চাৰিকুৰি দুই বছৰ বয়সৰ বাপু সুতাৰৰ ১৯৬২ৰ সেই দিনটো ভালকৈ মনত আছে। তেওঁ আৰু এখন কাঠৰ ট্ৰেডল (লঠীয়া) লগোৱা হস্ততাঁত বিক্ৰী কৰিছিল। সাত ফুট ওখ নিজহাতে ৱৰ্কশ্বপত বনোৱা তাঁতশালখন বিক্ৰী কৰি তেওঁ ক’লহাপুৰৰ চাংগাও কাচাবা গাঁৱৰ শিপিনী এজনৰ পৰা ৪১৫ টকা পাইছিল।
সেয়া এক সুখকৰ স্মৃতি হ’লহেঁতেন, যদিহে সেইখনেই তেওঁ বিক্ৰী কৰা শেষৰখন তাঁতশাল নহ’লহেঁতেন। তাৰপাছত অৰ্ডাৰ নহা হ’ল। তেওঁৰ হস্তনিৰ্মিত কাঠৰ লঠীয়া মৰা তাঁতশাল কাকো নলগা হ’ল। “ত্যাভেলি চাগলা ম’দলা (গোটেই কাৰবাৰটোৰ অন্ত পৰিল),” তেওঁ মনত পেলায়।
আজি, ছটা দশকৰ পাছত মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ ৰেণ্ডালত কেইগৰাকীমান মানুহেহে জানে যে বাপু হৈছে হস্তচালিত তাঁতশাল বনোৱা শেষৰকেইজন মানুহৰ এজন। কিন্তু এটা সময়ত তেঁৱেই আছিল খুবেই চাহিদা থকা হস্তশিল্পী। “ৰেণ্ডাল আৰু তাৰ আশে-পাশে থকা হস্ততাঁত নিৰ্মাণ কৰা হস্তশিল্পীসকল ঢুকাল,” গাওঁখনৰ আটাইতকৈ পুৰণি শিপিনী ৮৫ বছৰ বয়সীয়া বসন্ত টাম্বড়েয়ে কয়।
কাঠৰ পৰা হস্ততাঁত বনোৱা পৰম্পৰা ৰেণ্ডালত নাইকিয়া হৈ গৈছে। “এতিয়া সেই শেষৰখন তাঁতশালো নাই,” বাপুয়ে কয়, তেওঁৰ সাধাৰণ ঘৰটোৰ ভিতৰেত থকা বিদ্যুৎচালিত তাঁতশালৰ শব্দত মাজত তেওঁ কথাবোৰ ডাঙৰ ডাঙৰকৈ ক’বলগীয়া হৈছে।
বাপুৰ এটা কোঠাৰ ৱৰ্কশ্বপটো তেওঁ ঘৰটোৰ ভিতৰতে আছে, সেই ৱৰ্কশ্বপটোৱে এটা যুগ পৰিৱৰ্তন দেখিছে। কোঠাটোত থকা মুগা ৰঙৰ সমাহাৰ - ডাঠ, ঘন মুগা, ৰঙচুৱা মুগা, চেডল, চিয়েনা, মেহগনি, ৰাফাচ আৰু আন বহুতো ৰঙে এতিয়া সময়ৰ লগে লগে উজ্বলতা হেৰুৱাই পেলাইছে।


বাওঁফালে : বাপুৰ ৱৰ্কশ্বপটো তেওঁৰ বেপাৰৰ বিভিন্ন সঁজুলি যেনে ট্ৰাই স্কুৱেৰ (কাঠত ৯০ ডিগ্ৰী কোণ হৈছে নে নাই চাবলৈ ব্যৱহাৰ কৰা হয়) তাঁৰ আৰু মটৰ ৰিৱাইণ্ডিঙৰ সামগ্ৰীৰে ভৰি আছে । সোঁফালে : পাৰম্পৰিক আৰু নিত্য-ব্যৱহাৰ্য্য সঁজুলিৰ মাজত এটা কেৰাচিনৰ লেম, সেইটো তেওঁৰ শৈশৱৰ দিনৰ

