“উৎসৱৰ এয়া সঠিক দিন। বতৰো বঢ়িয়া,” লেহ জিলাৰ পথ নিৰ্মাণৰ কামত নিয়োজিত দিনমজুৰ পেমা ৰিনচেনে কয়।
লাডাখৰ হানলে (আনলে বুলিও লিখা হয়) গাঁৱত তিব্বতীয় কেলেণ্ডাৰত চাগা দাৱা এক গুৰুত্বপূৰ্ণ উৎসৱৰ দিন। লাডাখ, চিকিম আৰু অৰুণাচল প্ৰদেশত বৌদ্ধ ধৰ্মালম্বীসকলে এই উৎসৱ উদযাপন কৰে।
“আগতে প্ৰতিটো চুবুৰীতে চাগা দাৱা উদযাপন কৰা হৈছিল। কিন্তু এইবছৰ (২০২২) ছটা চুবুৰী লগ লাগি উৎসৱ পাতিছে,” হানলেত থকা ভাৰতীয় জ্যোতিৰ্বিজ্ঞান পৰ্য্যবেক্ষণ কেন্দ্ৰত কাম কৰা নাগা চুবুৰীৰ নিবাসী ৪৪ বছৰ বয়সীয়া সোণম দৰ্জেয়ে কয়। ক’ভিড-১৯ মহামাৰীৰ কাৰণে দুবছৰ এই উৎসৱ উদযাপন কৰাত নিষেধাজ্ঞা যেতিয়া আঁতৰিল, তেতিয়া পুংগুক, খ'লদৌ, নাগা, চাদো, ভোক আৰু জিগচ’মা চুবুৰীকেইটাই লগ লাগি এই উৎসৱ উদযাপন কৰিছে। সেৰেঙা মানুহ থকা এই চুবুৰীকেইটা হানলে গাঁৱৰেই অংশ, গাওঁখনৰ জনসংখ্যা ১,৮৭৯ গৰাকী (২০১১ৰ লোকপিয়ল)।
বৌদ্ধ ধৰ্মালম্বীসকলৰ মহাযান পন্থীৰ দ্বাৰা উদযাপিত চাগা দাৱাক ‘চাকা দাৱা’ বুলিও কোৱা হয়, এয়া তিব্বতীয় কেলেণ্ডাৰ অনুযায়ী ২০২২ বৰ্ষৰ চতুৰ্থ মাহ, অৰ্থাৎ জুন মাহৰ ১৫তম দিনটোত উদযাপন কৰা হয়। তিব্বতীয় ভাষাত চাগা মানে চাৰি আৰু দাৱা মানে মাহ। চাগা দাৱাৰ মাহ মানে ‘উৎকৰ্ষ সাধনৰ মাহ’ – এই মাহটোত সজ কাম কৰা হয়, জনবিশ্বাস যে ইয়াৰ পৰা কেবাগুণ পুণ্য আৰ্জন হয়। উৎসৱত গৌতম বুদ্ধ আৰু তেওঁৰ আৱিৰ্ভাৱ তিথি, বোধপ্ৰাপ্তি আৰু পৰিনিৰ্বাণ বা পৰম নিৰ্বাণ উদযাপন কৰা হয়।

১৭ শতিকাৰ হানলে বৌদ্ধ বিহাৰটো পৰ্বত এখনৰ শিখৰত অৱস্থিত। তিব্বতীয় বৌদ্ধ ধৰ্মালম্বীসকলৰ দ্ৰুকপা কাগ্যুপন্থীসকলৰ এয়া উপাসনাস্থলী

