২০২৩ চনৰ জুনৰ মাজভাগৰ ঘটনা। একেৰাহে পাঁচ দিন ধৰি ঔৰংগাবাদৰ সংমণ্ডল আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনশন কৰিছিল আজিম শ্বেইখে।
ভীষণ গৰমকো নেওচি মুখত পানী এটুপিও নিদিয়াকৈ অনশন চলাই গৈছিল ২৬ বছৰীয়া যুৱকজনে। অনশনৰ শেষত যথেষ্ট দুৰ্বল হৈ পৰিছিল, মূৰ ঘূৰাইছিল, আনকি থিয় হৈ খোজ দিবলৈকো গাত বল নাইকিয়া হৈ পৰিছিল।
তেওঁৰ দাবী কি আছিল? থানাত এখন এজাহাৰ দাখিলৰ দাবী। কিন্তু ঔৰংগাবাদৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত জালনা জিলাৰ তেওঁৰ গাঁৱৰ স্থানীয় থানাৰ আৰক্ষীয়ে সেইখিনিও কৰিবলৈ ৰাজি নাছিল।
২০২৩ চনৰ ১৯ মে’ত স্থানীয় মাৰাঠা সম্প্ৰদায়ৰ সোণাওনে পৰিয়ালৰ লোকসকলে নিশা ১১ বজাত আজিমৰ ঘৰত আক্ৰমণ চলাই তেওঁৰ পৰিয়ালক লাঠিৰে প্ৰহাৰ কৰিছিল আৰু শিলগুটি নিক্ষেপ কৰিছিল। এই আক্ৰমণত আজিমৰ মাক-দেউতাক আৰু ভাতৃ আঘাতপ্ৰাপ্ত হৈছিল। “বয়সীয়া মাক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল। বহুত বেয়াকৈ নৃশংসভাৱে প্ৰহাৰ কৰিছিল। আমাৰ ঘৰৰ পৰা ডেৰ লাখ টকাতকৈয়ো অধিক মূল্যৰ গহনা আৰু নগদ ধনো লুটি নিছিল,’’ পাৰিৰ আগত এইদৰে কয় আজিমে।
এই প্ৰতিবেদকে ঘটনা সন্দৰ্ভত আজিমে অভিযোগ কৰা নীতিন সোণাওনেৰ সৈতেও যোগাযোগ কৰিছিল। নীতিনে এই বিষয়ে মন্তব্য কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি কৈছিল, “এইধৰণৰ একো কথা আমি শুনাই নাই।’’
আজিমৰ ঘৰটো ৮ একৰ খেতিৰ মাটিৰ মাজত অৱস্থিত। মধ্য মহাৰাষ্ট্ৰৰ ভোকাৰদান মৌজাৰ অন্তৰ্গত তেওঁলোকৰ গাঁও পলাশখেড়া মুৰতাদ মূল বসতিস্থলৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগত।
“ৰাতি হ’লে চৌদিশ নিৰ্জন, নিমাওমাও হৈ পৰে, সেয়ে চিঞৰি সহায় বিচাৰিও একো লাভ হোৱা নাছিল,’’ তেওঁ কয়।

২০২৩ চনৰ ১৯ জুনত জালনা জিলাৰ পলাশখেড়া মুৰতাদ গাঁৱৰ আজিম আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল
ব্যৱসায় সংক্ৰান্তীয় প্ৰতিদ্বন্দিতাৰ বাবেই আক্ৰমণ কৰা বুলি সন্দেহ কৰিছে আজিমে। গাঁওখনত জেচিবি থকা পৰিয়াল দুটাই আছে। “কাষতে এটা বান্ধ আছে,’’ আজিমে কয়। “মাটিৰ উৰ্বৰাশক্তি বঢ়াবলৈ বান্ধৰ অৱবাহিকাৰ পৰা পলস মাটি নি খেতিৰ মাটি চহ কৰে খেতিয়সকলে। আমাৰ কামটো হ’ল খেতিৰ বাবে সেই পলস লৈ যোৱা।’’
