সিঁচৰতি হৈ থকা ৰঙীন চিলাবোৰৰ মাজত হৰ্মনদীপ সিং থিয় হৈ আছে। আগফালে পাঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত কৃষকক দিল্লীলৈ যাত্ৰা কৰাত বাধা দিয়াৰ বাবে আৰক্ষীয়ে বৃহৎ বেৰিকেড স্থাপন কৰিছে।
চিলাবোৰ কেৱল উৰিবলৈ নহয়। অমৃতসৰৰ ১৭ বৰ্ষীয় হৰ্মনদীপে সেই চিলাৰে বিশেষ এটা কাম কৰিছে। প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছৰ গোলা দলিওৱা ড্ৰ’নবোৰ ভূ-পতিত কৰাৰ বাবে তেওঁ চিলা উৰুৱাইছে। আৰক্ষীৰ আক্ৰমণ প্ৰতিহত কৰাৰ ই এক নতুন উপায়। “মই চকুৰ চাৰিওফালে টুথপেষ্ট লগাই লৈছো, কন্দুৱা গেছৰ প্ৰভাৱ ই কম কৰে। আমি আগুৱাই যাম আৰু এই যুঁজখন জিকিম,” তেওঁ কয়।
২০২৪ৰ ১৩ ফেব্ৰুৱাৰীত পাঞ্জাৱৰ পৰা দিল্লী অভিমুখে প্ৰতিবাদী মিচিল উলিওৱা হাজাৰ হাজাৰ কৃষক আৰু শ্ৰমিকৰ মাজৰ এজন এই হৰ্মনদীপ সিং। শম্ভু সীমান্তত এই কৃষকৰ মিচিল সন্মুখীন হ’ল অৰ্ধসামৰিক বাহিনী, ৰেপিড এক্সন ফ’ৰ্চ (আৰ.এ.এফ.) সেনা আৰু আৰক্ষীৰ। তেওঁলোকক বাধা দিবলৈ ৰাস্তাতে গজাল সিঁচি দিয়া হৈছিল, কংক্ৰীটৰ বেৰ স্থাপন কৰা হৈছিল, যাতে কোনো কাৰণত তেওঁলোকে দিল্লীৰ প্ৰতিবাদথলী নাপায়গৈ।
প্ৰথমটো বেৰিকেডত গুৰজন্দ সিং খালছাই কৃষকক সম্বোধন কৰি তেওঁলোকৰ মূল পাঁচটা দাবীৰ কথা দোহাৰিছে – স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুযায়ী ন্যূনতম সমৰ্থন মূল্য (এম.এছ.পি.)ৰ নিশ্চয়তা, কৃষক আৰু কৃষি শ্ৰমিকৰ ঋণ সম্পূৰ্ণৰূপে মাফ, লখিমপুৰ খেৰি গণহত্যাৰ ভুক্তভোগী পৰিয়ালৰ বাবে ন্যায় আৰু দোষীক কৰায়ত্ব, কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ এক আঁচনি আৰু ২০২০-২০২১ৰ প্ৰতিবাদত ছহিদ হোৱা পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়োৱা।


বাওঁফালে: ‘ময়ো চকুৰ চাৰিওফালে টুথপেষ্ট লগাই লৈছো, এনেকৈ কন্দুৱা গেছৰ প্ৰভাৱ কমিব,’ হৰ্মনদীপ সিঙে কয়। সোঁফালে: ২০২৪ৰ ১৩ ফেব্ৰুৱাৰীত পাঞ্জাৱৰ পৰা দিল্লী অভিমুখে শান্তিপূৰ্ণ প্ৰতিবাদী মিচিল উলিওৱা হাজাৰ হাজাৰ কৃষক আৰু শ্ৰমিকৰ মাজত তেঁৱো এজন

