পেৰাই ড্ৰামৰ ধ্বনি শুনাৰ লগে লগে সমদলটো আৰম্ভ হয়৷
প্ৰায় ৬০ জন লোকৰ ভিৰৰ পৰা এটা চিঞৰ শুনা যায়: "জয় জয় জয় জয় ভীম, জয় আম্বেদকাৰ জয় ভীম।" এয়া হৈছে মুম্বাইৰ ধাৰাৱীৰ ৬ ডিচেম্বৰ, ২০২২ তাৰিখে ড০ বি. আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীত আয়োজিত মহাপৰিনিৰ্বাণ ৰেলী।
মানুহবোৰে এডাল এডালকৈ তেওঁলোকৰ হাতৰ মমবাতি জ্বলায় আৰু ধাৰাৱীৰ পেৰিয়াৰ চ’কত একত্ৰিত হয় আৰু হঠাতে মুম্বাই চহৰৰ এছিয়াৰ এই সৰ্ববৃহৎ বস্তিটো উদযাপনৰ সৈতে উজ্বীৱিত হৈ উঠে। মহাপৰিনিৰ্বাণ দিৱস (ড০ বি.আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী) অনুষ্ঠানটো জয় ভীম ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত কৰা হৈছে। সমদলটো প্ৰায় দুঘণ্টা ধৰি চলিব আৰু ই.ভি. ৰামাস্বামী (পেৰিয়াৰ) চ’কৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈৰ গণেশন কোভিলৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ স্থানলৈ যাব।
"আজিৰ দিনটো আমাৰ বাবে এক উৎসৱৰ দৰে। সমগ্ৰ মুম্বাই চহৰখনে ১৪ এপ্ৰিল (আম্বেদকাৰৰ জন্মদিন) আৰু ৬ ডিচেম্বৰৰ দিনটো মহান নেতাজনক আৰু বৈষম্যমূলক আচৰণৰ সন্মুখীন হোৱা লোকসকলৰ সপক্ষে তেওঁৰ অৱদানক স্মৰণ কৰিবলৈ উদযাপন কৰে," গিৰীয়েক সুৰেশ কুমাৰ ৰাজুৰ পত্নী, ফাউণ্ডেছনৰ অন্যতম গুৰিধৰোঁতা ভেনিলা সুৰেশ কুমাৰে কয়। "আমি সমগ্ৰ পথটো নীলা পতাকাৰে সজাইছিলো আৰু ঘৰে ঘৰে গৈ ৰাইজক আমাৰ সৈতে যোগ দিবলৈ আমন্ত্ৰণ জনাইছিলো।"
তাৰপাছত তেওঁ ধাৰাৱীত থকা আম্বেদকাৰৰ একমাত্ৰ মূৰ্তিটোত মাল্যৰ্পণ কৰিলে আৰু আম্বেদকাৰৰ অৰিহণাক লৈ তামিল ভাষাত সমবেত সংগীত পৰিৱেশনত যোগদান কৰিলে।


বাওঁফালে: সমদল আৰম্ভ হোৱাৰ পূৰ্বে মমবাতি জ্বলোৱা হয় আৰু জনসাধাৰণ একত্ৰিত হয় আৰু আম্বেদকাৰৰ অৱদানৰ বিষয়ে কথা কয়। সোঁফালে: ভেনিলা (বগা কুৰ্তাত) হৈছে জয় ভীম ফাউণ্ডেচনৰ সহ-প্ৰতিষ্ঠাপক । সোঁফালে: ৰেলীত সমবেত হোৱা মহিলাসকলক নেতৃত্ব দিয়াত ভেনিলাই (বগা কুৰ্তা পৰিহীতা) গুৰুত্বপূৰ্ণ ভূমিকা লয়

