পূবে ধলফাঁট নৌদিওতেই ৩ বজাত নন্দিনী কমলাৰঙী তিৰ্পাল টনা তম্বু এটাৰ তলত বহি বান্ধৱীয়ে ধৰি থকা ম’বাইল ফোনৰ টৰ্চ জ্বলাই মেক-আপ কৰাত ব্যস্ত।
সাধাৰণ কপাহী কাপোৰ পিন্ধা ১৮ বৰ্ষীয় নন্দিনীৰ কেইঘণ্টামান পিছতে বিবাহ সম্পন্ন হ’ব।
আগদিনা সন্ধিয়া তেওঁ আৰু তেওঁৰ বৰ জয়াৰাম (২১) বন্ধু-বান্ধৱ আৰু আত্মীয়-কুটুম সহিতে বাংগালমেডু (চৰকাৰী কাগজে-পত্ৰই চেৰক্কনুৰ ইৰুলাৰ কলনি বুলি নথিবদ্ধ)ৰ পৰা মামল্লাপুৰমত উপস্থিত হৈছে। তেওঁলোক আহিছে তামিলনাডুৰ তিৰুৱল্লুৰ জিলাৰ পৰা। এনেকৈ কেবাশ ইৰুলাৰ পৰিয়াল আহি চেন্নাইৰ দক্ষিণ উপকূলত সৰু সৰু তিৰ্পালেৰে বাহৰ পাতি আছে।
প্ৰতিবছৰে মাৰ্চ মাহত তামিলনাডুৰ উপকূল অঞ্চলৰ তেনেই চুটি শীতকালে গ্ৰীষ্মলৈ বুলি বাট এৰি দিয়াৰ লগে লগে মামল্লাপুৰম (আগতে মহাবলিপুৰম বুলি জনা গৈছিল)খন ৰঙীন হৈ পৰে। কাষৰে জোপোহানিবোৰৰ পৰা কাটি অনা ঠাল-ঠেঙুলি পুতি তাত পাতল শাড়ী আৰু ৰং-বিৰঙী তিৰ্পাল মেৰিয়াই বনোৱা তম্বুবোৰে সাগৰতীৰক নতুন এক ৰংচঙীয়া ৰূপ দিয়ে।
স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ ভীৰ লগা এই জনপ্ৰিয় উপকূলটোৰ পৰিৱেশ মাসি মাগম উৎসৱ উদযাপনৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা ইৰুলাৰ জনজাতিৰ লোকৰ উলাহভৰা সমাগমে সলনি কৰি পেলায়। ইৰুলাৰসকল বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.)। তেওঁলোকৰ জনসংখ্যা প্ৰায় ২ লাখ ( ভাৰতৰ জনজাতীয় লোকৰ জনসংখ্যাৰ পাৰিসাংখ্যিক ৰূপৰেখা , ২০১৩ অনুসৰি)। তেওঁলোক তামিলনাডুত সৰু সৰু গোটত বিভক্ত আৰু বিস্তৃত হৈ আছে।


নন্দিনী (বাওঁফালে) আৰু জয়াৰাম (সোঁফালে) দুয়োগৰাকী ইৰুলাৰ সম্প্ৰদায়ৰ। তেওঁলোকে বাংগালমেডুৰ পৰা মামল্লাপুৰমলৈ মাসি মাগম উৎসৱত ভাগ ল’বলৈ আহিছে আৰু এই পৱিত্ৰ উচৱত বিবাহ পাশত আৱদ্ধ হ’ব


