আৰ কৈলাসমে বেংকৰ পৰা মনত দোধোৰ-মোধোৰ ভাৱ এটা লৈ ওলাই আহিল। “মই পাছবুকটো আপডেট কৰিবলৈ আহিলে প্ৰতিবাৰেই সিহঁতে মেচিনৰ মেৰামতি চলি আছে বুলি কয়, নাইবা আন এদিন আহিবলৈ কৈ পঠিয়াই দিয়ে,” তেওঁ কয়।
তাকো তেওঁ বাংগালামেডুৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা কে. জি. কান্দিগাই চহৰৰ বেংকটোলৈ প্ৰায় দুঘণ্টাৰ বাট অতিক্ৰম কৰি অহাৰ পিছত এনেদৰে নিৰাশ হ’বলগীয়া হৈছে। (আগতে তেওঁৰ চুবুৰীটোৰ পৰা আদবাটলৈ বাছ এখন চলিছিল, এতিয়া তাকো বন্ধ হৈ থাকিল)।
বেংকতহে তেওঁৰ আচল যুঁজখন আৰম্ভ হয়। তামিলনাডুৰ থিৰুভাল্লুৰ জিলাৰ কানাড়া বেংকটোৰ কে জি কান্দিগাই শাখাটোত পাছবুকৰ প্ৰবিষ্টিৰ বাবে এটা স্বয়ংচালিত মেচিন আছে। কৈলাসমে কেতিয়াও সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে। “সেইটোত মোৰ কাম নহয়,” তেওঁ কয়।
এদিনাখন তেওঁ মোক তেওঁৰ বেংকিঙৰ সমস্যাৰ বিষয়ে কৈ আছিল। ভেলিকাথান গছৰ ছাঁ লৈ মাটিত বহি থকা কেইগৰাকীমান মহিলাই কথা শুনি যোগ দিলে। “অ’ থাথা (ককা), আপডেট কৰিবলৈ আপোনাৰ পাছবুকখনত ষ্টিকাৰ এটা লাগিব,” তাৰে মাজৰে এগৰাকীয়ে কয়। সিহঁতে ঠিকেই কৈছে। কৈলাসমৰ পাছবুকত বাৰক’ড নাই। মেচিনত বাৰক’ড নহ’লে কাম নহয়। “সিহঁতেনো মোক ষ্টিকাৰ এটা কিয় নিদিলে, মই নাজানো। এইবোৰ কথা মই বুজি নাপাও,” তেওঁ কয়। তাতে বহি থকা মহিলাকেইগৰাকীয়েও তেনেকৈ নাজানে, অনুমানহে কৰে। “আপোনাৰ কাৰ্ড (এটিএম) থাকিলেহে ষ্টিকাৰ পাব,” তেনেতে আন এজনে মাত দিলে। “জিৰ’ একাউণ্ট হ’লে কাৰ্ড নাপাব,” তৃতীয়গৰাকী মহিলাই সন্দেহ দূৰ কৰিলে। কৈলাসমৰ বিভ্ৰান্তি পিছে দূৰ নহ’ল।
বেংকিঙৰ এই যুঁজ-বাগৰখনত তেওঁ অকলশৰীয়া নহয়। বাংগালামেডুৰ বহুতৰে বাবে নিজৰ খাতা চলোৱা, বেলেঞ্চ চোৱা বা কিমান পইছা সোমাইছে-ওলাইছে সেই হিচাপ ৰখাটো সহজ কাম নহয়। চৰকাৰী কাগজত চেৰুক্কানুৰ ইৰুলাৰ কলনি বুলি উল্লেখ থকা সেই চুবুৰীটো তিৰুট্টানি ব্লকৰ এটা দীঘলীয়া ৰাস্তাৰ কাষত গঢ় লৈ উঠা চুবুৰী। ৰাস্তাটোৰ দুয়োকাষে সৰু সৰু জুপুৰী ঘৰ আৰু কেইটামান পকাঘৰ আছে। ৩৫ টা পৰিয়াল তাতে বাস কৰে। (সম্প্ৰদায়টোক চৰকাৰী কাগজ-পত্ৰত এতিয়া ইৰুলাৰ বুলি কোৱা হয়)।
