“এইমাত্ৰ অৰিয়েণ্টেল চামা এটাৰ মাত শুনিছো।”
মিকা ৰাই উৎফুল্লিত হৈ পৰিছে। চিৰিক চিৰিককৈ মতা চৰাইটোৰ মাত এনেকৈ একধৰণৰ সুমধুৰ সংগীত হৈ পৰে বুলি তেওঁ কয়।
কিন্তু সেই কণমানি ক’লা-বগা আৰু হালধীয়া পাখিৰ চৰাইটোক লৈ তেওঁৰ উৎসুকতাৰ সৈতে সামান্য চিন্তা মিশ্ৰিত হৈ আছে। “এইবিধ চৰাইবিধে সাধাৰণতে তলত (৯০০ মিটাৰ) বসতি কৰে, কিন্তু চৰাইবিধৰ মাত এতিয়া বেছি ওপৰত শুনিবলৈ পোৱা হৈছো (২,০০০ মিটাৰ),” যোৱা এটা দশক ধৰি অৰুণাচলৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত পক্ষীৰ অধ্যয়ন কৰি থকা ৩০ বছৰীয়া ক্ষেত্ৰ কৰ্মীগৰাকীয়ে কয়।
অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত যোৱা ১০ বছৰ ধৰি ক্ৰান্তীয় অৰণ্যৰ পক্ষীকূলৰ অধ্যয়ন কৰি থকা বৈজ্ঞানিক, গৱেষক আৰু ক্ষেত্ৰ কৰ্মীৰ এটা গোটৰ সৈতে এইগৰাকী স্থানীয় ব্যক্তি মিকাইও কাম কৰি আহিছে।
উজ্জ্বল ঘন নীলা আৰু ক’লা ৰঙৰ পাখি আৰু ফিচাখনত বগা আঁচ থকা চৰাই এটা হাতত লৈ থকা ড. উমেশ শ্ৰীনিবাসনে কয়, “এইটো বগা ফিচাৰ ৰবিন। সাধাৰণতে এইবিধ চৰাই ১,৮০০ মিটাৰৰ ওপৰত পোৱা নাযায়। কিন্তু যোৱা তিনি-চাৰি বছৰত ২,০০০ মিটাৰ উচ্চতাত চৰাইবিধ পোৱা গৈছে।”
পক্ষীবিদ শ্ৰীনিবাসন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই.আই.এছ.চি.), বেংগালুৰুৰ এগৰাকী অধ্যাপক, তেঁৱেই অৰুণাচল প্ৰদেশৰ এই গোটটোক নেতৃত্ব দি আহিছে। “যোৱা ১২ বছৰত পূৱ হিমালয়ৰ পক্ষীবোৰে নিজৰ বসতিস্থল সলনি কৰিছে,” পক্ষীবিদগৰাকীয়ে কয়।


বাওঁফালে: বগা ফিচাৰ ৰবিন চৰাইবিধ সাধাৰণতে ১,৮০০ মিটাৰ উচ্চতাৰ ভিতৰত থাকে, কিন্তু যোৱা তিনিৰ পৰা চাৰি বছৰত পক্ষীবিধক ২,০০০ মিটাৰ উচ্চতাতো পোৱা গৈছে। সোঁফালে: ডাঙৰ নিলটাৱা চৰাই এটাৰ ৰিঙিং আৰু অত্যাৱশ্যকীয় ডেটা লিপিবদ্ধ কৰাৰ পিছত দলটোৰ এজন সদস্যই মুকলি কৰি দিছে


বাওঁফালে: বসতিস্থলৰ অৱক্ষয় আৰু বৰ্দ্ধিত উষ্ণতাই কেনেদৰে চৰাইৰ আচৰণ আৰু জীয়াই থকাত প্ৰভাৱ পেলাইছে, সেয়া বুজিবলৈ পক্ষীবিদৰ দলটোৱে চেষ্টা কৰি আহিছে। সোঁফালে: মিকা ৰাইয়ে গ্ৰে-থ্ৰ’টেড বেবলাৰ এটা ধৰিছে, এনেকৈ ধৰাটোক ফটোগ্ৰাফাৰ্ছ গ্ৰিপ বুলি কোৱা হয়