তেওঁৰ ৱৰ্কশ্বপটো হাতেবোৱা তাঁতশাল নিৰ্মাণৰ পাৰম্পৰিক সঁজুলিৰে সৈতে এটা সংগ্ৰাহলয়ৰ দৰেই । তাতেই ৰেণ্ডালৰ এক গৌৰৱোজ্বল ইতিহাস থূপ খাই আছে
*****
ৰেণ্ডাল ইছালকাৰাঞ্জিৰ পৰা ১৩ কিলোমিটাৰ দূৰত অৱস্থিত, সেইখন মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ এখন বস্ত্ৰনগৰী। বিংশ শতিকাৰ আৰম্ভণিৰ দশককেইটাত ইছালকাৰাঞ্জি চহৰলৈ তাঁতশালৰ সোঁত বৈছিল, তেনেকৈয়ে ৰাজ্যখনত সেই চহৰখনে প্ৰখ্যাত বস্ত্ৰনগৰী হোৱাৰ সুনাম আৰ্জিছিল, লাহে লাহে সমগ্ৰ দেশে জানিছিল। ইছালকাৰাঞ্জিৰ ওচৰতে হোৱা কাৰণে ৰেণ্ডাল গাওঁখনো বস্ত্ৰ উৎপাদনৰ ক্ষুদ্ৰ কেন্দ্ৰ হৈ পৰিছিল।
১৯২৮ত বাপুৰ পিতৃ প্ৰয়াত কৃষ্ণ সুতাৰে প্ৰথমবাৰ বাবে ২০০ কিলোৰো অধিক ওজনৰ এই বৃহৎ তাঁতশাল বনোৱা শিকিছিল। প্ৰয়াত ডাটে ধুলাপ্পা সুতাৰ, ইছালকাৰাঞ্জিৰ হস্তশিল্পৰ গুৰুৱে কৃষ্ণক এই তাঁতশাল সজা শিকাইছিল, বাপুৱে কয়।
“১৯৩০ৰ আৰম্ভণিৰ সময়চোৱাত ইছালকাৰাঞ্জিত তাঁতশাল বনোৱা তিনিঘৰ পৰিয়াল আছিল,” বাপুৱে মনত পেলায়, তেওঁৰ স্মৃতিশক্তি মিহি সূতাৰে দৰেই চিগি নোযোৱাবিধৰ। “সেই সময়ত তাঁতশালৰ ব্যৱসায় খুব চলিছিল, সেয়ে মোৰ দেউতাইও সেয়া শিকাটো থিৰাং কৰিলে।” তেওঁৰ ককা কল্লাপ্পা সুতাৰে কৃষিৰ সঁজুলি যেনে কাঁচি, কোৰ আৰু কুলাভ (হাল বোৱা ফাল) বনাইছিল, তাৰোপৰি জলসিঞ্চনৰ বাবে পাৰম্পৰিক মোট (পুলী ব্যৱস্থা) পতা কাম কৰিছিল।
শৈশৱত দেউতাকৰ ৱৰ্কশ্বপটো আছিল বাপুৰ প্ৰিয় ঠাই। তেওঁ ১৫ বছৰ বয়সতে, ১৯৫৪ত প্ৰথমখন তাঁতশাল বনাইছিল। “আমি তিনিজনে সেইখন সাজোতে ছদিনত ৭২ ঘণ্টা লাগিছিল,” তেওঁ হাঁহি মাৰি কয়। “আমি সেইখন এজন ৰেণ্ডালৰ এজন শিপিনীক ১১৫ টকাত বিক্ৰী কৰিছিলো।” সেয়া আছিল খুবেই মোটা ৰকম, কিয়নো তেতিয়া এক কিলো চাউলৰ দাম আছিল ৫০ পইছা।
ষাঠিৰ দশককৈ হস্তনিৰ্মিত তাঁতশালৰ দাম ৪১৫ টকা হ’লগৈ। “আমি মাহত কমেও চাৰিখন তাঁতশাল নিৰ্মাণ কৰিছিলো।” কেতিয়াও সেইবোৰ এটা ইউনিট হিচাপে বিক্ৰী কৰা হোৱা নাছিল। “আমি গৰুগাড়ী এখনত অংশবোৰ কঢ়িয়াই নি শিপিনীৰ ৱৰ্কশ্বপত সেইখন ফিটিং কৰি দি আহিছিলো,” তেওঁ বুজাই কয়।
সোনকালেই বাপুৱে ডবি (মাৰাঠীত ডাবি) বনোৱা শিকিলে। ডবিটো বাহিৰৰ ফালৰ পৰা শালখনৰ ওপৰত ফিটিং কৰা হয়, ই কাপোৰ বয় থকা অৱস্থাত সৰু সৰু ফুল আৰু আৰ্হি বচাত সহায় কৰে। প্ৰথমখন চেগুণৰ ডবি সাজোতে তেওঁক তিনি দিনৰ ৩০ ঘণ্টা সময় লাগিছিল। “সেইখনৰ গুণাগুণ ভাল হৈছে নে নাই সেয়া চাবলৈ মই এয়া ৰেণ্ডালৰ লিংগাপ্পা মহাজনক বিনামূল্যে দিছিল,” তেওঁ মনত পেলায়।


