“প্ৰথমে বাওঁফালে ঘুৰিব। অকণমান আগুৱাই গৈ আপুনি ক’লা স্তম্ভ এটাত জোৱান এজনৰ ফটো দেখিব। সেইটোৱে তেওঁৰ ঘৰ।” ৰামগঢ় চৰ্দাৰনৰ চাইকেল মেকানিক এজনে আমাক ৰাস্তাটো দেখুৱাই দিলে। গাওঁখনৰ মানুহে অজয় কুমাৰক হয় ফৌজি নাইবা ছহিদ বুলি কয়।
ভাৰত চৰকাৰৰ দৃষ্টিত পিছে তেওঁ তাৰে এটাও নহয়।
জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক অভিযানত এই ২৩ বছৰীয়া জোৱানজনে নিজৰ শেষটোপাল তেজ দি দেশৰ সীমান্তত যুঁজি প্ৰাণ এৰিলে যদিও সেয়া সৰু কথা এটা হৈ ৰ’ল। তেওঁৰ বৃদ্ধ, ভূমিহীন দলিত পৰিয়ালটোৱে এতিয়া এটা পেঞ্চনো নাপায়, পুত্ৰৰ বাবে ছহিদৰ মৰ্য্যাদাকণো নাপায়। তেওঁলোক এক্স-চাৰ্ভিচমেন কনট্ৰিবিউটৰি হেলথ্ স্কীমৰ অধীনত কোনো সুবিধাও নাপায়। আনকি কেণ্টিনৰ ৰেহাই মূল্যৰ সামগ্ৰীও নাপায়। চৰকাৰী তথ্যত অজয় কুমাৰ সৈনিকো নাছিল, ছহিদো নাছিল।
তেওঁ আছিল কেৱল এজন অগ্নিবীৰ।
লুধিয়ানা জিলাৰ এইখন গাঁৱত চৰকাৰে অৱশ্যে সামান্য গুৰুত্ব দিয়া আপোনাৰ চকুত পৰিব। গ্ৰেণ্ড ট্ৰাংক ৰোডৰ পৰা ৪৫ মিনিটৰ এই ৰাস্তাটোৰ দুয়োপাৰে ফুলি থকা সৰিয়হ ফুলৰ খেতিৰ মাজেৰে আপুনি আহি ৰামগঢ় চৰ্দাৰন আহি পাব। ৰাস্তাটোৰ কাষৰ বেৰবোৰত তেওঁৰ নাম আছে। হৰ্ডিংবোৰত অজয়ৰ ধুনীয়া ফটো লগোৱা আছে। তেওঁক স্থান দিয়া হৈছে ছহিদ ভগত সিঙৰ সৈতে, যিয়ে নটা দশক আগতে ফাঁচিকাঠত বুকু ফিন্দাই উঠিছিল, কিন্তু এতিয়াও চৰকাৰে ছহিদৰ মৰ্য্যাদা দিয়া নাই।
গাঁৱত থকা এখন হৰ্ডিঙত লিখা আছে:
নৌজৱান জড় উঠতে নে
তান নিজাম বদল জান্দে নে,
ভগত সিং আজ ভি পেইদা হুন্দে নে,
বচ নাম বদল জান্দে নে…
[যেতিয়া ন-জোৱান থিয় হয়,
মুকূট আঁতৰাই থোৱা হয়
প্ৰতিদিনে জন্ম হয় নতুন এজন ভগত সিঙৰ
মাথো নাম সলনি হয়...]
