হেমন্ত কাৱলেয়ে তেওঁৰ নামৰ আগত আৰু এটা বিশেষণ যোগ কৰিবলৈ জোৰ দিছে৷
“মই শিক্ষিত, নিবনুৱা, আৰু... অবিবাহিত,” ৩০ বছৰীয়া যুৱকজনে তেওঁৰ বৰলা স্থিতিৰ বিষয়ে উল্লেখ কৰি নিজৰ লগতে আন যুৱ কৃষকসকলক লৈ ধেমেলীয়া সুৰত এই বক্তব্য ৰাখে।
‘‘সু-শিক্ষিত, বেৰোজগাৰ, অবিবাহিত’’৷ প্ৰতিটো শব্দ তেওঁ এনেদৰে উচ্চাৰণ কৰে যে তেওঁৰ সৰু পাণ দোকানখনত বহি থকা ৩০ বছৰীয়া প্ৰায় আটাইবোৰ ডেকাল’ৰাৰ মাজত হাঁহিৰ যেন এক বিস্ফোৰণহে ঘটিল৷ সেই হাঁহিত লুকাই আছে তেওঁলোকৰ বৰলা জীৱনৰ অব্যক্ত খং আৰু বিৰক্তি৷ সেই কৌতুকটো যেন তেওঁলোকক লৈহে কৰা হৈছে৷
‘‘সেইটোৱেই আমাৰ প্ৰধান সমস্যা’’, অৰ্থনীতিৰ স্নাতকোত্তৰ কাৱলেয়ে এইদৰে কয়৷
মহাৰাষ্ট্ৰৰ পূব অংশৰ বিদৰ্ভৰ য়াভাতমাল-দাৰৱাহা পথৰ সমীপৰ চেলোদি গাঁও যি কৃষকৰ আত্মহত্যাৰ ঘটনা আৰু উচ্চ প্ৰবজনৰ সমস্যাৰে জৰ্জৰিত৷ ডেকা ল’ৰাৰ এই জাকটো গাঁওখনৰ প্ৰধান চ’কটোতে কাৱলে চলোৱা পাণৰ দোকানখনত বহি সময় পাৰ কৰিছে৷ তেওঁলোকৰ আটায়েই কোনোবাজন হয়তো স্নাতক বা আন কোনোবাজন স্নাতকোত্তৰ; তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নামত খেতিমাটি আছে; আটাইকেইজনেই নিবনুৱা৷ তেওঁলোকৰ কাৰো এতিয়ালৈ বিয়া হোৱা নাই৷
তেওঁলোকৰ বহুতেই দূৰৈৰ চহৰ যেনে পুণে, মুম্বাই, নাগপুৰ অথবা অমৰাৱতীলৈ গৈ নিজৰ ভাগ্য পৰীক্ষা কৰিছে। কোনোবাজনে হয়তো নিচেই কম দৰমহাত কাম কৰিছে; কোনোবাজনে হয় ৰাজ্যিক বা ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ব্যৰ্থ হৈছে৷
দেশৰ প্ৰতিটো প্ৰান্তৰ যুৱচামৰ দৰে কাৱলেও চাকৰি পাবলৈ উন্নত শিক্ষাৰ প্ৰয়োজন বুলি শুনিয়েই ডাঙৰ হৈছে৷
এতিয়া তেওঁ বুজিব পাৰিছে যে কইনা পাবলৈ তেওঁক এটা স্থায়ী চৰকাৰী চাকৰিৰ প্ৰয়োজন৷
চাকৰিৰ সংখ্যা কম আৰু দূৰৈত হোৱাৰ বাবে কাৱলেয়ে তেওঁৰ গাঁৱত থকা পৰিয়ালৰ কৃষিভূমিলৈ উভতি আহিছে আৰু যাৱতীয় খা-খৰচৰ বাবে পাণৰ দোকানখন দিছে৷
‘‘মই এখন পাণ দোকান দিবলৈ সিদ্ধান্ত লৈছিলো, লগৰ এজনক ৰসৱন্তী [কুঁহিয়াৰৰ ৰসৰ ষ্টল] আৰু আন এজনক বিস্কুটৰ দোকান দিবলৈ কৈছিলো যাতে আমি কিবা ব্যৱসায় কৰিব পাৰো,’’ কাৱলেয়ে এইদৰে কয়৷ ‘‘পুণেত এখন সম্পূৰ্ণ চাপাটি খোৱাতকৈ যিকোনো সময়তে আধা দামত মোৰ গাঁৱত এখন আধা চাপাটি খোৱাই ভাল’’, তেওঁ কয়৷

