শৈশৱত কেকুৱেউঃ তেওঁৰ মাক আৰু আইতাকক থেভো (চোৰাত গছ)ৰ ঠানিৰে কাপোৰ বোৱা দেখিছিল। তেওঁ মাকহঁতে আধা বৈ থোৱা কাপোৰ ব'বলৈ বহিছিল। কিন্তু তেওঁ লুকাই-চুৰকৈহে তাঁতশালত বহিছিল। কিয়নো মাকে তেওঁক কোনোপধ্যেই শালৰ কাপোৰখন চুবলৈ নিদিছিল, দূৰতে থাকিবলৈ কঢ়া নিৰ্দেশ দি থৈছিল। তেনেকৈয়ে কোনেৱে নিশিকালেও কেকুৱেউঃয়ে লুকাই-চুৰকৈয়ে নিজে নিজে ধীৰে ধীৰে নগা আলোৱান বোৱাৰ কৌশল আয়ত্ব কৰিলে, তেওঁ কয়।
এতিয়া তেওঁ একেবাৰে কাজী শিপিনী। খেতি-বাতি আৰু ঘৰুৱা কাম-বনৰ মাজতে তেওঁ কাপোৰ বোৱাৰ বাবে সময় উলিয়ায়। “পানী উতলিবলৈ ৰৈ থকা সময়কণৰ পৰা চাউল সিজোৱা বা কোনোবাই আমাৰ ল’ৰা-ছোৱালীকেইটাক ফুৰাবলৈ লৈ গ’লে আমি যিমানকণ সময় পাওঁ, সেইখিনি সময়তে ইমানকণ কাপোৰ ব’বলৈ হ’লেও তাঁতশালত বহো,” তৰ্জনী আৰু বুঢ়া আঙুলিটোৰে জোখ এটা দেখুৱাই তেওঁ কয়।
কেকুৱেউঃ ৰুকিজু ক'লনিৰ টিনচালি দিয়া নিজৰ ঘৰটোত দুগৰাকী চুবুৰীয়াৰ লগত বহি আছে - ভেহুজুলুঃ আৰু এয়িহিলুঃ চটচো'। কেকুৱেউঃয়ে ধাৰণা কৰা মতে নাগালেণ্ডৰ ফেক জিলাৰ ফাচেৰ’ গাঁৱৰ ২৬৬ ঘৰৰ প্ৰায় ১১ শতাংশ বোৱা-কটাৰ কামৰ সৈতে জৰিত। বোৱনীসকল হৈছে ঘাইকৈ চাখেচাং সম্প্ৰদায়ৰ (অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ) কুঝামী উপ-জনগোষ্ঠীৰ মহিলা। “আমাক গিৰীহঁতে সহায় কৰে,” কেকুৱেউঃয়ে কয়, “তেওঁলোকে খাদ্যও ৰান্ধে। কিন্তু মহিলাৰ দৰে তেওঁলোক পটু নহয়। আমি ৰন্ধা-বঢ়া, খেতি-খোলা, বোৱা-কটা আৰু আন ঘৰুৱা কাম-বনো কৰোঁ।”


বাওঁফালে: কেকুৱেউঃয়ে নিজে বৈ উলিওৱা আলোৱান এখন দেখুৱাইছে। সোঁফালে: ৰুকিজু ক'লনিৰ শিপিনীসকল। (বাওঁফালৰ পৰা সোঁফাললৈ) তেওঁৰ চুবুৰীয়া (মাজত ৰঙা আলোৱান লৈ থকা) ভেহুজুলুঃ, নিখু থুঃলু, কেকুৱেউঃ আৰু এয়িহিলুঃ চটচো', কেকুৱেউঃৰ ঘৰত