বাওঁফালে: অজয় কুমাৰৰ ঘৰৰ সন্মুখত এটা ক’লা স্তম্ভত তেওঁৰ ফটো। সোঁফালে: ৰামগঢ় চৰ্দাৰন গাঁৱৰ হৰ্ডিং এখনত উপৰোক্ত পংক্তি লিখা আছে
অজয় কুমাৰে ২০২৪ৰ জানুৱাৰীত জম্মু-কাশ্মীৰত নিজৰ জীৱন উচৰ্গা কৰিছিল। আজোককা হাবিলদাৰ পিয়াৰা লালৰ পৰা অনুপ্ৰাণিত হৈ অজয়ে ভাৰতীয় সেনাত শৈশৱৰে পৰা যোগদান কৰাৰ সপোন পুহি ৰাখিছিল। “দশমমানৰ পঢ়া শেষ কৰি তেওঁ প্ৰস্তুতি আৰম্ভ কৰি দিয়ে,” তেওঁৰ পিতৃ চৰণজীত সিঙে কয়।
“কিন্তু নামভৰ্তিৰ সময়ত তেওঁ অগ্নিবীৰ আৰু সেনা এজনৰ মাজত থকা পাৰ্থক্য ধৰিবপৰা নাছিল,” তেওঁ কয়। কিন্তু তেওঁ ছহিদ হোৱাৰ পিছত কেৱল তেওঁৰ পৰিয়ালেই নহয়, তেওঁলোকৰ গাওঁখনকে ধৰি আশে-পাশে থকা গাওঁবোৰৰ ডেকাল’ৰাবোৰে ‘ঠিকাভিত্তিক জোৱান’ মানে কি জানিব পাৰিছে।
“এনেকৈ আমাক যি চুক্তিৰে নিযুক্তি দিয়া হৈছে, তাকে দেখি ডেকাচাম হতাশ হৈছে,” অজয়ৰ ভনী ২২ বৰ্ষীয় অঞ্জলী দেৱীয়ে কয়। তেওঁলোকে জানে যে ছহিদ হোৱাৰ পিছত অগ্নিবীৰৰ পৰিয়াল এটাই আন সেনা জোৱানে পোৱা সুবিধাখিনি নাপায়।
তেওঁ ক্ষোভত ফাটি পৰিছে। “তেওঁলোকে অগ্নিবীৰক এখন ঢাল হিচাপে ব্যৱহাৰ কৰে, কিয়নো অগ্নিবীৰ এজন মৰিলেও চৰকাৰৰ কোনো দায়িত্ব নাথাকে। যেন তেওঁলোক কম মৰণশীল।”
অগ্নিবীৰৰ প্ৰতি এনে ব্যৱস্থাই ব্ৰিটিছৰ দিনধৰি সেনাবাহিনীত যোগদান কৰি অহা পৰম্পৰা থকা এইখন ৰাজ্যৰ যুৱচামক নিৰাশ কৰি পেলাইছে। ১০৩ বছৰ চলি শেষত ১৯১৮ত অন্ত পৰা প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাবাহিনীত প্ৰতি দুজনৰ এজন সৈনিক পাঞ্জাৱৰ আছিল। সেই সময়ত হাৰিয়ানা আৰু পশ্চিম পাঞ্জাব, যিখন এতিয়া পাকিস্তানৰ অন্তৰ্ভুক্ত, পাঞ্জাৱত আছিল। ১৯২৯ত মুঠ ১,৩৯,২০০ সেনাৰ ৮৬,০০০ জনেই পাঞ্জাৱী সেনা আছিল।
আজি কেইবছৰমান আগলৈকে এইটো পৰম্পৰাই অব্যাহত আছিল। ২০২১ৰ ১৫ মাৰ্চত সংসদত প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাখিল কৰা তথ্য অনুযায়ী ৮৯,০০০ নিযুক্তিৰে ভাৰতীয় সেনাত পাঞ্জাৱৰ স্থান দ্বিতীয়। [পাঞ্জাৱৰ জনসংখ্যাৰ চাৰে-সাত গুণ বেছি থকা উত্তৰ প্ৰদেশ প্ৰথম স্থানত আছে]। ভাৰতৰ ২.৩ শতাংশ জনসংখ্যা পাঞ্জাৱৰ যদিও ৰাজ্যখনৰ পৰা সেনাবাহিনীত প্ৰতিনিধিত্ব কৰা পাঞ্জাৱীৰ সংখ্যা ৭.৭ শতাংশ। ভাৰতৰ জনসংখ্যাৰ ১৬.৫ শতাংশ উত্তৰ প্ৰদেশৰ যদিও আমাৰ সেনাবাহিনীত উত্তৰ প্ৰদেশৰ প্ৰতিনিধিত্ব ১৪.৫ শতাংশ।
সেনাবাহিনীত ভৰ্তি হোৱাৰ আশাৰে সংগ্ৰুৰ জিলাৰ লেহৰাগাগাৰ ফিজিকেল একাডেমিত শাৰী পাতি থকা প্ৰাৰ্থীৰ ফটো, ২০২২ত, দুটা বছৰ আগতে অগ্নিবীৰ আঁচনি মুকলি কৰাৰ পিছত প্ৰতিষ্ঠানটো বন্ধ হৈ যায়