প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ্য পৰীক্ষা কৰি চালে, পুণে আৰু আন চহৰত ফেক্টৰিত কৰিলে আৰু শেষত গৈ হেমন্ত কাৱলেয়ে (সোঁফালে) য়াভাতমালৰ দাৰৱাহা টেহচিলৰ নিজ গাওঁ চেলোদিলৈ উভতি আহে আৰু পাণদোকান এখন দিয়ে। তেওঁ আৰু তেওঁৰ বন্ধু অংকুশ কাংকিৰাড়ে (বাওঁফালে)ও নিজৰ খেতিপথাৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। হেমন্ত কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু আৰু অংকুশ দাৰৱাহাৰ পৰা কৃষি বিজ্ঞানৰ বিএছচি পাছ
বছৰ বছৰ ধৰি আৰ্থিক দিশত পাই থকা কষ্ট আৰু সংকট স্বত্ত্বেও মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলে সুদূৰপ্ৰসাৰী পৰিণামৰ সৈতে এক নতুন সামাজিক সমস্যাৰ সন্মুখীন হৈছে - সেয়া হৈছে তেওঁলোকৰ বিলম্বিত বিবাহ। নাইবা অনিচ্ছা স্বত্ত্বেও অবিবাহিত হৈ থাকিবলগীয়া হৈছে আৰু বৰলা হৈয়ে দিন কটাবলগীয়া হৈছে।
‘‘মোৰ মায়ে সকলো সময়তে মোৰ বিয়াক লৈ চিন্তা কৰি থাকে’’, কাৱলেৰ ঘনিষ্ঠ বন্ধু অংকুশ কাংকিৰাড়ে এইদৰে কয়৷ ৩১ বৰ্ষীয় অংকুশ কৃষিত স্নাতক আৰু তেওঁৰ ২.৫ একৰ খেতিমাটি আছে৷ ‘‘মোৰ বয়স হ’লে কেনেদৰে অকলে থাকিম, এয়াই তেওঁৰ চিন্তা,’’ তেওঁ এইদৰে কয়৷ লগতে কয় যে যদিও তেওঁ বিয়া কৰাব বিচাৰে, এই সামান্য উপাৰ্জনৰ বাবে তেওঁ বিয়ালৈ বিশেষ এটা মন কৰা নাই৷
পাৰিক প্ৰত্যেকেই জনোৱা মতে তেওঁলোকৰ বাবে বিবাহ এক গুৰুত্বপূৰ্ণ সামাজিক ৰীতি৷ পশ্চিম মহাৰাষ্ট্ৰৰ তুলনামূলকভাৱে সমৃদ্ধশালী এই চুগাৰ বেল্টলৈকে গণ্ডিয়াৰ আৰ্থিকভাৱে পিছপৰা পূব প্ৰান্তত আপুনি এনে বহু যুৱক-যুৱতী, পুৰুষ-মহিলা লগ পাব, যিসকলে তেওঁলোকৰ বিয়াৰ উপযুক্ত বয়সৰ বহুখিনি ইতিমধ্যে পাৰ কৰিছে।
মহানগৰ বা ঔদ্যোগিক কেন্দ্ৰবোৰত তেওঁলোকৰ উন্নত শিক্ষিত সহকৰ্মীৰ বিপৰীতে সামাজিক আৰু যোগাযোগৰ দক্ষতাৰ অভাৱত তেওঁলোকে আগবাঢ়িব নাই।
এপ্ৰিল ২০২৪-ৰ আৰম্ভণিৰ ভাগৰ পৰা এমাহৰ ভিতৰতে পাৰিয়ে সমগ্ৰ গ্ৰামীণ মহাৰাষ্ট্ৰত শিক্ষিত আৰু উচ্চাকাংক্ষী যুৱক-যুৱতীসকলক লগ পাইছিল আৰু সাক্ষাৎকাৰ লৈছিল৷ তেওঁলোক নিজৰ ভৱিষ্যত সন্দৰ্ভত সন্দিহান, মোহভংগ, আতংকিত আৰু অনিশ্চিত আছিল।
