাইকিয়া কৰিব। (কেতিয়াবা পিৰান্দাই ধুই চাফা কৰা সময়ত হাতো খজুৱাব পাৰে)।
এতিয়া তেতেলীৰ পানীখিনি, তাৰপিছত নিমখ, হালধিগুড়ি, শুকান জলকীয়াৰ গুড়ি আৰু হিং দিয়ক। পিৰান্দাইখিনি ভালদৰে ৰন্ধা নোহোৱালৈকে লৰাই থাকক। গোটেই মিশ্ৰণটো ভালদৰে মিহলি নোহোৱালৈকে লৰাওক। শেষত তিলৰ তেলখিনি ওপৰত ভাঁহি উঠিব। আচাৰখিনি ঠাণ্ডা হ’বলৈ দিয়ক আৰু ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থওক। এবছৰলৈ সেয়া ভালে থাকিব লাগে।
এই গৱেষণামূলক অধ্যয়ন আজিম প্ৰেমজী ইউনিভাৰ্ছিটিৰ গৱেষণা অনুদান কাৰ্য্যসূচী, ২০২০ৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস