আলী মহম্মদ লোনে ভাবে যে “বাজেট বিষয়াৰ বস্তু”। তাৰমানে এয়া মধ্যবিত্তৰ শ্ৰেণীৰ চৰকাৰী লোকৰ বাবে। তাৰমানে এইটোও যে কাশ্মীৰৰ বাৰামুল্লা জিলাৰ এই সৰু বেকাৰীখনৰ মালিকজনে ভাবি লৈছে যে বাজেট তেওঁলোকৰ দৰে মানুহৰ বাবে নহয়।
“মই ১,৪০০ টকা দামত ৫০ কিলোগ্ৰামৰ আটাৰ বেগ কিনো যিটোৰ দাম এতিয়া ২,২০০ টকা,” তংমাৰ্গ ব্লকৰ মাহীন গাঁৱত আমাৰ সৈতে কথা পতা ৫২ বৰ্ষীয় পাউৰুটী নিৰ্মাতাগৰাকীয়ে কয়। “বাজেটত এনে কিবা যদি আছে যিয়ে বস্তুৰ দাম কমায়, তেতিয়াহে মোৰ আগ্ৰহ জন্মিব, নহ’লে মই ক’লোৱেই নহয় - এই বাজেট বিষয়াৰহে বাজেট।”
শ্ৰীনগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত অৱস্থিত মাহীন গাওঁখন তংমাৰ্গ আৰু দ্ৰংগৰ শীতকালীন পৰ্য্যটকৰ গন্তব্যস্থল। গাওঁখনত ২৫০ টা পৰিয়াল আছে, যিসকল ঘাইকৈ পৰ্য্যটনৰ সৈতে সম্পৰ্কিত কাম যেনে সৰু সৰু দোকান, শ্লেজ টনা আৰু গাইড চাৰ্ভিচ আদিৰ সৈতে জৰিত। অত্যধিক জাৰ পৰে বাবে মাহীনৰ লোকসকলে ঘাইকৈ মাকৈ উত্পাদন কৰে।
বাওঁফালে: মাহীন গাঁৱৰ নিজৰ বেকাৰী দোকানখনত আলী মহম্মদ লোন। তেওঁ ভাবে যে ২০২৫ৰ কেন্দ্ৰীয় বাজেটখন চৰকাৰী কৰ্মচাৰী আৰু মধ্যবিত্তৰ বাবেহে। সোঁফালে: মাহীন গাওঁখনৰ এটা দৃশ্য
বাওঁফালে: মাহীনখন শীতকালীন পৰ্য্যটকৰ গন্তব্যস্থল তংমাৰ্গ আৰু দ্ৰংগৰ মাজত অৱস্থিত। সোঁফালে: তনমাৰ্গত গ্ৰাহকৰ বাবে অপেক্ষাৰত মাহীনৰ এটিভি চালক
আলী মহম্মদ তেওঁৰ পত্নী আৰু দুই পুত্ৰ (দুয়োগৰাকীয়ে পঢ়ি আছে)ৰ লগত থাকে। তেওঁৰ বেকাৰীৰে পাউৰুটী গাওঁখনৰ বেছিভাগ মানুহৰ ঘৰত চলে। তেওঁৰ ডাঙৰ ল’ৰা য়াছিৰে বেকাৰীখনত সহায় কৰে। দোকানখন পুৱা ৫ বজাতে খোলা হয়, আবেলি ২ বজাত বন্ধ কৰা হয়। ইয়াৰ পিছত তেওঁ বহে বেকাৰীখনৰ কাষতে থকা পাচলি দোকানখনত।
“মানুহে ১২ লাখ টকালৈকে কৰ ৰেহাইৰ কথা পাতি থকা শুনিছো। কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ কথাও শুনিছো। কিন্তু মোক প্ৰথমে ১২ লাখ টকা লাগে। মোৰ বছৰি আয় প্ৰায় ৪ লাখ টকা। মই বুজি নাপাও কিয় কোনোৱে যুৱচামৰ বাবে কৰ্মসংস্থানৰ কথা পতা নাই। বাজেটত নিয়োগৰ সুযোগ-সুবিধাৰ কথা কিবা আছেনে?” তেওঁ আচৰিত হোৱাদি প্ৰশ্ন কৰে।
অনুবাদ: পংকজ দাস