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আইএলঅ’) আৰু মানৱ উন্নয়ন প্ৰতিষ্ঠানে (আইএইচডি) যৌথভাৱে প্ৰকাশ কৰা ভাৰত নিয়োগ প্ৰতিবেদন ২০২৪ অনুসৰি ভাৰতৰ নিবনুৱা জনসংখ্যাৰ প্ৰায় ৮৩ শতাংশই শিক্ষিত যুৱক-যুৱতী। প্ৰতিবেদনখনত কোৱা হৈছে যে মুঠ নিবনুৱা যুৱক-যুৱতীৰ ভিতৰত অন্ততঃ মাধ্যমিক শিক্ষা লাভ কৰা শিক্ষিত যুৱকৰ অনুপাত ২০০০ চনত ৩৫.২ শতাংশৰ পৰা ২০২২ চনত ৬৫.৭ শতাংশলৈ প্ৰায় দুগুণ বৃদ্ধি পাইছে।
৩৪২ পৃষ্ঠাৰ প্ৰতিবেদনত এই কথা উল্লেখ যে “কৃষিৰ পৰা আঁতৰি অকৃষি খণ্ডলৈ কৰ্মশক্তিৰ লেহেমীয়া গমন ২০১৯ চনৰ পিছত (ক’ভিড-১৯) মহামাৰীৰ বাবে বিপৰীতমুখী হৈ পৰিল। কৃষিত নিয়োগৰ অংশ বৃদ্ধি পালে আৰু কৃষি কৰ্মশক্তিৰ আকাৰ বৃদ্ধি হ’ল।”
আইএলঅ'ৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰতত নিযুক্তি হৈছে মুখ্যতঃ স্ব-নিযুক্তি আৰু সাময়িক নিযুক্তি। “প্ৰায় ৮২ শতাংশ কৰ্মচাৰী অনানুষ্ঠানিক খণ্ডৰ সৈতে জড়িত আৰু প্ৰায় ৯০ শতাংশ অনানুষ্ঠানিকভাৱে নিযুক্তি প্ৰাপ্ত,” প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে৷ ঠিক যেনেকৈ চেলোদিৰ যুৱচামে পাণৰ দোকান, ৰসৱন্তী আৰু চাহ-বিস্কুটৰ দোকান খুলি স্ব-নিযুক্ত হৈছে৷
‘‘২০১৯ চনৰ পৰা নিয়োজন বৃদ্ধিৰ প্ৰকৃতিত অনানুষ্ঠানিক খণ্ডত নিয়োজন যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাটো দেখিবলৈ পোৱা গৈছে৷’’ যদিও ২০১২-২২ বৰ্ষত নৈমিত্তিক শ্ৰমিকৰ মজুৰি সামান্য ঊৰ্ধমুখী হৈছিল, নিয়মীয়া শ্ৰমিকৰ প্ৰকৃত মজুৰি হয় স্থবিৰ হৈ আছিল বা হ্ৰাস পাইছিল। ২০১৯ চনৰ পিছত স্ব-নিয়োজিতৰ প্ৰকৃত উপাৰ্জনো হ্ৰাস পাইছে। সামগ্ৰিকভাৱে মজুৰি কম হৈ পৰিছে। সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্মাণ খণ্ডৰ ৬২ শতাংশ অদক্ষ সাময়িক কৃষি কৰ্মী আৰু এনে শ্ৰমিকৰ ৭০ শতাংশই ২০২২ চনত নিৰ্ধাৰিত দৈনিক নিম্নতম মজুৰি লাভ কৰা নাছিল।


বাওঁফালে: ৰামেশ্বৰ কাংকিৰাড়ে অতিৰিক্ত উপাৰ্জনৰ বাবে পাণ দোকানখনৰ কাষতে ৰসৱন্তি (কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা দোকান) দিছে। তেওঁ বন্ধুবৰ্গৰ মাজত বয়সত সৰু, খেতিৰ পৰা পোৱা নগণ্য উপাৰ্জনৰ বাবে বিয়াৰ কথা ভবা নাই। সোঁফালে: ৰামেশ্বৰে কুঁহিয়াৰ পেৰা মেচিনটো চলাইছে। কাৱলেয়ে (আঁচ থকা চোলা পৰিহীতগৰাকী) আৰু অংকুশ কাংকিৱাড়ে (মুগা বৰণ চোলা পৰিহীতা) তেওঁৰ পিছফালে থিয় দি আছে
