ঝাৰখণ্ডৰ বৰটিকাত এগৰাকী মহিলাই গৰ্ভধাৰণৰ পিছত জটিলতাৰ সন্মুখীন হোৱাত সীমা পাৰ হৈ চুবুৰীয়া ৰাজ্য ওড়িশালৈ ডাক্তৰক দেখুৱাবলৈ যাবলগীয়া হয়।
এয়া কেৱল তেওঁৰেই কাহিনী নহয়। আপুনি যদি গাঁৱত থাকে, তেন্তে স্ত্ৰীৰোগ বিশেষজ্ঞ বাদেই, আনকি এজন শল্য চিকিৎসককো দেখা কৰিবলৈ পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। গ্ৰামীণ স্বাস্থ্যব্যৱস্থাৰ আন্তঃগাঁথনি চাবলৈ গ’লে দেখিব যে সামূহিক স্বাস্থ্যকেন্দ্ৰত দক্ষতাসম্পন্ন প্ৰসৱকৰ্মী আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ ৭৪.২ শতাংশ নাটনি হৈ আছে।
আপোনাৰ যদি শিশুটো ৰুগীয়া, তেন্তে সামূহিক স্বাস্থ্যকেন্দ্ৰত শিশুৰোগ বিশেষজ্ঞ এজন পোৱাৰ সম্ভাৱনা নাই বুলিবই পাৰি, কিয়নো প্ৰয়োজনীয় তেনে পদসমূহৰ ৮০ শতাংশত এতিয়ালৈকে কাকো নিযুক্তি দিয়া হোৱা নাই।
এইবোৰ তথ্য আমি গ্ৰামীণ স্বাস্থ্যৰ পৰিসংখ্যা ২০২১-২২ৰ পৰা পাইছো। এনে বহু প্ৰতিবেদন, গৱেষণা পত্ৰ আৰু পৰিসংখ্যা, আইন আৰু নিয়মাৱলী আদি পাৰি স্বাস্থ্য আৰ্কাইভত উপলব্ধ আৰু ইয়াৰ যোগেদি ভাৰতৰ গ্ৰামীণ মহিলাৰ স্বাস্থ্যৰ অৱস্থা ভালকৈ বুজি পোৱাৰ বাবে সুবিধা কৰি দিয়ে।
এই শিতানৰ যোগেদি মহিলাৰ, বিশেষকৈ গ্ৰামীণ ভাৰতৰ মহিলাৰ স্বাস্থ্যৰ উদ্বেগজনক অৱস্থাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হৈছে। প্ৰজনন স্বাস্থ্যৰ পৰা আৰম্ভ কৰি যৌন হিংসা, মানসিক স্বাস্থ্য, ক’ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আদিকে ধৰি পাৰি স্বাস্থ্য আৰ্কাইভে মহিলাৰ স্বাস্থ্য বিভিন্ন দিশ সামৰি লৈছে। পাৰিৰ ‘সৰ্বসাধাৰণৰ প্ৰাত্যাহিক জীৱন’ সামৰি লোৱাৰ পাৰিৰ উদ্দেশ্যক শক্তিশালী কৰিছে।


পাৰি লাইব্ৰেৰিৰ আন এটা শিতান পাৰি স্বাস্থ্য আৰ্কাইভত ২৫৬ নথি আছে, য’ত চৰকাৰী, স্বতন্ত্ৰ সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাবোৰৰ প্ৰতিবেদন অন্তৰ্ভুক্ত। এই শিতানত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সমস্যাৰ প্ৰতিবেদন সংগ্ৰহত গুৰুত্ব প্ৰদানৰ লগতে দেশখনৰ গুৰুত্বপূৰ্ণ অঞ্চলৰ বিষয়সমূহ সামৰি লোৱা হৈছে।
“তেওঁ মোক কৈছিল যে মোৰ কেলচিয়াম আৰু আইৰনৰ সমস্যা (ঘাটি) আছে আৰু মই মজিয়াত বহিব নালাগে,” পশ্চিমবংগৰ মুৰ্শ্চিদাবাদ জিলাৰ বিড়ি শ্ৰমিক তনুজাই কয়।
“এতিয়াও আমি এনেকুৱা আদিবাসী মহিলা পাও যাৰ দেহত তেজ বুলিবলৈ নায়েই - হিমগ্লবিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰত ২ গ্ৰাম! তাতোকৈও চাগে কম থাকে, কিন্তু আমি তাৰ তলত জুখিব নোৱাৰো,” নিলগিৰিৰ আদিবাসী হস্পিতালৰ ডা. শৈলজাই কয়।
ভাৰতত ২০১৫-১৬ৰ পৰা ৰক্তহীন মহিলাৰ সংখ্যা বৃদ্ধি পাইছে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( এন.এফ.এইছ.এছ.-৫ ২০১৯-২০ )ৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে। এই সমীক্ষাই ২৮ খন ৰাজ্য, আঠখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি ৭০৭ খন জিলাৰ জনসংখ্যা, স্বাস্থ্য আৰু পুষ্টিৰ তথ্য সংগ্ৰহ কৰে।

“প্ৰসৱৰ সময়ত মোৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। সন্তান জন্ম দিয়াৰ আগতেও নাৰ্ছে মোক কৈছিল যে মোৰ তেজ বহুত কম (গুৰুতৰ ৰক্তহীনতা), ফল-মূল আৰু শাক-পাচলি খাব লাগিব,” বিহাৰৰ গয়া জিলাৰ অঞ্জনি যাদৱে কয়।
ভাৰতৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৫৭ শতাংশই ৰক্তহীনতাত ভুগি থকা বুলি ২০১৯-২১ত প্ৰকাশ পাইছিল। বিশ্বৰ তিনিগৰাকীৰ মাজৰ এগৰাকীয়ে ৰক্তহীনতাত ভুগি আছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশিত বিশ্বত খাদ্য সুৰক্ষা আৰু পুষ্টিৰ দশা, ২০২২ শীৰ্ষক প্ৰতিবেদনত কৈছে যে “গ্ৰামাঞ্চলত ৰক্তহীনতাই মহিলাক বেছিকৈ ক্ষতি কৰে, দৰিদ্ৰ পৰিয়ালত আৰু আনুষ্ঠানিক শিক্ষা লাভ নকৰাসকলক।”
পুষ্টিকৰ খাদ্য বহন কৰাৰ অক্ষমতাৰ কাৰণে এনে ঘাটি বাঢ়িছে। ২০২০ৰ বিশ্ব পুষ্টি প্ৰতিবেদনখনত কোৱা হৈছে যে ভাল পুষ্টিকৰ খাদ্য (কণী আৰু গাখীৰ)ৰ অতিমাত্ৰা দামে অপুষ্টি দূৰ কৰাত প্ৰধান অন্তৰায় হৈ থিয় দিছে। ভাৰতত ২০২০ত পুষ্টিকৰ খাদ্যত ২.৯৭ আমেৰিকান ডলাৰ বা ভাৰতীয় হিচাপত ২৪৩ টকা খৰছ কৰিবলগীয়া হয়, যিটো ভাৰতৰ ৯৭৩.৩ মিলিয়ন লোকে পুষ্টিকৰ আহাৰ বহন কৰিব নোৱাৰে। আচৰিত যে ঘৰত আৰু বাহিৰত সম্পদৰ আবণ্টনৰ ক্ষেত্ৰত মহিলাৰ স্থান বহুত তলত।

ভাৰতৰ প্ৰচলিত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সন্দৰ্ভত থকা সকলো সমীক্ষা পাৰি লাইব্ৰেৰিত আছে। ভাৰতৰ পৰিয়ালসমূহৰ প্ৰায় ২০ শতাংশৰ অনাময়ৰ কোনো সুবিধা নাই, “ৰাতি শৌচাগাৰ বুলিবলৈ ৰেলৱে ট্ৰেকেই তেওঁলোকে ব্যৱহাৰ কৰে,” পাটনাৰ বস্তি অঞ্চলৰ ছোৱালীবোৰে কয়।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২০২১)য়ে কয় যে মাহেকীয়া ঋতুচক্ৰ সম্পৰ্কীয় স্বাস্থ্যসন্মত সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ ৭৩ শতাংশ মহিলাই সুবিধা পায়, নগৰাঞ্চলত বাস কৰা মহিলাৰ ক্ষেত্ৰত এই হাৰ ৯০ শতাংশ। ‘মাহেকীয়া ঋতুচক্ৰ সম্পৰ্কীয় স্বাস্থ্যসন্মত সামগ্ৰী’ত চেনিটেৰি নেপকিন, মেনচুৰেল কাপ, টেম্পন - আনকি কাপোৰৰ টুকুৰাও ধৰা হয়। অধ্যয়নত প্ৰকাশ পাইছ যে বহু চেনিটেৰি নেপকিনত প্ৰচুৰ পৰিমাণে বিষাক্ত ৰাসায়নিক থাকে।

ভাৰতীয় মহিলাৰ স্বাস্থ্য চনদ -য়ে প্ৰজনন স্বাস্থ্য সংক্ৰান্ত সিদ্ধান্তত মহিলাৰ অধিকাৰৰ কথা কৈছে য’ত তেওঁলোকৰ প্ৰজনন স্বাস্থ্য “বৈষম্য, জোৰ-জবৰদস্তি আৰু হিংসাৰ পৰা মুক্ত” হ’ব লাগে বুলি কৈছে। স্বাস্থ্যসেৱাৰ সস্তীয় সুবিধা এই অধিকাৰ পুৰণৰ বাবে প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা -৫ (২০১৯-২১) অনুসৰি বন্ধ্যাকৰণ কৰোৱা মহিলাৰ ৮০ শতাংশই ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, সাধাৰণতে পৌৰনিগমৰ হস্পিতাল বা সামূহিক স্বাস্থ্যকেন্দ্ৰত এই অস্ত্ৰোপচাৰ কৰাইছে। কিন্তু দেশত এনে প্ৰতিষ্ঠানৰ সংখ্যা তেনেই কম।
জম্মু আৰু কাশ্মীৰৰ ৱজিৰিথল গাঁৱৰ বাসিন্দাসকলৰ বাবে নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পাঁচ কিলোমিটাৰ দূৰত আছে।
তাতো কৰ্মচাৰীৰ সংখ্যা কম আৰু সা-সঁজুলিও কম। কাশ্মীৰৰ বান্দিপুৰা জিলাৰ বড়গাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মাত্ৰ এগৰাকী নাৰ্ছ আছে। “জৰুৰী অৱস্থাত, গৰ্ভপাত বা গৰ্ভচ্যুতিৰ সময়ত তেওঁলোকে গুৰেজলৈ যাবলগীয়া হয়,” ৱজিৰিথলৰ এগৰাকী অংগনবাদী কৰ্মী ৰাজা বেগমে পাৰিক কয়। “অপাৰেচন কৰিবলগীয়া হ’লে তেওঁলোকে শ্ৰীনগৰৰ লাল দেদ হস্পিতাললৈ যাবলগীয়া হয়। সেইখন গুৰেজৰ পৰা ১২৫ কিলোমিটাৰ দূৰত আৰু বতৰ বেয়া থাকিলে তালৈ গৈ পাওতে ন ঘণ্টা পৰ্য্যন্ত সময় লাগে,” তেওঁ কয়।

গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা ২০২১-২২ অনুযায়ী ২০২২ৰ ২১ মাৰ্চলৈ উপ স্বাস্থ্যকেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অগজিলেৰি নাৰ্ছ মিডৱাইফৰ খালি পদৰ সংখ্যা ৩৪,৫৪১। মহিলাই স্বাস্থ্যসংক্ৰান্ত সমস্যাৰ ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা), অগজিলেৰি নাৰ্ছ মিডৱাইফ (এ.এন.এম.) আৰু অংগনবাদী কৰ্মীৰ কাষ চাপে, সেইফালৰ পৰা চাব গ’লে ইমানবোৰ পদ খালি থকাটো আচৰতি হ’বলগীয়া কথা।
অক্সফাম ইণ্ডিয়াৰ বৈষ্যমৰ প্ৰতিবেদন ২০২১: ভাৰতৰ বৈষম্যপূৰ্ণ স্বাস্থ্যসেৱাৰ কাহিনীৰ তথ্য অনুযায়ী দেশখনত প্ৰতি ১০,১৮৯ লোকৰ বিপৰীতে প্ৰায় এজনমাত্ৰ এলপেথিক ডাক্তৰ আছে আৰু প্ৰতি ৯০,৩৪৩ লোকৰ বিপৰীতে এখন ৰাজ্যচালিত হস্পিতাল আছে।

ভাৰতত স্বাস্থ্যসেৱাৰ প্ৰয়োজন আৰু চাহিদা বৰ্তমানৰ যি আন্তঃগাঁথনি তাতোকৈ বহুত বেছি। দেশৰ লিংগীয় বৈষম্য দৰ্শোৱা গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট অনুসৰি ভাৰতৰ স্থান ২০২২ত ১৪৬ খন দেশৰ ভিতৰত ১৩৫ খন। ‘স্বাস্থ্য আৰু উত্তৰজীৱিতা’ৰৰ সূচকাংকত দেশখনৰ স্থান একেবাৰে তলত। এনে আন্তঃগাঁথনিমূলক বৈষম্যৰ মাজত দেশখনৰ স্বাস্থ্যসেৱাৰ অৱস্থা আৰু মহিলাৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱ সম্পৰ্কে ভালকৈ বুজাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে।
পাৰি লাইব্ৰেৰি এইটো দিশতে আগবঢ়োৱা এটা খোজ।
প্ৰতিবেদনৰ গ্ৰাফিক্সখিনি প্ৰস্তুত কৰি দিয়াৰ বাবে পাৰি লাইব্ৰেৰিৰ স্বেচ্ছাসেৱক আশা দাগাক আমি কৃতজ্ঞতা জনাইছো ।
কাভাৰ ডিজাইন : স্বদেশা শৰ্মা
অনুবাদ: পংকজ দাস