দলটোত স্থানীয় লোক থকা বাবে তাত বসবাস কৰা সম্প্ৰদায়, যিয়ে উষ্ণতাৰ পৰিৱৰ্তনক লৈ চিন্তিত আৰু তাৰ সমাধানৰ উপায় চিন্তা কৰি থাকে, তেওঁলোকে সক্ৰিয় সহযোগ আগবঢ়াব পাৰিছে। (এইবিষয়ে প্ৰতিবেদনখনৰ দ্বিতীয়টো অংশত সবিস্তাৰে লিখা হৈছে)।
ৱেষ্ট কামেং জিলাৰ দলটোত স্থানীয় লোক আৰু বৈজ্ঞানিক মিলি মুঠ ছজন সদস্য আছে। বসতিস্থলৰ অৱক্ষয় আৰু বৰ্দ্ধিত উষ্ণতাই কেনেদৰে চৰাইৰ আচৰণ সলনি কৰিছে আৰু বসতিস্থল পাহাৰৰ নিম্নভাগৰ পৰা উচ্চভাগলৈ সলনি কৰিবলৈ বাধ্য কৰাইছে, সেইবিষয়ে অধ্যয়ন কৰি আছে। পাহাৰৰ নিম্নভাগত থকা কমন গ্ৰীণ মেগপি (ঢাপলিকা চৰাই), লং টেইলড ব্ৰডবি আৰু চুলতান টিট (ভদৰকলী জাতীয় সৰু চৰাই)য়েও পাহাৰৰ উচ্চতালৈ বসতিস্থল সলনি কৰিছে। এনেকৈ চৰাইকেইবিধৰ জীয়াই থকাৰ সংগ্ৰামো আৰু জটিল হৈ পৰিছে।
“এয়া প্ৰব্ৰজন নহয়,” পক্ষীবিদগৰাকীয়ে কয়। “পাহাৰৰ তলভাগৰ পৰা উপৰিভাগলৈ চৰাইবোৰে বসতিস্থল সলনি কৰাৰ কাৰণ হৈছে বৰ্দ্ধিত উষ্ণতা,” আইতী থাপাই কয়। এই মেঘাৰণ্যত বাস কৰা কেৱল ডেউকাধাৰী প্ৰাণীয়েহে বৰ্দ্ধিত উষ্ণতা অনুভৱ কৰিছে এনে নহয়। “পৰ্বতীয়া অঞ্চলবোৰৰ উষ্ণতা যোৱা তিনি-চাৰি বছৰত বাঢ়িছে,” বিজ্ঞানীগৰাকীয়ে কয়।
দলটোৰ নতুন সদস্য ২০ বছৰীয়া আইতীৰ ঘৰ ৱেষ্ট কামেং জিলাৰ চিংচুং মহকুমাৰ এখন গাওঁ ৰামালিংগমত। তেওঁৰ পৰিয়ালটোৱে ৰামলিংগমত বিলাহী, কবি আৰু মটৰৰ খেতি কৰে। তেওঁ কয়, “এতিয়া এই পাচলিৰ খেতি কৰাটো সমস্যা হৈ পৰিছে। বৰষুণৰ প্ৰকৃতি ধৰিব নোৱাৰা হৈ পৰিছে। আগৰ দৰে এতিয়া বৰষুণ নাইকিয়া হ’ল।”
ৱাইডস্প্ৰেড ক্লাইমেট চেঞ্জ ইন দা হিমালয়াজ এণ্ড এচ’চিয়েটেড চেঞ্জেচ ইন ল’কেল ইক’চিষ্টেমচ্ শীৰ্ষক গৱেষণাপত্ৰত উল্লেখ যে হিমালয়ৰ উষ্ণতা বছৰী ১.৫ ডিগ্ৰী চেলচিয়াছ বাঢ়িছে। “গোলকীয়া উষ্ণতা বৃদ্ধিৰ হাৰতকৈ হিমালয়ৰ উষ্ণতা বৃদ্ধিৰ হাৰ অধিক। ইয়া পৰাই বুজিব পাৰি যে হিমালয়ৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ সংবেদনশীল ক্ষেত্ৰবোৰৰ এখন।” তাৰোপৰি পৰ্বতীয়া জৈৱবৈচিত্ৰতাৰ ৮৫ শতাংশ ই প্ৰতিনিধিত্ব কৰে, সেয়ে ইয়াৰ সংৰক্ষণৰো গুৰুত্ব অপৰিসীম।