কিন্তু অগ্নিবীৰ আঁচনি মুকলি কৰাৰ পিছত পৰিস্থিতি নাটকীয়ভাবে সলনি হৈ গ’ল। গোটেই ৰাজ্যখনতে সৰু-বৰ চহৰত সেনা প্ৰশিক্ষণ কেন্দ্ৰ দেখা গৈছিল। কিন্তু সেনাবাহিনীত যোগদান কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ সংখ্যা যোৱা দুটা বছৰত কমি অহাত প্ৰতিষ্ঠানৰ সংখ্যা ক্ৰমাগত হাৰত কমি আহিছে।
সংগ্ৰুৰ জিলাৰ লেহৰাগাগা চহৰত প্ৰায় এটা দশক চলোৱাৰ পিছত সুৰিন্দৰ সিঙে সেনাবাহিনীত ভৰ্তিৰ বাবে প্ৰশিক্ষণ দিয়া তেওঁৰ ‘ফিজিকেল একাডেমি’খন বন্ধ কৰিছে। তেওঁ পাৰিক কয় যে প্ৰতিবছৰে পাটিয়ালা, সংগ্ৰুৰ, বাৰ্নালা, ফচেহগঢ় চাহিব আৰু মনচা জিলাৰ কেবাটাও বেটচত তেওঁ প্ৰায় হাজাৰ যুৱকক শাৰিৰীক প্ৰশিক্ষণ দিছে। কিন্তু অগ্নিবীৰ আঁচনি মুকলি কৰাৰ পিছত সেনাত ভৰ্তি হ’ব খোজা প্ৰাৰ্থীৰ সংখ্যা ৫০ জনলৈ কমিছে। “আমি আনকি চলাৰ খৰছখিনি উলিয়াব নোৱাৰা হৈ গ’লো, সেয়ে অৱশেষত প্ৰতিষ্ঠানটো বন্ধ কৰিবলগীয়া হ’ল,” দুখেৰে সুৰিন্দৰে কয়।
২০১১ৰ খোলা আৰু ২০২২ৰ শেষত বন্ধ কৰিবলগীয়া হোৱা প্ৰতিষ্ঠানটোৰ স্বত্ত্বাধিকাৰীজনে কয় যে সেই সময়ছোৱাত, “আমি প্ৰশিক্ষণ দিয়া ১,৪০০ৰ পৰা ১,৫০০ যুৱকে ভাৰতীয় সেনাত যোগদান কৰিছে,” তেওঁ কয়।
সুৰিন্দৰে কয় যে পাঞ্জাৱ, ৰাজস্থান আৰু হাৰিয়ানাৰ সৈতে তেওঁলোকৰ পৰিস্থিতি একেই। “প্ৰায় ৮০ শতাংশ প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ হৈ গৈছে,” তেওঁ কয়। আৰু যি ২০ শতাংশ চলি আছে, তেওঁলোকে আৰক্ষী আৰু আন অৰ্ধ-সামৰিক বাহিনীত নিযুক্তিৰ বাবে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছে।
“আগতে এখন গাঁৱৰ ৫০ৰ পৰা ১০০ গৰাকী যুৱকে সেনাবাহিনীত যোগদান কৰিবল আগ্ৰহী আছিল, এতিয়া সেই সংখ্যা দুইৰ পৰা পাঁচজন। এনেকুৱা ভয়ংকৰ প্ৰভাৱ পৰিছে অগ্নিবীৰ আঁচনিৰ,” তেওঁ কয়।
কৰমজীত সিং যিয়ে পাটিয়ালা জিলাৰ নাভা চহৰত নিউ সৈনিক পাব্লিক একাডেমি চলাইছিল, তেওঁ কয় যে ২০২৩ত ৬০ গৰাকী প্ৰাৰ্থীয়ে সেনাবাহিনীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু তাৰে কেইগৰাকীমানেহে শাৰীৰিক প্ৰশিক্ষণৰ বাবে আহিছিল, কিয়নো নতুন আঁচনিখনৰ আঁসোৱাহৰ বিষয়ে তেওঁলোকে ভালদৰে বুজি উঠিছিল। এনেকৈয়ে প্ৰতিষ্ঠানটো বন্ধ কৰিবলগীয়া হৈছিল।
