‘যোৱাবাৰ কপিল পাটিলক ভোট দিছিলো। কি হ’ল? গাঁৱত এতিয়াও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এটা নাই। আৰু এই ৰাস্তাবোৰ...জয় হোৱাৰ পিছত তেঁও আমালৈ পিঠি দিলে। তেঁওক আকৌ কিয় ভোট দিম?’ মাৰুতি ৱিছে কয়।
দুপৰীয়াৰ তীক্ষ্ণ ৰ’দ, পাৰা ৩৮ ডিগ্ৰী ছেলচিয়াছলৈ উঠিছে। টেম্ভাৰে গাঁৱৰ বাট-পথত এটাও মানুহ পাবলৈ নাই। ৭০ বৰ্ষীয় ৱিছেৰ পকা ঘৰটোত ছজন পুৰুষ আৰু তিনিগৰাকী মহিলা গোট খাইছে। তেঁওলোক প্লাষ্টিকৰ চকী আৰু ধাৰি পাৰি বহিছে, এচুকত তেঁওৰ ৫ একৰ মাটিৰ খেতিৰ ধান চপাই থোৱা আছে। গোটটোৰ প্ৰতিজনেই কৃষক, প্ৰতিটো পৰিয়ালৰে দুইৰ পৰা পাঁচ একৰ মাটি আছে, তাতে ধানৰ আৰু অইন বতৰৰ শাক-পাচলিৰ খেতি কৰে। ‘আমি এঠাইত বহি ভালদৰে আলোচনা কৰা উচিত যে এইবাৰ কাক ভোট দিয়া যাব,’ ৬০ বৰ্ষীয় ৰঘুনাথ ভইৰে কয়।
৫২ বৰ্ষীয় মাহাডু ভইৰ নাভাবে যে আলোচনাৰ পৰা কিবা ফল ওলাব। ‘আমি বিজেপিক পাঁচ বছৰ দিলো, কিন্তু তেঁওলোকে তিনিটা বছৰ অবাবতে কটালে। এতিয়া কংগ্ৰেছকো পাঁচ বছৰ দিও আৰু নষ্ট কৰাও। কোনো পাৰ্থক্য নাই। সকলো একেই।’

ভোট কাক দিব এই লৈ আলোচনাৰ বাবে মাৰুতি ৱিছেৰ ঘৰত মানুহ গোট খাইছে
দুঘণ্টা ধৰি আলোচনা চলিল। প্ৰতিজনেই নিজ নিজ পচন্দ, সমস্যা আৰু মত আগবঢ়ালে। ২৯ এপ্ৰিলৰ দিনা টেম্ভাৰে গাঁৱৰ আন লোকৰ সৈতে এই গোটটোও ইয়াত চামিল হ’ব আৰু ভিৱান্দি লোকসভা সমষ্টিৰ কাৰণে ভোট দিব।
দুঘণ্টাজোৰা আলোচনা চলিল। প্ৰতিজনেই নিজ নিজ পচন্দ, সমস্যা আৰু মত আগবঢ়ালে। ২৯ এপ্ৰিলৰ দিনা গোটটোৰ ভোটাৰকেইজনকে ধৰি মহাৰাষ্ট্ৰৰ থানে জিলাৰ শ্বাহপুৰ তালুকৰ টেম্ভাৰে গাঁৱৰ পাঁচখন পাৰাৰ ১২৪০ গৰাকী ভোটাৰে ভিৱান্দি লোকসভা সমষ্টিত ভোটদান কৰিব।
এই সংসদীয় সমষ্টিটোৰ বৰ্তমানৰ সাসংদ ভাৰতীয় জনতা দলৰ কপিল পাটিলে ২০১৪ত কংগ্ৰেছ প্ৰাৰ্থী বিশ্বনাথ পাটিলক ৪,১১,০৭০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। পাটিলে কংগ্ৰেছ এৰি নিৰ্বাচনৰ আগেয়ে বিজেপিত যোগদান কৰে। এইবছৰ তেঁও একেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ সুৰেশ টাৱাৰেৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে। ২০১৪ত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১৭ লাখ।
মহাৰাষ্ট্ৰত ১১ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪৮ টা সংসদীয় সমষ্টিৰ পৰা ৮৭,৩৩০,৪৮৪ ভোটাৰে প্ৰাৰ্থী বাচনি কৰিব।