প্ৰতিবছৰে তামিল কেলেণ্ডাৰ অনুযায়ী মাসি মাহত তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ থকা ইৰুলাৰসকলে মামল্লাপুৰমৰ সাগৰতীৰত কাষৰে গছৰ ঠানি কাটি আনি তিৰ্পাল আৰু শাড়ীৰে সৰু সৰু তম্বু টনে
তামিলসকলৰ মাসি মাহ (ফেব্ৰুৱাৰী-মাৰ্চ)ত ইৰুলাৰ জনজাতিৰ সাতগৰাকী কুমাৰী দেৱীৰ এগৰাকী কানিয়াম্মা দেৱীৰ উপাসনাৰ বাবে মামল্লাপুৰমত ইৰুলাৰসকলৰ ভীৰ লাগে। হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি মাগম এক নক্ষত্ৰৰ নাম।
“আমাৰ জ্যেষ্ঠসকলে কয় যে আম্মাৰ খং উঠিলে সাগৰলৈ গুছি যায়,” জয়াৰামৰ মাকৰ ফালৰ আইতাক ভি. সৰোজাই কয়। “দেৱীক ঘূৰাই অনাৰ বাবে আমি দেৱীবন্দনা কৰো। ৰাগ আঁতৰিলে দেৱী আকৌ ঘৰলৈ উভতি আহে,” তেওঁ বুজাই কয়।
খুব বেছি চাৰি-পাঁচদিন তেওঁলোক থাকে। সেইকেইদিন ডোঙাত শামুক ধৰে, কাষৰ জোপোহানিত এন্দুৰ বা চৰাই চিকাৰ কৰি খোৱাৰ যোগাৰ কৰে।
খোৱাৰ উদ্দেশ্যে চিকাৰ কৰা, শাক-পাতৰ সন্ধান কৰা আৰু খৰি-খেৰৰ লগতে ঔষধি গছ-লতাৰ পাত সংগ্ৰহ কৰাটো ইৰুলাৰসকলৰ জীৱন ধাৰণৰ শৈলীৰ এক অংশ। (পঢ়িব পাৰে: বাংগালমেডুৰ মাটিৰ তলৰ ৰত্নভাণ্ডাৰ )।
নগৰীকৰণ আৰু খেতি-খোলাৰ বাবে অৰণ্য টুটি আহিছে আৰু ইৰুলাৰসকলে হাবি আৰু জলাধাৰৰ সুবিধা লাভত কঠিনতাৰ সৃষ্টি হৈছে। ইৰুলাৰসকলে দিনহাজিৰা কৰি পেট প্ৰৱৰ্তায়। খেতি-খোলাত, ইটাৰ ভাতীত, নিৰ্মাণ ছাইটত আৰু এমজি এনৰেগাৰ ছাইটত (মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইন, যাৰ অধীনত গাঁৱৰ পৰিয়ালক ১০০ দিনৰ নিশ্চিত নিয়োগ দিয়া হয়)ৰ অধীনত তেওঁলোকে কাম কৰি জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকৰ কিছুমানৰ এণ্টিভেনম প্ৰস্তুতিৰ বাবে সাপ যোগান ধৰাৰ অনুজ্ঞাপত্ৰ আছে যদিও সেই কাম ঋতুভিত্তিক আৰু কাম যে পাব তাৰো কোনো নিশ্চয়তা নাই।


অস্থায়ী তম্বু সাজিবলৈ ইৰুলাৰসকলে গছৰ ঠানি কঢ়িয়াইছে ( বাওঁফালে ) আৰু লগতে ভাত ৰান্ধিবলৈ খৰিও লুৰুকিছে ( সোঁফালে )


ইৰুলাৰসকল বিশেষভাৱে বিপন্ন জনজাতীয় গোট ( পিভিটিজি ), তেওঁলোকৰ জনসংখ্যা প্ৰায় দুই লাখ
চেন্নাইৰ দাঁতিকাষত নতুনকৈ গঢ় লৈ উঠা চহৰ মানপক্কমত তীৰ্থযাত্ৰী আলামেলু। তাত তেওঁ কুপ্পা মেৰু (জাৱৰৰ নিষ্পত্তি স্থল)ৰ কাষতে বাহৰ পাতিছে। ৪৫ বৰ্ষীয় শ্ৰমিকগৰাকীয়ে আম্মালৈ পূজা আগবঢ়োৱাৰ বাবে ৫৫ কিলোমিটাৰ বাট অতিক্ৰমী প্ৰতিবছৰে আহে। “আপোনাৰ চাৰিওফালে চকু ফুৰাওকচোন,” ছাউনিবোৰলৈ আঙুলিয়াই তেওঁ কয়। “এনেকৈয়ে আমি সদায় থাকি আহিছো। মাটিত, সাপে-বেঙৰ সৈতে একেলগে। সেয়ে আমি দেৱীলৈ থাৰাইতে (মাটিত) উপাসনা কৰিবই লাগিব।”
সূৰ্যোদয়ৰ কেবাঘণ্টা আগেয়ে উপাসনা আৰম্ভ হয়। সোনকালে উঠাবোৰে শাৰী শাৰী তম্বুবোৰৰ কাষে কাষে আগবাঢ়ে আৰু সাগৰতীৰলৈ যায়। তেওঁলোকক বাট দেখুৱায় পূৰ্ণিমাৰ জোনে। পূজা-অৰ্চনাৰ বাবে প্ৰতিটো পৰিয়ালে নিজা নিজা ঠাই সাজু কৰি লয়।
“আমি বালিৰে সাতটা ঢাপ সাজো,” আলামেলুৱে কয়। প্ৰতিটো ঢাপতে তেওঁলোকে দেৱীলৈ পূজাৰ ফুল, নাৰিকল, তামোল-পান, মুড়ি আৰু জুলীয় মিঠৈ সনা পিঠাগুড়ি আগবঢ়ায়। সাগৰৰ ঢৌৱে এই অৰ্ঘ্য উটুৱাই নিলে তেওঁলোক আশ্বস্ত হয় যে দেৱীয়ে তেওঁলোকক আশীৰ্বাদ দিছে।
“ আধাত্তি কুদুতা , ইয়েতুক্কুভা (আদেশ দিলে দেৱীয়ে গ্ৰহণ কৰে),” আলামেলুৱে কয়। দেৱীক আদেশ কৰা কথাটো আচহুৱা যেন লাগিব পাৰে, কিন্তু ইৰুলাৰসকলে দেৱীৰ সৈতে এনেকৈয়ে অনন্য এক সম্পৰ্ক গঢ়িছে। “আপুনি নিজৰ মাক যিদৰে মাতিব, এইয়াও তেনেকুৱাই। আপুনি দিব পাৰে আদেশ,” ইৰুলাৰ সমাজকৰ্মী মণিগণ্ডনে কয়।