*****
বাস্তৱ পৰিস্থিতি সঁচাকৈয়ে ভয়াৱহ৷
কইনা বিচাৰি উলিওৱাটো যিদৰে এক প্ৰত্যাহ্বানজনক কাম হৈ পৰিছে, সেই অনুপাতে গ্ৰামাঞ্চলৰ শিক্ষিত যুৱতীসকলেও স্থায়ী চাকৰি থকা উপযুক্ত দৰা বিচাৰি উলিওৱাটোও সমানেই দুৰূহ হৈ পৰিছে।
চেলোদিৰ এগৰাকী স্নাতক যুৱতীয়ে (নিজৰ নাম প্ৰকাশত অনিচ্ছুক আৰু কেনে দৰা তেওঁ বিচাৰে, সেই লৈ কথা ক’বলৈ লাজ কৰিছিল) এইদৰে কয়: “খেতি-খোলাত ব্যস্ত থকা লোক এজনতকৈ মই এখন চহৰত বাস কৰা আৰু স্থায়ী চাকৰি কৰা ল’ৰা এটাৰ সৈতে বিয়াত বহিবলৈ ভাল পাম।”
তেওঁ কয় যে চহৰত স্থায়ী চৰকাৰী চাকৰি থকা তেওঁৰ সম্প্ৰদায়ৰ দৰা বিচাৰি পোৱাটো তেওঁৰ দৰে গাঁৱৰ আন ছোৱালীবোৰৰ অভিজ্ঞতা সুখকৰ নহয়।
এয়া সকলো জাতি আৰু বৰ্গৰ ক্ষেত্ৰত সঁচা যেন লাগে, বিশেষকৈ সমগ্ৰ অঞ্চলত বাস কৰা উচ্চ-বৰ্ণৰ অ'বিচি বা মাৰাঠাৰ দৰে প্ৰভাৱশালী সম্প্ৰদায়ৰ ক্ষেত্ৰতো।
কৰ্মহীনতা নতুন কথা নহয়, নতুবা নিবনুৱা বা বিলম্বিত বিবাহো কোনো নতুন সমস্যা নহয়, কিন্তু আজিৰ এই সামাজিক সমস্যাৰ বৰ্ধিত হাৰ খুবেই উদ্বেগজনক, প্ৰবীণ কৃষকসকলে এইদৰে কয়।
চেলোদিৰ এগৰাকী প্ৰবীণ কৃষক ভগৱন্ত কাংকিৰাড়ে কয়, “যিসকলে ঘটকৰ ভূমিকা পালন কৰিছিল তেওঁলোকেও এতিয়া সেই ভূমিকা পালন কৰিবলৈ অনিচ্ছুক৷” তেওঁৰ দুগৰাকী ভতিজাকৰ ভিতৰত এগৰাকী ভতিজা অবিবাহিত, কিয়নো তেওঁলোকে উপযুক্ত দৰা বিচাৰি পোৱা নাই। তেওঁ কয় যে বহু বছৰ ধৰি তেওঁ নিজৰ সমাজত এজন ঘটকৰ ভূমিকা পালন কৰি আহিছে আৰু বিবাহযোগ্য যুৱক-যুৱতীসকলৰ বাবে কইনা আৰু দৰা বিচৰা কাম কৰিছে।
দহ একৰ জলসিঞ্চনযুক্ত কৃষি ভূমি থকা তথা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যোগেশ ৰাউতে কয় যে, ‘মই পৰিয়ালৰ বিয়া-সবাহবোৰলৈ যাবলৈ এৰিলো। তেওঁ কয়, “বিয়া-সবাহত দেখা পালেই মানুহে বিয়া কেতিয়া পাতিম সোধে। লাজ লাগে, হতাশো হওঁ।”
ইফালে ঘৰত পিতৃ-মাতৃও চিন্তিত৷ কইনা পালেও নহ’ব, ইমান কম উপাৰ্জনেৰে পৰিয়াল এটা পোহপাল দিয়াও ডাঙৰ কথা’’, ৰাউতে কয়৷