তিনিকুৰি বছৰ গৰকা কৈলাসম আৰু তেওঁৰ পত্নী কে সঞ্জয়াম্মা (৪৫)য়ে খেৰীচালৰ মাটি লেপি দিয়া বেৰৰ ঘৰ এটাত থাকে। তেওঁৰ সম্পত্তি বুলিবলৈ চাৰিটা ছাগলী আছে, সেইকেইটাকে কৈলাসমে চৰায় ফুৰে। তেওঁলোকৰ চাৰিসন্তানে নিজ পৰিয়ালৰ সৈতে বেলেগ বেলেগ ঠাইত থিতাপি লৈছে। দিনহাজিৰা কৰি পেট পোহা কৈলাসমে কয়, “পথাৰত কাম কৰিলে গোটেই দিনটো হালি থাকিব লাগে। হাউলি কাম কৰোঁতে কৰোঁতে মোৰ পিঠিৰ তীব্ৰ বিষ হৈছে, হাড়লৈকে বিষ। তাতকৈ এৰি ভেলাই (জলাশয়ৰ কাম, এমজিএনৰেগাৰ অধীনত)ৰ কামেই ভাল।” মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ২০০৫ৰ অধীনত প্ৰতিটো গ্ৰামীণ পৰিয়ালক বছৰটোত অতিকমেও ১০০ দিনৰ দিনমজুৰিৰ অধিকাৰ দিছে। বাংগালামেডুত ইৰুলাৰসকলৰ বাবে ১০০ দিনৰ কাম পোৱাটো তেনেই বিৰল।


আৰ কৈলাসমে কেইবাৰ যে বেংকলৈ নগ’ল, কিন্তু তেওঁৰ পাছবুকটো আপডেট কৰাব নোৱাৰিলে; তেওঁৰ খাতত কিমান টকা আছে সেয়া জনাৰ পাছবুকটোৱেই একমাত্ৰ উপায়
তামিলনাডুত বিশেষভাৱে সংকটাপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাভুক্ত ইৰুলাসকলে দিনহাজিৰা কৰিয়ে পেট পোহে। পুৰুষসকলে খেতিৰ সময়ত পথাৰত, চিজন লৈ ইটাৰ ভটা আৰু নিৰ্মাণক্ষেত্ৰত কাম কৰি দিনে ৩৫০ৰ পৰা ৪০০ টকা উপাৰ্জন কৰে। কাম নোপোৱা দিনবোৰত তেওঁলোকে হাবিত ফল-মূল বিচাৰি ফুৰে। সৰু-সুৰা প্ৰাণী যেনে এন্দুৰ, শহাপহু, কেৰ্কেটুৱা আৰু চৰাই আদিও তেওঁলোকে খাবলৈ চিকাৰ কৰে। ( বাংগালামেডুৰ মাটিৰ তলৰ পৰা খান্দি উলিওৱা সম্পদ ) আৰু বাংগালামেডুত এন্দুৰৰ বাটেৰে চাব পাৰে)
চুবুৰীটোৰ প্ৰায়ভাগ মহিলাৰ বাবে ইটাৰ ভটাত কাম কৰাৰ বাদে এমজিএনৰেগাৰ আঁচনিয়ে উপাৰ্জনৰ একমাত্ৰ উপায়। (এই প্ৰতিবেদন চাওকঃ বাংগালামেডুঃ মহিলাৰ বাবে কাম ক’ত? )
