“বেলট পেপাৰেই সঠিক। মেচিনত আপুনি ক’ব নোৱাৰে কোনটো বুটাম টিপা গৈছে আৰু কোনে ভোটটো পাইছে!”
কালমুদিন আনছাৰীয়ে ইভিএম (ইলেকট্ৰনিক ভোটিং মেচিন)ৰ ঠাইত বেলট পেপাৰেই পছন্দ কৰে। পালামুৰ কুমনি গাঁৱৰ বাসিন্দা ৫২ বৰ্ষীয় কালমুদিন আহিছে স্থানীয় গৰুৰ বজাৰখনলৈ। ঝাৰখণ্ডৰ এপ্ৰিল মাহৰ প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ তেওঁ মুৰত বগা গামোচা এখন মেৰিয়াই লৈছে। ষাঁড়গৰুটো বেচিবলৈ তেওঁ পাথাৰৰ সাপ্তাহিক গৰুৰ বজাৰখনলৈ ১৩ কিলোমিটাৰ বাট খোজকাঢ়ি আহিছে। “পইচাৰ প্ৰয়োজন হৈছে,” তেওঁ কয়।
যোৱাবছৰ (২০২৩) তেওঁৰ খেতিখিনি অলপো নাবাচিল। তেওঁ ৰবিশস্যৰ বতৰত সৰিয়হৰ বীজ সিচিছিল, কিন্তু তাৰে এক তৃতীয়াংশ কীট-পতংগই খালে। “আমি প্ৰায় ২.৫ কুইণ্টল সৰিয়হ চপালো। সেইখিনি ধাৰ মাৰোতেই শেষ হ’ল,” কালমুদিনে কয়।
খেতিয়ক কালমুদিনে চাৰিবিঘা মাটিত খেতি কৰে। সুদখোৰৰ পৰা ধাৰ লৈ লৈ তেওঁ বোজা টানিব নোৱাৰা অৱস্থা হৈছে। “বহুত পেইচা লে লেৱা লে (সিহঁতে বহুত টকা নিলে),” তেওঁ কয়। লগতে যোগ দিয়ে যে এশ টকাত পাঁচ টকা সুত দিব লাগে, ধাৰত পোত গৈছো। মই ১৬,০০০ টকা ধাৰে আনিছিলো, এতিয়া সেয়া ২০,০০০ টকা হৈছে আৰু মই কেৱল ৫,০০০ টকাহে ধাৰ শুজিছো।”
এতিয়া একমাত্ৰ উপায় আছেগৈ ষাঁড়গৰুটো বিক্ৰী কৰা। “ইচিলিয়ে কিষাণ চুৰমুৰা জাতা হ্যে। খেতি কিয়ে কি বেইল বেচা গয়া (এই কাৰণতে খেতিয়কে কষ্ট সহিবলগীয়া হয়। মই খেতি কৰো, কিন্তু এতিয়া নিজৰ গৰুটোৱে বেচিবলগীয়া হৈছে),” কালমুদিনে কয়। ২০২৩ত বৰষুণ হ’ব বুলি তেওঁ আশা কৰিছিল।

পালামুৰ কুমনি গাঁৱৰ কৃষক কালমুদিন আনছাৰীয়ে নিজৰ ষাঁড়গৰুটো বেচিবলৈ ১৩ কিলোমিটাৰ বাট বাই পাথাৰৰ এই সাপ্তাহিক গৰু বজাৰখনলৈ আহিছে । বৰষুণৰ অভাৱ আৰু কীট - পতংগৰ আক্ৰমণত তেওঁৰ শস্যখিনি নষ্ট হৈ গ ’ ল আৰু তেওঁ এতিয়া স্থানীয় সুদখোৰৰ পৰা পইছা লৈ ঋণৰ বোজা বব নোৱাৰা হৈছে
ঝাৰখণ্ডত ৭০ শতাংশ খেতিয়কৰ নিজাকৈ মাটি বুলিবলৈ এক হেক্টৰতকৈ কম। প্ৰায় আটাইখিনি (৯২ শতাংশ) মাটিৰ খেতি বৰ্ষানিৰ্ভৰ। জলসিঞ্চনৰ আৱশ্যকতাৰ কেৱল ৩৩ শতাংশহে কুঁৱাই পুৰণ কৰে। এই আটাইখিনিকে জলসিঞ্চনৰ ব্যৱস্থাৰ প্ৰয়োজন। কালমুদিনৰ দৰে ক্ষুদ্ৰ খেতিয়কে খেতিৰ বাবে কেতিয়াও আশা এৰি দিয়া নাই, বীজ আৰু সাৰৰ বাবে পইচা ধাৰে আনি থাকিল।