তেওঁ কয়, “খেতিপথাৰৰ উপাৰ্জনৰ ক্ষেত্ৰত কোনোৱে নিৰ্ভৰ নোৱাৰে৷’’ সেই কাৰণেই এই গাওঁখনৰ অধিকাংশ পৰিয়ালেই নিবিচাৰে যে তেওঁলোকৰ ছোৱালীয়ে কেৱল খেতিৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰা বা গাঁৱত বাস কৰা পুৰুষক বিয়া কৰাওক৷ তেওঁলোকৰ অগ্ৰাধিকাৰ হৈছে স্থায়ী চৰকাৰী চাকৰি, বা ব্যক্তিগত খণ্ডত নিযুক্তি, বা চহৰত নিজা ব্যৱসায় থকা পুৰুষসকল৷
সমস্যাটো হ'ল, স্থায়ী চাকৰিৰ সংখ্যা খুবেই কম আৰু তেনে কৰ্মসংস্থান বিচাৰি পোৱাটোও প্ৰায় দুঃসাধ্য কাম।


বাওঁফালে: ‘উপাৰ্জন ভাল নহ’লে পৰিয়াল চলাব নোৱাৰে,’ খেতিয়ক যোগেশ ৰাউতে কয়। বিয়া-সবাহলৈ গ’লে মানুহে বিয়াৰ কথা সুধি থাকে কাৰণে তেওঁ তেনে অনুষ্ঠানলৈ যোৱাই বাদ দিলে। সোঁফালে: নিজৰ পাণ দোকানত হেমন্ত আৰু অংকুশ
দীৰ্ঘদিন ধৰি পানীৰ সংকটত ভুগি থকা মাৰাঠৱাড়া অঞ্চলৰ পুৰুষসকলে কইনা বিচাৰিবলৈ এৰি দিছে বা চহৰলৈ স্থানান্তৰিত হৈছে য'ত তেওঁলোকে চাকৰি বা পানী বা দুয়োটাই পাব পাৰে, যদিহে তেওঁলোকে বিয়া কৰাব বিচাৰে, বহু সাক্ষাৎকাৰৰ যোগেদি পাৰিয়ে এই কথা বুজিব পাৰিছে।
স্থায়ী উপাৰ্জনৰ বাট বিচাৰি পোৱাটো কঠিন আৰু গ্ৰীষ্মকালৰ দৰে খেতি-বাতি নোহোৱা ঋতুত কৰ্মসংস্থানৰ সুযোগ একেবাৰেই ক্ষীণ হৈ পৰে।
গাঁৱত দহ একৰ বৰ্ষানিৰ্ভৰ খেতিমাটি থকা কাৱলেয়ে কয়, “গ্ৰীষ্মকালত খেতিৰ কাম নহয়’’, কুঁৱা বা দমকল থকা খেতিপথাৰত বতৰৰ পাচলি যেনে ভেণ্ডি আদিৰ খেতি তেওঁৰ কিছুমান বন্ধুৰ সৈতে কৰা হয়, কিন্তু ই লাভজনক নহয়৷
‘‘পুৱা দুই বজাতেই শুই উঠিছো; দোকমোকালিতে ভেণ্ডি সংগ্ৰহ কৰি দৰহাত ২০ কিলোগ্ৰাম ভেণ্ডি ১৫০ টকাত বিক্ৰী কৰিছো’’, কথাখিনি কওঁতে অজয় গোৱাণ্ডৰ কণ্ঠত উত্তেজনামিহলি সুৰ এটা স্পষ্ট হৈ পৰে। অবিবাহিত অজয় কলাৰ স্নাতক আৰু ৮ একৰ ভূমিৰ মালিক৷ ‘‘ভেণ্ডি সংগ্ৰহত ২০০ টকা ব্যয় হয়, ভেণ্ডি বিক্ৰী কৰি হোৱা শ্ৰমৰ খৰচটোও নোলায়’’, তেওঁ কয়৷
ভূতৰ ওপৰত দানহ পৰাহি আকৌ বান্দৰৰ সমস্যা আছেই৷ গোৱাণ্ডেয়ে কয়, চেলোদিত বান্দৰৰ সন্ত্ৰাস আন এক সমস্যা। খেতি পথাৰ আৰু জোপোহা অৰণ্যৰ মাজত কোনো আশ্ৰয় নাই, তাত বন্য জন্তুৰ বাবে পানী কিম্বা খাদ্য একোৱেই নাই৷ “সিহঁতে এদিন মোৰ খেতিপথাৰ তহিলং কৰিব, আন এদিন কাৰোবাৰ খেতিপথাৰত, কি কৰিব, উপায় আছে কি?”