১৯৫০ৰ দশকত বাপুৱে ছেগুনৰ প্ৰথমখন ডবি বনাইছিল , কাপোৰত সৰু সৰু ফুল বচাত এই সঁজুলিবিধ ব্যৱহাৰ কৰা হয় । এনেদৰেই এটা দশকত তেওঁ ৮০০ ডবি বনাইছে

বাপুৱে তেওঁৰ সঁজুলিৰ সংগ্ৰহটো বৰ গৌৰৱেৰে দেখুৱাইছে , তাৰে বেছিভাগ সঁজুলি তেওঁ দেউতাক কৃষ্ণ সুতাৰৰ পৰা পাইছে
এফুট ওখ আৰু ১০ কিলো ওজনৰ লবি এখন সাজিবলৈ দুজন কাৰিকৰে দুদিন কাম কৰিব লাগে। বাপুয়ে এটা দশকত এনে ৮০০ খন ডবি সাজিছিল। “ডাবি এখন ১৯৫০ত ১৮ টকাত বিক্ৰী হৈছিল, ১৯৬০ত ইয়াৰ দাম ৩৫ টকা হৈছিল।”
১৯৫০ৰ শেষৰফালে ৰেণ্ডালত ৫,০০০ খন শাল আছিল, শিপিনী বসন্তই কয়। “নৌৱাৰি (ন য়াৰ্ড)ৰ শাড়ী এই তাঁতশালবোৰত বোৱা হৈছিল,” ৬০ৰ দশকত যেতিয়া তেওঁ এসপ্তাহত ১৫ খন শাড়ী বয় উলিয়াইছিল, তেতিয়াৰ কথা মনত পেলাই তেওঁ কয়।
তাঁতশালবোৰ চেগুন কাঠৰ পৰা নিৰ্মাণ কৰা হৈছিল। ডিলাৰবোৰে কৰ্ণাটকৰ দাণ্ডেলি চহৰৰ পৰা কাঠ আনিছিল আৰু ইছালকাৰাঞ্জিত বিক্ৰী কৰিছিল। “মাহত দুবাৰ আমি গৰুগাড়ী লৈ ইছালকাৰাঞ্জীৰ পৰা (ৰেণ্ডাললৈ) কাঠ আনিছিলো,” সেই তিনিঘণ্টীয়া বাটৰ কথা বাপুয়ে কয়।
বাপুয়ে এক ঘনফুট চেগুন ৭ টকাত আনিছিল, ১৯৬০ৰ দশকত সেয়া ১৮ টকা হৈছিল, আজিৰ তাৰিখত তাৰ দাম ৩,০০০ টকা। তাৰোপৰি শালি (লোহাৰ দণ্ড), পাট্ট্যা (কাঠৰ প্লেট), নট-বল্টু আৰু স্ক্ৰুও ব্যৱহাৰ হৈছিল। “প্ৰতিখন তাঁতশালত প্ৰায় ছয় কেজি লো আৰু সাত ঘনফুট চেগুন লাগিছিল,” তেওঁ কয়। ১৯৪০ত লোৰ দাম আছিল প্ৰতি কেজিত ৭৫ পইছা।
বাপুৰ পৰিয়ালটোৱে তেওঁলোকৰ তাঁতশালবোৰ ক’লহাপুৰৰ হাটকানাংলে তালুকত আৰু কৰ্ণাটকৰ বেলাগাভি জিলাৰ চিকৰিতালুকাৰ তালুকৰ কাৰাদাগা, কগানলি, বৰাগাওঁ গাঁৱত বিক্ৰী কৰিছিল। এই শিল্প ইমানেই মনযোগ দি কৰিবলগীয়া হৈছিল যে ১৯৪০ত ৰেণ্ডালত কেৱল তিনিগৰাকী শিল্পী - ৰামু সুতাৰ, বাপু বালিচো সুতাৰ আৰু কৃষ্ণ সুতাৰ (আটাইকেইজনেই সম্পৰ্কীয়)য়ে তাঁতশাল বনাইছিল।
তাঁতশাল বনোৱা কামটো জাতিভিত্তিক আছিল, মহাৰাষ্ট্ৰত অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত ঘাইকৈ সুতাৰ জাতিৰ লোকে এই কাম কৰিছিল। “কেৱল পাঞ্চাল সুতাৰ (উপ-জাতি)ৰ লোকে এই কাম কৰিছিল,” বাপুৱে কয়।