‘আমাৰ জ্যেষ্ঠসকলে কয় যে আম্মাৰ খং উঠিলে সাগৰলৈ গুছি যায়,’ জয়াৰামৰ মাকৰ ফালৰ ভি. সৰোজাই কয়, ‘তেতিয়া আমি দেৱীক সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰোঁ।’ সাগৰ তীৰত বালিৰ সাতটা ঢাপ সাজি তেওঁলোকে কানিয়াম্মা দেৱীলৈ পূজা-অৰ্চনা আগবঢ়ায়; তাত ফুল, নাৰিকল, তামোল-পান, মুড়ি আৰু জুলীয়া মিঠৈৰে পিঠাগুড়ি সজাই থোৱা থাকে
ইৰুলাৰসকলে বিশ্বাস কৰে যে পূজা-অৰ্চনাৰ সময়ত কিছুমানৰ গাত দেৱী লম্ভে। ভালেমান ভক্তই হালধীয়া বা কমলাৰঙী পাৰম্পৰিক পোচাক পিন্ধে আৰু তেওঁলোকৰ গাত দেৱী লম্ভা বুলি ধৰা হয়। কিছুমান পুৰুষে শাড়ী পিন্ধে আৰু মূৰত ফুল গুজি সাজি-কাচি থাকে।
তিৰুত্তানিৰ মণিগণ্ডন এগৰাকী ইৰুলাৰ সমাজকৰ্মী। “আমাৰ পুৰোহিত নাই। দেৱী লম্ভা ব্যক্তিজনেই পুৰোহিত হয়,” ২০২৩ৰ নৱেম্বৰত ঢুকোৱা সমাজকৰ্মীগৰাকীয়ে পাৰিক এনেদৰে কৈছিল।
নন্দিনী আৰু জয়াৰামৰ বিয়াখন ৰাতিপুৱাৰ ভাগত সোনকালেই হৈ গৈছিল (২০২৩ৰ ৭ মাৰ্চ)। সেয়া আছিল এখন আড়ম্বৰহীন অনুষ্ঠান, চলাইছিল দেৱী লম্ভা বুলি বিশ্বাস কৰা দুগৰাকী মহিলাই। গোটেই সাগৰতীৰত উচাহৰ পৰিৱেশ, ক’ৰবাত যদি বিয়া চলিছে, ক’ৰবাত সন্তানৰ নামকৰণ আৰু ক’ৰবাত আৰুলভাক্কু মানে দৈববাণী শুনা গৈছে।
ইৰুলাৰসকলে সাগৰৰ জলৰাশিক আম্মা জ্ঞান কৰে, পূজা-অৰ্চনা কৰে। তেওঁলোকে প্লাষ্টিকৰ বটলত সাগৰৰ পৰা পানী লৈ যায়, সেয়া তেওঁলোকে ঘৰৰ চাৰিওফালে ছটিয়ায় ঘৰখন পৱিত্ৰ কৰে আৰু পূজা কৰিবলৈ আহিব নোৱাৰাসকলক সেই পানী বিলায়।
সাগৰৰ ৰিব্ ৰিব্ বতাহ আৰু দেৱীৰ আশীৰ্বাদ লৈ ইৰুলাসকলে তেওঁলোকৰ তম্বুবোৰ সামৰে। নববিবাহিত নন্দিনী আৰু জয়াৰামৰ মন সুখেৰে উপচি পৰিছে। তেওঁলোকে এইবছৰ (২০২৪) বিয়াৰ স্মৃতি ৰোমন্ধন কৰিবলৈ ইয়ালৈ আকৌ আহিব। “মহাবলিপুৰমত তেওঁলোকে সাগৰত গা ধুব, বালিত ভাত ৰান্ধিব আৰু কেইদিনমান তাত অৱসৰ বিনোদন কৰিব,” সৰোজাই কয়।