দুয়োটা পৰিয়ালে খেতিয়কসকলৰ পৰা এই কামটোৰ বাবে ঘণ্টাত ৮০ টকাকৈ জেচিবিৰ ভাৰা লও। তেওঁ কয়, “কিন্তু কিছুদিন পূৰ্বে আমি ভাৰা কমাই ৭০ টকা কৰিছিলো। তাৰপিছতে আমাৰ ব্যৱসায় বাঢ়িবলৈ ধৰে। আমাক ধমকি পৰ্যন্ত দিছিল যদিও আমি ভাৰা কমোৱা নাছিলো। সেয়ে সিঁহতে আমাক আক্ৰমণ কৰে আৰু সমুখত ৰখাই থোৱা জেচিবিখনো ভাঙি পেলায়।’’
এই ঘটনাৰ পিছদিনা পুৱা আজিমে নিজৰ গাঁওৰ পৰা ভোকাৰদান থানালৈ যায়। কিন্তু আৰক্ষীয়ে কোনো কাৰণতেই তেওঁৰ এজাহাৰ গ্ৰহণ কৰিবলৈ মান্তি নহ’ল। ওলোটাই আৰক্ষীয়েহে তেওঁক ভাবুকি প্ৰদান কৰে। আজিমে কয়, “আৰক্ষীয়ে আমাক কৈছিল যে সেই পৰিয়ালটোৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰিলে তেওঁলোক বিপদত পৰিব। কাৰণ সেই পৰিয়ালটোৰ ওপৰ মহলৰ সৈতে ভাল হাত আছে।’’
আজিমৰ দাবী, যেতিয়া তেওঁ এজাহাৰ গ্ৰহণ কৰিবলৈ জোৰ কৰিছিল তেতিয়া তেওঁক সতৰ্ক কৰি দিয়া হৈছিল যে তেনে কৰিলে সেই পৰিয়ালটোৱে ওলোটাই মোকৰ্দমা ৰুজু কৰি তেওঁলোকক গাঁৱৰ পৰাই বাহিৰ কৰি দিব পাৰে।
আজিমৰ ক্ষোভ মিহলি প্ৰশ্ন, “সিঁহতে পৰিকল্পনা কৰি আক্ৰমণ চলাইছে, ২৫-৩০ জনীয়া গুণ্ডাৰ দল লৈ আমাক মাৰিছে। কি এক ভয়াৱহ দিন আছিল সেয়া! তাৰপিছত এয়া কি ধৰণৰ আইন?’’
আজিমৰ বাবে এয়া আছিল নীতিগত প্ৰশ্ন। সেয়া আছিল তেওঁৰ আত্মসন্মানৰ সৈতে জড়িত কথা। মাৰাঠা পৰিয়াল এটাই অনৈতিক কাম কৰি সাৰি যোৱাতো তেওঁ মানি ল’ব পৰা নাছিল। সেয়ে তেঁও কৈ উঠে, “মই শুদাই এৰা ভকত নহয়। যেতিয়ালৈ এজাহাৰ নলয় তেতিয়ালৈ থানাতে বহি অনশন আৰম্ভ কৰিছিলো।’’
কিন্তু যেতিয়া এজাহাৰ ল’বলৈ আৰক্ষী মান্তি হৈছিল তাৰ পিছত আৰম্ভ হৈছিল আন এক কাহিনী। এইবাৰ আৰক্ষীয়ে আজিমক কয় যে এজাহাৰত সকলো কথা থাকিব নোৱাৰিব, সেয়া কমকৈ লিখিব লাগিব। আজিমে কয়, ''সিঁহতে যে আমাৰ ঘৰৰ পৰা টকা আৰু গহনা লৈ গৈছিল সেয়া এজাহাৰত লিখাটো বিচৰা নাছিল। এই কথা মানি লোৱাতো মোৰ পক্ষে সম্ভৱ নাছিল।’’

আজিমে যেতিয়া এজাহাৰ লৈ আৰক্ষী থানা পাইছিল তেতিয়া আৰক্ষীয়ে তেওঁক সকীয়াই দিছিল। 'আৰক্ষীয়ে কৈছিল যে সেই পৰিয়ালটোৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰিলে মই বিপদত পৰিব পাৰো। কাৰণ সেই পৰিয়ালটোৰ ওপৰ মহলৰ সৈতে ভাল হাত আছে’
ইয়াৰ পিছত আজিমে গাঁও পঞ্চায়তলৈ যায় আৰু গাঁৱৰ গণ্যমান্য লোকসকলৰ সমুখতো বিষয়টো উত্থাপন কৰে। আজিমৰ পৰিয়াল বছৰৰ পিছত বছৰ ধৰি এই গাঁৱত বাস কৰি আহিছে। তেওঁ নিশ্চিত আছিল যে গাঁৱৰ বাকী লোকসকলে তেওঁক সমৰ্থন কৰিব। তেওঁ কয়, “গাঁৱৰ লোকসকলৰ সৈতে আমাৰ খুব ভাল সম্পৰ্ক আছিল। আমি নিশ্চিত আছিলো যে এই বিপদৰ সময়ত মানুহখিনিয়ে আমাক সহায় কৰিব।’’