পক্ষীবোৰ আপেক্ষিকভাৱে গতিশীল গোট। সেইকাৰণে পক্ষীৰ বসতিস্থলৰ পৰিৱৰ্তন হৈছে জলবায়ু পৰিৱৰ্তন আৰু পৰ্বতীয়া জৈৱবৈচিত্ৰৰ পৰিৱৰ্তনৰ সংকেত
উমেশে কয়, “গোটেই বিশ্বতে হিমালয়ৰ জৈৱবৈচিত্ৰতাৰ ওপৰত মানুহ জাতিৰ প্ৰভাৱ গভীৰ।” উমেশৰ আউটড’ৰ গৱেষণাগাৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ বৌংগপু ব্লাংচাৰ এটা কেম্পছাইট। অভয়াৰণ্যখন অৰুণাচল প্ৰদেশৰ ২১৮ বৰ্গকিলোমিটাৰজুৰি বিয়পি আছে।
এই অভয়াৰণ্যখন ৫০০ৰ পৰা ৩২৫০ মিটাৰ উচ্চতাৰ ভিতৰত বিস্তৃত। পৃথিৱীৰ তেনে কেইখনমান ঠাইৰ ভিতৰত এইখনো এখন য’ত এই উচ্চতাত হাতী দেখা যায়। আন জীৱ-জন্তু যেনে গোধাফুটুকী বাঘ, মাৰ্বল মেকুৰী, এছীয় সোণালী মেকুৰী আৰু লতামাকৰী বাঘ আদিও ইয়াত দেখা যায়। বিলুপ্তপ্ৰায় প্ৰজাতিৰ টুপীপিন্ধা হনুমান, ৰেড পাণ্ডা, এছীয় ক’লা ভালুক আৰু বিপন্ন অৰুণাচলী মেকাক (চুটি নেজৰ এবিধ বান্দৰ) আৰু মেঠোনো এই অৰণ্যৰ বসতিস্থল বুলি জনা যায়।
চৰাইৰ বিষয়ে গৱেষণাৰ সৈতে জৰিত হোৱা ৰামালিংগম গাঁৱৰ প্ৰায় কুৰি বয়সৰ আইতী আৰু দেমা দৰাচলতে ৰাজ্যখনৰ ভিতৰতেই এই কামত জৰিত হোৱা প্ৰথম দুগৰাকী মহিলা। তেওঁলোকে কামৰ প্ৰস্তাৱ পাওতে মাক-দেউতাকহঁতে প্ৰথমে সংকোচবোধ কৰিছিল। “তোমালোকে কিয় সিহঁতক জংঘললৈ নিব বিচাৰিছা? এই কাম ছোৱালীৰ নহয়,” তেওঁলোকে মন্তব্য কৰিছিল।
“মই তেওঁলোকক ক’লো যে পৃথিৱীখন সলনি হৈছে,” কেৱল অৰুণাচলতে নহয়, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ অৰণ্যতো পক্ষীৰ তথ্য সংগ্ৰহৰ অভিজ্ঞতা থকা ৰামালিংগম গাঁৱৰে মিকায়ে কয়। “ল’ৰা-ছোৱালীয়ে সকলোৱে সমানে সমানে কাজ কৰিব পাৰে।”
ক্ষেত্ৰকৰ্মী আইতীহঁতে মাহে ১৮ হাজাৰ টকা উপাৰ্জন কৰি পৰিয়ালত সেইখিনি যোগ দিব পাৰিছে। তেওঁলোকৰ বেছিভাগেই বন্ধকী মাটিত খেতি কৰে।