তিব্বত মালভূমিৰ পশ্চিম অংশত চাংথাং উপত্যকা আছে। হানলে নদী উপত্যকাখন হ্ৰদ, জলাশয়, হ্ৰদ আৰু নদীৰ অৱবাহিকাৰে আবৰি আছে
জনসংখ্যাৰ এক বৃহৎ অংশ, লাডাখৰ লেহ জিলাৰ প্ৰায় ৬৬ শতাংশ লোক বৌদ্ধ ধৰ্মালম্বী (২০১১ৰ লোকপিয়ল অনুসৰি)। ২০১৯ৰ অক্টোবৰত লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষিত হয়। লাডাখৰ পূৰ্বীয় আৰু কেন্দ্ৰীয় অঞ্চলৰ সৰহসংখ্যক লোকেই তিব্বত মূলৰ। সেই অঞ্চলবোৰত থকা বৌদ্ধ বিহাৰত বিভিন্ন উৎসৱ উদযাপিত হয়।
চাগা দাৱাৰ দিনা তিব্বতীয় মূলৰ বৌদ্ধ ধৰ্মালম্বীসকলে ইটোৰ পৰা সিটো বৌদ্ধ বিহাৰ আৰু মন্দিৰ ভ্ৰমণ কৰি প্ৰাৰ্থনা কৰে আৰু দৰিদ্ৰক দান দিয়ে।
গৰখীয়া যাযাবৰ সম্প্ৰদায় যেনে পূব লাডাখৰ হানলে নদী উপত্যকাৰ বৌদ্ধ ধৰ্মালম্বী চাংপাসকলৰ বাবে চাগা দাৱা অতিকৈ গুৰুত্বপূৰ্ণ উৎসৱ। এই প্ৰতিবেদকে ২০২২ৰ গ্ৰীষ্মকালৰ সেই উৎসৱ চাবলৈ বুলি লেহ জিলা সদৰৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দূৰৰ দক্ষিণ-পূব দিশত থকা হানলে নদী উপত্যকালৈ গৈছিল। ভাৰত-চীন সীমান্তৱৰ্তী নয়নাভিৰাম হানলে নদী উপত্যকাটো জনাশূন্য পথ, সৰ্পিল গতিৰে উপত্যাকাটোত গতি কৰা নদী আৰু গগনচুম্বী পৰ্বতে আগুৰি আছে। অঞ্চলটো চাংথাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত।
উৎসৱৰ দিনা পুৱা ৮ বাজিছে। হানলে গাঁৱত থকা স্থানীয় বৌদ্ধ বিহাৰৰ পৰা শোভাযাত্ৰা আৰম্ভ হোৱাৰ সময় হৈছে। উৎসৱৰ আয়োজ কমিটিৰ মূৰব্বী দৰ্জেয়ে বৌদ্ধৰ প্ৰতিমা কঢ়িওৱা শোভাযাত্ৰাক নেতৃত্ব দিছে। চাৰে আঠ বজাত উপাসনাস্থলী গাওঁ-চুবুৰীৰ মানুহেৰে ভৰি পৰিছে। মহিলাসকলে চুলমা নামৰ পাৰম্পৰিক দীঘল গাউন আৰু নেলেন নামৰ টুপি পিন্ধি সাজি-কাচি ওলাইছে।
সোণম দৰ্জে আৰু তেওঁৰ বন্ধুবৰ্গই বুদ্ধৰ মূৰ্তিটো গোম্পা (বৌদ্ধবিহাৰ)ৰ পৰা উলিয়াই আনি মেটাড’ৰ ভান এখনৰ ওপৰত বহুৱালে। বাহনখন প্ৰাৰ্থনা পতাকাৰে মেৰিয়াই সুসজ্জিত কৰি তোলা হৈছে, যেন এখন ৰঙীন ৰথ। প্ৰায় ৫০ জন মানুহৰ মিচিল এটা কাৰ আৰু ভান আদিৰে তিব্বতীয় বৌদ্ধ ধৰ্মালম্বীসকলৰ দ্ৰুকপা কাগ্যু ঠেঙুলিটোৰ সৈতে জৰিত ১৭শ শতিকাত নিৰ্মিত হানলে বৌদ্ধ বিহাৰৰ দিশে আগবাঢ়িছে।

সোণম দৰ্জে (বাওঁফালে) আৰু তেওঁলোকৰ গাঁৱৰ আন নিবাসীসকলে খালদৌ গাঁৱৰ পৰা উ ৎ সৱলৈ বুলি মেনেখাং বৌদ্ধবিহাৰৰ পৰা বুদ্ধৰ মূৰ্তি কঢ়িয়াই নিছে