বাওঁফালে: চোৰাত গছ (ষ্টিনজিং নেটল্ বা Urtica)ৰ বাকলিৰ পৰা বনোৱা সূতা, কেকুৱেউঃৰ পাকঘৰত। নগাসকলৰ কিছুমান জনজাতিয়ে এই সূতা কাপোৰ বোৱাত ব্যৱহাৰ কৰে। চাখেচাং জনজাতিৰ লোকে এনে সূতাৰ পৰা তৈয়াৰী কাপোৰক চাজুখুঃ, থেৱ’ৰা বা লুচা বুলি কয়। সোঁফালে: কেকুৱেউঃয়ে পাকঘৰত আলোৱান এখন বৈ আছে, তাতেই তেওঁ বোৱা-কটাৰ বেছিখিনি কাম কৰে
কেকুৱেউঃৰ দৰে ভেহুজুলুঃ আৰু এয়িহিলুঃয়েও কম বয়সতে বোৱা-কটাৰ কাম আৰম্ভ কৰিছিল। কাপোৰ বোৱা কাম শিকাটো আৰম্ভ হয় সৰু-সুৰা কামে যেনে মহুৰা ফুৰুৱা, বাটি কঢ়া বা বাণী সূতা বোৱা কামত সহায় কৰা আদি।
৩৫ বৰ্ষীয় এয়িহিলুঃ চটচো'য়েও ২০ বছৰমান বয়সৰ পৰা বোৱা কাম আৰম্ভ কৰিছিল। “মই আলোৱান, চাদৰ আদি ব’ব জানো। মই আগতে ৩০ খনলৈকে কাপোৰ ব’ব পাৰিছিলো, কিন্তু এতিয়া এসপ্তাহত এখনমানহে আলোৱান কোনোমতে হৈ উঠে, কেতিয়াবা দুখন,” তেওঁ কয়।
“পুৱা-গধুলি মই মোৰ ল’ৰা-ছোৱালীকেইটাক আলপৈচান ধৰোঁ আৰু দিনৰ ভাগত শালত বহো,” তেওঁ কয়। অৱশ্যে চতুৰ্থটো সন্তান জন্মৰ সময় চমু চাপি অহা হেতুকে তেওঁ সাময়িকভাৱে কামৰ পৰা অব্যাহতি লৈছে।
মহিলাসকলে তেওঁলোকৰ নিজৰ আৰু পৰিয়ালৰ বাবে পৰম্পৰাগত সাজ-পোচাক যেনে নগা মেখেলা আৰু আলোৱান বোৱে। চতুৰ্থ প্ৰজন্মৰ বোৱনী ভেহুজুলুঃয়ে আংগামি জনজাতিৰ পৰম্পৰাগত পোছাকো বোৱে। “মই হৰ্নবিল উত্সৱৰ সময়ত আংগামিসকলৰ পৰম্পৰাগত পোচাক বওঁ, সেইখিনি সময়ত চাহিদা বেছি থাকে,” তেওঁ কয়।
নাগালেণ্ডৰ ৰাজ্য চৰকাৰে আয়োজন কৰা দহদিনীয়া হৰ্নবিল উত্সৱ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হয়। এই উত্সৱে নিজৰ পৰম্পৰাগত সংস্কৃতি আৰু জীৱন যাপনৰ শৈলী প্ৰদৰ্শন কৰে আৰু ভাৰতৰ লগতে দেশৰ বাহিৰৰ পৰাও বহুসংখ্যক পৰ্য্যটকে এই উত্সৱত ভাগ লয়।


ঘৰত কাপোৰ বোৱা কামত ব্যস্ত নিখু থুলুঃ আৰু ভেহুজুলুঃ
*****
প্ৰতিটো নগা জনজাতিৰে নিজা আলোৱান আছে, যিটো জনজাতিয়ে প্ৰতি সুকীয়া আৰু চাখেচাং আলোৱানে ২০১৭ত ভৌগোলিক সূচক চিহ্ন চমুকৈ জি.আই. টেগ লাভ কৰিছিল।
“আলোৱানখনেই প্ৰতিটো জনজাতিৰ পৰিচয়, সামাজিক মৰ্য্যাদা আৰু লিংগৰ লগতে আন বহু কথা নিৰ্ধাৰণ কৰে,” ড. জকুচী ৰাখৱে কয়। তেওঁ ফেক চৰকাৰী মহাবিদ্যালয়ত ইতিহাস পঢ়ায়। “আলোৱান অহিবনে সকলো উত্সৱ-পাৰ্বন আধৰুৱা।”
“পৰম্পৰাগত আলোৱানে আমাৰ সংস্কৃতি আৰু মূল্যবোধ বহন কৰে,” নাগালেণ্ডৰ অদ্বিতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে উত্সৰ্গিত চিঝামি ৱিভচ্ শীৰ্ষক জীৱিকাৰ কাৰ্য্যসূচীৰ প্ৰকল্প সমন্বয়ক নিটচপেউঃ (আটচলে) থপিয়ে কয়।
“প্ৰতিখন আলোৱান বা মেখেলাৰে ভাগ থাকে। উদাহৰণ স্বৰূপে অবিবাহিত পুৰুষ-নাৰী, বিবাহিত দম্পতী, কম বয়সীয়া যুৱতীৰ সুকীয়া বস্ত্ৰ থাকে, একেদৰে মৃতকৰ সত্কাৰ কৰাৰ বাবেও নিৰ্দিষ্ট আলোৱান আৰু মেখেলা থাকে,” তেওঁ বুজাই কয়। আটচলে কোৱা মতে চাখেচাং আলোৱানত সাধাৰণতে যাঠি, ঢাল, মেথোন, মেঠোন, হাতী, জোন, বেলি, ফুল আৰু পখিলা আদিৰ ফুল তোলা হয়।