‘বিশ্বনাথ পাটিল আমাৰ কুনৱি জাতৰ (অনান্য পিছপৰা শ্ৰেণীৰ)। আমি তেঁওক ভোট দিয়া উচিত। তেঁও গাঁৱত কাম কৰে। সিহতে (বিজেপিয়ে) বিমুদ্ৰাকৰণৰ সময়ত মানুহ মাৰিব ওলাইছিল। কপিল পাটিলে কি কৰিলে আমাৰ বাবে? কওক আপুনি!’ ৱিছে তেঁওৰ ঘৰতে বহি থকা মানুহকেইটাক সোধে।


‘আমি জাত-পাতৰ আধাৰত ভোট দিয়া অনুচিত,’ যোগেশ ভইৰে (বাওফালে) কয়। ‘মন্দিৰৰ নামত লাখে লাখে ধন শৰাধ কৰাৰ পৰিৱৰ্তে এখন সৰুকৈ হ’লেও গাঁও বিকশিত কৰাৰ বাবে সেই ধন ব্যয় কৰিব লাগে,’ নেহা ৱিছে কয় (সোঁফালে)
‘আমি জাত-পাতৰ আধাৰত ভোট দিয়া অনুচিত। প্ৰাৰ্থীজনে কাৰ্যতঃ কি কৰিছে আমি সেয়াহে চোৱা উচিত,’ ২৫ বৰ্ষীয় যোগেশ ভইৰে কয়। ‘…বিৰোধীয়ে আগতকৈ ভাল পৰিকল্পনা আৰু সামাজিক আঁচনি আগবঢ়াব খুজিছে নেকি? সেয়া চোৱা উচিত হ’ব।’
ৱিছেৰ বোৱাৰী নেহা (৩০)য়ে কয়, ‘তেঁওলোকে ভাষণত ইজনে সিজনক দোষাৰোপ কৰে, সামাজিক উন্নয়নৰ কথা নকয়। তেঁওলোকে ৰাম মন্দিৰৰ কথা পাতে। মন্দিৰৰ নামত লাখে লাখে টকা খৰছ কৰাৰ পৰিৱৰ্তে এটা সৰু চুবুৰী নাইবা গাঁও এখনৰ উন্নয়নত টকাখিনি খৰছ কৰিব লাগে।’
তাইৰ চুবুৰীয়া ৩৫ বৰ্ষীয় ৰঞ্জনা ভইৰে সন্মতিত মুৰ দুপিয়াইছে। ‘সঠিক কথাই কৈছে। আমাৰ গাঁৱত ৪ৰ্থ মানলৈকেহে পঢ়িব পৰাকৈ বিদ্যালয় আছে। আমাৰ ল’ৰা-ছোৱালীয়ে আগলৈ পঢ়া-শুনাৰ কাৰণে আন গাঁৱলৈ (থিলেলৈ) যালগীয়া হয়। যাতায়তৰ কোনো সুবিধা নাই। আমাক আমাৰ ল’ৰা-ছোৱালীৰ কাৰণে বিদ্যালয় দিয়ক, মন্দিৰ নহয়।’
‘আপুনি শুনিছেনে? এনচিপি (নেশ্যনেল কংগ্ৰেছ পাৰ্টি)ক্ষমতালৈ আহিলে শৰত পাৱাৰে কৃষকৰ বাবে মহাৰাষ্ট্ৰত কৃষি ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেঁও কৃষিমন্ত্ৰী হৈ থকা সময়ত কৃষকৰ ঋণ মাফ কৰি দিছিল। তেওঁ নিজৰ কথা ৰাখে। আমি এনচিপিক এটা সুযোগ দিয়া উচিত,’ ৫৬ বৰ্ষীয় কিষাণ ভইৰে কয়।


বাওফালৰ পৰা সোঁফাললৈঃ মাৰুতি ৱিছে, মাহাদু ভইৰ আৰু জগন মুকনে- আটায়ে বৰ্তমানৰ সাংসদজনক সন্দেহৰ দৃষ্টিৰে চায়
মাৰুতিৰ ঘৰৰ পৰা কেইখোজমান দুৰত আলকাতৰা দিয়া ৰাস্তা এটা গাঁও পঞ্চায়তে নিৰ্মাণ কৰি আছে। পঞ্চায়তৰ সদস্য জগন মুকনেয়ে কামটোৰ চোৱাচিতা কৰি আছে। ‘এমাহ আগেয়ে কাম আৰম্ভ হৈছিল। নিৰ্বাচন সমাগত। তেওঁলোকে (বিজেপি) কিবা কাম কৰা দেখুৱাব লাগিব,’ তেঁও কয়। জগন হৈছে কাটকাৰি জনজাতিৰ লোক, মহাৰাষ্ট্ৰত কাটকাৰিক বিপন্ন জনজাতিৰ মৰ্যাদা দিয়া হৈছে।