সূৰ্যোদয়ৰ কেবাঘণ্টা আগৰেপৰা প্ৰাৰ্থনা আৰম্ভ হয় । বহু ভক্তই হালধীয়া বা কমলা ৰঙৰ পোচাক পিন্ধে

সাগৰৰ ঢৌৱে অৰ্ঘ্যবোৰ উটুৱাই নিলে ইৰুলাৰসকল আশ্বস্ত হয় যে দেৱীয়ে তেওঁলোকৰ পূজা গ্ৰহণ কৰিছে

দেৱী লম্ভা বুলি বিশ্বাস কৰা পুৰুষে শাড়ী পিন্ধে আৰু মূৰত ফুল গুজি লয়

বিয়াৰ দিনা জয়াৰামে নন্দিনীৰ গলত পৱিত্ৰ সূতা এডাল পিন্ধাই দিছে আৰু দেৱী লম্ভা বুলি বিশ্বাস কৰা এগৰাকী মহিলাই দম্পতিহালক আশীৰ্বাদ দিছে

পুৰোহিতে শিশুৰ নামাকৰণ কৰিছে আৰু আশীৰ্বাদ দিছে

ইৰুলাৰসকলে বিশ্বাস কৰে যে দেৱী লম্ভা যিকোনো ব্যক্তিয়ে পুৰোহিতৰ ভূমিকা পালন কৰিব পাৰে

ইৰুলাসকলে দেৱীৰ লগত বিশেষ ধৰণৰ সম্পৰ্কিত ; তেওঁলোকে দেৱীক নিজৰ মাতৃ জ্ঞান কৰে আৰু তেওঁলোকৰ অৰ্ঘ্য গ্ৰহণ কৰাৰ বাবে মাতৃক ‘ আদেশ ’ কৰে

ইৰুলাৰসকলে সাগৰৰ জলৰাশিক তেওঁলোকৰ মাতৃজ্ঞান কৰে আৰু ঘৰলৈ লৈ আহে । প্লাষ্টিকৰ বটলত অনা সেই পানী তেওঁলোকে ঘৰৰ চৌপাশে ছটিয়াই ঘৰখন পৱিত্ৰ কৰে আৰু সেই যাত্ৰা কৰিব নোৱাৰাসকলক বিলায় দিয়ে

শিশু এটিয়ে সৰু ডোলকাট্টি ( এবিধ ঘাতবাদ্য ) বজাইছে

সাগৰতীৰত উপস্থিত হোৱা তীৰ্থযাত্ৰী আয়নাৰে কিলিকাট্টু নামে এবিধ বাদ্যযন্ত্ৰ বজাইছে , ষ্টীলৰ দুটা বাতিৰ ওপৰত এক্ৰিলিক শ্বীট মেৰিয়াই তেওঁ সেই বাদ্যযন্ত্ৰ সাজিছে

বিবাহ অনুষ্ঠান আৰম্ভ হোৱাৰ আগেয়ে নন্দিনী

চৰাই চিকাৰত ব্যৱহাৰ হোৱা কেটেপা লৈ সাগৰতীৰত এজন ফেৰিৱালা

সাগৰতীৰত কিছুদিন কটোৱাৰ পিছত ইৰুলাৰসকলে তেওঁলোকৰ তম্বু আৰু টালি - টোপোলা বান্ধি ঘৰলৈ উভতিব

আম্মাৰ
আশীৰ্বাদ ল
’
বলৈ
তেওঁলোক অহাবছৰ আকৌ আহিব
অনুবাদ: পংকজ দাস