“কৃষক বিৰোধী আইন তিনিখনৰ প্ৰতিলিপি দাহ কৰি আমি এই বছৰৰ লহৰী উৎসৱৰ শুভাৰম্ভ কৰিছো," পাঞ্জাবৰ সংগ্ৰুৰ জিলাৰ পৰা প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল’বলৈ অহা সুখদেৱ সিঙে কয়। তিনিকুৰি বছৰ গৰকা সিঙে তেওঁৰ জীৱনৰ প্ৰায়ভাগ সময় খেতি কৰিয়েই পাৰ কৰিছে। এতিয়া তেওঁ দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘুত বাহৰ পতা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ লগত থিয় দিছে।
"এইবেলিৰ লহৰী আনবাৰতকৈ বেলেগ। সাধাৰণতে আমি বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গৰ লগত একেলগে মিলি আনন্দৰে লহৰী উৎসৱ উদযাপন কৰো। এইবছৰ আমি সকলোৱে নিজৰ আপোন ঘৰ, নিজৰ খেতি পথাৰৰ পৰা দূৰত আছো যদিও ইয়াত সমবেত হোৱা মোৰ দৰে হাজাৰ হাজাৰজন খেতিয়ক আমাৰ লগত আছে। যেতিয়ালৈকে এই কৃষক বিৰোধী আইনকেইখন বাতিল নহয়, তেতিয়ালৈকে আমি কেৱে ঘৰলৈ উভতি নাযাও বুলি মন বান্ধিছো; লাগিলে আমি ইয়াত আৰু পাঁচ বছৰ থাকিম, বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল শেষ নোহোৱালৈ আমি অপেক্ষা কৰিম।"
"জনপ্ৰিয় লহৰী উৎসৱ পাঞ্জাৱ আৰু উত্তৰ ভাৰতৰ বিভিন্ন অংশত অতি উলহ-মালহেৰে উদযাপন কৰা হয়। মকৰ সংক্ৰান্তিৰ আগনিশা (চন্দ্ৰপঞ্জিকা অনুযায়ী সূৰ্যৰ দক্ষিণায়নৰ মানে সূৰ্য দক্ষিণে বহাৰ শেষৰ দিনটোত) এই উৎসৱ উদযাপন কৰা হয় আৰু ইয়ে বসন্ত ঋতু আৰু দীঘল দিনৰ আগমন সূচায়। সেইদিনা সকলোৱে লগ লাগি বনজুই জ্বলায় আৰু কুঁহিয়াৰৰ ৰসেৰে তৈয়াৰী এবিধ মিঠাইৰ লগতে বাদাম, তিল আৰু আন বহুতো পৰম্পৰাগত খাদ্যবস্তু সূৰ্য্য দেৱতাৰ নামত উচৰ্গা কৰি সুখ-সমৃদ্ধি আৰু নদন-বদন ফচলৰ মানসেৰে প্ৰাৰ্থনা জনায়।
"এইবেলি ১৩ জানুৱাৰীত সিংঘু সীমান্তৰ প্ৰতিবাদস্থলৰ বিভিন্ন স্থানত জুই ধৰি আৰু কৃষক বিৰোধী তিনিখন আইনৰ প্ৰতিলিপি দাহ কৰি কৃষকসকলে লহৰী উৎসৱ পালন কৰে। আইন তিনিখনৰ প্ৰতিলিপি ট্ৰেক্টৰবোৰৰ কাষতে ধৰা পৱিত্ৰ জুইৰ শিখাত দাহ গৈ কুকুহা হৈ উৰিল আৰু কৃষকসকলে একেলগে নাচি-বাগি গান গাই একতাৰ শ্লোগান জুৰিলে।
কৃষকসকলে বিৰোধিতা কৰা আইনকেইখন হৈছে কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চিতিৰ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।

পাঞ্জাবৰ কৃষকসকলে ট্ৰেক্টৰত উঠি সমদল উলিয়াই নাচি-বাগি লহৰীৰ আগমনৰ আনন্দ জাহিৰ কৰিছে

প্ৰতিবাদী কৃষকসকলৰ মাজৰ পাঞ্জাবৰ হৰপ্ৰীত সিং আৰু হাৰিয়ানাৰ ৰোহিতে সন্ধিয়া জুই ধৰাৰ আগেয়ে ঢাক-ঢোল বজাইছে

উৎসৱমুখৰ লহৰী লংগৰৰ উদ্দেশ্যে ৰুটি বেলি থকাৰ মূহুৰ্ত - আইনকেইখন বাতিল নোহোৱা পৰ্য্যন্ত প্ৰতিবাদী কাৰ্য্যসূচী চলাই নিয়াৰ দৃহ সংকল্পৰে এইবাৰৰ লহৰী উৎসৱ

লহৰী উৎসৱ উপলক্ষে জেলেপি বনাই থকা হৈছে


বাওঁফালেঃ লহৰী উৎসৱ উপলক্ষে সন্ধিয়া ৭ বজাত আইন তিনিখনৰ প্ৰতিলিপি দাহনৰ আহ্বান জনোৱা প’ষ্টাৰ। সোঁফালেঃ লহৰী উৎসৱ উপলক্ষে জুই ধৰাৰ পিছতে কৃষকসকলে আইন তিনিখনৰ বিৰুদ্ধে শ্লোগান জুৰিছে"

এজন কৃষকে আইন তিনিখনৰ প্ৰতিলিপি লহৰীৰ জুইত জাপিছে

আইন তিনিখনৰ লগত সম্পৰ্কিত আন বহু কাগজ জুইত জাহ গৈছে

“কৃষক বিৰোধী তিনিখন আইনৰ প্ৰতিলিপি দাহ কৰি আমি এই বছৰৰ লহৰী উৎসৱৰ শুভাৰম্ভ কৰিছো," পাঞ্জাবৰ সংগ্ৰুৰ জিলাৰ সুখদেৱ সিঙৰ মন্তব্য

সন্ধিয়া হৈ অহাৰ লগে লগে কৃষকসকলে একেলগে নাচ-গান আৰম্ভ কৰে। এইবেলিৰ লহৰী উৎসৱ আন বছৰৰ তুলনাত বহুখিনি বেলেগ। সুখদেৱে কয়, ‘সাধাৰণতে আমি লহৰী উৎসৱ বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গৰ লগত একেলগে মিলি আনন্দৰে উদযাপন কৰো। এইবছৰ আমি সকলোৱে নিজৰ আপোন ঘৰ, নিজৰ খেতি পথাৰৰ পৰা দূৰত আছো যদিও ইয়াত সমবেত হোৱা আমাৰ দৰে হাজাৰ হাজাৰজন খেতিয়ক আমাৰ লগত আছে। যেতিয়ালৈকে এই কৃষক বিৰোধী আইন তিনিখন বাতিল নহয়, তেতিয়ালৈকে আমি কেৱে ঘৰলৈ উভতি নাযাও। লাগিলে আমি ইয়াত আৰু পাঁচ বছৰ থাকিম, বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকাল শেষ নোহোৱালৈ আমি অপেক্ষা কৰিম।’
অনুবাদ: হীৰক জ্যোতি কলিতা