এমজিএনৰেগাৰ অধীনত হোৱা কামবোৰ যেনে জলাশয়ৰ তলি চাফা কৰা, গাত খন্দা বা গছ ৰোৱা আদি কৰি ইৰুলাৰসকলে দিনে প্ৰায় ১৭৫ টকা উপাৰ্জন কৰে। এই টকাখিনি পোনে পোনে তেওঁলোকৰ খাতাত জমা হয়।
“এই সপ্তাহটোত কাম কৰিলে মই মাজত এটা সপ্তাহ এৰি পিছৰটোত পইছাখিনি পাম,” কৈলাসমে কয়। মাহটোৰ শেষত তেওঁৰ হাতত কিমান টকা থাকেগৈ, তেওঁ নাজানে। “আমাক মাহটোত (ঘৰুৱা খৰছৰ বাবদ) ৫০০ মান টকা লাগে,” তেওঁ কয়। “বাকীখিনি বেংকত থাকে। এবাৰ মোৰ খাতাত ৩০০০ টকা জমা হৈছিল, সেইখিনিৰে মোৰ ল’ৰাটোক কিবা এটা কিনিবলৈ দিছিলো।”
বেংকত পইচাখিনি উলিয়াবলৈ কৈলাসমে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগে। “সিহঁতে চালান এখন দিয়াৰ কথা কয়, সেয়া কেনেকৈ কৰে মই নাজানো,” তেওঁ কয়। কৈলাসম আৰু সঞ্জয়াম্মা দুয়োগৰাকীয়েই নিৰক্ষৰ। “মই কোনোবা অহালৈ অপেক্ষা কৰো আৰু চালান পূৰণ কৰি দিবলৈ অনুৰোধ জনাওঁ। এবাৰত (২-৩ মাহৰ মুৰত) ১,০০০ টকাতকৈ বেছি পইচা নুলিয়াও” তেওঁ কয়।
তেওঁক সহায় কৰি অহাসকলৰ মাজৰ এজন হৈছে জি মণিগন্দন। বেংকৰ কামত তেওঁ সহায় কৰে আৰু আধাৰ কাৰ্ডৰ নথি জমা দিয়া নাইবা চৰকাৰী আঁচনি আৰু পেঞ্চন আদিৰ বাবে দৰ্খাস্ত কৰোঁতেও সহায় কৰি দিয়ে।


এটা ৰাস্তাৰ কাষত গঢ়ি উঠা বাংগালামেডু চুবুৰীটোৰ প্ৰায়ভাগ পৰিয়ালৰ কে জি কান্দিগাই চহৰৰ বেংকৰ শাখাটোত খাতা আছে। সোঁফালেঃ স্কুলৰ পাছৰ ক্লাছ চলোৱা মণিগন্দন, তেওঁ চুবুৰীটোৰ মানুহখিনিক বেংকিং সংক্ৰান্ত কামত সহায় কৰি দিয়ে
“মই গ’লেই (বেংকলৈ) ৫-৬ জন এনে মানুহ লগ পাওঁ যিয়ে কাৰোবাৰ সহায়লৈ বুলি ৰৈ থাকে। চালানবোৰ ইংৰাজী ভাষাত থাকে। অকণমান ইংৰাজী পঢ়িব জানো কাৰণে সিহঁতক সহায় কৰি দিওঁ,” ৯ম মানত স্কুলীয়া শিক্ষা এৰা ৩৬ বছৰ বয়সীয়া মণিগন্দনে কয়। শিশুৰ কাৰণে স্কুলৰ পাছৰ সময়চোৱাৰ পাঠদান কৰা জনসেৱামূলক সংস্থা এটাৰ কাৰণে তেওঁ কাম কৰে। “প্ৰথমতে কিবা ভুল-ভ্ৰান্তি হ’ব বুলি ভয় খাইছিলো,” তেওঁ কয়। “অকণমান ঘঁহালেই বা শুদ্ধ কৰিলেও তেওঁলোকে সেইখন ফালি পেলাই দিয়ে, আমি নতুনকৈ লিখিবলগীয়া হয়।” যোৱা কেইমাহমানত তামিল ভাষাত লিখা চালান পাইছো।