আজিমে সমগ্ৰ ঘটনাৰ লিখিত বিৱৰণসহ এখন চিঠি লিখি গাঁওবাসীক সহায়ৰ বাবে অনুৰোধ জনাইছিল। সকলো কথা উল্লেখ থকা কাগজখনত তেওঁৰ সমৰ্থনত গাঁওবাসীৰ পৰা চহী বিচাৰিছিল। তেওঁৰ লক্ষ্য আছিল যে জনসমৰ্থন লৈ বিষয়টো মাৰাঠৱাড়া অঞ্চলৰ দায়িত্বত থকা ঔৰংগবাদৰ সংমণ্ডল আয়ুক্তৰ ওচৰলৈ যাব আৰু বিষয়টো অৱগত কৰিব।
চিঠিখনত চহী কৰিছিল মাত্ৰ ২০ জন লোকে আৰু সকলোৱেই আছিল মুছলমান। আজিমে কয়, “বহুতেই আমাক অকলশৰীয়াকৈ মাতি নিছিল আৰু কৈছিল যে কথাটোত তেওঁলোকে আমাকেই সমৰ্থন কৰে, কিন্তু মুকলিকৈ চহী কৰি দিবলৈ ভয় কৰিছে।’’
তেনেকৈ উক্ত বিষয়টোক লৈ হঠাৎ যেন গাঁওখনৰ মাজেৰে এডাল অদৃশ্য বিভাজন ৰেখা পাৰ হৈ গৈছিল। আক্ষেপেৰে আজিমে কয়, ''আমাৰ গাঁওখনত যে এনেকৈ সাম্প্ৰদায়িক বিভাজন থাকিব পাৰে সেয়া আগতে কোনোদিনেই ভাবিবই পৰা নাছিলো।’’ বিষয়টোক লৈ এই প্ৰতিবেদকৰ সৈতে অনৰেকৰ্ড কোনোধৰণৰ কথাই ক’বলৈ সন্মত হোৱা নাছিল গাঁওখনৰ হিন্দু লোকসকল। যিসকলে কৈছিল তেওঁলোকে আজিমে সমৰ্থন নোপোৱাৰ আঁৰত সাম্প্ৰদায়িক কোনো কাৰণ আছে বুলি মানিব বিচৰা নাছিল বা গাঁওখনত সাম্প্ৰদায়িক বাতাবৰণৰ অস্তিত্ব স্বীকাৰ কৰিবলৈকো ৰাজি নাছিল।
অৱশ্যে অফ ৰেকৰ্ডত একাধিক হিন্দু পৰিয়ালে জনাইছিল যে তেওঁলোকৰ ওপৰতো আক্ৰমণ চলাৰ ভয়তেই এই বিষয়টোত স্পষ্টকৈ মাত মতা নাছিল। গাঁওখনৰ পৰিৱেশ উত্তপ্ত হৈ আছিল বাবে কোনো সমস্যাত সোমাব বিচৰা নাছিল লোকসকলে।
যোৱা ২০ বছৰ ধৰি গাওঁখনৰ গাওঁবুঢ়াৰ দায়িত্বত থকা ৬৫ বছৰীয়া ভগৱান সোঁণাৱানে কয় যে সেই সময়ত গাঁওখনত কিছু সাম্প্ৰদায়িক পৰিৱেশ দেখা গৈছিল যদিও এতিয়া সকলো ঠিক হৈ পৰিছে। তেওঁ কয়, “দুটা বেলেগ বেলেগ ধৰ্মৰ পৰিয়ালৰ মাজত যেতিয়া কাজিয়া হয় তেতিয়া তাৰ প্ৰভাৱ গাঁওখনৰ লোকসকলৰ মাজত অলপকৈ হ’লেও পৰিবই।’’
“এই ঘটনাত আজিমৰ কোনো দোষ নাছিল। কিন্তু গাঁৱৰ মানুহে আনৰ সমস্যাত মূৰ সোমাই বিপদ চপাই লোৱাতকৈ মনে মনে থকাটোৱেই ভাল বুলি ভাবিছিল,’’ নিজেও এগৰাকী মাৰাঠা সোণাওনেয়ে কয়। তেওঁ দাবী কৰে, ''আমাৰ গাঁওখনত হিন্দু-মুছলমানৰ সম্প্ৰীতিত খেলিমেলি হৈছিল প্ৰায় ১৫ বছৰ আগতে। বৰ্তমান সেই ঘটনাটোৰ আগলৈকে সকলো ঠিকেই আছিল।’’