প্ৰভাৱশালী তিৰালে-কুনবি জাতিৰ (অ'বিচি) কাৱলেয়ে দৰহাৰ এখন মহাবিদ্যালয়ত পঢ়িছিল, চাকৰিৰ সন্ধানত পুণেলৈ গৈছিল, এটা ব্যক্তিগত কোম্পানীত মাহিলী ৮,০০০ টকা দৰমহাত কাম কৰিছিল। কিন্তু আয় সামান্য হোৱাৰ বাবে ঘৰলৈ উভতি আহিছিল৷ তাৰ পিছত তেওঁ অতিৰিক্ত দক্ষতা হিচাপে পশু চিকিৎসা সেৱাৰ এক প্ৰমাণপত্ৰ লৈছিল৷ ইয়াৰো কোনো ফল নধৰিল। তাৰ পিছত তেওঁ কাৰিকৰী দক্ষতা হিচাপে ফিটাৰৰ ডিপ্লোমা লৈছিল যদিও কোনো সুবিধা পোৱা নাছিল৷
ইয়াৰ মাজতে, তেওঁ বেংক, ৰে’লৱে, আৰক্ষী আদি বিভাগৰ আৰু চৰকাৰী কেৰাণী পদৰ বাবে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি কৰিছিল আৰু পৰীক্ষাত অৱতীৰ্ণও হৈছিল...


বাওঁফালে: চেলোদি গাওঁখনৰ মূল চ’কটো। সোঁফালে: য়াভাতমালৰ তিৰঝাড়াত ত্ৰিশ বছৰৰ আশে-পাশে ডেকা ল’ৰাবোৰে গাঁৱৰ সৰপঞ্চে স্থাপন কৰা অধ্যয়ন কেন্দ্ৰত চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলায়। সিহঁতৰ আটায়ে স্নাতক নাইবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যদিও উচিত পাত্ৰী পোৱা নাই
অৱশেষত, তেওঁ হাৰ মানিলে৷ আন বন্ধুকেইজনেও মূৰ দুপিয়ালে৷ এয়া তেওঁলোকৰো কাহিনী৷
পশ্চিম বিদৰ্ভৰ য়াভাতমাল-ৱাছিম সমষ্টিটোত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ মাত্ৰ তিনি দিন পূৰ্বে তেওঁলোকে সাজোৰে কৈছে যে এইবাৰ তেওঁলোকে পৰিৱৰ্তনৰ বাবে ভোট দিব৷ মহাৰণখন শিৱসেনাৰ দুটা গোট- উদ্ধৱ ঠাকৰেৰ সঞ্জয় দেশমুখ আৰু একনাথ সিন্ধেৰ ৰাজশ্ৰী পাটিলৰ মাজত হৈছে৷
যুৱক-যুৱতীসকলে দেশমুখক সমৰ্থন কৰিছে কিয়নো সেনা-ইউবিটিয়ে কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা কৰিছে৷ বিদৰ্ভ কংগ্ৰেছৰ এটা পুৰণি দুৰ্গ হিচাপে জনাজাত৷
‘‘ থেই নুস্তাছ বাতা মাৰ্তে , কা কেলা জি তাইন [তেওঁ মাত্ৰ কথাৰ মানুহ, কি কাম কৰিছে তেওঁ]?’’ কাংকিৰাড়ৰ কথাত উত্তেজনাৰ সুৰ এটা মিহলি হৈ আছে। তেওঁ থলুৱা ৱাৰহাদি উপভাষাত নিজৰ ক্ষোভ উজাৰে৷
কোন? কোনে কেৱল কথা কয়, কাম নকৰে? আমি সুধিলো।
কাৱলেয়ে এটা অৰ্থপূৰ্ণ হাঁহি মাৰি ক’লে, ‘‘আপোনালোকে জানে৷’’ তাৰপিছত তেওঁ মনে মনে থাকিল।