কৈলাসমৰ চুবুৰীয়া গোবিন্দম্মালে (৫৫) কেতিয়াও পঢ়াশালি গৰকা নাই। এমজিএনৰেগাৰ মজুৰি আৰু ১,০০০ টকাৰ মাহিলী পেঞ্চনৰ কাৰণে তেওঁৰো কমখন নগুৰ-নাগতি হোৱা নাই। তেওঁ অকলশৰীয়া বিধবা মহিলা, জীয়েক আৰু ল’ৰা দুটা একেটা চুবুৰীৰে নিজাকৈ ঘৰ কৰিছে। “মই টিপচহী মাৰো। সেয়ে চালান জমা দিয়াৰ সময়ত সিহঁতে (বেংকৰ কৰ্মচাৰীয়ে) এজন সাক্ষী বিচাৰে। তেনে অৱস্থাত মোৰ ফৰ্মখন ফিল আপ কৰি দিয়াজনকে সুধি চাও চহী কৰিব পাৰে নেকি” তেওঁ কয়।
চালানখন পূৰণ কৰি দিয়াজনে আকৌ তেওঁৰ নিজৰ একাউণ্ট নম্বৰ উল্লেখ কৰিব লাগে। এইখিনিতে মণিগন্দনৰ এটা হাঁহি উঠা ঘটনা মনত পৰিল। “এবাৰ মই কাৰোবাৰ কাৰণে সাক্ষী হিচাপে চহী কৰিলো আৰু মোৰ একাউণ্ট নম্বৰ দিলো। বেংকে মোৰ একাউণ্টৰ পৰাই টকা কাটি নিলে। ভাগ্যে, ভুলটো সিহঁতৰ চকুত পৰিল আৰু মই মোৰ টকাখিনি ঘুৰাই পালো।”
নিজৰ বেংকৰ কামৰ কাৰণে মণিগন্দনে এটিএম কাৰ্ড ব্যৱহাৰ কৰে। মেচিনত মাত্ৰ লেনদেনৰ বাবে তামিল ভাষা বাচি লয়। তেওঁ তিনিবছৰ আগতে কাৰ্ডখন পাইছিল, সেইখনৰ ব্যৱহাৰত অভ্যস্ত হওঁতে কিছু সময় লাগিল। “পইচা কেনেকৈ উলিয়াব লাগে আৰু খাতাত কিমান জমা আছে সেয়া চোৱা শিকিবলৈ আৰম্ভণিতে ২০ বাৰমান চেষ্টা কৰিবলগীয়া হৈছিল।”
প্ৰশ্ন হয় যে কৈলাসম বা গোবিন্দম্মালে কিয় এটিএম ব্যৱহাৰ নকৰে? মণিগন্দনে কয় যে কাই নাট্টু মানে টিপচহী মৰাজনক এটিএম কাৰ্ড দিয়া নহয়। কে জি কান্দিগাই চহৰৰ কানাড়া বেংকৰ প্ৰৱন্ধক বি লিংগামাইয়াহে কয় যে আগতে তেনেকুৱা নিয়ম আছিল, কিন্তু আজিকালি যিয়েই দৰ্খাস্ত কৰে, তেওঁকেই এটিএম কাৰ্ড দিয়া হয়। “সেয়া জন ধনেই (খাতা) হওঁক বা টিপচহী মৰা খাতাই হওঁক,” তেওঁ কয়। কিন্তু বাংগালামেডুৰ বহুতেই এই সুবিধাৰ কথা গম নাপায়।