বাপুৰ আৰু তেওঁৰ পত্নী ললিতা (এগৰাকী গৃহিণী)য়ে তেওঁৰ ৱৰ্কশ্বপটোত স্মৃতিৰ সঁফুৰা বিচাৰি পায় । ললিতাই যিমান দেখিছে , ৰেণ্ডালত তাঁতশালৰ কাম আগৰেপৰাই পুৰুষৰ দখলতে আছিল

ৰেণ্ডালৰ আটাইতকৈ পুৰণি শিল্পী আৰু বাপু সুতাৰৰ সমসাময়িক বয়সৰ বসন্ত তাম্বড়েয়ে ব্যৱহাৰ কৰা কাঠৰ ফ্ৰেমৰ তাঁতশাল । ক ’ভিড-১৯ লকডাউনত চলিব নোৱাৰা হোৱাত তেওঁ এই তাঁতশালখন বিক্ৰী কৰি দিছিল
তাৰোপৰি এই জীৱিকাত আছিল পুৰুষৰ আধিপত্য। বাপুৰ মাতৃ প্ৰয়াত সোণাবাই আছিল খেতিয়ক আৰু গৃহিণী। তেওঁৰ পত্নী ললিতা সুতাৰো (৬০) এগৰাকী গৃহিণী। “ৰেণ্ডালৰ মহিলাই চেৰেকি ঘূৰাই সূতা মহুৰাত ফুৰায় আৰু মাকোত সূতা ভৰায়। তাৰপিছত পুৰুষে কাপোৰ বোৱে,” বসন্তৰ পত্নী ৭৭ বছৰীয়া বিমলে কয়। চতুৰ্থ সৰ্বভাৰতীয় হস্ততাঁত পিয়ল (২০১৯-২০২০) অনুসৰি যদিও এই শিল্পবিধত মহিলা শ্ৰমিকৰ সংখ্যা ২,৫৪৬,২৮৫ গৰাকী ভাৰতৰ মুঠ হস্ততাঁত শ্ৰমিকৰ ৭২.৩ শতাংশ।
পঞ্চাশৰ দশকৰ তাঁতশাল বনোৱা শিল্পীৰ কথা মনত পৰিলে আজিও বাপু বিস্ময়াভিভূত হৈ পৰে। “কাবনুৰৰ গাঁৱৰ (ক’লহাপুৰ) কল্লাপ্পা সুতাৰে হায়দৰাবাদ আৰু সোলাপুৰৰ পৰা অৰ্ডাৰ পাইছিল। তেওঁৰ (আনকি) ন গৰাকী শ্ৰমিক আছিল,” তেওঁ কয়। এটা সময়ত য়েতিয়া তাঁতশাল নিৰ্মাণত কেৱল ঘৰৰ মানুহেই সহায় কৰি দিছিল, সেইখিনি সময়ত কল্লাপ্পাক ন জনকৈ শ্ৰমিকৰ প্ৰয়োজন হোৱাটো কম কথা নাছিল।
বাপুৱে দুই বাই আঢ়ৈ ফুটৰ ছেগুন বাকচটোলৈ দেখুৱাই দিয়ে, সেইটো তেওঁৰ বৰ প্ৰিয় আৰু ৱৰ্কশ্বপতে সেইটো ৰাখে। “তেওঁৰ তাত ৩০ ধৰণৰ ৰেন্স আৰু আন ধাতুৰ সঁজুলি আছে। সেইবোৰ আনৰ কাৰণে সাধাৰণ সঁজুলি যেন লাগিব পাৰে, কিন্তু মোৰ শিল্পৰ কথা মনত পেলাই দিয়া বাবে সেইবোৰ বিশেষ,” তেওঁ আৱেগিক হৈ কয়। বাপু আৰু তেওঁৰ ডাঙৰ ভ্ৰাতৃ প্ৰয়াত বসন্ত সুতাৰে তেওঁলোকৰ দেউতাকৰ পৰা প্ৰতিজনে ৯০ বিধ ৰেন্স পাইছে।
বাপুৰ কাঠৰ ৰেক দুটাত হাতুৰী, বটালি, বিন্ধনা, খোলনি কটা, ট্ৰাই স্কুৱেৰ, ধাতুৰে নিৰ্মিত পাৰম্পৰিক ডিভাইডাৰ আৰু কম্পাছ, মাৰ্কিং গজ, মাৰ্কিং নাইফ আৰু বিভিন্ন সামগ্ৰীৰে ভৰি আছে। “সেয়া মোৰ ককা আৰু দেউতাকৰ পৰা মই পাইছো,” তেওঁ গৰ্বেৰে কয়।
১৯৫০ চনৰ কথা, তেতিয়া ৰেণ্ডালত ফটোগ্ৰাফাৰ পাবলৈ নাই। বাপুয়ে হস্তশিল্পৰ এই ঐতিহ্য আৰু স্মৃতি ধৰি ৰাখিবলৈ ক’লহাপুৰৰ পৰা ফটোগ্ৰাফাৰ মাতি অনা মনত পেলায়। শ্যাম পাটিলে ছখন ফটো আৰু যাতায়তৰ খৰছৰ বাবদ তেওঁৰ পৰা ১০ টকা লৈছিল। “ৰেণ্ডালত এতিয়া বহুত ফটোগ্ৰাফাৰ আছে, কিন্তু ফটো তুলিবলৈ পৰম্পৰাগত শিল্পী নাই,” তেওঁ কয়।