সেয়ে ২০২৪ৰ অহা সাধাৰণ নিৰ্বাচনত তেওঁ তাকেই ভোট দিব, যিয়ে তেওঁৰ গাওঁখনৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব। নতুন দিল্লীৰ পৰা ১,০০০ কিলোমিটাৰ দূৰৰ তেওঁৰ ঘৰখনত টিভি কিম্বা স্মাৰ্টফোন নাই, সেয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা ইলেক্টৰেল বণ্ডৰ কথা তেওঁ নাজানে বুলি কয়।
বজাৰত তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইজনৰ পিছত সিজন গ্ৰাহকৰ লগত দামদৰ কৰি থকাৰ পিছত কালমুদিনে শেষত তেওঁৰ ষাঁড়গৰুটো ৫,০০০ টকাত বিক্ৰী কৰিলে। অৱশ্যে তেওঁ আশা কৰিছিল ৭,০০০ টকা।
ষাঁড়গৰুটো বিক্ৰী কৰাৰ পিছত তেওঁৰ ঘৰত থাকিল এতিয়া দুজনী গাইগৰু আৰু এটা দমৰা। সেই তিনি সম্পত্তিৰে তেওঁ নিজৰ সাতজনীয়া পৰিয়ালটো চলাই নিব পাৰিব বুলি আশা কৰিছে। “খেতিয়কৰ বাবে যিজনে কিবা এটা কৰিব, তাকেই ভোট দিম,” তেওঁ দৃঢ়তাৰে কয়।
ৰাজ্যখন ইটোৰ পিছত সিটো খৰাঙৰ কবলত পৰিছে। ২০২২ত প্ৰায় গোটেই জিলাখন, ২২৬ টা ব্লক খৰাংপীড়িত বুলি ঘোষণা কৰা হৈছিল। পৰৱৰ্তী বছৰত (২০২৩ত) ১৫৮ টা ব্লক খৰাঙৰ কবলত পৰিছিল।

ঝাৰখণ্ডৰ খেতিৰ মাটি গোটেইখিনিয়েই খেতিৰ ওপৰত নিৰ্ভৰশীল । কিন্তু ২০২২ আৰু ২০২৩ বৰ্ষত ইটোৰ পিছত সিটো খৰাঙৰ কবলত ৰাজ্যখন পৰিছে । জলসিঞ্চনৰ আৱশ্যকতাৰ কেৱল ৩৩ শতাংশহে কুঁৱাই পুৰণ কৰে । সেয়ে কালমুদিনে থিৰাং কৰিছে যে যিয়ে তেওঁৰ গাঁৱৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিব , তেওঁকহে ভোটটো কালমুদিনে দিব
পালামু জিলাত ২০ টাৰ আটাইকেইটা ব্লকেই বৃষ্টিহীনতাৰ সন্মুখীন হৈছিল। ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ ৩,৫০০ টকা আগবঢ়োৱাটোৱে সাধাৰণ নিৰ্বাচনত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে, বহুতেই সেয়া পোৱা নাই। “খৰাং সাহায্যৰ প্ৰপত্ৰখন মই পুৰণ কৰিছো। মই প্ৰথম বছৰত ৩০০ টকা (২০২২ত) আৰু দ্বিতীয় বছৰত ৫০০ টকা (২০২৩) দিছিলো। এতিয়ালৈ একো পোৱা নাই,” সোণা দেৱীয়ে কয়।
ভৰ দুপৰীয়া আৰু ঝাৰখণ্ডৰ বৰওঁ গাঁৱত উষ্ণতা ৩৭ ডিগ্ৰী হৈছে। ৫০ বৰ্ষীয় সোণা দেৱীয়ে হাতুৰী-বটালিৰে কাঠ কাটি আছে। সেইখিনি খৰিৰে তেওঁলোকে ভাত ৰান্ধিব। যোৱা বছৰ গিৰীয়েক কামেশ ভুইয়া পক্ষাঘাতগ্ৰস্ত হোৱাৰ পিছৰে পৰা সোণা দেৱীয়ে এই কাম কৰিবলৈ লৈছে। পৰিয়ালটো ভুইয়া দলিত সম্প্ৰদায়ৰ আৰু ঘাইকৈ খেতিৰ ওপৰতে জীৱিকাৰ বাবে নিৰ্ভৰ কৰে।