তেওঁলোকৰ কথাৰ শেলে পোনপটীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আঘাত কৰিছেগৈ৷ প্ৰধানমন্ত্ৰীয়ে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে একোৱেই নিদিলে বুলি তেওঁলোকে অনুভৱ কৰে৷ ২০১৪ চনত সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মোদীয়ে দৰহাৰ ওচৰৰ এখন গাঁৱত চাই -পে-চৰ্চা অনুষ্ঠিত কৰিছিল য'ত তেওঁ কৃষকসকলক ঋণমুক্ত কৰিব বুলি অনানুষ্ঠানিকভাৱে প্ৰতিশ্ৰুতি দিছিল, লগতে কপাহ আৰু ছ’য়াবিনৰ অধিক বিক্ৰীমূল্য আৰু অঞ্চলটোত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ প্ৰতিশ্ৰুতিও দিছিল৷
২০১৪ আৰু ২০১৯ চনত এওঁলোকে বিজেপিক উজাৰি ভোট দিছিল আৰু নিশ্চিত আছিল যে মোদীয়ে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিব৷ তেওঁলোকে ২০১৪ চনত পৰিৱৰ্তনৰ বাবে ভোট দিছিল আৰু কেন্দ্ৰত বিজেপিয়ে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰক উৎখাত কৰিছিল৷ এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে মোদীৰ প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেনহে আছিল।
তেওঁলোকৰ অধিক সংখ্যকেই তেতিয়া প্ৰথমবাৰৰ বাবে ভোট দিছিল৷ তেওঁলোকে আশা কৰিছিল যে চাকৰি পাব, অৰ্থনীতি বিকশিত হ’ব, কৃষি লাভজনক হ'ব৷ কিয়নো মোদীয়ে ইমান বিশ্বাসযোগ্য আৰু সাজোৰে যুক্তি দাঙি ধৰিছিল যে অঞ্চলটোৱে সেই ঢৌত ভাঁহি নিৰ্ণায়কভাৱে তেওঁৰ সপক্ষে ভোট দিছিল৷
আজি দহ বছৰৰ পিছতো কপাহ আৰু ছ’য়াবিনৰ মূল্য স্থবিৰ হৈ আছে৷ উৎপাদন ব্যয় দুগুণ-তিনিগুণলৈ বৃদ্ধি হৈছে। মুদ্ৰাস্ফীতিয়ে ঘৰুৱা বাজেট ধ্বংস কৰিছে৷ আৰু চাকৰিৰ অভাৱ বা আন ঠাইত কোনো সুযোগ দেখা নোপোৱা অৱস্থাই যুৱক-যুৱতীসকলৰ মাজত ক্ষোভ আৰু হতাশাৰ সৃষ্টি কৰিছে।
এনেবোৰ কাৰণতে তেওঁলোক আকৌ খেতিলৈ ঘূৰি আহিবলগীয়া হৈছে, য’ত তেওঁলোকে কেতিয়াও ঘূৰি নহাৰ কথা আছিল। নিৰ্মম যদিও সঁচা হৈ পৰা কথা এষাৰে এতিয়া কেৱল চেলোদিৰে বুলি নহয়, সমগ্ৰ গ্ৰামীণ মহাৰাষ্ট্ৰৰ যুৱচামৰ মন ছানি ধৰিছে: “নৌকৰি নহি, তাৰ চোকৰি নাহি (চাকৰি-বাকৰি নাই মানে কইনাও নাই)।”
অনুবাদক: মনোৰঞ্জন মজুমদাৰ