প্ৰতিমাটো মেটাড ’ ৰ ভান এখনত বহুৱাই তীব্বতীয় প্ৰাৰ্থনা পতাকাৰে নিৰ্দিষ্ট এক ক্ৰমত মেৰিয়াই লোৱা হয়। পতাকাৰ প্ৰতিটো ৰঙেই নিৰ্দিষ্ট এটা এটা তা ৎ পৰ্য্য বহন কৰে, আটাইবোৰ লগ লাগি এক ভাৰসাম্য অৱস্থা বুজায়
হানলে বৌদ্ধবিহাৰত ৰঙা টুপি পিন্ধা বৌদ্ধধৰ্মৰ শিক্ষাগুৰু অৰ্থাৎ লামাই মিচিলটোক আদৰিছে। বৌদ্ধ ভক্তসকল মঠৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে ভক্তিৰে গদগদ ইজনৰ কণ্ঠ সিজনৰ সৈতে মিলি গৈছে। “উৎসৱত আৰু বেছি ভক্তৰ সমাগম হ’ব বুলি আশা কৰিছো,” চল্লিশোৰ্ধ বয়সৰ হানলেৰ বাসিন্দা পেমা ডলমাই কয়।
উৎসৱ আৰম্ভ হৈছে আৰু ঢোল আৰু শিঙাৰ ধ্বনিয়ে কৈছে যে শোভাযাত্ৰা আৰম্ভ হৈছে। সমবেত ভক্তৰ কিছুমানে হালধীয়া কাপোৰ মেৰিয়াই বুদ্ধৰ মূৰ্তি বুকুত কঢ়িয়াই নিছে।
শোভাযাত্ৰা এটা গৰাৰ বাটেৰে তললৈ নামিছে। লামাসকল গৈছে আগে আগে। তেওঁলোকে বৌদ্ধবিহাৰৰ মণিকূটটো বৃত্তাকাৰে ঘেৰি লৈছে। তাৰপিছত লামাসকল আৰু ভক্তসকল দুটা ভাগ হৈ দুখন ভানত উঠিছে। তেওঁলোকে এতিয়া খ'লদৌ, চাদো, ফুংগুক, ভোক হৈ নাগা চুবুৰীত থমকিব।
খ'লদৌত ভক্তসকলক বনবিস্কুট, শীতল পানীয় আৰু নিমখীয়া চাহেৰে আপ্যায়ন কৰা হৈছে। ফুংগুকত লামা আৰু ভক্তসকলৰ মিচিল কাষৰে পাহাৰ এখন ঘেৰি নীল আকাশৰ তলত জান-জুৰি আৰু ঘাঁহনিৰে আগবাঢ়িছে।
আমি যেতিয়া নাগা পালোগৈ, লামা জিগমেট ডোশালে আমাক সম্ভাষণ জনাই সুধিলে, “আপোনালোকৰ দিনটো কেনে গ’ল? বৰ ফুৰ্ত্তিত গ’ল, নহয়নে? এই মাহটোক দান-দক্ষিণাৰে পূণ্য আৰ্জনৰ দিন। আমি পৱিত্ৰ গ্ৰন্থসমূহৰ গুঢ়াৰ্থ বুজি সেয়া হৃদয়ংগম কৰিব লাগিব।”

উ ৎ সৱলৈ বুলি সাজু হোৱা আনমং চিৰিং (৪৪)। তেওঁ ঊণ, বুটাবছা কাপোৰ, ভেলভেট আৰু মুগাসূতাৰে নিৰ্মিত দীঘলীয়া গাউন চুলমা পিন্ধিছে। তাৰ লগত মিলাইছে কপাহ, নাইলন বা মূগা সূতাৰে নিৰ্মিত টিলিঙেৰে

বুদ্ধমূৰ্তিৰ সৈতে ধৰ্মীয় শোভাযাত্ৰা হানলে মঠ পাইছে। হানলে উপত্যকাত অৱস্থিত এইটোৱেই অঞ্চলটোৰ ঘাই মঠ

ছখন গাঁৱৰ ভক্তৰ মিচিল বৌদ্ধ বিহাৰৰ ক’ৰিডৰেৰে আগবাঢ়িছে

হানলে বৌদ্ধ বিহাৰৰ ভিক্ষুসকলে এটা ডাঙৰ ছাতি সাজু কৰিছে, চাগা দাৱা উ ৎ সৱত ব্যৱহাৰ হ ’ বলগীয়া এই ছাতিটোক ‘ উটুক ’ বুলি কোৱা হয়

বৌদ্ধ বিহাৰৰ ভিতৰত গঞা ৰংগোল (বাওঁফালে) আৰু কেচাং এঞ্জেলে (সোঁফালে) প্ৰাৰ্থনাৰ বিধি চাই ৰৈছে

হানলে বৌদ্ধ বিহাৰৰ প্ৰমুখ ভিক্ষুৱে চাগা দাৱাৰ ধৰ্মীয় নীতিৰ প্ৰস্তুতি কৰিছে

হানলে বৌদ্ধ বিহাৰৰ ভিক্ষু জিগমেট দশলে কয়, “ এই মাহটোক পূণ্য অৰ্জনৰ মাহ বুলি কোৱা হয়। আমি পৱিত্ৰ গ্ৰন্থৰ দৰ্শন হৃদয়ংগম কৰাৰ চেষ্টা কৰিব লাগে ”

সৰু ল ’ ৰা দৰ্জে টেচৰিঙৰ হাতত পাৰম্পৰিক বাদ্যযন্ত্ৰ আং

চাগা দাৱা উ ৎ সৱৰ অন্যতম আয়োজক সোণম দৰ্জেয়ে হানলে বৌদ্ধ বিহাৰৰ পৱিত্ৰ পুথি কঢ়িয়াই নিছে। অঞ্চলটোত গাওঁবোৰৰ মাজেৰে পাৰ হৈ যোৱা সময়ত বুদ্ধ মূৰ্তিৰ সৈতে এই পৱিত্ৰ গ্ৰন্থ লৈ যোৱা হয়