বাওঁফালে : ১৯৫০ৰ দশকৰ বাপুৰ ৱৰ্কশ্বপৰ ফটো বেৰত ওলমাই থোৱা আছে যেতিয়া সুতাৰ পৰিয়ালৰ ব্যৱসায় বৰ ভাল আছিল । বাপুয়ে দুয়োখন ফটোতে নেহৰু টুপি পিন্ধি আছে । সোঁফালে : বাপু আৰু তেওঁৰ ডাঙৰ ভাই প্ৰয়াত বসন্ত সুতাৰ, তেওঁলোক দুজনে প্ৰত্যেকেই ৯০ খনকৈ ৰেন্স পিতৃৰ পৰা পাইছে


বাওঁফালে : বাপুয়ে এতিয়া মটৰ ৰিৱাইণ্ড কৰি সামান্য টকা পায়, তাৰবাবে তেওঁ কাঠৰ ফ্ৰেম ব্যৱহাৰ কৰে । সোঁফালে : বাপুৰ বাঢ়ৈৰ কামৰ কথা মনত পেলাই দিয়া এখন পুৰণি চুইচব’ৰ্ড
*****
বাপুয়ে তেওঁৰ শেষৰখন তাঁতশাল ১৯৬২ত বিক্ৰী কৰিছিল। তাৰে পিছৰ বছৰবোৰ আছিল প্ৰত্যাহ্বানমূলক, অৱশ্যে কেৱল তেওঁৰ বাবেই পৰিস্থিতি অনুকূল নাছিল, তেনে নহয়।
সেই দশকটোত ৰেণ্ডালতো ভালেখিনি পৰিৱৰ্তন আহিছিল। কপাহী শাড়ীৰ চাহিদা সাংঘাতিক ধৰণে কমিছিল, শিপিনীসকলে চোলাৰ কাপোৰ চিলাবলৈ বাধ্য হৈছিল। “আমি বোৱা শাড়ীবোৰ আছিল সৰল। সময় বাগৰিল যদিও শাড়ীবোৰ সলনি নহ’ল আৰু এটা সময়ত চাহিদা নথকা হ’ল,” বসন্ত তাম্বড়েয়ে কয়।
তেতিয়াই প্ৰৱেশ ঘটিল বিদ্যুৎচালিত তাঁতশালৰ। দ্ৰুত গতিত উৎপাদন, ভাল মুনাফা, কষ্টও কম। হস্তচালিত তাঁতশালবোৰৰ ঠাইত সেইবোৰ বহিল। ৰেণ্ডালত হাতে বোৱা শাল প্ৰায় আটাইবোৰেই বন্ধ হৈ পৰিল । এতিয়া কেৱল দুগৰাকী শিপিনী ৭৫ বছৰ বয়সীয়া চিৰাজ মমিন আৰু ৭৩ বছৰ বয়সীয়া বাবুলাল মমিনে হস্ততাঁত ব্যৱহাৰ কৰে, তেওঁলোকেও সেয়া সোনকালেই এৰাৰ কথা চিন্তা কৰি আছে।
“মই হাতেবোৱা তাঁতশাল ভাল পাওঁ,” বাপুৱে আনন্দৰে কয়, তেওঁ এটাৰো কম দশকত ৪০০ৰো অধিক তাঁতশালৰ ফ্ৰেম বনাইছে। আটাইবোৰ হাতেৰে বনোৱা কোনো লিখিত নিৰ্দেশ নাই, তাঁতশালৰ জোখ আৰু ডিজাইনৰ কথাবোৰ তেওঁৰ দেউতাকেও লিখি থৈ যোৱা নাই। “আটাইবোৰ ডিজাইন মোৰ মূৰতে সোমাই আছে। জোখবোৰ মোৰ মনত আছে,” তেওঁ কয়।
বিদ্যুৎচালিত তাঁতশালে বজাৰো দখল কৰি ল’লে, কেইগৰাকীমান শিপিনী যাৰ তেনে তাঁতশাল কিনিব পৰা সামৰ্থ্য নাছিল, তেওঁলোকে ছেকেণ্ড হেণ্ড হস্তচালিত তাঁতশাল কিনিবলৈ ল’লে। ৭০ৰ দশকত ব্যৱহৃত তাঁতশালৰ দাম আছিল ৮০০ টকা।