সমদলৰ সময়ত তামিল ভাষাত শ্লোগান দিয়া হয় কিয়নো অধিকাংশ অংশগ্ৰহণকাৰীয়েই তামিলভাষী। আৰণে (বাওঁফালে থকা লৰাজন) ৰেলীত পেৰাই বাদ্যযন্ত্ৰ বজায়
সুৰেশে উত্তৰ মুম্বাইৰ এটা প্ৰতিষ্ঠানত চালক হিচাপে কাম কৰে। ৪৫ বৰ্ষীয় ব্যক্তিজনে ১৪ ঘণ্টাৰ শ্বিফ্টত কাম কৰে আৰু মাহিলী দৰমহা হিচাপে প্ৰায় ২৫,০০০ টকা উপাৰ্জন কৰে। ৪১ বৰ্ষীয় ভেনিলা এগৰাকী ঘৰুৱা কৰ্মী যি ধাৰাভীৰ ওচৰৰ এটা এপাৰ্টমেণ্টত প্ৰতিদিনে ছয় ঘণ্টাৰ বাবে ৰন্ধা-বঢ়াৰ কাম আৰু চাফাইৰ কাম কৰে। এই কামৰ বাবে তেওঁ মাহে ১৫,০০০ টকা উপাৰ্জন কৰে।
দম্পতীহালৰ কাৰ্তিক (১৭ বছৰ) আৰু আৰণ (১২ বছৰ) নামৰ দুজন পুত্ৰ আছে, যি চহৰৰ ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়ন কৰে। "আমিও চহৰৰ আন ঠাই যেনে দাদৰৰ চৈত্যভূমিত হোৱা উদযাপনত অংশগ্ৰহণ কৰো। ঘাইকৈ পাৰায়াৰ সম্প্ৰদায়ে আম্বেদকাৰক অনুসৰণ কৰে আৰু ধাৰাভীৰ উদযাপনত অংশগ্ৰহণ কৰে," ভেনিলাই কয়।
ভেনিলা আৰু সুৰেশ মূলতঃ তামিলনাডুৰ আৰু তেওঁলোকৰ গৃহ ৰাজ্যত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত পাৰায়াৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। তেওঁ কয়, "মোৰ দেউতা ১৯৬৫ চনত তিৰুনেলভেলিৰ পৰা ধাৰাভীলৈ চাকৰি বিচাৰি আহিছিল।" জলসিঞ্চন আৰু অন্যান্য সমস্যাৰ বাবে কৃষিৰ পৰা পৰ্যাপ্ত উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱাৰ বাবে পৰিয়ালটো প্ৰব্ৰজন কৰিছিল।
দম্পতীহালে ধাৰাৱীত বাস কৰা আম্বেদকাৰবাদীসকলক সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সুৰেশে কয় যে ৰাজা কুট্টি ৰাজু, নিত্যনন্দ পালানি, অনিল পালানি আৰু আন সদস্যসকলে লগ লাগি ২০১২ত আম্বেদকাৰ আৰু তেওঁৰ অৱদানৰ বিষয়ে সজাগতা অভিজান চলাবলৈ আৰু জ্ঞান প্ৰচাৰ কৰিবলৈ ১৪ এপ্ৰিল আৰু ৬ ডিচেম্বৰত ধাৰাৱীত সামূহিক উদযাপনৰ আয়োজন আৰম্ভ কৰিছিল।


ভেনিলাৰ নতুন ঘৰৰ বাহিৰত (বাওঁফালে) বুদ্ধ, ড০ আম্বেদকাৰ, পেৰিয়াৰ ই.ভি. ৰামাস্বামী, সাবিত্ৰীভাই ফুলে আৰু কাৰ্লমাৰ্ক্সৰ এখন ফটো আছে। ভেনিলা আৰু তেওঁৰ স্বামী (সোঁফালে) আৰু তেওঁলোকৰ দুই পুত্ৰই যোৱা বছৰ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল


ভেনিলা তেওঁৰ আত্মসহায়ক গোট, মাগিজছি মাগালিৰ পেৰাভাইৰ মহিলাসকলৰ সৈতে
গাড়ী নচলোৱা অৱস্থাত সুৰেশে জয় ভীম ফাউণ্ডেচনৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰে। তেওঁ কয় যে ২০১২ চনত সংস্থাটোত ২০ জন সদস্য আছিল আৰু এতিয়া ১৫০ জন আছে। "আমাৰ বেছিভাগ সদস্যই প্ৰব্ৰজনকাৰী। তেওঁলোকে গাড়ী চলায় আৰু ৰে’লপথত কাম কৰে কিন্তু সমদলৰ সময়ত আমাৰ সৈতে যোগ দিয়ে," তেওঁ কয়।
ভেনিলাই নৱম শ্ৰেণীলৈকে পঢ়িছিল৷ উপাৰ্জন আৰম্ভ কৰাৰ পিছত তেওঁ পঢ়া বাদ পৰিছিল। ভেনিলাই কয় যে ৰান্ধনী হিচাপে আৰু কাৰ্যালয়ত কাম কৰি থকা অৱস্থাত তেওঁ ইংৰাজী ক'বলৈ শিকিছিল। ২০১৬ চনত স্থানীয় মহিলাৰ সৈতে লগ লাগি ভেনিলাই এটা আত্মসহায়ক গোট গঠন কৰিছিল আৰু তেওঁ ইয়াক মাগিজছি মাগালিৰ পেৰাভাই নাম দিছিল। "আমাৰ মহিলাসকলৰ ইয়াত আজৰি সময় কটাবলৈ একো সুবিধা নাই, সেয়েহে আমি এই মহিলাৰ গোটটোৱে সমবেতভাৱে কাৰ্যসূচী পৰিচালনা কৰো আৰু একেলগে চিনেমা চাবলৈ ওলাই যাওঁ।" লকডাউনৰ সময়ত, ভেনিলাৰ সমৰ্থিত এই আত্মসহায়ক গোটটোৱে ধাৰাভীৰ লোকসকলক খাদ্য, সামগ্ৰী আৰু ক্ষুদ্ৰ পৰিমাণৰ বিত্তীয় সমৰ্থন প্ৰদান কৰিছিল।
তামিল ভাষাত 'মাগিজছি'ৰ অৰ্থ হ’ল সুখী, তেওঁ হাঁহি হাঁহি কয়। "মহিলাসকল সদায় নিপীড়িত হয় আৰু তেওঁলোকে ঘৰৰ ভিতৰতে হতাশাগ্ৰস্ত অনুভৱ কৰে। এয়া এনে এটা স্থান য'ত আমি সকলোৱে পৰস্পৰৰ সৈতে কথা পাতি সুখী অনুভৱ কৰো।"

ৰেলী আযোজন কৰা ভেনিলা (বগা কুৰ্তা), তেওঁৰ স্বামী সুৰেশ (তেওঁৰ পিছফালে পিন্ধনত বগা চোলা) আৰু সুৰেশৰ সৰু ভায়েক ৰাজা কুট্টি আৰু আন সদস্যবৰ্গ

আৰণে (বগা টি-চাৰ্ট) সমদলৰ বাবে পেৰাই (ঘাতবাদ্য) বাদ্যযন্ত্ৰ বজায়

সমদলটো পেৰিয়াৰ চ’কৰ পৰা আৰম্ভ হয় আৰু গণেশন কোভিলৰ চৌহদৰ ভিতৰত থকা আম্বেদকাৰৰ মূৰ্তিত সমাপ্ত হয়। ডেৰ কিলোমিটাৰ দূৰত্ব দুঘণ্টাৰ ভিতৰত অতিক্ৰম কৰা হয়

সমদলৰ সময়ত সকলো ঠাইতে 'জয় ভীম' লিখা নীলা পতাকা দেখা গৈছে

ভেনিলাই (বগা কুৰ্তা) পদযাত্ৰা কৰাৰ সময়ত শ্লোগান দিয়ে। সুৰেশৰ সৰু ভায়েক ৰাজা কুট্টিয়ে (বগা চাৰ্ট আৰু দাড়ি) তেওঁৰ কাষে-কাষে যাত্ৰা কৰে। পাৰাই আৰু শ্ল'গানৰ ধ্বনিয়ে সমদলটোক উজলাই তুলিছে

ৰাজা কুট্টি ৰাজা (বগা চোলা আৰু ডাঢ়ি থকাজন) আৰু নিত্যনন্দ পালানি (ক’লা চোলাত) ৰেলীৰ মূখ্য আয়োজক

তামিল ৰেপাৰ আৰিভাৰাচু কালাইনেচন, যি আৰিভু নামেৰে জনপ্ৰিয়, সমদলটোত উপস্থিত আছিল। তেওঁ গান গাইছিল আৰু সমদলৰ শেষত ৰেপ কৰিছিল

সমদলটোৰ শেষৰ ফালে কিছুমান অংশগ্ৰহণকাৰীয়ে আম্বেদকাৰৰ প্ৰতিমূৰ্তিটোৰ ওপৰলৈ যায় আৰু সন্মানেৰে মালা পিন্ধায়
অনুবাদক: মনোৰঞ্জন মজুমদাৰ