“ঘৰত পৰি থকা কপাহবোৰৰ ৰং উৱলিব ধৰিছে, ওজনো কমিছে। ৰং যিমানেই ঢেলা পৰে, বেপাৰীয়ে সিমানেই কম দাম দিয়ে,” চিন্তিত হৈ পৰা সন্দীপ যাদৱে কয়। মধ্য প্ৰদেশৰ খৰগোন জিলাৰ গোংগৱা তহচিলৰ কৃষক সন্দীপে ২০২২ৰ অক্টোবৰত কপাহ চপোৱাৰ পিছত দাম বঢ়ালৈ অপেক্ষা কৰি আছে।
খৰগোন জিলাৰ ২ লাখ ১৫ হাজাৰ হেক্টৰ ভূমিত কপাহৰ খেতি কৰা হয়। আৰু এইখন মধ্যপ্ৰদেশৰ সৰ্বাধিক কপাহ উৎপাদনকাৰী জিলাৰ ভিতৰত এখন। ইয়াত প্ৰতিবছৰে মে’ মাহত কপাহৰ বীজ সিঁচা আৰম্ভ হয় আৰু অক্টোবৰৰ পৰা ডিচেম্বৰৰ দ্বিতীয় সপ্তাহলৈ কপাহ কপাহ চপোৱা হয়। খৰগোনৰ কপাহৰ মান্দিত প্ৰতিদিনে প্ৰায় ৬ কোটি টকাৰ কপাহ ক্ৰয় কৰা হয়, সাধাৰণতে অক্টোবৰ মাহত এই ক্ৰয় আৰম্ভ হয় আৰু পৰৱৰ্তী বৰ্ষৰ মে’ মাহলৈকে চলে। সন্দীপেও মধ্য প্ৰদেশৰ বহৰামপুৰা গাঁৱত নিজৰ ১৮ একৰ খেতিমাটিত কপাহৰ খেতি কৰে।
২০২২ৰ অক্টোবৰত সন্দীপে খেতি চপাই ৩০ কুইণ্টল কপাহ পোৱাত বৰ সুখী হৈছিল। তেওঁৰ খেতিত সেয়া প্ৰথমবাৰ শস্য চপোৱা হৈছিল। দ্বিতীয়বাৰ কপাহ চিঙি তেওঁ একেই পৰিমাণৰ কপাহ পাব বুলি আশা কৰিছিল, সেইবাৰ পাইছিল ২৬ কুইণ্টল।
কিন্তু কিছুদিন পিছত সন্দীপে বিচাৰিলেও নিজৰ ৩০ কুইণ্টল শস্য খৰগোনৰ কপাহৰ মান্দিত লৈ যাব নোৱাৰিলে, কিয়নো মধ্য প্ৰদেশৰ আটাইবোৰ কপাহ মান্দিৰ ব্যৱসায়ীসকলে ২০২২ৰ ১১ অক্টোবৰৰ পৰা ধৰ্মঘটত আছিল। বেপাৰীৰ ১০০ টকা ক্ৰয়ত ১.৭ টকাৰ কৰ দিবলগীয়া হৈছিল, যিটো ভালেকেইখন ৰাজ্যৰ তুলনাত বেছি। এয়াই কম কৰাৰ বাবে কপাহৰ ব্যৱসায়ীৰ ধৰ্মঘট আঠ দিনলৈ চলিল।
ধৰ্মঘট আৰম্ভ হোৱাৰ এদিন আগলৈকে, অৰ্থাৎ ১০ অক্টোবৰত খৰগোনৰ কপাহৰ মান্দিত কপাহ প্ৰতি কুইণ্টলত ৮,৭৪০ টকা দৰত বিক্ৰী হৈ আছিল। ধৰ্মঘট ভংগ হোৱাৰ পিছত কপাহৰ দাম ৮৯০ টকা কমি ৭,৮৫০ টকা প্ৰতি কুইণ্টল হ’ল। ১৯ অক্টোবৰত মান্দি পুনৰাই খোলাত দৰ কমা দেখি শস্যখিনি বিক্ৰী নকৰিলে। ২০২২ৰ অক্টোবৰত পাৰিৰ সৈতে কথা-বতৰাত প্ৰায় ৩৪ বৰ্ষীয় কৃষকজনে কয়, “এতিয়া মালখিনি বিক্ৰী কৰি দিলে মোৰ হাতত লাভ বুলিবলৈ একোৱেই নাথাকিব।