‘যোৱা পাঁচটা বছৰত ইন্দিৰা আবাস যোজনা(এতিয়া প্ৰধানমন্ত্ৰী আবাস যোজনা)ৰ অধীনত এটাও ঘৰ নিৰ্মাণ কৰা হোৱা নাই,’ তেঁও কয়। ‘দুবছৰ আগতে ঘৰৰ প্ৰয়োজন থকা পৰিয়ালৰ তালিকা এখন পঞ্চায়ত সমিতিক দিছিলো, তেঁওলোকে সেই দৰ্খাস্তবোৰ চাইহে আছে। আমি পুৰণি ইন্দিৰা আবাস যোজনাৰ মেৰামতিৰ ধনো পোৱা নাই। আমি বিজেপিক ভোট দি ডাঙৰ ভুল কৰিছো। এনচিপিয়ে আমাৰ কাৰণে কিছু কাম কৰিছিল।’
তেঁওৰ কথা শুনি আন মানুহ গোট খালে। ‘সিহতে এতিয়া ভিক্ষা খুজিবলৈ আহিব (ভোটৰ কাৰণে),’ ৩০ বৰ্ষীয় জাহ্নৱী মুকনেয়ে খঙেৰে ক’লে। ‘মই খেতিত কাম কৰি এতিয়াও দিনে ১৫০ টকাহে পাও, তাকো বছৰৰ ছটা মাহহে। অতীততো তেনেকুৱাই আছিল। সেয়া লাগিলে বিজেপিয়ে হওক, শিৱসেনাই হওক কিম্বা কংগ্ৰেছ- কোনোৱেই আমাৰ দুখ নুবুজে।’
৫৭ বৰ্ষীয় মিঠু মুকনেয়ে সমবেত মানুহখিনিক উদ্দ্যেশী ক’লেঃ আমাৰ ঘৰলৈ আহক, ইয়াতে ইমান গৰম পৰিছে। তাতে কথা পাতো।’ খোজ কাঢ়ি গৈ থাকোতে তেঁও ক’লে, ‘সিহতে (চৰকাৰে) গাঁৱৰ ৩০ গৰাকী কাটকাৰি পৰিয়ালক বিনামূলীয়া গেছ (উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া এলপিজি চিলিণ্ডাৰ) দিছিল। তাৰপিছত আমি চিলিণ্ডাৰৰ কাৰণে পইছা দিবলগীয়া হ’ল। এটা চিলিণ্ডাৰৰ নামত আমি কেনেদৰে মাহে ৮০০ টকাকৈ খৰছ কৰিব পাৰোঁ। আমি দিনে ১৫০-২০০ টকাকৈ কোনোমতে ছমাহৰ কাৰণে খেতিপথাৰত হাজিৰা কাম পাও। সিহতে এয়া বিবেচনা কৰা উচিত।’


‘সিহতে ভিক্ষা খুজিবলৈ আহিব এতিয়া (ভোটৰ বাবে), জাহ্নৱী মুকনেয়ে কয় (বাওফালে)।’ আলোচনা অব্যাহত ৰখাৰ বাবে মিথু মুকনেয়ে (সোঁফালে) সকলোকে নিজ ঘৰলৈ আমন্ত্ৰণ জনাইছে
তেঁওৰ ইটা-মাটিৰে সজা ঘৰটোত (বেটুপাতৰ আলোকচিত্ৰখন চাওক) সকলোৱে পাটি পাৰি মজিয়াতে বহিছে। আঠগৰাকী পুৰুষ আৰু ছগৰাকী মহিলা, সকলো কাটকাৰি জনজাতিৰ ভূমিহীন কৃষি শ্ৰমিক। ‘গাঁৱত ডাক্তৰ নাই (প্ৰাথমিক স্বাস্থ্যসেৱা)। আমি তাৰবাবে ২০ কিলোমিটাৰ দুৰৈৰ চেন্দ্ৰান গাঁৱলৈ নাইবা (৩০ কিলোমিটাৰ দুৰৰ) শ্বাহাপুৰ চহৰলৈ যাব লাগে। বিশেষকৈ প্ৰসূতিৰ ক্ষেত্ৰত বৰ অসুবিধা হয়, বহু সময়ত গৰ্ভৱতী মহিলাই চিকিৎসালয় নৌপাওতেই প্ৰসৱ কৰে,’ ৫০ বৰ্ষীয় বাৰ্কি মুকনেয়ে কয়।