কামেশে কয় যে তেওঁ বৰ্তমানৰ বিধায়ক আলোক চৌৰাছিয়াৰ বাবে ২০১৪ত প্ৰচাৰ অভিযানত সহায় কৰিছিল, কিন্তু সেইজন বিধায়কে “যোৱা ১০টা বছৰত এবাৰো তেওঁলোকৰ অঞ্চলটো সাক্ষাৎ কৰা নাই।”
তেওঁলোকৰ দুটা কোঠাৰ কেঁচা ঘৰটো তেওঁলোকৰ নিজৰ ১৫ কঠা মাটিত আছে। “দুটা বছৰ মাটিখিনিত একো খেতি হোৱা নাই। যোৱা বছৰ (২০২২ত) পানী একেবাৰেই নাছিল। এইবছৰ (২০২৩ত) সামান্য বৰষুণ হৈছিল, কিন্তু কঠিয়াখিনি ভালদৰে ঠন ধৰি নুঠিল,” সোণাই কয়।
সাধাৰণ নিৰ্বাচনক লৈ এই প্ৰতিবেদকে প্ৰশ্ন কৰাত তেওঁ ওলোটাই ক’লে, “আমাক বিচাৰেনো কোনে? কেৱল ভোট দিয়াৰ সময়ত সিহঁত (নেতাসকল) আমাৰ ওচৰলৈ আহে। দিদি, ভাইয়া, চাচা বুলি মাতে। জয়ী হোৱাৰ পিছত সিহঁতে আমাক চিনিকে নাপায়।” দুবাৰকৈ খৰাং পৰাৰ ফলত খেতি ভাল নোহোৱাত সোণাৰ ৩০,০০০ টকাৰ ধাৰ লাগিছে, তাতে আকৌ গিৰীয়েকৰ পক্ষাঘাত। “যিয়ে আমাক সহায় কৰিব, তাকেই ভোট দিম।”
এইজন প্ৰতিবেদকলৈ চাই তেওঁ কয়, “আপুনি গ’লে (নেতাক লগ ধৰিবলৈ) তেওঁলোকে আপোনাক বহিবলৈ চকী এখন দিব। আমাক তেওঁলোকে বাহিৰতে ৰ’বলৈ কয়।”


পালামু জিলাৰ চিয়াংকি গাঁৱৰ ( বাওঁফালে ) খেতিপথাৰবোৰ পানীৰ অভাৱত চন পৰিছে । ৰবি ঋতুত খেতিয়কে গমধানৰ খেতি কৰিছিল , কিন্তু কুঁৱাবোৰ শুকাই যোৱাত তেওঁলোকে আনকি খোৱাপানীৰেই সমস্যাত পৰিছে । তিনিবছৰ আগতে নিৰ্মিত এটা পানীৰ কেনেল নিৰ্মাণৰ সময়ৰে পৰা পানী পোৱা নাই


বাওঁফালে : পালামুৰ বৰওঁ গাঁৱত সোণা দেৱীয়ে ২০২৩ত খৰাংপীড়িতজনৰ সাহায্যৰ প্ৰপত্ৰ এখন পুৰণ কৰি আছে , তাৰবাবে তেওঁ মাচুল দিবলগীয়া হৈছে । তেওঁ এতিয়াও সাহায্য পোৱা নাই । ‘ যোৱাবছৰ ( ২০২২ত ) পানী একেবাৰেই নাছিল ,’ তেওঁ কয় । সোঁফালে : তেওঁৰ চুবুৰীয়া মালতী দেৱীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পাইছে । ‘ আমি গাঁৱত আন মহিলাৰ সৈতে সমস্যাবোৰ আলোচনা কৰোঁ আৰু তাৰপিছত কাক ভোট দিব লাগিব , সেই সিদ্ধান্ত ( সমূহীয়াকৈ ) লওঁ ,’ তেওঁ কয়