সঞ্জয় যাদৱ (বাওঁফালে) খৰগোন জিলাৰ নৱলপুৰা গাঁৱৰ কপাহ খেতিয়ক। খৰগোনৰ কপাহৰ মান্দিত (বাওঁফালে) অক্টোবৰৰ পৰা মে’ৰ সময়ছোৱাত দিনে প্ৰায় ৬ কোটি টকাৰ কপাহ ক্ৰয় কৰা হয়
এয়া প্ৰথমবাৰ নহয় যে সন্দীপে তেওঁৰ কপাহখিনি বিক্ৰী নকৰাকৈ ৰাখিবলগীয়া হৈছে। মহামাৰীৰ সময়ত তেওঁ কয় যে মান্দিবোৰ বন্ধ আছিল আৰু “কীট-পতংগৰ আক্ৰমণত (২০২১ত) তেওঁৰ আধাতকৈ বেছি কপাহ নষ্ট হৈছিল।”
তেওঁ আশা কৰিছিল যে যোৱা বছৰটোত হোৱা ঘাটি তেওঁ ২০২২ত মিলাই ল’ব আৰু ১৫ লাখ টকাৰ তেওঁৰ ঋণৰ এটা অংশ পৰিশোধ কৰিব পাৰিব। কিন্তু তেওঁ ক’বলৈ ধৰে, “এনেকুৱা লাগিছে যে এইবাৰ (২০২২ত)কিস্তি পৰিশোধ কৰাৰ পিছত হাতত একো নাথাকিব।”
কৃষকৰ প’ৰ্টেলৰ ডেটা অনুসৰি কেন্দ্ৰ চৰকাৰে ২০২২-২৩ত কপাহৰ কাৰণে ৬,৩৮০ টকাৰ ন্যুনতম সমৰ্থন মূল্য (এম.এছ.পি.) থিৰাং কৰিছিল। এই মূল্য ২০২১-২২ৰ তুলনা ৩৫৫ টকা বেছি আছিল। কিন্তু ভাৰতীয় কিষাণ সংঘৰ ইন্দোৰ মণ্ডলৰ অধ্যক্ষ শ্যাম সিংহ পাৱাৰে কয়, “এম.এছ.পি. অতিকমেও ৮,৫০০ টকা হ’ব লাগে। চৰকাৰে ইয়াক লৈ আইন আনিব লাগে যে বেপাৰীয়ে ইয়াতকৈ কম দামত যাতে কিনিব নোৱাৰে।”
বড়ৱাহ তহচিলৰ নৱলপুৰা গাঁৱৰ খেতিয়ক সঞ্জয় যাদৱে নিজৰ শস্যখিনিৰ বাবদ প্ৰতি কুইণ্টলত ৭,৪০৫ টকা পালে, সেয়া বহুত কম বুলি তেওঁ কয়। তেওঁ ১২ কুইণ্টল কপাহ বিক্ৰী কৰিলে, যিখিনি দৰাচলতে তেওঁৰ মুঠ উৎপাদনৰ এক ক্ষুদ্ৰ অংশহে। প্ৰায় ২০ বৰ্ষীয় সঞ্জয়ে কয় যে কপাহৰ দাম অতিকমেও ১০ হাজাৰ টকা প্ৰতি কুইণ্টল হ’ব লাগে, অৰ্থাৎ সেই সময়ৰ দামতকৈ প্ৰায় ২,৫৯৫ টকা বেছি।
সন্দীপে কয়, “ন্যুনতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আমি কৃষকবোৰে একো ক’ব নোৱাৰো। আমাৰ খেতিৰ নামত হোৱা ব্যয়ৰো নিয়ন্ত্ৰণ আমাৰ হাতত নাই।”
সন্দীপৰ মতে, “বীজৰ নামত হোৱা খৰছৰ উপৰিও এক একৰত ১,৪০০ টকাৰ ডি.এ.পি. সাৰ (ডাইঅনিয়াম ফছফেট)ৰ প্ৰয়োজন হয়। প্ৰায় ১,৫০০ টকা প্ৰতিদিনৰ হাজিৰাৰ নামত যায়। তাৰোপৰি পলু মাৰিবলৈ ১,০০০ টকাৰ তিনিবাৰকৈ স্প্ৰে কৰিবলগীয়া হয়। এনেকৈ আটাইবোৰ মিলাই এক একৰত ১৫ হাজাৰ খৰছ কৰিবলগীয়া হয়।”