বাওঁফালে: ৰিৰা আৰু ৰুৰাৰ লগতে থুঃপিখু/চুঃকেচুঃৰা/হাপিদাচা আলোৱানখন চাখেচাং জনগোষ্ঠীৰ সৰ্বোচ্চ মান্যতাপ্ৰাপ্ত আলোৱান। পৰম্পৰাগতভাৱে এই আলোৱান আটাইবোৰ নিৰ্ধাৰিত ‘ফিষ্ট অৱ মেৰিট' সম্পূৰ্ণ কৰা দম্পতীক উত্সৰ্গা কৰা হয়। হাপিদাচা আলোৱানখন সৰ্বোচ্চ সন্মানৰ প্ৰতীক আৰু ই সমৃদ্ধি আৰু মহানুভৱতা সূচায়। সোঁফালে: পুৰুষে পিন্ধা ৰিৰাৰ বিপৰীতে মহিলাই ৰুৰা আলোৱান পিন্ধে। এনে আলোৱানত ইৰু চানেকি তোলা থাকে। দীঘে দীঘে থকা শুকুলা ৰঙে পোহৰ, আনন্দ আৰু শান্তি সূচায় আৰু ইৰু চানেকিয়ে সমৃদ্ধি আৰু পৰিতৃপ্তি সূচায়


বাওঁফালে: এখন পৰম্পৰাগত চাখেচাং শ্বাল। সোঁফালে: পুৰুষৰ ৰিৰা আলোৱানখনত যাঠি, ঢাল, জন্তুৰ হাড় আৰু দাৰ খাপ আদিৰ ফুল থাকে
কিন্তু পাৰিয়ে যিসকল মহিলাৰ সৈতে কথা পাতিছিল, তেওঁলোকে আলোৱানৰ এই ভাগ আৰু ফুলবোৰৰ তাত্পৰ্য্যৰ বিষয়ে নাজানে। তাৰ অৰ্থ এয়ে যে এই শিল্প প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰিছে যদিও কাহিনীবোৰ আগবঢ়া নাই। কেকুৱেউঃ আৰু তেওঁৰ চুবুৰীয়াসকলে নাজানে যে চাখেচাং আলোৱানে জি.আই. টেগ লাভ কৰিছে, কিন্তু কয় যে পইচাৰ খুব এটা প্ৰয়োজনৰ সময়ত এই বোৱা-কটা কামেই তেওঁলোকক ভালেখিনি সহায় কৰে। ভেহুজুলুঃৱে বাণিসূতা বৈ দোৰ্পতি ডাল মাৰি পাৰিক কয়, “খেতিৰ পৰা উপাৰ্জনৰ বাবে আমি শস্য চপোৱালৈকে ৰ’বলগীয়া হয়, কিন্তু বোৱা কামটোত কাপোৰ এখন বৈ উলিওৱাৰ পিছত যেতিয়াই বিপদে-আপদে পইচাৰ প্ৰয়োজন হয়, তেতিয়াই বিক্ৰী কৰিব পাৰি।”
*****
ফেক জিলাৰ উপ-সংমণ্ডল ফাচেৰ’ৰ বজাৰৰ পৰা শিপিনীসকলে কেঁচামাল সংগ্ৰহ কৰে। কাপোৰ বোৱাত দুই ধৰণৰ সূতা ব্যৱহাৰ কৰা হয় - কপাহী সূতা আৰু ঊণ সূতা। বহুলভাবে উত্পাদিত সূতা সহজে উপলব্ধ হোৱাৰ বাবে গছ-গছনিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক তন্তুৰ পৰা পৰম্পৰাগতভাবে প্ৰস্তুত সূতাৰ ব্যৱহাৰ আজিকালি কমি আহিছে।
“আমি ভাল চিজন, নৱেম্বৰ-ডিচেম্বৰত নিৰ্দিষ্ট দোকান এখন, যিখনে আমাৰ বোৱা কাপোৰবোৰ বিক্ৰীৰ বাবে ৰাখে বা অৰ্ডাৰ আনি দিয়ে, তাৰপৰা সৰহকৈ সূতা কিনি ৰাখো,” ভেহুজুলুঃয়ে কয়। স্থানীয় ঊণ আৰু টু-প্লাই সূতাৰ দাম কিলোত ৫৫০ টকা আৰু থাইলেণ্ড সূতাৰ দাম প্ৰতিকিলোত ৬৪০ টকা।
শিপিনীসকলে বাঁহ আৰু কাঠেৰে নিৰ্মিত নগাসকলৰ কঁকাল-শালত কাপোৰ বোৱে।
কেকুৱেউঃয়ে চেঝেৰ’ (তাঁতশালখন বওতে কঁকালৰ পিছফালে বান্ধি লোৱা ফিতাডাল) আৰু ৰাডজুঃ (তাঁতশালৰ দীঘৰ সূতা বা কাপোৰ মেৰাই থোৱা গোটা মিহি কাঠ, অসমীয়াত গাৰি বোলে)ডাললৈ আঙুলিয়াই দি কয়। কঁকালত বন্ধা ফিতাডাল কেপে (বাঁহ বা কাঠৰ গোটা মাৰি) বোলা মাৰি এডালৰ সৈতে সংযুক্ত কৰা থাকে। ইয়ে শালৰ কাপোৰখন টানি ধৰি ৰাখে আৰু বৈ হোৱা কাপোৰখিনি গাৰিডালত মেৰিয়াই গৈ থকা হয়। সেয়ে ৰাডজুঃখন নথকাকৈও ৰাডজুঃ কুলো মানে তাঁতশালৰ কাপোৰখন বেৰজাতীয় কোনো ঠাইত লগাই লৈ টান খুৱাই কাপোৰ ব’ব পাৰি।