হানলে উপত্যকাতৰ বিভিন্ন গাঁৱৰ মহিলাৰ হাতত পৱিত্ৰ পুথি

এই উ ৎ সৱত লামাসকলে পাৰম্পৰিক বাদ্যযন্ত্ৰ বজায়। চুটি সুষিৰ বাদ্য (বাওঁফালে) গেলিং বুলি কোৱা হয়, আৰু দীঘলবোৰক (সোঁমাজত) টুং বোলা হয়

হানলে উপত্যকাত শোভাযাত্ৰাৰ সময়ত লামাসকলে থিয় গৰাৰে নামিছে

লামাসকলৰ এই শোভাযাত্ৰাত হানলে নদীখনৰ লগতে হানলে বৌদ্ধ বিহাৰৰ প্ৰদক্ষিণ কৰা হয়

চাদো গাঁৱলৈ যোৱাৰ সময়ত শোভাযাত্ৰাত ভাগ লোৱা ভক্তসকলক খালদৌ গাঁৱৰ ৰাইজে বন বিস্কুট, শীতল পানীয় আৰু নিমখীয়া চাহেৰে আপ্যায়ন কৰিছে। শোভাযাত্ৰাৰ ভক্তসকলক সেৱা-শুশ্ৰুষা কৰাটো এই উৎসৱৰ এটা অংশ

চাদো গাঁৱৰ বাসিন্দাসকলে পৱিত্ৰ ধৰ্মগ্ৰন্থ অনা লামাসকলক সাক্ষাৎ কৰি সম্ভাষণ জনাইছে

হানলে বৌদ্ধ বিহাৰৰ লামাসকলে চাদো গাঁৱৰ গোম্পাত প্ৰাৰ্থনা জনোৱাৰ পিছত অগ্ৰসৰ হৈছে

চাদো গাঁৱৰ পিছত মিচিলটো পুংগুক নামে হানলে গাঁৱৰে আন এটা চুবুৰী পাইছে। গঞা ৰাইজে সেইদিনা আবেলি মিচিলটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল

শোভাযাত্ৰা পুংগুক গাঁৱৰ স্থানীয় গোম্পালৈ অগ্ৰসৰ হৈছে, তাতে বাসিন্দাসকলে বগা চাদৰেৰে তেওঁলোকক আদৰিবলৈ ৰৈ আছে

পুংগুক গোম্পাৰ ভিতৰচ ’ ৰা ; মহিলাসকলে পাৰম্পৰিক পোচাক পিন্ধিছে, খালদৌ গাঁৱৰ বন্ধুবৰ্গ উপস্থিত হোৱালৈ অপেক্ষা কৰিছে

থাংচোক দৰ্জে আৰু তেওঁলোকৰ বন্ধুসকলে পুংগুক গোম্পাৰ সামূহিক গৃহত দুপৰীয়াৰ আহাৰ খাইছে আৰু নিমখীয়া চাহত চুমুক দিছে

এই আহাৰৰ পিছত শোভাযাত্ৰা পুংগুক গাঁৱত এপাক ঘুৰিছে, পাহাৰীয়া গাওঁ হোৱা স্বত্ত্বেও শীতল বতাহৰ মাজতো তেওঁলোকে এজনো মানুহক সাক্ষা ৎ নকৰাকৈ থকা নাই

শোভাযাত্ৰাৰ সময়ত মহিলাসকলে তেওঁলোকৰ কান্ধত পৱিত্ৰ গ্ৰন্থ কঢ়িয়াই নিছে

নাগা বস্তিলৈ যোৱাৰ বাটত বুগ গাঁৱৰ বাসিন্দাসকলে হানলে বৌদ্ধ বিহাৰৰ লামাসকলৰ পৰা আশীৰ্বাদ ল ’ বলৈ আহিছে। তেওঁলোকে শোভাযাত্ৰাত অংশ লোৱাসকলৰ বাবে লঘু আহাৰৰ আয়োজন কৰিছে

বুগ গাঁৱৰ বাসিন্দাসকলে পৱিত্ৰ গ্ৰন্থৰ পৰা আশীৰ্বাদ লৈছে

প্ৰতিখন গাওঁ স্পৰ্শ কৰাৰ অন্তত শোভাযাত্ৰা শেষত নাগাৰ সমীপৱৰ্তী সেউজীয়া ঘাঁহনিত আহি ৰৈছে। এইখন গাঁৱৰ মানুহখিনি তীব্বতীয় মূলৰ। ঢোল বজাই লামাসকলে যাত্ৰাৰ সামৰণি পৰা বুলি ঘোষণা কৰিছে
অনুবাদ: পংকজ দাস