কলাৱতী বান্দুৰকাৰে তেওঁৰ পাঁচটা নাতি-নাতিনীক নিজ হাতে ঘৰতে প্ৰসৱ কৰাইছে। তেওঁৰ গোটেই কেইগৰাকী বিবাহিতা জীয়ৰী তেওঁৰ দৰেই দাৰিদ্ৰ্যপীড়িত আৰু তেওঁলোক চিকিৎসালয়ৰ খৰচ বহন কৰিব পৰাকৈ সক্ষম নহয়। সেয়েহে কলাৱতীয়ে এই প্ৰসৱৰ দায়িত্ব নিজেই গ্ৰহণ কৰিছিল। আমি তেওঁৰ ঘৰ গৈ পাওঁতে পৰিয়ালত ১০জন মানুহ আছিল। তেওঁলোক সকলোকে চোৱাচিতা কৰাৰ লগতে কলাৱতীয়ে ৯ একৰ মাটিত খেতি কৰে আৰু আনৰ পথাৰতো দৈনিক ৩০ টকা মজুৰিত কাম কৰে। খেতিৰ কাম-কাজ বিশেষ নথকাৰ সময়ছোৱাত তেওঁ খৰি বিক্ৰী কৰি দিনটোত মাত্ৰ ২০ টকাহে উপাৰ্জন কৰিব পাৰে। নিজে পালন কৰা ম’হৰ গাখীৰ হৈছে কলাৱতীৰ উপাৰ্জনৰ অন্তিম উৎস।
কলাৱতীয়ে কয় যে কোনো খৰচ নকৰাকৈয়ে তেওঁ চতুৰ্থগৰাকী জীয়ৰীৰ বিয়া পাতিছিল। আৰু এতিয়া তেওঁ পঞ্চমগৰাকী জীয়ৰীকো “অধিক খৰচ নকৰাকৈ” বিয়া দিবলৈ চেষ্টা কৰি আছে। সাতগৰাকী কন্যা আৰু দুজন পুত্ৰ সন্তানৰ মাতৃ কলাৱতীয়ে বিদৰ্ভৰ যৱতমল জিলাৰ জলকা গাঁৱত বাস কৰে। তেওঁ সমগ্ৰ দেশৰ এক লাখৰো অধিক মহিলা কৃষকৰ ভিতৰত এগৰাকী, যিসকলৰ স্বামীয়ে কৃষিজনিত সমস্যাৰ বাবে বিগত ১৪ বছৰত আত্মহত্যা কৰিছিল।
ক্ষতিপূৰণ পোৱা নাছিল
“চৰকাৰৰ পৰা মই কেতিয়াও এপইচাও ক্ষতিপূৰণ নাপালোঁ”, ভাৱলেশহীন আৰু সদা-হাস্যময়ী আইতাগৰাকীয়ে কয়। ইয়াৰ কাৰণ হৈছে: তেওঁলোকে যিখন পথাৰত খেতি কৰিছে সেইখন তেওঁলোকৰ নিজৰ নহয়, বৰঞ্চ আনৰ পৰা লীজত লোৱা। সেয়েহে যেতিয়া তেওঁৰ স্বামী পৰশুৰামে ঋণৰ বোজা আৰু খেতি ব্যৰ্থ হোৱাৰ বাবে আত্মহত্যা কৰিছিল, তেতিয়া তেওঁৰ মৃত্যুক ‘কৃষকৰ আত্মহত্যা’ বুলি গণ্য কৰা হোৱা নাছিল, বৰঞ্চ কেৱল আত্মহত্যা বুলিহে কোৱা হৈছিল। চৰকাৰৰ যুক্তি আছিল যে যদি তেওঁৰ নিজৰ নামত মাটি নাথাকে তেন্তে তেওঁ কৃষক নহয়। অৱশ্যে এই পৰিয়ালটোৱে বিদৰ্ভ জন আন্দোলন সমিতি (ভিজেএএছ)ৰ পৰা কিছু সাহায্য লাভ কৰিছে।

পৰশুৰামে লোৱা ৫০ হাজাৰ টকাতকৈও অধিক পৰিমাণৰ ঋণে “মোৰ মংগলসূত্ৰডালো বন্ধকত ৰাখিবলৈ বাধ্য কৰাইছিল। তেওঁ আৰুবা কিয়েই কৰিব পাৰিলেহেঁতেন? কৃষিত হোৱা এই সংকটে আমাৰ সকলো খৰচ বৃদ্ধি কৰিছিল।” যদিও ইয়াৰ পৰাও কোনো লাভ নহ’ল। তেওঁৰ ন একৰৰ পথাৰখনত উৎপাদন হৈছিল মাত্ৰ চাৰি কুইণ্টল শস্য, যাৰ ফলত তেওঁৰ হাতলৈ আহিছিল মাত্ৰ ৭০০০ টকা। তেওঁ নিজৰ কপাহখিনি বিক্ৰী কৰাৰ দিনাই সেই টকাৰে মংগলসূত্ৰ বন্ধকৰ পৰা মুকলি কৰি আনিছিল আৰু তাৰ পিছত পথাৰলৈ গৈ আত্মহত্যা কৰিছিল। গোটেই জীৱন উপাৰ্জন কৰি অহা কলাৱতীয়ে নিজৰ জীৱনটো আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। “আমি কেৱল খেতি-বাতিহে কৰোঁ আৰু ভৱিষ্যতেও মই এয়াকে কৰি যাম,” কণ্ঠত আত্ম-সহানুভূতি নৰখাকৈ তেওঁ কয়। কলাৱতীয়ে কঠোৰ পৰিশ্ৰম কৰি স্বামীয়ে লোৱা ঋণৰ সৰহভাগ পৰিশোধ কৰিছিল। তেওঁ এজন স্থানীয় কৃষি সামগ্ৰী বিক্ৰী কৰোঁতাক সুতবিহীনভাৱে সকলো ঋণ পৰিশোধ কৰিছিল। “এতিয়া আমাৰ কেৱল আত্মীয়ৰ ওচৰতহে মাত্ৰ ১৫,০০০ টকা দিবলৈ বাকী আছে আৰু এইক্ষেত্ৰত কোনো সুত দিব লগা নাই”
“নহয়। মই কোনো আত্মসহায়ক গোটৰ সদস্য নহয়। এনে গোটক প্ৰতিমাহে যি ২০ টকা দিব লাগে, সেইটো দিব পৰাকৈ মই সক্ষম নহয়।” তেওঁৰ চাৰিগৰাকী জীয়ৰীৰ বিয়া হৈছে। পৰশুৰামে আত্মহত্যা কৰাৰ আগতে তিনিওগৰাকীৰে বিয়া হৈছিল। কিন্তু এগৰাকীয়ে স্বামীৰ সৈতে কাজিয়া কৰি ঘৰলৈ উভতি আহিছিল। আৰু আন তিনিগৰাকী জীয়ৰী সন্তান প্ৰসৱৰ সময়ত তেওঁৰ ওচৰলৈ আহিছিল।
“মোৰ ছোৱালী মালতা আৰু মই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য”, তেওঁ কয়। দুয়োগৰাকীয়ে এই সময়ছোৱাত গোটেই দিনটো হাড়ভঙা পৰিশ্ৰমেৰে খৰি সংগ্ৰহ কৰে আৰু এইসমূহ বিক্ৰী কৰি দিনটোত ৪০ টকা উপাৰ্জন কৰে।
বাকী উপাৰ্জন ম’হৰ গাখীৰৰ পৰা হয়। “প্ৰতিদিনে ৬০-৮০ টকা পাওঁ। কেতিয়াবা ইয়াতকৈ অলপ বেছি উপাৰ্জন হয়।” এই নামমাত্ৰ উপাৰ্জনেৰে প্ৰায় দহজন মানুহ চলিব লগা হয়। তেওঁলোকৰ ভিতৰত মালতা ডাঙৰ, তেওঁৰ বয়স ২৫ বছৰ, আনহাতে চৈতন্য আটাইতকৈ সৰু, তেওঁৰ বয়স ৮ বছৰ। এনে অতি কষ্টৰ মাজতো প্ৰাণোচ্ছল ল'ৰা-ছোৱালীবোৰে পৰিয়ালটোৰ মাজলৈ আনন্দ-উল্লাসৰ ঢল আনে। তেওঁৰ নিজৰ কেইবাটাও সন্তানে বহু আগতেই স্কুল এৰিছিল।
কলাৱতীয়ে ম’হবোৰৰ যত্ন নিজে লোৱা নাই। “আমাৰ উপাৰ্জনৰ তুলনাত ইয়াৰ খৰচ অধিক হ’ব।” ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ ম’হটো এজন পেছাদাৰী পশুপালকক দিছে, যিয়ে তেওঁৰ পৰা প্ৰতিমাহে ৪০ টকা বা প্ৰতিদিনে ২ টকাতকৈও কমকৈ লয়। “এই পশুপালকজনৰ এনে কেইবা ডজনো জন্তু আছে আৰু তেওঁ দৈনিক একে কামেই কৰে আৰু মই এই ৰখীয়াজনৰ সৈতে গৰুৰ গোবৰো ভগাই লওঁ।”
দুৰ্বল ব্যৱস্থা
এই ম’হটো পৰিয়ালটোৱে নিজে কিনিছিল। ই ক্ষুদ্ৰ কৃষকসকলক তেওঁলোকে নিবিচৰা আৰু খুৱাব বা পোহপাল দিব নোৱৰা দামী গৰু-ম’হৰ দায়িত্ব দি দেউলীয়া কৰা অদ্ভূত চৰকাৰী আঁচনিৰ অংশ নহয়। তেওঁৰ এই ব্যৱস্থাটোৱে এতিয়ালৈকে ঠিকেই কাম কৰি আছে যদিও এয়া অতি ঠুনুকা। ম’হটোৰ কিবা এটা ক্ষতি হলেই ই পৰিয়ালটোক আৰ্থিকভাবে জোকাৰি যাব। “এই মুহূৰ্তত আমি গোটেই গাখীৰখিনি বিক্ৰী কৰি আছোঁ।” আনকি ঘৰৰ ল’ৰা-ছোৱালীকেইটাইও ইয়াৰে এচামুচো খাবলৈ নাপায়। আৰু কাম কৰিব পৰা আন দুজনী ছোৱালীয়ে এতিয়া কেঁচুৱা জন্ম হোৱাৰ কাৰণে কাম কৰিব পৰা নাই।

“আমাৰ পঞ্চমগৰাকী জীয়ৰী ললিতাৰ বাবে আমি এজন ভাল দৰা বিচাৰি পাইছোঁ”, তেওঁ কয়। “ল’ৰাজনৰ পৰিয়ালে দয়া কৰি আমাৰ পৰা ধন বিচৰা নাই। কিন্তু তেওঁলোকে দুপৰীয়াৰ এসাঁজ ভালকৈ খোৱাৰ আয়োজন আমিয়েই কৰাটো বিচাৰিছে। নহ’লে তেওঁলোকৰ গাঁৱলৈ যাব লাগিব যিটোত খৰচ বেছি হ’ব। দেখা যাওক, আমিয়েই কিবা এটা কৰিব লাগিব।” তেওঁ সম্ভৱতঃ পাৰিব। আনকি পৰশুৰাম জীয়াই থাকোতেও কলাৱতীয়ে দুগৰাকী জীয়ৰী সৱিতা আৰু সুনীতাৰ বিয়া একেদিনাই একেখন মণ্ডপতে পতাৰ ব্যৱস্থা কৰিছিল। “মালতাৰ বিয়াৰ খৰচ ১ লাখতকৈও বেছি হোৱাৰ পাছত আমি যেনেতেনে কিছু ধন সঞ্চয় কৰিবলগীয়া হৈছিল”
কৃষক হিচাপে স্বীকৃতি নোপোৱা আৰু তাৰ ফলত ক্ষতিপূৰণ হেৰুওৱাৰ কাৰণে তেওঁ অসন্তুষ্ট। “চন্দ্ৰপুৰ জিলাত আমাৰ ৩.৫ একৰৰ মাটি এডৰা আছে,” তেওঁ কয়। কিন্তু সেই মাটিখিনি এতিয়াও আমাৰ মা-দেউতাৰ নামতে আছে আৰু এতিয়ালৈকে আমাৰ নামত নামজাৰী কৰোৱা হোৱা নাই।” গতিকে কাৰ্যকৰীভাৱে, তেওঁলোক কৃষক নহয়। “এই ন একৰৰ মাটিখিনি লীজত ল’বলৈ আমি বছৰি মাত্ৰ দহ হাজাৰ টকা দিব লাগে। ইয়াৰ গুণাগুণ যে ভাল নহয় ইয়াৰ পৰাই আপুনি বুজি পাব,” তেওঁ হাঁহে। এয়া কঠোৰ পৰিশ্ৰমৰ কাম, কিন্তু কলাৱতীয়ে হতাশা ব্যক্ত কৰি সময় নষ্ট নকৰে। তেওঁ কেৱল এই কথা ভাবিহে চিন্তিত যে, “পোলা উৎসৱৰ পাছৰ পৰাই কাম বিচৰাটো কঠিন হৈ পৰিছে।” আৰু লগতে “কৃষি সামগ্ৰীবোৰৰ দামো বহুত বাঢ়িল। কপাহ খেতি এতিয়া আৰু আমি কৰিব পৰা হৈ থকা নাই। আমি বেলেগ কিবাহে কৰিব লাগিব।”
কৃষি সংকটৰ মাজত বাচি থকাসকলৰ ভিতৰত কলাৱতীও এগৰাকী, যি মনে-প্ৰাণে বিচাৰে যে তেওঁৰ সন্তানসকলো কৃষি-কৰ্ম কৰিবলৈ আহক। গ্ৰামাঞ্চলত এয়া বিৰল য’ত মানুহে নিৰূপায় হৈ তেওঁলোকৰ সন্তানৰ বাবে কৃষিৰ বাহিৰে অন্য কাম বা চাকৰি বিচাৰে। কিন্তু কলাৱতীয়ে ইতিমধ্যে পৰৱৰ্তী ঋতুৰ বাবে পৰিকল্পনা কৰিলেই। তেওঁ কয়, “আমি খেতি কৰি থাকিম। এইয়াই আমাৰ কাম।”
এই প্ৰতিবেদনৰ অন্য এক সংস্কৰণ প্ৰথমে দা হিন্দুত ২৪ মে’, ২০০৭ত প্ৰকাশিত হৈছিল
(লিংক: http://www.hindu.com/2007/05/24/stories/2007052402321100.htm
)
অনুবাদ: ত্ৰিদীৱ নীলিম দত্ত