বাওঁফালে: শিপিনীক বিভিন্ন ধৰণৰ সঁজুলিৰ প্ৰয়োজন হয়। সোঁফালে: কেকুৱেউঃয়ে ৰাডজুঃ কুলো নামে তাঁতৰ কাপোৰখন পাকঘৰৰ বেৰত লগাই লৈ কাপোৰ বৈ আছে


বাওঁফালে: আংগামি জনজাতিৰ আলোৱান এখনত চানেকি তোলাত ব্যস্ত ভেহুজুলুঃ। সোঁফালে: তাঁতশালত ব্যস্ত নিখু থুলুঃ
শিপিনীসকলে বোৱা-কটা কামত ঘাইকৈ আঠবিধ সঁজুলি ব্যৱহাৰ কৰে: লইয়ে (দোৰ্পাতি) যিটোৱে কাপোৰখনৰ গুণগত মান, কাপোৰখন মিহি আৰু বেছিদিন টিকা হ’ব নে নাই সেয়া নিৰ্ধাৰণ কৰে; মেফেচুঃকা (ফুলশলা) যিডালত সূতা মেৰিয়াই ফুল তোলা হয়। আকৌ একেবাৰে সুক্ষ্ম আৰু জটিল চানেকি তুলিবলৈ শিপিনীয়ে বাঁহৰ পাতল চিৰি ব্যৱহাৰ কৰে যাক লনুঃ চুঃকা বুলি কোৱা হয়। লপু বুলি কোৱা বাঁহৰ গোল মাৰি ডাল দীঘৰ সূতাখিনি বোৱাৰ সময়ত আগৰ আৰু পিছৰছোৱা সূতা পৃথকে ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। কেঝে চুঃকা আৰু নাচে চুঃকা নামে মিহি সৰু মাৰিকেইডাল তাঁতৰ কাপোৰখন আউল নালাগিবলৈ লগোৱা হয়।
*****
অঞ্চলটোৰ ঘাই খাদ্যশস্য হৈছে ধান। মে’-জুন মাহত এই খেতি ঘৰত খাবৰ জোখাৰে কৰা হয়। তেওঁলোকৰ সৰু সৰু খেতিমাটিৰ টুকুৰাত ভেহুজুলুঃয়ে খুভিয়ে নামৰ পিয়াজৰ দৰে এবিধ শস্য (Allium chinese)ৰ খেতি কৰে, যিটো চালাড হিচাপে খোৱাৰ লগতে আন ব্যঞ্জনতো ব্যৱহাৰ কৰা হয়। সেই শস্য ভেহুজুলুঃয়ে স্থানীয় বজাৰত বিক্ৰী কৰে।
“খেতিত বীজ সিচা আৰু চপোৱাৰ মাজৰ সময়ছোৱাত সাধাৰণতে বন নিৰোৱা, চোৱা-চিতা কৰা আৰু বনৰীয়া জীৱ-জন্তুৰ পৰা শস্যখিনিক সুৰক্ষা দিয়া কাম থাকে,” খেতিৰ ফালে পিঠি দি বোৱা-কটা কামত একাণপতীয়াকৈ যে লাগি থাকিব নোৱাৰি, তাকে বুজাই তেওঁ কয়।
খেতিৰ পৰিৱৰ্তে বোৱা-কটাত বেছি সময় দিয়াৰ বাবে কেকুৱেউঃয়ে আগতে ঘৰৰ পৰা কথা শুনিবলগীয়া হৈছিল। কিন্তু তেওঁ নিজৰ কামত অটল থাকিল। “মই সঘনাই পথাৰলৈ নগৈছিলো যদিও বোৱা-কটাৰ কামে আমাক জীৱিকাৰ ভাল উপায় এটা দিছিল। বিয়াৰ আগত মই মোৰ ভাইটোৰ ল’ৰা-ছোৱালীকেইটাৰ টিউচনৰ ফীজ দিব পাৰিছিলো আৰু উত্সৱৰ সময়ত পইচা-পাতিৰে সহায় কৰিব পাৰিছিলো,” তেওঁ কয়। অফ-চিজনত কাপোৰ বৈ পোৱা টকাৰে পৰিয়ালৰ ৰেচন-পাতি কিনিব পাৰিছিল বুলি কেকুৱেউঃয়ে কয়।