বাওঁফালে: সবদা গাঁৱৰ খেতিয়ক ৰাধেশ্যাম পাটেলে কপাহৰ খেতি কৰাটো বৰ মহঙা কাৰবাৰ বুলি কয়। সোঁফালে: বেপাৰীৰ ধৰ্মঘট শেষ হোৱাৰ পিছত, মান্দিত কপাহৰ দাম কমাক লৈ কৃষকসকল নিৰাশ হোৱা দেখা গৈছে


বাওঁফালে: বহৰামপুৰা গাঁৱৰ খেতিয়ক সন্দীপ যাদৱ (গৰুগাড়ীত বহি থকাজন)য়ে কপাহৰ খেতি কৰে। সোঁফালে: তেওঁ নতুন এটা ঘৰ বনাবলৈ ৯ লাখ টকাৰ ঋণ লৈছিল, এতিয়া সেই ঘৰটো নিৰ্মীয়মান অৱস্থাত আছে
২০২২ৰ অক্টোবৰত সন্দীপে কপাহ চিঙা কামত লগোৱা শ্ৰমিকক ৩০ হাজাৰ টকা দিবলগীয়া হৈছিল। তেওঁ কৈছিল, “দেৱালীৰ সময়ত সকলোৱে নতুন কাপোৰ লয়। আমি শ্ৰমিকক পইচা দিলেহে তেওঁলোকে উৎসৱৰ খৰছ উলিয়াব পাৰিব।”
বহৰামপুৰা গাঁৱত সন্দীপে নতুন ঘৰটো বনাবলৈ সুদখোৰৰ পৰা ৯ লাখ টকা লৈছে। অঞ্চলটোত ভাল চৰকাৰী স্কুল নথকাত তেওঁ ক’ভিডৰ পূৰ্বে ওচৰৰে প্ৰাইভেট স্কুলত ল’ৰা-ছোৱালীক নামভৰ্তি কৰাইছিল। স্কুলৰ মাচুল দিওতেও তেওঁৰ বহুত কষ্ট হৈছিল।
কচৰাবদ তহচিলৰ সবদা গাঁৱৰ কৃষক ৰাধেশ্যাম পাটেলেও কপাহৰ খেতিক মহঙা খেতি বুলি কয়। প্ৰায় ৪৭ বছৰ বয়সীয়া ৰাধেশ্যামে কয়, “এতিয়া ৰবিশস্যৰ খেতি কৰিলে তাতেও ভালেখিনি খৰছ কৰিব লাগিব। আমি সুতত টকা ল’ব লাগিব। ইয়াৰ পিছত যদি পৰৱৰ্তী শস্যখিনি (ধাৰ লোৱাৰ পিছত) নষ্ট হয়, তেতিয়া লোকচান কেৱল কৃষকৰেই হয়। সেই কাৰণতে কৃষকে বিহ খাই মৰে নাইবা ঋণৰ বোজাত ডুবি উপায়ন্তৰ হৈ মাটি বিক্ৰী কৰে।”
এম.এছ.পি. সন্দৰ্ভত কৃষি বিশেষজ্ঞ দেৱেন্দ্ৰ শৰ্মাই কয়, “কৃষকৰ শস্যৰ দৰ কেৱল কৃষকেই ভালকৈ ক’ব পাৰিব। কিন্তু চৰকাৰে অন্ততঃ কৃষকে শস্যৰ ন্যুনতম সমৰ্থন মূল্য পোৱাটো সুনিশ্চিত কৰিব লাগে।”
২০২৩ৰ জানুৱাৰী পৰে মানে সন্দীপৰ ঘৰৰ খেতিৰ ব্যয় ভালেখিনি বাঢ়ি গ’ল। ফেব্ৰুৱাৰীৰ প্ৰথমটো সপ্তাহত তেওঁৰ সৰু ভায়েকটোৰ বিয়া হয়। তেওঁ পাৰিক কয় যে পইচাৰ প্ৰয়োজন আহি পৰা হেতুকে তেওঁ ৩০ কুইণ্টল কপাহ ৮,৯০০ টকা দৰত বিক্ৰী কৰিবলগীয়াত পৰে।
তেওঁ কয় যে আগতকৈ এই দৰ ভাল আছিল, ব্যয় কৰাৰ পিছত তেওঁৰ হাতত এটকাও নাথাকিল।
শস্যৰ মূল্য
নিৰ্ধাৰণক লৈ নিজৰ অসহায় অৱস্থাক লৈ তেওঁ কয়, “কৃষকৰ কথা ক’তো কোনোৱে নুশুনে।”
অনুবাদ: পংকজ দাস