উন্নাও : দুগৰাকী দলিত কিশোৰীৰ মৃতদেহ পথাৰত উদ্ধাৰ, তৃতীয় গৰাকীৰ অৱস্থা সংকটজনক
– দ্য ৱায়াৰ , ১৮ ফেব্ৰুৱাৰী, ২০২১
গছত ওলমি থকা অৱস্থাত উত্তৰ প্ৰদেশত দলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ , ধৰ্ষণৰ অভিযোগত ৩ জনৰ বিৰুদ্ধে এফআইআৰ দাখিল
– আউটলুক ইণ্ডিয়া , ১৮ জানুৱাৰী, ২০২১
উত্তৰ প্ৰদেশৰ পথাৰত ১৫ বছৰীয়া দলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ , হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ
– দ্য হিন্দুস্তান টাইমছ্ , ৩ অক্টোবৰ, ২০২০
হাথৰছৰ পাছত : উত্তৰ প্ৰদেশত ২২ বছৰীয়া দলিত যুৱতীক ধৰ্ষণ, হত্যা
– দ্য ইণ্ডিয়ান এক্সপ্ৰেছ , ১ অক্টোবৰ, ২০২০
নৃশংস গণ ধৰ্ষণৰ বলি উত্তৰ প্ৰদেশৰ দলিত কিশোৰীৰ দিল্লীৰ হস্পিতালত মৃত্যু
– দ্য হিন্দু , ২৯ ছেপ্টেম্বৰ, ২০২০
উত্তৰ প্ৰদেশ : দলিত কিশোৰীক ধৰ্ষণ, গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
– ফাৰ্ষ্টপ’ষ্ট , ১৯ ফেব্ৰুৱাৰী, ২০১৫
উত্তৰ প্ৰদেশত গছত ওলমি থকা অৱস্থাত অন্য এগৰাকী নাবালিকা উদ্ধাৰ , ধৰ্ষণ আৰু হত্যাৰ অভিযোগ পৰিয়ালৰ
– ডিএনএ , ১২ জানুৱাৰী, ২০১৪

সুৰুযমুখীৰ পথাৰবোৰ
হয়তো এয়া সিহঁতৰ ভৰুণ হোৱাৰ
ঠাই নহয়
হয়তোবা এয়া সিহঁতৰ বাবে
ফুলি উঠাৰো সময় নহয়
সিহঁতৰ বাবে হয়তো এয়া এচমকা
হাঁহিৰ ঋতুও নহয়
চৌপাশৰ বৰষুণ অতিশয় নিদাৰুণ
হয়তো সাৱটি ল’বলৈ এচমকা ৰ’দো নাই
উশাহ ল’বলৈও হয়তো এডোখৰ ঠাই
নাই
তথাপি
আমি জানো,
সংশয় অকাৰণ।
আমি জানো যে এয়াই সত্য
আমি জানো সিহঁতক খুটিয়াই
খুটিয়াই ভক্ষণ কৰা হ’ব
চিঙিব, মোহাৰিব আৰু নিশ্চিত
হ’ব মৃত্যুৰ আহুতি
ফুলবোৰ মুগাবৰণীয়া কেতিয়া
হয় আমি জানো
আৰু চিঙিবৰ বাবে কেতিয়া
সাজু হৈ উঠে সেই কথাও জানো
আৰু জানো আলসুৱা মন আৰু
যৌৱনৰ মন ভুলোৱা সোৱাদ
যেতিয়া সিহঁতক কোমল হৈ থাকোতেই
ভক্ষণ কৰা হয়
পাল পাতি পাতি সিহঁতক লৈ
যোৱা হয় অগ্নিকুণ্ডৰ অতিথিশালালৈ
নতুবা মোহাৰি পেলোৱা হয়
প্ৰত্যেকেই
অপেক্ষা কৰে নিয়তিৰ নিমন্ত্ৰণ।
ভাল পাবৰ বাবেও হয়তো নিদাৰুণ
সেই নিশা
আৰু মায়াময় মলয়াই কঢ়িয়াই
আনে বিহৰ টোপোলা
হয়তো পোন হ’বলৈকো মাটিখিনি বৰ কোমল
ঠানিৰে সৈতে ফুলৰ ওজনো অসহনীয়
কিন্তু তথাপিও সিহঁতে কেনেকৈ
সাহস কৰিছিল
প্ৰতি নিয়ত বাঢ়ি যাবলৈ
এই হাবিতলীয়া সুৰুযমুখীৰ
পথাৰবোৰ?
অসূৰ্যস্পৰ্শা সৌন্দৰ্যৰে
ভৰা পথাৰবোৰ
চকুৰে দেখা দূৰ দূৰণিলৈকে
সেউজ সোণোৱালী জুই শিখাই
সিহঁতৰ কণ কণ ভৰিবোৰ চুই
যায় আৰু মিচিকিয়ায় -
পখিলাৰ দৰে উৰি ফুৰা সেই
কিশোৰীজাকৰ হাঁহি
জিঁয়াৰ দৰে নাচি থকা সেই
ছোৱালীজাকৰ হাঁহি
আৰু সিহঁতে মূৰবোৰ আকাশলৈ
তুলি ধৰে
আৰু
সিহঁত কণমানি দুভৰিৰে থিয় দিয়ে।
সিহঁতৰ অকণি হাতৰ মুঠিত
এচমকা
অগ্নিময় কমলাবুলীয়া আভা।
এয়া কেৱল অদূৰত পুঞ্জিত
চিতাৰ গা দেই যোৱা ভষ্ম নহয়
মোৰ গৰ্ভ জুৰি আছে জীৱনোন্মুখ
সুৰুযমুখীৰ পথাৰবোৰ
যি
মোৰ চকুলৈ আনিছে পানীৰ লগতে জুই।
শ্ৰাব্য:
সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী
আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক তথা
‘লেফটৱৰ্ড
বুকচ’ৰ এগৰাকী সম্পাদক
।
অনুবাদ: বন্যা বৰুৱা