দেখা গৈছে পলাশখেড়া মুৰতাদ গাঁৱত যি ঘটনা হৈছিল সেয়া আচলতে সমগ্ৰ জালনা জিলা বা ক’বলৈ গ’লে সমগ্ৰ মহাৰাষ্ট্ৰৰেই এক প্ৰতিচ্ছবি। ক্ৰমশ এতিয়া সমগ্ৰ ৰাজ্যখনতেই বৃদ্ধি পাবলৈ লৈছে এনে সাম্প্ৰদায়িক ঘটনা প্ৰৱাহ।


জয় শ্ৰীৰাম ধ্বনি দিবলৈ সন্মত নোহোৱা বাবে ছৈয়দ জাকিৰ খাজামিয়াক মুখত ক’লা কাপোৰ পিন্ধা দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। আনৱা জিলাৰ নিজ গৃহত
২০২৩ চনৰ ২৬ মাৰ্চত জালনাৰ আনওৱা গাঁৱৰ এটা মছজিদত একান্তমনে বহি কোৰাণ পাঠ কৰিছিল মৌলবী ছৈয়দ জাকিৰ খাজামিয়াই। “হঠাৎ তিনিজন অচিনাক্ত লোক মছজিদৰ ভিতৰলৈ সোমাই আহি আমাক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কয়। মই সেয়া কৰিবলৈ মান্তি নোহোৱাত মোৰ বুকুত লঠিয়াইছিল, দাড়ি টানিছিল আৰু বেয়াকৈ মাৰধৰ কৰি গুচি গৈছিল,’’ চিন্তিত মনেৰে মৌলবীগৰাকীয়ে কয়।
তেওঁ জনোৱামতে মুখত ক’লা কাপোৰ মেৰিয়াই অহা লোককেইজনে অচেতন নোহোৱালৈকে প্ৰহাৰ কৰি আছিল আৰু তেওঁ দাড়ি কাটি দিছিল। বৰ্তমান গাঁওখনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ ঔৰংগাবাদস্থিত এখন হাস্পতালত তেওঁ চিকিৎসাধীন।
তেওঁৰ অভিজ্ঞতা খুব এটা অস্বাভাৱিক নহয়। চুবুৰীয়া এখন গাঁৱৰ গাঁওবুঢ়া আব্দুল ছাত্তাৰে কয় যে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে। “মুছলমান সম্প্ৰদায়ক আশ্বস্ত কৰিব পৰাকৈ আৰক্ষীয়ে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই,’’ তেওঁ কয়। “এইধৰণৰ ঘটনাবোৰ বাতৰিত নোলায়, কিন্তু এতিয়া এইবোৰেই আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে বুলিব পাৰি।’’
২০২৩ চনৰে ১৯ জুনত জালনা আৰক্ষীয়ে ক্ষুদ্ৰ খেতিয়ক পৰিয়ালৰ সন্তান ১৮ বছৰীয়া মুছলমান কিশোৰ তৌফিক বাগওৱানৰ বিৰুদ্ধে ''ধৰ্মীয় অনুভূতিত আঘাত হনাৰ ইচ্ছাকৃত আৰু আক্ৰোশমূলক চেষ্টা’ৰ অভিযোগ উত্থাপন কৰে। তৌফিকৰ দোষ এয়াই আছিল যে তেওঁ ছ’চিয়েল মিডিয়াত সপ্তদশ শতিকাৰ মোগল সম্ৰাট ঔৰংগজেৱৰ এখন ফটো আপলোড কৰিছিল।
তেওঁ ২৬ বছৰীয়া ককায়েক শ্বফিকে জনোৱা মতে তেওঁলোকৰ গাঁৱৰ একাংশ উগ্ৰ হিন্দু লোকে তৌফিকৰ পোষ্টটোৰ স্ক্ৰীণশ্বট লৈ থানালৈ যায়। “আৰক্ষীয়ে আৰু কোনে কোনে ফটোখন আপলোড কৰিছে সেয়া চাবলৈ তৌফিকৰ ফোনটো বাজেয়াপ্ত কৰে,’’ শ্বফিকে কয়। “মোৰ ভাইটিৰ বয়স মাত্ৰ ১৮ বছৰ। সি ভয়তে আধামৰা হৈ গৈছে।’’