সংগ্ৰুৰৰ এইখন শাৰীৰিক প্ৰশিক্ষণ কেন্দ্ৰৰ দৰে গোটেই ৰাজ্যখনতে সেনাত নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰবোৰ যোৱা দুটা বছৰত বন্ধ হৈ গৈছে আৰু সেনাবাহিনীত ভৰ্তি হ’ব বিচৰা আগ্ৰহী প্ৰাৰ্থীৰ সংখ্যা হঠাতে হ্ৰাস পাইছে
সংগ্ৰুৰ জিলাৰ আলিপুৰ খালছাৰ জগছিৰ গাৰ্গ আছিল সেইসকল শিক্ষাৰ্থীৰ মাজৰ এজন যিয়ে সেনাবাহিনীৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল কিন্তু শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ নহ’ল। কাৰণ? “মোৰ মা-দেউতাহঁতে ক’লে যে চাৰিটা বছৰৰ চাকৰিৰ কাৰণে জীৱনটো ৰিস্কত পেলাব নালাগে। কিবা এটা হৈ গ’লে, পৰিয়ালে একো নাপাব। প্ৰতিষ্ঠানটোত আমাৰ লগত পঢ়া বহুতেই লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ নহ’ল,” তেওঁ কয়। জগছিৰ এতিয়া ব্যৱহৃত মটৰ চাইকেলৰ কিনা-বেচা ব্যৱসায়ত ধৰিছে।
সেনাবাহিনীত নিজৰ সন্তানক পঠিওৱাৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰ বাবে পাঞ্জাৱৰ সৰু-বৰ সকলো চহৰতে নিযুক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। সুৰিন্দৰ সিঙে কয় যে এতিয়া ইয়াৰে প্ৰায়ভাগেই হয় বন্ধ হৈ গৈছে, নহয়তো আৰক্ষীৰ নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে নতুন ৰূপ লৈছে। প্ৰথমে ২০২০ৰ মাৰ্চ আৰু ২০২২ৰ মাৰ্চলৈ নিযুক্তি নিষিদ্ধ কৰাৰ ফলত এনে প্ৰতিষ্ঠানসমূহ ক্ষতিগ্ৰস্ত হৈছিল। বিশেষকৈ ক’ভিডৰ ফলত আৰু তাৰ লগতে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলতো।
তাৰপিছত চৰকাৰে অগ্নিপথ আঁচনি মুকলি কৰিলে। ২০২২ৰ ১৪ জুনত কেন্দ্ৰীয় কেবিনেটে এই নিযুক্তি আঁচনি আকৰ্ষণীয় বুলি ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত যুৱক-যুৱতীক নিয়মীয়া কেডাৰৰ পৰিৱৰ্তে য’ত ১৫ বছৰৰ ন্যূনতম সেৱা থাকে, চাৰিবছৰৰ বাবে সেনাবাহিনীত নিযুক্তি দিয়া হয়।
চৰকাৰে এই আঁচনি লৈ গৰ্ব কৰিলে যে ই “মানৱ সম্পদ নীতিৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব।” কিন্তু পাৰিৰ প্ৰতিবেদকে আগৰ প্ৰতিবেদনবোৰতো কৈছে যে ২০২০লৈ সেনাবাহিনীত নিযুক্তিৰ বাৰ্ষিক সংখ্যা আছিল ৬১,০০০। অগ্নিপথ আঁচনিৰ অধীনত এই সংখ্যা প্ৰায় ৪৬,০০০ লৈ অৱনমিত হ’ব।
এই পতনে গ্ৰামীণ যুৱচামৰ বহুতৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু জীৱনজোৰা কেৰিয়াৰৰ সপোনক ধূলিস্যাতৎ কৰিলে। এতিয়া তেওঁলোকে কেৱল চাৰিবছৰৰ বাবে ভৰ্তি হ’ব পাৰিব আৰু চাৰিজনৰ মাজৰ এজনেহে সেনাবাহিনীৰ নিয়মীয়া কেডাৰত ভৰ্তি হ’ব পাৰিব।
সেনাবাহিনীত নিযুক্তি হোৱাজনে গ্ৰামীণ সমাজত বিশেষ সন্মান পোৱাৰ উপৰিও নিয়োগৰ সুবিধাজনক স্থিতিৰ বাবে পাঞ্জাৱৰ গ্ৰামাঞ্চলৰ যুৱচামৰ মাজত সেনাবাহিনীৰ প্ৰতি আছিল বিশেষ আগ্ৰহ, পাটিয়ালাৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু ৰণনীতি অধ্যয়ন বিভাগৰ প্ৰাক্তন মুৰব্বী ড. উমৰাও সিঙে কয়।
সেনাবাহিনীত নিজৰ সন্তানক পঠিওৱাৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰ বাবে পাঞ্জাৱৰ সৰু-বৰ সকলো চহৰতে নিযুক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে
“অগ্নিবীৰ আঁচনি মুকলি কৰাৰ ফলত এসময়ৰ সন্মানিত এই চাকৰিৰ প্ৰতি যুৱচামৰ আগ্ৰহ কমিছে। তেওঁলোকক এতিয়া থেকে ৱালে ফৌজি – ঠিকাভিত্তিক জোৱান বুলি কোৱা হয়। এনেকৈ সন্মান কমিছে, আগ্ৰহীৰ সংখ্যাও সেয়ে কমি আহিছে। অগ্নিবীৰ মুকলি কৰাৰ পিছত বিদেশলৈ যোৱা যুৱকৰ সংখ্যা বাঢ়িছিল। কিন্তু কানাডাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ ফলত সেই বাটো বন্ধ হৈছে। ইতিমধ্যে কৃষিসংকটত ভূগি থকা পাঞ্জাৱৰ গ্ৰামীণ সমাজখন এক চৰম বিপৰ্যয়ৰ দিশে গতি কৰিছে,” ড. সিঙে কয়।
সেনাবাহিনীত ভৰ্তি হ’বলৈ বিচৰা প্ৰায়ভাগ যুৱক আহে কৃষক বা ভূমিহীন দলিত পৰিয়ালৰ পৰা। সেনাবাহিনীত ভৰ্তি হ’ব বিচৰা যুৱকক প্ৰশিক্ষণ দিয়া মনচা জিলাৰ ৰংগ্ৰিয়াল গাঁৱৰ যদৱিন্দৰ সিঙে কয়, “পাঁচৰ পৰা সাত একৰ খেতিমাটি থকা পৰিয়ালৰ ল’ৰাবোৰে আগতে বৰ আগ্ৰহেৰে প্ৰস্তুতি চলাইছিল। কিন্তু এতিয়া খেতিয়ক পৰিয়ালৰ ল’ৰা আমি কাচিৎহে পাও। এতিয়া আন কোনো বিকল্প নথকা ঘাইকৈ দলিত পৰিয়ালৰ যুৱকেহে আগ্ৰহ দেখুৱায়।”
অজয় কুমাৰ এনে এটা ভূমিহীন দলিত পৰিয়ালৰ আছিল। “তেওঁৰ সপোনটো দিঠকত পৰিণত কৰিবলৈ তেওঁ কেবাবছৰো দিনহাজিৰা কৰিছিল আৰু তেওঁৰ মাকে মনৰেগাৰ কামকে ধৰি আনৰ ঘৰৰ গোহালি চাফা কৰা আদি কাম কৰিছিল,” তেওঁৰ পিতৃ চৰণজীতে সিঙে কয়। “তাৰ বিনিময়ত আমি কি পালো? পইচা? সেই টকা নাইকিয়া হৈ যাব।” [তেওঁ বীমাৰ পৰা পাবলগীয়া টকাৰ কথা কৈছে। চৰকাৰৰ পৰা অজয়ে তেনে কোনো ক্ষতিপূৰণ নিয়মমতে নাপায়।]
চৰণজীতে কি পাইছে, সেয়া দেখুৱাইছে, ‘অগ্নিবীৰ অজয় কুমাৰ’ বুলি বগা ৰঙেৰে লিখা এটা বাকচ। এই তিনিটা শব্দই এটা ভাগি চুৰমাৰ হোৱা সপোন এটাৰ কাহিনী কয়। কেৱল অজয় কুমাৰৰে নহয়, পাঞ্জাৱৰ গোটেই যুৱ প্ৰজন্মৰ।
বাওঁফালে: অগ্নিবীৰ অজয় কুমাৰৰ এখন ফটো। সোঁফালে: অজয়ে যিটো পদাতিক সৈন্য ডিভিজনৰ হৈ যুঁজিছিল, সেই ২৫তম ইনফেন্ট্ৰি ডিভিজনৰ জেনেৰেল কমাণ্ডিং বিষযা মেজৰ জেনেৰেল গৌৰৱ ঋষিয়ে পঠিওৱা এখন শোকপত্ৰ
বাওঁফালে: অগ্নিবীৰ অজয় কুমাৰৰ বাকচটো, তেওঁৰ কোঠাত। সোঁফালে: অগ্নিবীৰ অজয় কুমাৰৰ পিতৃ-মাতৃ চৰণজীত সিং আৰু মনজীত কৌৰ, মাতৃভূমি আৰু বলিদানৰ বিষয়ে পংক্তি লিখা থকা ফ্লেক্স ব’ৰ্ড এখন লৈ
অজয়ৰ ঘৰখনত নতুনকৈ সজা কোঠা এটা অতীতৰ, তেওঁলোকৰ ছজনী ভনীৰ মাজত এটাই মাত্ৰ ভায়েকৰ স্মৃতিৰে ভৰি পৰিছে। সেই ভনীৰ দুজনী বিয়া হোৱা নাই। তাত তেওঁৰ ইস্ত্ৰী কৰা ইউনিফৰ্ম, সযতনে ৰখা পাগুৰি আৰু পলিচ কৰা জোতা আৰু বন্ধোৱা ফটো থোৱা আছে।
কথাৰ মাজত বিৰাজ কৰা নীৰৱতাৰ মাজতে আমি অজয়ৰ দেউতাকক প্ৰশ্ন এটা সুধি পেলালো: তেওঁ এতিয়াও গাঁৱৰ ডেকাচামক সেনাবাহিনীত যোগদান কৰিবলৈ পৰামৰ্শ দিবনে? “সেয়া কিয় কৰিম বাৰু? মোৰ ল’ৰাটো এনেয়ে গুছি গ’ল। আনৰো এনেই দশা হওঁক, মই কিয় তেনে হোৱাটো বিচাৰিম?” তেওঁ প্ৰশ্ন কৰে।
তেওঁৰ পিছফালে বেৰত অজয়ৰ ফটো এখনৰ সৈতে লিখা আছে:
লিখ দিয়ৌ লহু নাল অমৰ কহানি, বতন দি খাতিৰ
কৰ দিয়ৌ কুৰ্বান এহ জৱানি, বতন দি খাতিৰ
[তেজেৰে লিখিলা তোমাৰ অমৰ কাহিনী, মাতৃভূমিৰ হকে
এই যৌৱনটো উচৰ্গা কৰিলা, মাতৃভূমিৰ হকে]
স্মৃতিৰ সাগৰত ডুব যোৱা চৰণজীত সিঙৰ চকুহালে এটা প্ৰশ্ন কৰা যেন লাগে: এই দেশে বিনিময়ত তেওঁলোকক কি দিলে?
পুনশ্চ:
২০২৫ৰ ২৪ জানুৱাৰীত ত্ৰিৰংগাৰে মেৰিয়াই আৰু এজনৰ ছহিদক পাঞ্জাৱৰ মানচা জিলাৰ আকলিয়া গাঁৱৰ ক্ষুদ্ৰ খেতিয়ক এজনৰ ঘৰলৈ লৈ অহা হ’ ল । ছহিদ হ’ ল ২৪ বৰ্ষীয় লভপ্ৰীত সিং । এনেকৈ পাঞ্জাৱত যোৱা ১৫ মাহত তৃতীয়গৰাকী অগ্নিবীৰৰ মৃত্যু ঘটিল, যিয়ে দেশৰ সীমান্তত নিজৰ জীৱনটো উচৰ্গা কৰিলে ।
তিনিওজন অগ্নিবীৰ কাশ্মীৰতে ছহিদ হ’ ল । প্ৰথমজন অগ্নিবীৰ আছিল অমৃতপাল সিং, তেওঁ ছহিদ হৈছিল ২০২৩ৰ অক্টোবৰত । তেওঁৰ পিছত ২০২৪ৰ জানুৱাৰীত অজয় কুমাৰ, যাক লৈ এই প্ৰতিবেদন যুগুতোৱা হৈছে । অজয় কুমাৰৰ পৰিয়ালৰ দৰে লভপ্ৰীতৰ পিতৃ ব্যন্ত সিঙৰ জীৱনতো থাকি গ’ ল কেৱল স্মৃতি ।
“ লভপ্ৰীতৰ ঘৰত নতুন হাতঘড়ী এটা ডেলিভাৰ হৈছিল । তেওঁ আহি সেইটো পিন্ধাৰ কথা আছিল । কিন্তু সেয়া হ’ বলৈ নাপালে,” সাংবাদিকৰ সৈতে কথা পাতোতে ব্যন্ত সিং কান্দোনত ভাগি পৰে । এনেকৈ এটা পৰিয়ালৰ বাবে সময় থমকি ৰৈছে, নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে । কিন্তু ইজনৰ পিছত সিজন চফল ডেকাৰ মৃত্যুৱে অগ্নিবীৰসকলে পাবলগীয়া সন্মানৰ বাবে যি দাবী, পাঞ্জাৱত তাক শক্তিশালী কৰি তুলিছে ।
অনুবাদ: পংকজ দাস