তেওঁলোকৰ গৱেষণাকৰ্ম যদিও খুবেই কঠিন কাম, তথাপি হাঁহি মাৰি আইতীয়ে কয়, “চৰাইবোৰৰ ইংৰাজী নামবোৰ শিকাটোৱে আটাইতকৈ টান কাম আছিল।”


বাওঁফালে : ড. উমেশ শ্ৰীনিবাসন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ এগৰাকী অধ্যাপক, তেওঁ অৰুণাচল প্ৰদেশৰ দলটোক নেতৃত্ব দিছে । সোঁফালে : কামৰ সময়ত দলটোৰ সদস্য ৰাহুল গেজ্জে, কলিংগ ডংগেন, উমেশ শ্ৰীনিবাসন, দম্বৰ প্ৰধান আৰু আইতী থাপা


কুৰি বছৰীয়া আইতী থাপা (বাওঁফালে) আৰু দেমা তমাং (সোঁফালে) হৈছে ৰামালিংগম, দৰাচলতে গোটেই অৰুণাচলৰ ভিতৰত প্ৰথম দুগৰাকী মহিলা যিয়ে কুঁৱলি-জালেৰে (মিষ্ট-নেটিং) চৰাই ধৰি অধ্যয়ন আৰু নথিবদ্ধকৰণৰ কাম কৰিছে
*****
১৯ শতিকাত কয়লা খনিবোৰত কেনেৰী চৰাইবোৰ সতৰ্কতাৰ সংকেত হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই চৰাইবিধ কাৰ্বন মন’ক্সাইডৰ প্ৰতি অতিকৈ সংবেদনশীল, মন’ক্সাইডৰ সংস্পৰ্শলৈ আহিলে ই মৃত্যুমুখত পৰে, গতিকে চৰাইবিধ খনিৰ ভিতৰলৈ লৈ গ’লে খননকৰ্মীয়ে সাম্ভাব্য মৃত্যুৰ পৰা বাচিব পাৰে। এনেদৰে আগতীয়াকৈ বিপদৰ সংকেত দিব পৰা বাবে চৰাইবিধক লৈ ইংৰাজী ভাষাত এটা ফকৰা যোজনা চলিল যিটো হৈছে ‘এ কেনেৰী ইন দা ক’লমাইন’।
পক্ষীবোৰ সাধাৰণতে আপেক্ষিকভাৱে গতিশীল। জলবায়ু পৰিৱৰ্তনে কেনেকৈ আন ক্ৰান্তীয় পাৰ্বত্য অঞ্চলৰ জৈৱবৈচিত্ৰতাত প্ৰভাৱ পেলাব পাৰে, সেয়া অধ্যয়নৰ বাবে সেয়ে চৰাইয়ে এক পৰিমাপক হিচাপে কাম কৰিব পাৰে।
ইগলনেষ্ট অভয়াৰণ্যখন ৬০০ প্ৰজাতিৰ চৰাইৰ ঘৰ। “ইয়াত আপুনি শ শ সৰু সৰু ভিন্নৰঙী চৰাই পাব, ওজন ১০ গ্ৰামৰো কম হ’ব, এচামুচ চেনীৰো সমান নহয়,” উমেশে কয়। তাৰোপৰি এই মেঘাৰণ্য মানে মেঘৰ মাজৰ এই অৰণ্যবোৰেই কিছুমান দুৰ্লভ পখীৰ ঘৰ। যেনে ধৰক ডাঠ ৰঙা ৰঙৰ ৱাৰ্ডচ ট্ৰোগান, ডাঙৰ ডঁৰিকজাতীয় ব্লিথচ্ ট্ৰেগপেন, ৰেচমী নীলা-ধূসৰ বৰণীয়া ধুনীয়া নাটহেটচ্ আৰু সিহতৰ মাজত চাগে আটাইতকৈ বিখ্যাত খুব কমেই দেখা পোৱা বুগুন লিওচিচলা এই মেঘাৰণ্যত থাকে।