বেংকটোৱে চেৰুক্কানুৰ পঞ্চায়ত গাঁৱত সৰুকৈ এটা ইউনিট বহুৱাইছে
‘মই টিপচহী মাৰো। সেয়ে মোৰ চালান জমা দিবলৈ গ’লে সিহঁতে সাক্ষীৰ চহী বিচাৰে। সাধাৰণতে মোৰ ফৰ্মখন ফিল আপ কৰি দিয়াজনকে চহী কৰিব পাৰে নেকি সোধো,’ গোবিন্দম্মালে কয়
বেংকিং ব্যৱস্থা সুচল কৰিবলৈ কানাড়া বেংকে বাংগালামেডুৰ পৰা তিনি কিলোমিটাৰ দূৰত, চেৰুক্কানুৰ গাঁৱত এটা ‘অতি ক্ষুদ্ৰ বেংক’ স্থাপন কৰিছে। মানুহে মিনি বেংক নাম দিয়া এই ক্ষুদ্ৰ বেংকটোত এজন ব্যৱসায়ীক সমন্বয়ক (বিজনেচ কৰেছপণ্ডেণ্ট চমুকৈ বি.চি.)ক ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছে যিজনে কমিচনৰ ভিত্তিত কাম কৰে। তেওঁ বায়’মেট্ৰিক আহিলা এবিধৰ সহায়ত গ্ৰাহকক খাতাত কিমান জমা আছে সেয়া চোৱা আৰু পইচা উলিওৱা বা জমা কৰা আদি কাম কৰাত সহায় কৰে।
ব্যৱসায়ীক সমন্বয়ক ই কৃষ্ণাদেৱী (৪২)য়ে তেওঁৰ ফোনৰ ইণ্টাৰনেটৰ সৈতে প’ৰ্টেবল বায়’মেট্ৰিক আহিলাবিধৰ সংযোগ স্থাপন কৰিলে। তাৰ পিছত তেওঁ গ্ৰাহকৰ আধাৰ নম্বৰটো তাতে টাইপ কৰিলে। আহিলাটোৱে গ্ৰাহকজনৰ ফিংগাৰপ্ৰিণ্টটো ৰিড কৰাৰ পিছত লেনদেনৰ অনুমতি দিলে। তেওঁ কয়, “তেওঁলোকে আধাৰ নম্বৰ বেংকৰ খাতাৰ সৈতে লিংক কৰিব লাগিব। মই লগত নগদ ধন ৰাখো।” আবেলি ৩.৩০ বজালৈ তেওঁ বেংকৰ সৈতে দিনটোৰ লেনদেন শেষ কৰিব লাগে।
কিন্তু ফিংগাৰপ্ৰিণ্ট ৰেজিষ্টাৰ কৰাত সমস্যাই দেখা দিলে, আধাৰ কাৰ্ড নাথাকিলে বা পাছবুক আপডেট কৰিবলৈ হ’লে গ্ৰাহকে কে জি কান্দিগাইত থকা বেংকৰ শাখালৈ যোৱাৰ বাদে গত্যন্তৰ নাই।
“কেতিয়াবা তেওঁৰ (বি.চি.) নগদ ধন শেষ হোৱা বুলি কয়। তেওঁ শ্লিপ এখন দি পাছত পইচা ল’বলৈ তেওঁৰ ঘৰলৈ মাতে নাইবা পিছদিনা আহিবলৈ কয়। আমি আকৌ যাওঁ,” গোবিন্দম্মালে কয়। তেওঁ আন কেইজনমানৰ সৈতে লগ লাগি চেৰুক্কানুৰলৈ বুলি জলাশয়ৰ পাৰে পাৰে তিনি কিলোমিটাৰ বাট খোজকাঢ়ি যায়। “আমি অফিছটোৰ বাহিৰতে ৰওঁ। তাতে তেওঁক নাপালে আমি তেওঁৰ ঘৰলৈ যাওঁ।”