মেনুৱেল হেণ্ড ড্ৰিল এডাল কেনেকৈ ব্যৱহাৰ কৰে , সেয়া বাপুয়ে দেখুৱাইছে; হাতেবোৱা তাঁতশাল বনোৱা কামটো বৰ কষ্টকৰ আৰু মনযোগেৰে কৰিবলগীয়া কাম আছিল


বাওঁফালে : ৱৰ্কশ্বপটো পাৰম্পৰিক সঁজুলি-পাতিৰ এক ভৰাঁল । ৰেণ্ডা , ব্লক প্লেন (বাওঁফালে)য়ে ভালেমান কাম কৰে, কাঠৰ মূৰবোৰ মিহি কৰা, আঁচ টনা আদি বিভিন্ন । সোঁফালে : পুৰণি মডেলৰ ড্ৰিল বিটৰ সৈতে মেনুৱেল হেণ্ড ড্ৰিলৰ
“তেতিয়া হস্ততাঁত বনোৱা মানুহ নোহোৱাই হৈছিল। কেঁচামালৰ বহুত দাম বাঢ়িছিল, সেয়ে তাঁতশাল বনোৱাৰ ব্যয়ো বাঢ়িছিল,” বাপুয়ে কয়। “তাৰোপৰি শিপিনীয়ে নিজৰ হস্ততাঁতবোৰ সোলাপুৰত (আন এক গুৰুত্বপূৰ্ণ বস্ত্ৰকেন্দ্ৰ) বিক্ৰী কৰিছিল।” কামটোত হোৱা খৰছ আৰু যাতায়তৰ খৰছ বঢ়াৰ ফলত হস্ততাঁত বনোৱা কামটো লাভজনক হৈ থকা নাছিল।
আজিৰ তাৰিখত এখন তাঁতশাল বনাবলৈ কিমান টকা লাগিব বুলি সোধোতে বাপুয়ে হাঁহে। “আজিৰ তাৰিখত হস্ততাঁত প্ৰয়োজনেই বা ক’ত আছে?” কিবা এটা হিচাপ কৰি কোৱাৰ আগতেই তেওঁ সেই কথাৰ উত্তৰ দিলে। “অতিকমেও ৫০,০০০ টকা।”
১৯৬০ৰ দশকৰ আৰম্ভণিৰ ভাগত বাপুয়ে হস্ততাঁত বনাই আৰু মেৰামতি কৰি আয় কৰিছিল, এবাৰ মেৰামতিৰ বাবদ তেওঁ ৫ টকা লৈছিল। “কি বিজুতি আছে তাকে চাই মই দাম ঠিক কৰিছিলো,” তেওঁ মনত পেলায়। তাঁতশালৰ অৰ্ডাৰ অহা কমিবলৈ ধৰাত, ১৯৬০ৰ মাজভাগৰ ফালে বাপু আৰু তেওঁৰ ভ্ৰাতৃ বসন্তই আন উপায়ে উপাৰ্জনৰ বাট বিচাৰিবলৈ লয়।
“আমি ক’লহাপুৰলৈ গৈ তাত মেকানিক বন্ধু এজনক সাক্ষাৎ কৰিলো, তেওঁ আমাক কেনেকৈ চাৰিদিনত মটৰ এটা ৰিৱাইণ্ড কৰি মেৰামতি কৰিব লাগে, সেয়া শিকালে,” তেওঁ কয়। বিদ্যুৎচালিত তাঁতশাল মেৰামতি কৰাও তেওঁলোকে আমাক শিকালে। ৰিৱাইণ্ডিং মানে হৈছে বৈদ্যুতিক মটৰৰ কুণ্ডলী পকোৱা কাম. মটৰটো জ্বলি যোৱাৰ পিছত এই কাম কৰিবলগীয়া হয়। ১৯৭০ৰ দশকত বাপুয়ে কৰ্ণাটকৰ বেলাগাভি জিলাৰ মংগুৰ, জংগমৱাড়ি আৰু বৰাগাওঁৰ গাওঁবোৰলৈ আৰু ক’লহাপুৰ জিলাৰ ৰংগৌলি, ইছালকাৰাঞ্জি আৰু হুপাৰি আদিলৈ মটৰ, চাবমাৰ্ছিব পাম্প আৰু আন মেচিন ৰিৱাইণ্ড কৰা কাম কৰিবলৈ গৈছিল। “কেৱল মই আৰু মোৰ ভাইটোৱে এই কাম কৰিব পাৰিছিলো, সেয়ে তেতিয়া বহুত কাম পাইছিলো।”
৬০ বছৰ পাৰ হৈ গ’ল, এতিয়া কাম পাবলৈ অতিকৈ টান হৈ পৰিল যদিও দুৰ্বল দেহাৰে এতিয়াও বাপুয়ে ইছালকাৰাঞ্জি আৰু ৰংগৌলি গাঁৱলৈ (ৰেণ্ডালৰ পৰা ৫.২ কি.মি.) চাইকেল চলাই গৈ মটৰ মেৰামতি কৰে আৰু মাহে ৫,০০০ টকামান উপাৰ্জন কৰে। “মই আই.টি.আই. (ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্নাতক) নহয়,” তেওঁ কৈ হাঁহে, “কিন্তু মই মটৰ ভাল কৰিব পাৰো।”