কঠিন পৰিস্থিতি, হাঁড় কঁপোৱা শীত আৰু ওখোৰা-মোখোৰা ঠাইৰে ভৰি থকা এই অভয়াৰণ্যখনত বসতি কৰাটো কঠিন কাম যদিও ইয়াত পোৱা বিৰল চৰাইৰ বাবেই বহু পক্ষীবিদক এইখন অভয়াৰণ্যই আকৰ্ষিত কৰে।


কিছুমান বিৰল প্ৰজাতিৰ চৰাইৰ ঘৰ এই মেঘাৰণ্য, যেনে ধৰক সহজতে দেখা নোপোৱা বুগুন লিওচিচলা (বাঁওফালে) আৰু ডাঙৰ ডঁৰিকজাতীয় ব্লিথচ্ ট্ৰেগপেন (সোঁফালে)


ক্ষেত্ৰকৰ্মী মিকা ৰাইয়ে তোলা ডাঠ ৰঙা ৰঙৰ ৱাৰ্ডচ ট্ৰোগান (বাওঁফালে) আৰু ব্লুথ্ৰোটৰ ফটো
গৱেষক দলটোৱে অৰণ্যৰ বহুত ভিতৰলৈ গৈ তথ্য সংগ্ৰহ কৰে। তেওঁলোক থাকে এটা সৰু কোঠাত, তাত বিদ্যুতৰ সংযোগ কিম্বা পানীৰ সুবিধা নাই, আনকি ভালকৈ চালি এখনো নাই। বংপু ব্লাংচাত তেওঁলোক প্ৰত্যেকেই খাদ্য বনোৱাৰ পৰা আৰম্ভ কৰি বাচন ধোৱা, ওচৰৰে নিজৰা এটাৰ পৰা পানী অনা আদি কামবোৰ ভগাই লৈছে। স্থানীয় সদস্যকেইজন ৰামালিংগমৰ পৰা ইয়ালৈ আহে, তাৰ পৰা দুঘণ্টাৰ বাট। বাকীকেইজন দেশৰ আন আন প্ৰান্তৰ।
আজি আইতীৰ ৰন্ধাৰ পাল পৰিছে আৰু তাই ডাঙৰ পাত্ৰ এটাত খৰিৰ জুইত দাইল সিজাইছে। “ভাল লাগে যে মোৰ কামৰ যোগেদি মানুহে স্থানীয় এই চৰাইকেইবিধৰ বিষয়ে ভালদৰে জানিব পাৰিছে,” তেওঁ কয়। তেওঁ ইয়াত কাম কৰা দুটা বছৰ হৈ গ’ল।
টিমটোৱে প্ৰতিটো ৰাতি বাজি লগায় যে কোনে কি চৰাই পিছদিনা ধৰিব। যোৱা বছৰকেইটাত তেওঁলোকৰ অভিজ্ঞতা হৈ গৈছে যে কি কি চৰাই পোৱা যাব পাৰে। সকলোৱে অংশগ্ৰহণ কৰিছে। মুষলধাৰে বৰষুণ পৰাত কোঠটোৰ তিৰ্পালৰ চালিখন তললৈ দোঁ খাই পৰিছে।
“কাইলৈ কি চৰাই প্ৰথমে জালত লাগিব?” আইতীয়ে সকলোলৈ উদ্দ্যেশী সোধে।
“কাইলৈ চাগে এটা সোণালী বুকুৰ ফুলভেট্টা পোৱা যাব,” বিশ্বাস কৰিবলগীয়া সুৰত তেওঁ কয়।
মিকাই মাত দিয়ে, “বগা চকুৱা চটচটী (হোৱাইট-স্পেক্টেকলড ৱেৰ্বলাৰ)।” দম্বৰে পোনচাটে কথাটো নাকচ কৰি কয়, “য়েল্ল’-থ্ৰ’টেড ফুলভেট্টা হে পাম।”
মিকা আৰু দম্বৰৰ অভিজ্ঞতা বেছি, কিয়নো উমেশে তেওঁলোকক কুৰি বছৰ বয়সতে প্ৰথমে এই কামত লগাইছিল। দুয়োজনে ৰামালিংগমৰ স্থানীয় চৰকাৰী স্কুলত পঢ়া। দম্বৰে একাদশ শ্ৰেণীলৈ পঢ়িছে যদিও মিকাই ৫ম মানতে পঢ়া এৰিছে। “পঢ়াৰ প্ৰতি মোৰ একেবাৰে আগ্ৰহ নাছিল,” তেওঁ অনুতাপৰ সুৰত কয়।