সাধাৰণতে বি.চি.জনে নিজৰ ঘৰৰ পৰাই কাম কৰে। কিন্তু কৃষ্ণাদেৱীয়ে এটা পুৰণি আৰু পৰিত্যক্ত পুথিভঁৰালত দিনৰ ১০ বজাৰ পৰা পিছবেলা ১ বজালৈ বহে। এমজিএনৰেগাৰ নগদ ধন দিয়াৰ দিনা বা পেঞ্চন দিয়াৰ দিনা তেওঁ দেৰিলৈকে থাকে। সেই সময়খিনিৰ বাদেও তেওঁক যিকোনো সময়তে লগ কৰিব পৰা যায় বুলিও তেওঁ কয়। “যিয়ে কামলৈ যোৱা কাৰণে দিনত আহিব নোৱাৰে, তেওঁলোকে মোক ঘৰতো দেখা কৰিব পাৰে,” তেওঁ কয়।
সপ্তাহত এদিন, মঙলবাৰে কৃষ্ণাদেৱীয়ে তেওঁৰ বায়’মেট্ৰিক আহিলাটো কে. জি. কান্দিগাইৰ মূল শাখালৈ লৈ যায়। আন চাৰিখন পঞ্চায়তৰ বি.চি.কেইজনেও সপ্তাহটোৰ আন এটা দিনত একেটা কামকে কৰে। লেনদেনৰ কাৰণে আধাৰ কাৰ্ড ব্যৱহাৰ কৰাজনৰ বাবে সপ্তাহৰ আনকেইটা দিনত আহিলাবিধ দুপৰীয়া ২ বজালৈ উপলব্ধ। কৈলাসমে ভুলতে ভাবিলে যে তেওঁ কে জি কান্দিগাইত কেৱল মঙলবাৰেহ আহিলাবিধ থাকিব। “সিদিনাই চেৰুক্কানুৰৰ বি.চি.জন তালৈ যায়,” তেওঁ কয়।


মিনি বেংকটো চেৰুক্কানুৰত কৃষ্ণাদেৱীয়ে অকলে চলায়, তেওঁ বায়’মেট্ৰিক আহিলা এবিধৰ সহায়ত খাতাৰ বেলেঞ্চ চোৱা আৰু পইচা জমা কৰা বা উলিওৱাৰ কামত গ্ৰাহকক সহায় কৰে। সোঁফালেঃ এটা কোঠাৰ ঘৰ এটাত দোকান চলোৱা এছ সুমাথিয়ে তাতে টকা উলিয়াব পাৰি বুলি জানি আচৰিতেই হৈছিল
কৈলাসমৰ দৰে ইৰুলা পৰিয়ালবোৰৰ প্ৰায়ভাগৰে কানাড়া বেংকত খাতা আছে। যোৱা এটা দশক ধৰি এইটো বেংকেই ইয়াত আছে। (কেইবছৰমান আগতে অন্ধ্ৰ বেংকে কে জি কান্দিগাইত শাখা এটা বহুৱাইছিল, এতিয়া চাৰিটা বেলেগ বেলেগ বেংকৰ এটিএম চহৰখনত আছে)। কিছুমানৰ নিয়মীয়া সঞ্চয় খাতা আছে। আন কিছুমানৰ শূন্য বেলেঞ্চৰ নাইবা জন ধন খাতা আছে য’ত ন্যূনতম বেলেঞ্চ নাৰাখিলেও হয়।
কিন্তু মই কথা পতা কিছুমানে ক’লে যে তেওঁলোকক বেংকে শূন্য বেলেঞ্চৰ খাতাত কিছু টকা ৰাখিবলৈ নিৰ্দেশ দিছে। তেনে খাতা থকা গোবিন্দম্মালে কয়, “কে জি কান্দিগাইত তেওঁলোকে কিছু টকা বেংকত ৰাখিবলৈ কয়, কমেও ৫০০-১০০০ টকা। তেতিয়াহে এৰি ভেলাই (এমজিএনৰেগা)ৰ টকা আহে। সেয়ে মই চেৰুক্কানুৰলৈ (ক্ষুদ্ৰ বেংকটোলৈ) যাওঁ। তাতে মই খাতাত ২০০-৩০০ টকা এৰো।”