মালতী দেৱী (৪৫) সোণাৰ চুবুৰীয়া খেতিয়ক। তেওঁ এক বিঘা মাটিত খেতি কৰে আৰু কৃষি শ্ৰমিক হিচাপেও কাম কৰে। “আমি আগতে আমাৰ নিজৰ (এক বিঘা)ৰ ধানৰ উপৰি আধিয়াত মাটি লৈ কমেও ১৫ কুইণ্টল ধান পাইছিলো। এইবছৰ আলুৰ খেতি কৰিছো, কিন্তু বজাৰত বিক্ৰী কৰিব পৰাকৈ উৎপাদন ভাল নহ’ল,” তেওঁ কয়।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ এটা পাই সুখী হোৱা মালতীয়ে কয় যে কংগ্ৰেছ দলৰ পাঞ্জা চাপৰ পৰা মোডীক ভোট দিয়াৰ ইয়েই কাৰণ । “ আমি গাঁৱত আন মহিলাৰ সৈতে সমস্যাবোৰ আলোচনা কৰোঁ আৰু তাৰপিছত কাক ভোট দিব লাগিব , সেই সিদ্ধান্ত ( সমূহীয়াকৈ ) লওঁ । আমাৰ কিছুমানক দমকল লাগে , কিছুমানক কুঁৱাৰ প্ৰয়োজন , কিছুমানক আকৌ চুবুৰী পাতি দিব লাগে । যিয়ে এইবোৰ দাবী পুৰণ কৰিব , তাকেই আমি ভোট দিম , ” তেওঁ কয় ।
*****
“চাউল-দাইল, আটা সকলো মহঙা হৈ গৈছে,” পালামুৰ চিয়াংকি গাঁৱৰ বাসিন্দা আশা দেৱীয়ে কয়। দম্পতিহালে ৩০ৰ দেওনা পাৰ কৰিছে আৰু ছটা সন্তান আছে। গিৰীয়েক সঞ্জয় সিঙে (৩৫) এগৰাকী শ্ৰমিক। পৰিয়ালটো চেৰো জনজাতিৰ - ঝাৰখণ্ডৰ ৩২ টা অনুসূচিত জনজাতিৰ এটা। “খেতিৰ বতৰ ভালে থাকিলে আমি দুটা বছৰ খাবপৰাকৈ খেতি চপাব পাৰো। কিন্তু একেখিনি বস্তু এতিয়া কিনি খাবলগীয়া হৈছে,” তেওঁ কয়।
মূদ্ৰাস্ফীতি আৰু খৰাং আদি বিষয়ৰ কথা ভোট দিওতে চিন্তা কৰিব নেকি বুলি প্ৰশ্ন কৰাত আশা দেৱীয়ে এইগৰাকী প্ৰতিবেদকক কয়, “মানুহে কয় যে বস্তুৰ দাম বাঢ়িছে আৰু মোদীয়ে একো কৰা নাই। তথাপি দেখোন আমাৰ দৰে সাধাৰণ মানুহে তেওঁকেই বাচি লওঁ।” তেওঁ ইয়াকো কয় যে তেওঁলোকে এটা সন্তানকহে ব্যক্তিগত খণ্ডৰ স্কুললৈ পঠিয়াব পাৰিছে, তাত স্কুলৰ মাচুল ১,৬০০ টকা।
২০১৯ৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা দলৰ বিষ্ণু দয়াল ৰামে মুঠ ভোটৰ ৬২ শতাংশ দখল কৰি জয়ী হৈছিল। তেওঁৰ ৰাষ্ট্ৰীয় জনতা দলৰ ঘুৰণ ৰামৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এইবছৰ বিষ্ণু দয়াল ৰাম আকৌ বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় দিছে। তেওঁৰ বিপৰীতে ৰাষ্ট্ৰীয় জনতা দলে এতিয়াও নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। সমষ্টিটোত প্ৰায় ১৮ লাখৰ অধিক ভোটাৰ আছে।
মুদ্ৰাস্ফীতিৰ উপৰিও খৰাং পৰাটো অঞ্চলটোৰ গুৰুতৰ সমস্যা। “খোৱাৰ বাবেও মানুহে ইয়াত চিন্তা কৰিবলগীয়া হয়। বহুতৰে কুঁৱাবোৰ শুকাই গৈছে। দমকলবোৰৰ পানী বৰ দেৰিকৈ ওলোৱা হৈছে,” আশা দেৱীয়ে কয়। “কেনেলবোৰ বনোৱাৰ পিছত তাত পানীৰ মুখে দেখা নাই।”