বাওঁফালে আৰু সোঁফালে: কণমানি জীয়ৰীৰ সৈতে কেকুৱেউঃ। খেতি-খোলা আৰু ঘৰুৱা কাম-বনৰ মাজত সুৰুঙা উলিয়াই তেওঁ তাঁতশালত বহে


বাওঁফালে: কেকুৱেউঃৰ ঘৰৰ চোতালখন। সোঁফালে: কেকুৱেউঃ আৰু ভেহুজুলুঃয়ে আংগামি নগা জনজাতীয় আলোৱানখনৰ তিনিভাগৰ এক অংশ বৈ উলিয়াইছে, আলোৱানখন ভেহুজুলুঃয়ে বৈ আছে
যিখিনি পইচা পাওঁ, সেইখিনি যথেষ্ট নহয়, মহিলাসকলে কয়।
“দিনহাজিৰা কৰিবলৈ গ’লে আমি ৫০০-৬০০ টকা উপাৰ্জন কৰিব পাৰিম চাগে, কিন্তু বোৱা-কটা কামত আমি সপ্তাহতহে ১,০০০-১,৫০০ টকা পাওঁ,” ভেহুজুলুঃয়ে কয়। “দিনহাজিৰা কৰিলে দিনে ৬০০ৰ পৰা ১,০০০ টকা পোৱা যায়, কিন্তু মহিলা এগৰাকীয়ে কাপোৰ বোৱা কামত মাত্ৰ ১০০ৰ পৰা ১৫০ টকাহে পায়,” নিম্ন মজুৰিৰ কথা প্ৰসংগত কেকুৱেউঃয়ে কয়।
“পইচা পাইলি হইছে (পইচা পাই থকালৈকে ঠিকে আছে),” এয়িহিলুঃ চটচো’য়ে মিচিকীয়াই হাঁহি কথাটো পাতল কৰি কয় যদিও লগতে যোগ দিয়ে, “আমাৰ ইয়াত চৰকাৰৰ ফালৰ পৰা একো সহায়-সহযোগ নাই পোৱা।”
স্বাস্থ্যজনিত সমস্যাও এইক্ষেত্রত আছে। একেঠাইতে বহুসময় বহি থকাৰ ফলত হমৰবিখা (কঁকালৰ বিষ) হয়। ভেহুজুলুঃয়ে মাত দি কয় যে এইটোৱে তেওঁৰ কামৰ ক্ষেত্রত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
ইফালে মেচিনত বনোৱা কাপোৰৰ ফলত বজাৰত প্ৰতিযোগিতা বাঢ়িছে। “মানুহে কোনো অভিযোগ অবিহনে বজাৰৰ পৰা বেছি দাম দি কাপোৰ কিনি নিয়ে,” কেকুৱেউঃয়ে কয়, “কিন্তু স্থানীয় শিপিনীয়ে বোৱা কাপোৰৰ ক্ষেত্রত এডাল সূতাও যদি ফিচিকি থকা দেখে, মানুহে দাম দিব নিবিচাৰে।”
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন চমুকৈ এমএমএফ-ৰ ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।
অনুবাদ: পংকজ দাস