কন্দুৱা গেছৰ গোলা পেলোৱা ড্ৰ’ন বগৰাবলৈ কৃষকে চিলা উৰুৱাব লৈছে
২০২০-২১ত সমগ্ৰ দেশৰ কৃষকসকলে একত্ৰ হৈ চৰকাৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল: কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ ; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ । ২০২০ৰ ছেপ্টেম্বৰত সংসদত এই আইনকেইখন ততাতয়াকৈ উত্থাপন কৰা হৈছিল। ২০২১ৰ নৱেম্বৰত চৰকাৰে এই আইনকেইখন উঠাই লোৱাৰ বাবে সন্মত হয়। এই আন্দোলনক লৈ পাৰিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনসমূহ ইয়াত পঢ়িবলৈ পাব: কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ: সম্পূৰ্ণ কাভাৰেজ
“আমাৰ প্ৰতিবাদ কেতিয়াও শেষ হোৱা নাছিল,” কাৰ্নালৰ ২২ বৰ্ষীয় খালছাই কয়। “কেন্দ্ৰ চৰকাৰৰ সৈতে হোৱা এখন বৈঠকৰ বাবে, য’ত আমাৰ আটাইবোৰ দাবী মানি লৈ সেয়া পূৰণ কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ বাবেহে আমি আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছিলো। চৰকাৰে গঠন কৰা কমিটিখনৰ সৈতে আলোচনা চলি থকাৰ বাবেহে আমি ইমানদিন অপেক্ষা কৰিলো। কিন্তু দুটা বছৰ পিছত আলোচনা হঠাৎ বন্ধ হৈ গ’ল আৰু কমিটিখনো ভংগ কৰি দিয়া হ’ল। সেয়ে আমিও পুনৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিলো।”
কৃষক আৰু শ্ৰমিকৰ ডাঙৰ গোট এটাই ৰাস্তাৰ কাষৰ পথাৰত গোট খাইছে আৰু আৰক্ষী বিষয়া-সেনাক প্ৰত্যাহ্বান জনাই তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যাতে সিফালে প্ৰতিবাদীসকলে সীমান্ত অতিক্ৰম কৰিব পাৰে।
শম্ভু সীমান্তত প্ৰতিবাদীসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ লওতে আৰক্ষীয়ে একাধিক কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰিছে আৰু বহুলোক আঘাতপ্ৰাপ্ত হৈছে। প্ৰত্যক্ষদৰ্শীয়ে কয় যে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছৰ গোলা শূন্যলৈ নিক্ষেপ নকৰি মানুহৰ গালৈ মাৰিছে। প্ৰতিবাদীক বাধা দিবলৈ ৱাটাৰ কেননো ব্যৱহাৰ কৰা হৈছে। বহু বয়সস্থ কৃষক আৰু শ্ৰমিকে কন্দুৱা গেছৰ গোলা নিষ্ক্ৰিয় কৰিবলৈ লাঠি লৈ আহিছে। প্ৰতিটো গোলা নিষ্ক্ৰিয় কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকল উৎফুল্লিত হৈ পৰিছে।


প্ৰতিবাদকাৰীসকলে শম্ভুত বেৰিকেড ভাঙি আগবাঢ়িবলৈ ধৰাৰ লগে লগে পুলিচে কন্দুৱা গেছ প্ৰয়োগ কৰিছে। বয়সস্থ কৃষক আৰু শ্ৰমিকে লাঠিৰে কোবাই কন্দুৱা গেছৰ গোলা নিষ্ক্ৰিয় কৰিছে

পাঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত লাঠিৰে কন্দুৱা গেছৰ গোলা এটা নিষ্ক্ৰিয় কৰাৰ পিছত কৃষক এজনক উৎফুল্লিত হোৱা দেখা গৈছে
অমৃতসৰৰ কৃষক তিৰ্পাল সিং কন্দুৱা গেছৰ গোলা নিষ্ক্ৰিয় কৰাসকলৰ মাজৰ অন্যতম। “আমাৰ হাতত একো অস্ত্ৰ-শস্ত্ৰ নাই, তথাপি তেওঁলোকে ৰাবাৰ বুলেট, পেলেট, পেট্ৰ’ল বোমা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছে,” তেওঁ কয়। এইটো ৰাজহুৱা ৰাস্তা। আমি মাত্ৰ আগুৱাই যাব বিচাৰিছো। শান্তিপূৰ্ণভাৱে আগবাঢ়িবলৈ খোজা স্বত্ত্বেও আমাক আক্ৰমণ কৰা হৈছে। এতিয়া এনে লাগিছে যেন আমাক শম্ভু সীমান্তত কাৰাৰুদ্ধ কৰা হৈছে।”
৫০ বৰ্ষীয় কৃষকজনে ভাবে যে চৰকাৰে তেওঁলোকৰ সৈতে প্ৰৱঞ্চনা কৰিছে। “ধনিক কৰ্প’ৰেট গোষ্ঠীক সুখী কৰি ৰখাৰ স্বাৰ্থতেই চৰকাৰে এম.এছ.পি.ৰ নিশ্চয়তা দিব নোখোজে, সিহঁতৰ পাৰ্টিৰ পইচা তাৰপৰাই যে আহে,” তেওঁ কয়। “এম.এছ.পি.ৰ নিশ্চয়তা নাথাকিলে ডাঙৰ ডাঙৰ কৰ্প’ৰেটবোৰে আমাক শোষণ কৰিব পাৰিব। সিহঁতে যিকোনো সময়তে আহি আমাৰ শস্য নিচেই কম দামতে কিনি নি অত্যধিক দৰত বিক্ৰী কৰিব পাৰিব। চৰকাৰে যদি ডাঙৰ ডাঙৰ কৰ্প’ৰেছনৰ শ শ কোটি টকাৰ ঋণ মাফ কৰিব পাৰে, তেন্তে কৃষক আৰু শ্ৰমিকৰ কেইলাখমান টকাৰ ঋণ মাফ কৰি দিব পৰাৰ সামৰ্থ্য চৰকাৰৰ থকা উচিত,” তিৰ্পাল সিঙে কয়।
কন্দুৱা গেছ আৰু ৱাটাৰ কেননৰ সাহসেৰে মুখামুখি হোৱাৰ পিছত ভালেমান প্ৰতিবাদীয়ে বেৰিকেডৰ দ্বিতীয়টো স্তৰত সিঁচি থোৱা গজালবোৰ আঁতৰাবলৈ যত্ন কৰিলে। সেইখিনি সময়তে আৰক্ষীয়ে ৰাবাৰ বুলেট নিক্ষেপ কৰা পৰিলক্ষিত হ’ল। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ভৰিত বুলি ৰাবাৰ বুলেট নিক্ষেপ কৰিলে, যাতে তেওঁলোক পলাই যাবলৈ বাধ্য হয়।
চকুৰ পচাৰতে ভালেকেইজন কৃষক আৰু শ্ৰমিক ৰক্তাক্ত হৈ পৰিল। ততাতয়াকৈ তেওঁলোকক স্বতন্ত্ৰ ডাক্তৰে পতা চিকিৎসা শিবিৰলৈ লৈ যোৱা হ’ল।
“যোৱা এঘণ্টাত মই ৫০ জনৰ চিকিৎসা কৰিছো,” এনে এটা শিবিৰৰ দায়িত্বত থকা ডা. মনদ্বীপ সিঙে কয়। “সম্ভু সীমান্তত উপস্থিত হোৱাৰ পিছত কিমানৰ চিকিৎসা কৰিছো, মই হিচাপ ৰাখিব পৰা নাই,” ২৮ বৰ্ষীয় ডাক্তৰ মনদীপে তেওঁৰ গাওঁ হোছিয়াৰপুৰত বাবা শ্ৰী চন্দ জী হস্পিতাল চলায়। এই যুৱ ডাক্তৰজন কৃষক পৰিয়ালৰ আৰু ২০২০ৰ প্ৰতিবাদৰ সময়তো তেওঁ তাত আছিল। তাত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত ইউনাইটেড শিখ নামে এটা মানৱীয় সাহায্য আৰু ওকালতি সংস্থা এটাৰ শিবিৰত তেওঁ সেৱা আগবঢ়াইছিল।
“ৰোগীয়ে বিভিন্ন ধৰণৰ সমস্যা লৈ আহে, কিছুমান ভৰি-হাতত দুখ পাইছে, কাৰোবাৰ কটা-ছিঙা হৈছে, আন কিছুমানৰ আকৌ উশাহ লোৱাত সমস্যাৰ সৃষ্টি হৈছে,” তেওঁ কয়। “চৰকাৰে আমাৰ কৃষকৰ যত্ন লোৱা উচিত। আমিয়েই তেওঁলোকক নিৰ্বাচিত কৰি শাসনলৈ আনো,” তেওঁ যোগ দিয়ে।

কৃষকে দ্বিতীয়টো বেৰিয়াৰ অতিক্ৰমৰ চেষ্টা কৰোঁতে তেওঁলোকক কন্দুৱা গেছেৰে আক্ৰমণ কৰা হৈছে

শম্ভু সীমান্তত ডা. মনদীপ সিঙে (গুলপীয়া আঁচটনা চোলা পৰিহীত) ৰোগী চাইছে। তেওঁ নিজ গাওঁ হোছিয়াৰপুৰত বাবা শ্ৰী চন্দ জী হস্পিতাল চলায়
প্ৰতিবাদস্থলীত সেৱা আগবঢ়াই অহা আন এগৰাকী ডাক্তৰ হৈছে দীপিকা। সুদূৰ হিমাচল প্ৰদেশৰ চিমলাৰ পৰা চিকিৎসা শিবিৰত সহায়ৰ বাবে অহা ২৫ বৰ্ষীয় দীপিকাই কয়, “শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ লগতে মানুহ উদ্বিগ্নতা আৰু অস্থিৰতাত ভূগিছে। নিৰন্তৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত সৃষ্ট ধোঁৱাই তেওঁলোকৰ পেটৰো সমস্যাৰ সৃষ্টি কৰিছে।”
কেৱল ডাক্তৰেই নহয়, আন বহুতেই বিভিন্ন প্ৰকাৰে কৃষক-শ্ৰমিকক সহায় কৰিছে। বেৰিকেডৰ পৰা কেইমিটাৰমান দূৰত মানুহে সকলোকে ৰন্ধা-বঢ়া কৰি খুৱাবলৈ লংগৰ পাতিছে। বহুতেই পৰিয়াল লৈ আহিছে। গুৰপ্ৰীত সিঙে তেওঁৰ তৰুণ পুত্ৰ তেজস্বীৰক লৈ আহিছে। “মোৰ ল’ৰাটোৱেও আমাৰ সংগ্ৰামখন দেখক, সেয়ে তাক লৈ আহিছো,” পাতিয়ালাৰ পৰা অহা গুৰপ্ৰীতে কয়। “আমাক দমন কৰিবলৈ উত্ৰাৱল হৈ থকা চৰকাৰৰ বিৰুদ্ধে আমি কৃষক আৰু শ্ৰমিকে অধিকাৰৰ দাবীত যুঁজ দিয়াটো কিমান গুৰুত্বপূৰ্ণ, সেয়া সিও উপলব্ধি কৰক,” তেওঁ যোগ দিয়ে।
প্ৰতিবাদস্থলীৰ পৰা বিপ্লৱী গীত আৰু শ্লোগান ভাঁহি আহিছে। “ইক্কি দুক্কি চ্ছাক দিয়াংগে, দৌন তে গোডা ৰাখ দিয়াংগে (ঘটিৰাম-বাতিৰাম যেই আহে, মাটিত বগৰাম, গলধনত ভৰি ৰাখি মহতিয়াই যাম” - এই শ্লোগানেৰে মানুহ একত্ৰিত হৈছে আৰু দল বান্ধি আগুৱাই গৈছে।
“এয়া কৃষকৰ মৌলিক অধিকাৰৰ যুঁজ, সেয়ে মইয়ো ইয়াত চামিল হৈছো,” ৰাজ কুমাৰ গিলে কয়। ২০২১ত চণ্ডীগড়ত কৃষকে কৰা প্ৰতিবাদৰ প্ৰাণকেন্দ্ৰস্বৰূপ মটকা চকত সকলো সময়তে উপস্থিত থকা ৪০ বৰ্ষীয় চণ্ডীগড়ৰে কৃষকজনে কয়।
“এম.এছ.পি. নিদি চৰকাৰে কৃষকক পেটে-ভাতে খাই থকাটোও মস্কিল কৰি পেলাইছে। এই সকলো কৰা হৈছে ডাঙৰ ডাঙৰ কৰ্প’ৰেট গোষ্ঠীৰ সুবিধাৰ্থে, তাকো দেশৰ অন্নদাতা কৃষকক শোষণৰ বিনিময়ত,” তেওঁ কয়। আৰু এষাৰ কথাৰে তেওঁ সামৰে,
“সিহঁত কেতিয়াও সফল নহয়।”

আৰ . এ . এফ . বিষয়া আৰু হাৰিয়ানা আৰক্ষীয়ে দিল্লী অভিমুখে যাত্ৰা কৰা কৃষক আৰু শ্ৰমিকক বাধা দিবলৈ শম্ভু সীমান্তত বাহৰ পাতিছে

শম্ভু সীমান্তত আমি অৰ্ধসামৰিক বাহিনী , এৰ . এ . এফ ., আৰু পুলিচে কৃষক - শ্ৰমিকক আগভেটা দিলে । ৰাস্তাত কংক্ৰীটৰ বেৰ বহুওৱা হৈছে আৰু ৰাস্তাত গজাল সিঁচি দিয়া হৈছে

‘ আমি নিৰস্ত্ৰ , তথাপিও সিহঁতে ৰাবাৰ বুলেট , পেলেট , পেট্ৰোল বোমা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছে ,’ তিৰ্পাল সিঙে কয়

প্ৰতিবাদস্থলী বিপ্লৱী শ্লোগান আৰু গীত - মাতেৰে সৰৱ হৈ পৰিছে

গুৰপ্ৰীত সিঙে লগত তৰুণ পুত্ৰ তেজস্বীৰক লগত লৈ আহিছে। ‘আমাৰ সংগ্ৰামখন নিজ চকুৰে দেখক বুলিয়ে তাক লৈ আহিছো,’ তেওঁ কয়

কন্দুৱা গেছ লাগি অসুস্থ হৈ পৰা এজন কৃষক

কন্দুৱা গেছৰ পৰা বাচিবলৈ তেওঁলোকে মুখ ঢাকি লৈছে

‘ এঘণ্টাত মই ৫০ৰো অধিক লোকক চাইচো ,’ ডাক্তৰ মনদীপ সিঙে কয় , লগতে যোগ দিয়ে , ‘ ৰোগীয়ে বিভিন্ন ধৰণৰ সমস্যা লৈ আহে , কিছুমান ভৰি - হাতত দুখ পাইছে , কাৰোবাৰ কটা - ছিঙা হৈছে , আন কিছুমানৰ আকৌ উশাহ লোৱাত সমস্যাৰ সৃষ্টি হৈছে ,' তেওঁ কয়

পুলিচে নিক্ষেপ কৰা কন্দুৱা গেছৰ গোলা এটা কৃষক এজনে ওভতাই মাৰি পঠিয়াইছে

সেনাই নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ৰাবাৰ বুলেটে আঘাত কৰা এজন কৃষক

কৃষকে বেৰিকেড এখন দাঙি আনিছে , সেইখন ৰাবাৰ বুলেট নিক্ষেপ কৰিলে ঢালৰ দৰে ব্যৱহাৰ কৰা হ ’ ব

হৰ্মনদীপ সিং আৰু আন কৃষকে চিলাৰে ড্ৰ ’ ন বগৰোৱাৰ কাম কৰিছে

পাঞ্জাৱৰ পৰা দিল্লী অভিমুখে কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা এজন আদহীয়া লোক

‘এম.এছ.পি. নিদি চৰকাৰে কৃষকক পেটে-ভাতে খাই থকাটোও মস্কিল কৰি পেলাইছে। এই সকলো কৰা হৈছে ডাঙৰ ডাঙৰ কৰ্প’ৰেট গোষ্ঠীৰ সুবিধাৰ্থে, তাকো দেশৰ অন্নদাতা কৃষকক শোষণৰ বিনিময়ত। কিন্তু সিহঁত কেতিয়াও সফল নহয়,' ৰাজ কৌৰ গিলে (ফটোত নাই) কয়
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি