ৰাজ্যিক পৰিবহনৰ ব্যস্ত বাছ আস্থান। বিভিন্ন দিশৰ পৰা গাড়ীৰ বিকট হৰ্ন বাজিছে, হকাৰে বিভিন্ন খাদ্য-সামগ্ৰী আৰু বটলৰ পানী বিক্ৰী কৰিছে আৰু তাৰ লগতে আছে আগমন-প্ৰস্থানৰ ঘোষণা। তেনে এটা কোলাহলপুৰ্ণ পৰিৱেশতে এই প্ৰতিবেদকক অনিল ঠম্বৰেয়ে কয়, “মই এই ওটিপিক লৈ বৰ ভয় খাওঁ। চাহা আকড়ে আনি পাইচা গায়ৱ (ছটা ডিজিট আৰু পইচা উধাও)।”
বাজেটৰ কথা তেওঁৰ কাণত নপৰা নহয়। তেওঁৰ ভাষাত সেয়া অৰ্থ সংকল্প। “৩১ জানুৱাৰীত ৰেডিঅ’ত কিবা বাতৰি শুনিছিলো। চৰকাৰে প্ৰতিটো বিভাগৰ বাবে কিবা ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল। মই সেই বিষয়ে নাজানো। একো নহ’লেও ৰুপায়াত দহা পেইচে (এটাকত দহ পইচা)!” আড়কিট্টা এখনেৰে তামোল কাটি থকাৰ মাজতে তেওঁ কয়।
আমি নীৰৱ ঠাই এটুকুৰা বিচাৰি থকাৰ মাজতে তেওঁ আমাক নিজৰ ৰঙা আৰু বগা ৰঙৰ লাঠিডালেৰে কেণ্টিনলৈ লৈ গ’ল। ঠম্বৰে এগৰাকী দৃষ্টিগত দিশৰ পৰা বাধাগ্ৰস্ত লোক। সেই ঠাইৰ প্লেটফৰ্মবোৰ, মানুহৰ ভিৰ, কেণ্টিনৰ কাউণ্টাৰৰ লগতে চিৰিবোৰো তেওঁৰ চিনাকি। “ মোক কয়, মোৰ হেনো এমাহ বয়সতে সৰু আই ওলাইছিল। তেনেকৈয়ে মই মোৰ দৃষ্টিশক্তি সমূলি হেৰুৱাই পেলালো।”

বাৰুলৰ এগৰাকী সংগীতশিল্পী অনিল ঠম্বৰেয়ে ভাবে যে বাজেটে বিশেষভাবে সক্ষম লোকৰ প্ৰতি বেছি গুৰুত্ব দিয়া উচিত
তুলজাপুৰ চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ ২,৫০০ জনসংখ্যাৰে বাৰুল গাওঁখনৰ বাসিন্দা ঠম্বৰেয়ে ভক্তিমূলক গীত গোৱা ভজনী মণ্ডলৰ বাবে তবলা আৰু পখৱাজ বজায়। আয়োজকে দিয়া পইচাখিনিৰ লগতে তেওঁ মাহে বিশেষভাৱে সক্ষমজনে পোৱা ১,০০০ টকাৰ পেঞ্চন পায়। “কেতিয়াও সময়ত পেঞ্চন নাপাও,” তেওঁ কয়। তাৰোপৰি সেই টকা সংগ্ৰহ কৰিবলৈ তেওঁ তুলজাপুৰলৈ আহিবলগীয়া হয়। অলপতে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ পাইছে, ঘৰটোৰ কাম অতি সোনকালে আৰম্ভ হ’ব। “ইয়াৰ বাবেও মই প্ৰথমটো কিস্তি বেংকৰ খাতাতহে পাম আৰু তাৰবাবে মই কে.ৱাই.চি. কৰাব লাগিব,” ৫৫ বৰ্ষীয় ঠম্বৰেয়ে কয়।
আজি তেওঁ তুলজাপুৰলৈ তেওঁৰ কাপোৰখিনি ধোবাৰ পৰা সংগ্ৰহ কৰিবলৈ আহিছে। এইকণ সুবিধা তেওঁক কৰি দিছে বাৰুলৰ এগৰাকী বন্ধুৱে। “মই অকলে থাকো আৰু ঘৰৰ আটাইখিনি কাম নিজেই কৰোঁ। মই ৰান্ধো, নলৰ পৰা পানী সংগ্ৰহ কৰোঁ। কাপোৰ ধুই ধুই মই আমনি পাইছো, বুজিছে!” তেওঁ খোলা হাঁহি এটাৰে কয়।
ঠম্বৰেৰ বাবে “মাই-বাপ এই চৰকাৰখনে সকলোকে চাব লাগে। কিন্তু মোক যদি সোধে, মই ক’ম যে আমাৰ দৰে বিশেষভাৱে সক্ষমজনে বাজেটত অধিক গুৰুত্ব পাব লাগে।”
ঠম্বৰে নাজানে যে ২০২৫ৰ কেন্দ্ৰীয় বাজেটত বিশেষভাৱে সক্ষম বা দিব্যাংগজনৰ কথা এবাৰো উল্লেখ নাই।
অনুবাদ: পংকজ দাস