এসময়ৰ প্ৰখ্যাত হস্ততাঁত নিৰ্মাতা বাপুয়ে এতিয়া মটৰ মেৰামতি কৰি পেট পোহে


বাওঁফালে : বাপুয়ে মেচিন এটা ৰিৱাইণ্ডিং কৰিবলৈ লৈছে । সোঁফালে : ৮২ বছৰ বয়সীয়া হাতদুখনে এতিয়াও কাম এৰা নাই, মটৰ এটা ৰিৱাইণ্ড কৰাৰ সময়ত হাতত তেওঁৰ তাঁৰ
তেওঁ তেওঁৰ ২২ গুণ্ঠা (০.৫ একৰ) মাটিত কুঁহিয়াৰ, জন্ধালা (জোৱাৰৰ এবিধ প্ৰজাতি) আৰু ভুমিং (চীনাবাদাম) খেতি কৰে। কিন্তু তেওঁৰ বয়স বেছি হোৱা কাৰণে নিজে কাম কৰা টান হৈ পৰিছে। সঘনাই হোৱা বানপানীৰ কাৰণে তেওঁ খেতিৰ পৰা ইমান লাভ নাপায়।
যোৱা দুটা বছৰ বাপুৰ কাৰণে বৰ কঠিন হৈ পৰিছিল। ক’ভিড-১৯ মহামাৰী আৰু লকডাউনে তেওঁৰ কাম আৰু আয় দুয়োটাতে প্ৰভাৱ পেলাইছিল। “ভালেকেইমাহ মই কোনো অৰ্ডাৰ পোৱা নাছিলো,” তেওঁ কয়। গাওঁখনত আই.টি.আই. স্নাতক আৰু মেকানিকৰ সংখ্য়া বাঢ়ি যোৱাৰ ফলতো তেওঁ সমস্যাৰ সন্মুখীন হৈছে। তাৰোপৰি “আজিকালিৰ মটৰ নিৰ্মাতাবোৰে ভাল গুণসম্পন্ন মটৰ বনায়, মেৰামতিৰ প্ৰয়োজনেই আহি নপৰে,” তেওঁ কয়।
হস্ততাঁত খণ্ডটোৰো পৰিস্থিতি ইমান ভাল নহয়। হস্ততাঁত পিয়ল ২০১৯-২০ অনুযায়ী, মহাৰাষ্ট্ৰত হস্ততাঁতৰ কৰ্মীৰ সংখ্যা ৩,৫০৯ লৈকে নামিছিল। ১৯৮৭-৮৮ত যেতিয়া প্ৰথমবাৰ এই পিয়ল হৈছিল, তেতিয়া ভাৰতত ৬৭.৩৯ লাখ হস্ততাঁত কৰ্মী আছিল। ২০১৯-২০২০ত সেই সংখ্যা কমি ৩৫.২২ লাখ হ’লগৈ। ভাৰতে প্ৰতি বছৰে ১,০০,০০০ হস্ততাঁত কৰ্মী হেৰুৱাইছে।
শিপিনীসকলক ঘাইকৈ নিম্নমানৰ মজুৰি দিয়া হয়। পিয়লত পোৱা গৈছে যে হস্ততাঁত শিল্পৰ লগত জৰিত ৩১.৪৫ লাখ পৰিয়ালেই ঋণগ্ৰস্ত। হস্ততাঁত শিল্পীয়ে বছৰত গঢ়ে ২০৭ টা কৰ্মদিন পায়।
বিদ্যুৎচালিত তাঁতশালৰ দ্ৰুত বিস্তাৰ আৰু হস্ততাঁত খণ্ডৰ পৰা নিৰৱচ্ছিন্ন অৱহেলাই শিপিনী আৰু তাঁতশাল বনোৱা দুয়োটা শ্ৰেণীকে ক্ষতিগ্ৰস্ত কৰিছে। বাপুয়ে এইবোৰ দেখি মনত দুখ পায়।
“কোনেও হাতেৰে কাপোৰ বব নোখোজ। এই জীৱিকা বাচি থাকিব কেনেকৈ?” তেওঁ প্ৰশ্ন কৰে। “চৰকাৰে ডেকাচামৰ বাবে (হস্ততাঁতৰ) প্ৰশিক্ষণ কেন্দ্ৰ খোলা উচিত।” দুৰ্ভাগ্যজনক কথা যে ৰেণ্ডালৰ কোনেও এতিয়ালৈ বাপুৰ পৰা হস্তচালিত তাঁতশাল বনোৱা নিশিকিলে। ৮২ বছৰ বয়সত তেঁৱেই একমাত্ৰ এই শিল্প ছটা দশক ধৰি জীয়াই ৰাখিছে।
তেওঁ কোনোবাদিন তাঁতশাল এখন বনাবৰ ইচ্ছা কৰিব নেকি বুলি তেওঁক মই সুধিছিলো। “সেই তাঁতশালবোৰ এতিয়া নীৰৱ, কিন্তু সেই শাল বনোৱা সঁজুলিবোৰ আৰু মোৰ হাতদুখনত এতিয়াও প্ৰাণ আছে,” তেওঁ কয়। তেওঁ মুগা বৰণৰ বাকচটোলৈ চাই হেঁপাহুৱা হাঁহি মাৰে, তেওঁৰ মনৰ মাজেদি অতীতৰ সেই মুগা বৰণৰ হাজাৰখন ছবি পাৰ হৈ যায়।