হাছানাবাদ ভোকাৰদান মৌজাৰ অন্তৰ্গত, আজিমৰ গাঁওখনো ইয়াতেই। এটা ছ’চিয়েল মিডিয়া পোষ্টক লৈ গোচৰ ৰুজু কৰা সেই একেই থানাৰ আৰক্ষীৰ যি তৎপৰতা আৰু সহযোগিতা দেখা গ’ল তাৰ বিন্দুমাত্ৰও কিন্তু আজিমৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱাসকলৰ ক্ষেত্ৰত দেখা পোৱা নগ’ল।

ঔৰংগাবাদৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত কৰা প্ৰতিবাদ আৰু জালনা আৰক্ষী অধীক্ষকক লগ ধৰাৰ পিছতহে ভোকাৰদান আৰক্ষী থানাই আজিমৰ এজাহাৰ গ্ৰহণ কৰে
আৰক্ষীয়ে এজাহাৰখনত কম কথা লিখিবলৈ কোৱাৰ পিছত আজিমে সেই ২০ জন মুছলমান গাঁওবাসীয়ে চহী কৰা কাগজখন লৈ ঔৰংগাবাদৰ জিলা উপায়ুক্তৰ কাষ পাইছিল। আজিমৰ সৈতে অনশনত বহিছিল আন কেইবাজনো মুছলমান খেতিয়ক। আজিমে ক্ষোভেৰে কয়, “যি দেখিছো আমাৰ জীৱনৰ কোনো মূল্যই নাই। প্ৰশাসনৰ সমুখত আমি যেন মানুহেই নহয়।’’
৫ দিন পিছত ডিচিয়ে আজিম আৰু আন অনশনকাৰীসকলক সাক্ষাৎ কৰাৰ আশ্বাস প্ৰদান কৰে। তাৰপিছত তেওঁ জালনাৰ আৰক্ষী অধীক্ষকক লগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
ঔৰংগাবাদৰ বিক্ষোভৰ পিছত জালনা চহৰলৈ গৈ আজিমে আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি আক্ৰমণৰ বৰ্ণনা থকা সেই কাগজখন প্ৰদান কৰে। তাৰপিছত আৰক্ষী অধীক্ষকে ফোন কৰি ভোকাৰদান থানাক বিষয়টো ভালকৈ চোৱা-চিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
অৱশেষত প্ৰায় দুমাহৰ অন্তত ১৪ জুলাইত ভোকৰদান আৰক্ষীয়ে গোচৰটো ৰুজু কৰে। এজাহাৰত নীতিনসহ ১৯ জনৰ নাম আছে। অভিযোগ হৈছে বেআইনী ভিৰ, আক্ৰমণ, অস্ত্ৰৰে আঘাত, ৫০ হাজাৰৰো অধিক টকা মূল্যৰ ক্ষতিসাধন আৰু ভয়-ভাবুকি প্ৰদান।
ইমানৰ পিছতো কিন্তু এজাহাৰত গহনা আৰু টকা চুৰি কৰা অংশটো আৰক্ষীয়ে উল্লেখ কৰিবলৈ নিদিলে।
“আমাৰ এজাহাৰ গ্ৰহণৰ ক্ষেত্ৰত কৰা গাফিলতিৰ বাবে আচলতে সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাতো উচিত আছিল,’’ আজিমে কয়। “কিন্তু সেয়া আমি আশাও কৰা নাই। দুখ তেতিয়াই লাগে যেতিয়া এইধৰণৰ কোনো অভিযোগ মুছলমান এজনৰ বিৰুদ্ধে হ’লহেতেন তেতিয়া সকলো বেলেগ হৈ পৰিলহেতেন।’’
ঘটনা সন্দৰ্ভত ভোকাৰদান থানাৰ পৰিদৰ্শকৰ সৈতে একাধিকবাৰ যোগাযোগ কৰা হৈছিল যদিও তেওঁ এই প্ৰতিবেদকক বিষয়টোক লৈ কোনোধৰণৰ মতামত দিয়াৰ পৰা বিৰত থাকে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি