উত্তৰ দিল্লীৰ কিষানগঞ্জ অঞ্চলৰ ছবজি মাণ্ডি (শাক-পাচলিৰ বজাৰ)ৰ প্ৰতিবন্ধী বিক্ৰেতা পাপ্পু কুমাৰ ৰাথোৰ (৩৬)য়ে কয়, “মানুহে আগতে ‘জয় জোৱান, জয় কিষাণ’ বুলি কৈছিল, আৰু চৰকাৰে হয়তো জোৱানসকলৰ যত্ন যিদৰে লৈছে, সিমানেই কৃষকসকল অৱহেলিত হৈ ৰৈছে। ‘কৃষকসকলে কৃষিক্ষেত্ৰত যিধৰণে পইচা খৰছ কৰিছে, সেইখিনি ঘূৰাই পোৱা বাদেই, বৰঞ্চ লোকচানহে ভুগিছে। এতিয়া আৰু খেতি কৰাটো লাভজনক বৃত্তি হৈ থকা নাই, সেয়ে বহুতে খেতি কৰিবলৈ এৰিছে।”
তেওঁ লগতে কয়, ‘দামবোৰৰ উঠা-নমাৰ কাৰণে খেতিৰ কোনো নিশ্চয়তাও নাই। “আমি মাণ্ডিত খেতিয়কসকলক লগ পাওঁ, আৰু মই এনে বহু খেতিয়কক চিনি পাওঁ যিসকলে এতিয়া শ্ৰমিক হিচাপেহে কাম কৰি আছে। খেতিয়কসকলেই হৈছে অন্নদাতা, সেয়ে তেওঁলোকৰ সমস্যাবোৰৰ প্ৰতি চৰকাৰে ধ্যান দিয়া উচিত।”
লগতে মাণ্ডিতো চৰকাৰে গুৰুত্ব দিব লাগে, তেওঁ কয়। ৰাজস্থানৰ কাৰৌলিৰ পৰা অহা শাক-পাচলি বিক্ৰেতা ৰাধেশ্যাম ৰাথোৰে কয়, “আমিও খেতি কৰি খোৱা লোকেই আছিলোঁ। খেতি ভালকৈ হৈ থকাহেঁতেন দেউতা কেতিয়াও দিল্লীলৈ নাহিলহেঁতেন৷ এতিয়া আমি তিনিজন ভাই-ককাই ইয়াত এই শাক-পাচলিৰ ব্যৱসায় কৰি আছো।”
তেওঁৰ কাষতে পিয়াঁজ আৰু আলু বিক্ৰী কৰা দলিত সম্প্ৰদায়ৰ ৫৭ বছৰীয়া ওমপ্ৰকাশ ৰাইছৱালে কয়, ‘আমিও খেতিয়ক আছিলো যদিও আমাৰ পূৰ্বপুৰুষৰ মাটি দেউতাৰ ভাই-ককাইসকলৰ মাজত ভাগ হোৱাৰ পিছত সেইবোৰৰ পৰিমাণ একেবাৰে কমি গৈছিল। সেইকাৰণে, প্ৰায় ২০ বছৰ আগতে মোৰ দেউতাই জীৱন নিৰ্বাহৰে অৰ্থে আমাৰ পৰিয়ালটোক লৈ কোলানা গাঁৱৰ পৰা [ৰাজস্থানৰ দৌছা জিলাৰ] দিল্লীলৈ গুচি আহিছিল। সেইবাবেই আমি ইয়াত আছো। এতিয়া কৃষকে ফচলৰ দাম নাপায়, মধ্যভোগীয়ে লাভ উঠায়। কৃষকসকলে জীয়াই থাকিবৰ কাৰণে সংগ্ৰামত ব্ৰতী হ’ব লগা হৈছে।"

ওপৰৰ বাওঁফালে: পাপ্পু কুমাৰ ৰাথোড়; ওপৰৰ সোঁফালে: ৰাধেশ্যাম ৰাথোড়; তলৰ বাওঁফালে: ওমপ্ৰকাশ ৰাইছৱাল
অনুবাদ: ৰিমঝিম বৰঠাকুৰ