৫৮০ গৰাকী ভোটাৰ থকা চেন্দ্ৰান গাঁৱত যোৱা পাঁচ বছৰত নিয়োগ সৃষ্টি কৰাত বিজেপিৰ অসমৰ্থতাক লৈ ক্ষোভ আছে। সেয়ে ২১ বৰ্ষীয় আকাশ ভগতে যোৱা কেইটামান বছৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বহা অনলাইন শ্বপিং কোম্পানীৰ ৱেৰহাউছবোৰক ধন্যবাদ জনাইছে।
‘নিয়োগ ক’ত? শ্বাহাপুৰ তালুকৰ ডেকা-ডেকেৰীৰ মনত এই প্ৰশ্নৰ সৃষ্টি হৈছে। ৱেৰহাউছবোৰ ইয়াতে নবহা হ’লে ডেকাচামৰ অৱস্থা কি হ’লহেঁতেন মই ক’ব নোৱাৰো,’ তেঁও কয়। ‘আমি তিনিমাহৰ চুক্তিত কাম কৰোঁ (বোজাই কৰা আৰু পেক কৰা কাম), কিন্তু আমি বছৰৰ পাঁচ- ছয়মাহ মানহে কাম পাও। বাকী মাহকেইটাত পেট গামোচা গাঠি থাকিব লাগে।’ ওচৰৰে বসিন্ধ চহৰৰ এখন মহাবিদ্যালয়ত আকাশে বাণিজ্য শাখাৰ স্নাতক পাঠ্যক্ৰম পঢ়ি আছে।


‘নিয়োগ ক’ত? আকাশ ভগতে সোধে। নিৰ্বাচনৰ কথা পাতিবলৈ চেন্দ্ৰান গাঁৱৰে এঘৰত তেঁও আৰু আন ডেকা গোট খাইছে’
‘আমাৰ গাঁৱৰ যুৱচামৰ ৯০ শতাংশই স্নাতক। তথাপি তেঁওলোকে ৱেৰহাউছত সহায়ক হিচাপে কাম কৰে। তাকো ঠিকাভিত্তিক। মই অটোম’বাইল ইঞ্জিনিয়াৰিং পঢ়িছো, কিন্তু কাম কৰো ৮০০০ টকীয়া সহায়ক হিচাপে। এই সমস্যাৰ প্ৰতি খাছদাৰে (সাংসদ) কাণ দিবই লাগিব,’ ২৬ বৰ্ষীয় মহেশ পাটোলেয়ে কয়।
‘ওচৰতে ডাঙৰ উদ্যোগ আছে, কিন্তু সিহঁতে আমাক কাম নিদিয়ে। ডাঙৰ মানুহে লিখি দিব লাগে। আন বিভাগৰ কথাটো বাদেই, সুৰক্ষাকৰ্মী হিচাপেও আমাক নিয়োগ নিদিয়ে। ৰাজনৈতিক নেতাবোৰে এই সমস্যাটোৰ কথা কয় ঠিকেই, কিন্তু কাৰ্যতঃ একো নকৰে,’ ৱেৰহাউছত কাম কৰা ২৫ বৰ্ষীয় জয়েশ পাটোলে কয়।
‘পুলৱামাৰ আক্ৰমণৰ সময়ত ছহিদলৈ আমিও শ্ৰদ্ধাঞ্জলি যাচিছিলোঁ। কিন্তু আমি হোৱাটচএপত পোৱা সাম্প্ৰদায়িক মেচেজবোৰ ডিলিট কৰিছিলোঁ। কাৰোবাক ভোট দিয়াৰ বাবে এয়া কোনো ইছ্যু হ’ব নোৱাৰে,’ বিদ্যালয় এখনত সহায়ক হিচাপে কাম কৰা স্নাতক ডিগ্ৰীধাৰী ২৯ বৰ্ষীয় নকুল দণ্ডকাৰে কয়। আলোচনাৰ কাৰণে ডেকাল’ৰাবোৰ তেঁওৰ ঘৰত গোট খাইছে।
‘মানুহৰ বিশ্বাস আৰু ‘মোদী ঢৌ’ৰ বলতে কপিল পাটিল জয়ী হৈছিল,’ নিবনুৱা হৈ থকা ২৪ বৰ্ষীয় স্বপ্নিল ৱিছে কয়। ‘কিন্তু ভোটাৰৰ মন পঢ়াটো সম্ভৱ নহয়। মানুহৰ নিজা নিজা ৰাজনৈতিক দৃষ্টিভংগী আছে আৰু কাক ভোট দিব আৰু নিদিব তাৰো নিজা কাৰণ আছে। মানুহে বিজেপিক গালি দিব পাৰে, কিন্তু কাক ভোট দিব আৰু কি ভাবি দিব সেয়া কোনে জানে। সমস্যাবোৰৰ (আমাক প্ৰভাৱিত কৰা) উপৰিও ভোট কিনাৰ দৰে অইন কাৰকো আছে। চুড়ান্ত ফলাফলেই সকলো ক’ব।’
অনুবাদঃ পংকজ দাস