কামৰ পৰা উভতাৰ সময়ত দলটো। বংপু ব্লাংচা শিবিৰত উমেশ, দৰ্জী বাচুং, মিকা আৰু দম্বৰে সন্ধিয়াৰ চাহ খাইছে (সোঁফালে)


বাওঁফালে: বংপু ব্লাংচা শিবিৰৰ বাহিৰত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে দেমা, আইতী, দম্বৰ আৰু মিকা। সোঁফালে: হুইচ্চলাৰ্চ ৱেৰ্বলাৰ এটা হাতত লৈ থকা কলিংগ ডংগেন
তেওঁলোক সোনকালেই শুবলৈ যাব, কিয়নো চৰাই ধৰা আৰু গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধকৰণৰ আটাইতকৈ ভাল সময় হৈছে পুৱাৰ সময়। “নমুনা সংগ্ৰহৰ স্থান ক’ত তাৰ ওপৰত নিৰ্ভৰ কৰি আমি পুৱা ৩:৩০ বজাতো উঠিব পাৰো,” আই.আই.এছচিত পক্ষীৰ ষ্ট্ৰেছ ফিজিঅ’লজি বিষয়ত পিএইচডি কৰি থকা ২৭ বৰ্ষীয় কলিংগ ডংগেনে কয়। তেঁৱো দলটোৰ লগত পূৱে ধলফাট দিয়াৰ আগেয়েই নমুনা সংগ্ৰহৰ স্থানলৈ ৰাওনা হ’ব।
*****
পূৱ হিমালয়ৰ এই অঞ্চলটোৰ উচ্চতা আৰু দুৰ্গমতা যদিও অঞ্চলটোৰ মেঘাৰণ্যসমূহ বন্যপ্ৰাণীৰ বসতিৰ অৱক্ষয়ৰ সন্মুখীন হৈছে, বিশেষকৈ গছ কটাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। উচ্চতম ন্যায়ালয়ে তিনি দশক আগতেই গছ কটাৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰি থৈছে যদিও পৰিস্থিতিতন্ত্ৰত ভাৰসাম্যত ই ইতিমধ্যে আঘাত হানি থৈছে, বিজ্ঞানীসকলে কয়।
“যিবোৰ অঞ্চলত গছ কাটি পেলোৱা হৈছে, তাত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধিক জটিল। কিয়নো সুৰ্য্যৰ পোহৰ পোনচাটে তাত পৰে। গছ কাটিলে ঠাইখন সম্পূৰ্ণ বেলেগ হৈ পৰে,” গৱেষক কলিংগই কয়। গছ কটা অৰণ্যৰ উষ্ণতা আন প্ৰাথমিক অৰণ্যৰ উষ্ণতাতকৈ ৬ ডিগ্ৰী পৰ্য্যন্ত অধিক হ’ব পাৰে।
“গৰম পৰা কাৰণে চৰাইয়ে বেছিভাগ সময় ছাঁতে কটায়, খাদ্য সন্ধানৰ সময় কমি যায়। সেয়ে তেনে চৰাইৰ দেহৰ অৱস্থা, জীয়াই থকাৰ শক্তি আৰু জীৱনকাল কমি আহে। তাৰোপৰি গছ কটা যোৱা অঞ্চলত সিহঁতৰগ বাবে খাংদ্যও কমি আহে,” কলিংগই কয়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ বাবে চৰাইয়ে সন্মুখীন হোৱা চাপৰ বিষয়ে বুজিবলৈ চৰাইৰ ওজন আৰু পাখিৰ দৈৰ্ঘ্য জোখে। লগতে তেজ আৰু মলৰ নমুনাও সংগ্ৰহ কৰে।