বাওঁফালে: চিয়াংকি গাঁৱৰ বাসিন্দা আশা দেৱীয়ে গাওঁখনত দোকান এখন দি চলি আছে, তেওঁৰ গিৰীয়েকে দিনহাজিৰা কৰে। ‘চাউল-দাইল, আটা আদি বৰ মহঙা হৈ গ’ল,’ তেওঁ কয়। সোঁফালে: বৰওঁৰ খেতিয়ক সুৰেন্দ্ৰ চৌধাৰীয়ে বজাৰত গৰু বিক্ৰী কৰিবলৈ আনিছে


চিয়াংকি গাঁৱৰ অমৃকা সিঙে যোৱা দুটা বছৰত তিনি লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে। তেওঁৰ কুঁৱাটো (সোঁফালে) শুকাই গ’ল। ‘খেতিয়কৰ কথা কোনে ভাবে? কৃষকে কিমান প্ৰতিবাদ কৰিছে চাওঁক, উচিত মূল্যৰ দাবী কৰি আহিছে, কিন্তু একো সলনি হোৱা নাই,’ তেওঁ কয়
একেই জনজাতিৰ লোক, তেওঁৰ চুবুৰীয়া অমৃকা সিঙে যোৱা দুটা বছৰত তিনি লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে। তেওঁ কয়, “আগতে একো নহ’লেও আমি পাচলি খেতি কৰিব পাৰিছইলো। কিন্তু এইবছৰ আমাৰ কুঁৱাটোও ঢুকাই থাকিল।”
পালামুৰ আন খেতিয়কৰ দৰে অমৃকাও অঞ্চলটোত পানীৰ নাটনিৰ কথা উল্লেখ কৰে। “পানী অবিহনে খেতিৰ কোনো অৰ্থ নাই। পানী নহ’লে কুঁৱাৰ পানীৰে আমি কিমাননো খেতি কৰিব পাৰিম।”
উত্তৰ ক’ৱেল নদীৰ ওপৰত দিয়া মণ্ডল বান্ধ খেতিয়কৰ সহায় হোৱাৰ কথা আছিল। “নেতাবোৰে মিছা প্ৰতিশ্ৰুতি দিয়ে। মোদীয়ে ২০১৯ত কৈছিল যে মণ্ডল বান্ধত গেট দিয়া হ’ব। যদি গেট দিয়া হ’লহেঁতেন, তেতিয়া পানীযোগান ব্যৱস্থা হ’লেহেঁতেন,” অমৃকা সিঙে কয়। “খেতিয়কৰ কথা কোনে চিন্তা কৰে? খেতিয়কে কিমান প্ৰতিবাদ কৰিছে দেখিছেই, উচিত মূল্যৰ দাবী জনাইছে, কিন্তু একো সলনি হোৱা নাই। চৰকাৰে আদানি আৰু আম্বানিক সহায় কৰে, সিহঁতৰ ঋণ মাফ কৰে। কিন্তু খেতিয়কৰ কথা কোনে চিন্তা কৰে?”
“চাওক এতিয়া বিজেপি চৰকাৰ চলি আছে। যিখিনি পাইছো, সিহঁতৰ কাৰণেই পাইছো। ধৰাহওঁক, তেওঁলোকে একো কৰা নাই। তেনেকৈ চাবলৈ গ’লে আন দলবোৰেও একো কৰা নাই,” খেতিয়ক সুৰেন্দৰে কয়। তেওঁ ইলেক্টৰেল বণ্ড আৰু নিবনুৱা সমস্যাৰ কথা প্ৰত্যাখ্যান কৰি কয়, “এয়া ডাঙৰ মানুহৰ সমস্যা। আমি সিমান শিক্ষিত নহয়…পালামু জিলাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে জলসিঞ্চন। এই অঞ্চলৰ খেতিয়ক পানীৰ বাবে আতুৰ।”
সুৰেন্দৰৰ পালামু জিলাৰ বৰওঁ গাঁৱত পাঁচ বিঘা মাটি আছে আৰু খেতিৰ বাবে তেওঁ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। “মানুহে বহি জুৱা খেলে। আমি খেতিত জুৱা খেলো।”
অনুবাদ: পংকজ দাস