২০২০ৰ শেষৰফালে তেতিয়াৰ প্ৰৱন্ধক কে প্ৰশান্থক এই বিষয়ে সোধাত তেওঁ স্পষ্ট কৰি কৈছিল যে জন ধন খাতাত ন্যূনতম বেলেঞ্চ ৰখাটো বাধ্যতামূলক নহয়। “কোনোৱে যদি সকলো ধৰণৰ লেনদেন কৰিব পৰাকৈ কে.ৱাই.চি. থকা খাতা বিচাৰে. তেওঁলোকে ন্যূনতম ৫০০ টকাৰ বেলেঞ্চ ৰাখি নিয়মীয়া খাতা খুলিব পাৰে,” তেওঁ কয়।
যাহওঁক, বৰ্তমানৰ প্ৰৱন্ধক বি লিংগামাইয়াহে এই কথা মানি কয় যে জন ধন খাতা থকাজনে ন্যূনতম বেলেঞ্চ নাৰাখিলেও চলে যদিও বেংকৰ কৰ্মচাৰীয়ে তেওঁলোকক জোৰ নকৰা নহয়। কোনোবাই নিৰ্দিষ্টকৈ জন ধন খাতা নাইবা শূন্য বেলেঞ্চৰ খাতাৰ কথা নক’লে বেংকে নিয়মীয়া খাতাই খুলি দিয়ে।
গোবিন্দম্মালে আন এটা সমস্যাৰ কথা উনুকিয়ায়। “সিহঁতে (বেংকৰ কৰ্মচাৰীয়ে) প্ৰথমে ক’ব যে মই খাতাৰ কাৰণে পইচা দিব নালাগে, এতিয়া প্ৰতি বছৰে সিহঁতে ৫০০ কি ১০০০ টকা কাটে। মই ভবাতকৈ সদায় খাতাত কম টকা পাওঁ।”
অভাৰড্ৰাফ্ট ফেচিলিটিৰ কাৰণে এই বিভ্ৰান্তিৰ সৃষ্টি হোৱা বুলি কে. প্ৰশান্থই কয়। সেই সুবিধাৰ বাবদ মাচুল ভৰিব লাগে, জন ধন খাতাৰ ক্ষেত্ৰতো একেই নিয়ম। “ধৰা হ’ল তেওঁলোকৰ (খাতাধাৰক)ৰ খাতাত ২,০০০ টকা আছে আৰু তেওঁলোকে ৩,০০০ টকা উলিওৱাৰ চেষ্টা কৰিলে, চিষ্টেমে তেওঁলোকৰ কিছুমানক সেই টকা উলিয়াবলৈ দিব। পিছত তেওঁলোকে আকৌ যেতিয়া টকা জমা কৰিব, তেতিয়া তাৰ পৰা সেই টকা বেংকে মিলাই লয়। তেওঁলোকে তেনেদৰে ধন উলিওৱা কথাটো বুজি নাপায়।”


আৰ ৱানাজাৰ সৈতে এম অংকম্মা আৰু তেওঁৰ শিশুটি। ২০২০ চনত ৱানাজাই তেওঁৰ গিৰীয়েক আৰ জনছন (সোঁফালে)য়ে প্ৰৱঞ্চকৰ হাতত পৰি খাতাৰ ধন হেৰুৱাইছিল
ৰাস্তাৰ সিপাৰে গোবিন্দম্মালৰ ঘৰৰ সন্মুখৰে এছ সুমাথিয়ে (২৮)য়ে অভাৰড্ৰাফ্ট ফেচিলিটিৰ কথা জানিব পাৰি আচৰিতেই হৈছিলঃ “কোনোবাই আমাক এই কথা বুজাব পাৰিলেহেঁতেন। আমি ভাবিছিলো বেংকে আমাৰ টকা লৈ আছে।”