বাপুৰ পাঁচটা দশকজোৰা কামৰ সঁজুলিৰ ভাণ্ডাৰ , তেওঁৰ কাঠৰ কামৰ আৰু ধাতুৰ সঁজুলিবোৰ সযতনে সাঁচি ৰাখিছে, এটা সময়ত ৰেণ্ডালক হস্ততাঁত নিৰ্মাতা আৰু শিপিনীৰ কেন্দ্ৰ আছিল

ধাতুৰ সঁজুলি যেনে ডিভাইডাৰ আৰু কম্পাছ আদি , এটা সময়ত সেইবোৰ লৈ বাপুৰ হাতদুখন ব্যস্ত হৈ পৰিছিল

বাপুয়ে ৰিৱাইণ্ডিং কামৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীবোৰ বৰ সুন্দৰকৈ লেবেল লগাই প্লাষ্টিকৰ বটলত ভৰাই ৰাখিছে

পুৰণি ফুলতোলা ডবি , ৰেণ্ডালৰ শেষ দুজন শিপিনীৰ মাজৰ এজন বাবালাল মমিনৰ এই ডবিখন, এতিয়া তেওঁৰ ঘৰত পৰিত্যক্ত অৱস্থাত

৮২ বছৰ বয়সত বাপুৱে ৰেণ্ডালৰ একমাত্ৰ শিল্পী যিয়ে তাঁতশাল বনোৱাৰ ছটা দসকৰ পৰম্পৰাৰ সমস্ত জ্ঞান ধৰি ৰাখিছে
এই ষ্ট’ৰিটো সংকেত জৈনে গ্ৰামীণ শিল্পীৰ ওপৰত কৰা এক শৃংখল প্ৰতিবেদন এক অংশ, মৃণালিনী মুখাৰ্জী ফাউণ্ডেছনে ইয়াৰ পৃষ্ঠপোষকতা কৰিছে।
অনুবাদ: পংকজ দাস