এছএমএছ সেৱাৰ নামতো পইচা যায়। তাৰ বাবে বেংকে প্ৰতি ত্ৰৈমাসিকত ১৮ টকাকৈ সংগ্ৰহ কৰে। কিন্তু ইয়াত সকলোৰে হাতত ফোন নাই, তাতে আকৌ যেতিয়া তেওঁলোকৰ ফোনত বেলেঞ্চ নাথাকে, তেতিয়া তেওঁলোকে মেচেজো নাপায়। আকৌ পইচা উলিয়ালেহে এছএমএছ পঠিওৱা হয়, সুমাথিয়ে কয়। “আমাৰ খাতাত পইচা জমা হ’লে তেওঁলোকে মেচেজ পঠিওৱাৰ ব্যৱস্থা নকৰে কিয়? আমাৰ ভালেখিনি সমস্যা দূৰ হ’লহেঁতেন।”
সকলোতে হ’বলৈ ধৰা ডিজিটাইজেশ্যনৰ প্ৰত্যাহ্বানবোৰেও সমস্যাৰ সৃষ্টি নকৰা নহয়। ২০২০ৰ নৱেম্বৰত মণিগন্দনৰ ভতিজা আৰ জনছন (২৩)ৰ পৰাও প্ৰৱঞ্চকে ১,৫০০ টকা সৰকাইছিল। তেওঁৰ ২২ বছৰীয়া পত্নী আৰ ৱানাজাৰ বেংকৰ খাতাত ২০০০ টকা আছিল, এমজিএনৰেগাৰ পৰা সঞ্চয় কৰা পইচা। দম্পত্তিহালৰ একমাত্ৰ বেংকৰ খাতাটোৰ কাৰ্ডৰ বিৱৰণ বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া এজনৰ আগত কৈ দিছিল। “তেওঁৰ কথাখিনি বেংকৰ বিষয়াজনৰ দৰেই লাগিছিল। কাৰ্ডখন ব্লক হৈ গৈছে আৰু ব্লক খোলাৰ বাবে নম্বৰটো জনাব লাগিব বুলি তেওঁ ক’লে। মই জনা আটাইবোৰ নম্বৰ মই তেওঁক দিলো। গোপনীয় নম্বৰ (ওটিপি)টোও দিলো। তেনেকৈ টকা সৰকোৱাৰ পিছত আমাৰ হাতত মাত্ৰ ৫০০ টকা বাচিল,” কেওঁ কয়।
জনছনৰ কাৰ্ডখন “আনলক” কৰিবলৈ বুলি আনকি মণিগন্দনৰ কাৰ্ডৰ বিৱৰণো সিহঁতক দিয়াৰ বাবে জনছনক পতিয়ন গৈছিল। বেংকে মনিগন্দনক সন্দেহজনক লেনদেনৰ বিষয়ে সতৰ্ক কৰি দিছিল। কিন্তু তেতিয়ালৈ তেওঁৰ ১৭,০০০ টকা হৰলুকি হ’ল, সেই টকাৰ কিছু অংশ তেওঁ গৃহ নিৰ্মাণ আঁচনিৰ অধীনত ঘৰ সাজিবলৈ জমা কৰিছিল।
জনছন আৰু আন ইৰুলাৰসকলে এই ডিজিটেল পৃথিৱী আৰু বেংকিং ব্যৱস্থাৰ সৈতে খোজ মিলোৱাত কষ্ট পাইছে, তাতে তেওঁলোকৰ প্ৰতি বিশেষ ধ্যানো দিয়া হোৱা নাই। কৈলাসমৰ পাছবুকটো এতিয়াও আপডেট কৰিবলৈ আছে। কিন্তু তেওঁ অলপ হ’লেও সকাহ পাইছেঃ “কাই ৰেগাই (বায়’মেট্ৰিক) মেচিনটো থাকিলে অন্ততঃ চালান পূৰাবলগীয়া নহয়।”
অনুবাদ: পংকজ দাস