“বগা ফিচাৰ ৰবিনে পলু খায় আৰু যাক ‘ট্ৰু বাগ’ অৰ্থাৎ হেমিপ্টেৰান বুলি কোৱা হয়। গছ কটা যোৱা অঞ্চলত এই পলু লক্ষণীয় হাৰত কমি আহিছে,” উমেশে কয়। বগা ফিচাৰ ৰবিন কমি অহাৰ সৈতে গছ কটাৰ পশ্চাৎ প্ৰভাৱৰ সৈতে সংগতি ৰিজাই চাব পাৰি বুলি তেওঁ কয়। “উষ্ণতা বঢ়া কাৰণে চৰাইবিধৰ ওপৰত পৰা শাৰীৰিক চাপৰ ই পোনপটীয়া কাৰণ হ’ব পাৰে।”


পূৱ হিমালয়ৰ এই অঞ্চলটোৰ উচ্চতা আৰু দুৰ্গমতা স্বত্ত্বেও অঞ্চলটোৰ মেঘাৰণ্যসমূহ বসতিৰ অৱক্ষয় সন্মুখীন হৈছে, বিশেষকৈ গছ কটাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে


ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যখনে অৰুণাচল ৰাজ্যৰ ৱেষ্ট কামেং জিলাৰ ২১৮ বৰ্গকিলোমিটাৰ ভূমিত বিস্তৃত
উষ্ণতা বঢ়াৰ পৰিপ্ৰেক্ষিতত হিমালয়ৰ উদ্ভিদবোৰো পৰ্বতৰ তলভাগৰ পৰা ওপৰভাগলৈ গতি কৰিছে। কোৱা হয় যে চৰাইয়েও গছ-গছনিৰ এই পৰিৱৰ্তন মন কৰে। “জীয়াই থাকিবলৈ, ১,০০০ৰ পৰা ২,০০০ মিটাৰ উচ্চতাত যুগ যুগ ধৰি দেখি অহা চৰাইবোৰ এতিয়া ১,২০০ৰ পৰা ২,২০০ মিটাৰ উচ্চতাত পোৱা গৈছে,” উমেশে কয়। চৰাইয়ে এনেদৰে উচ্চতালৈ গতি কৰা আন ক্ৰান্তীয় অঞ্চল যেনে পাপুৱা নিউ গিনিয়া আৰু এণ্ডিজৰ ক্ষেত্ৰতো দেখা গৈছে।
বিজ্ঞানীসকলে ভয় খাইছে যে চৰাইবোৰে এনেকৈ যদি ওপৰলৈ গৈ থাকে, এটা সময়ত গৈ পৰ্বতৰ চূড়াটোৰ বাদে আন একো ঠাই নাবাচিব আৰু ঠাইৰ অভাৱত সিহঁত আন বসতিস্থল বিচাৰি গুছি যাব আৰু স্থানীয়ভাৱে বিলুপ্ত হৈ পৰিব।
ইগলনেষ্ট অভয়াৰণ্যৰ নিম্নভাগত ক্ৰান্তীয় চিৰসেউজ অৰণ্য আছে, মধ্য-উচ্চতাত আছে বহল পাতৰ সমশীতোষ্ণ অৰণ্য আৰু তাতোকৈ উচ্চতাত আছে সৰলবৰ্গীয় আৰু ৰড’ডেনড্ৰন গছ। কিন্তু এই সকলোবোৰ থকা স্বত্ত্বেও এতিয়া “আমাক ক্লাইমেট কানেক্টিভিটিৰ প্ৰয়োজন। প্ৰজাতিবোৰ ইটো ঠাইৰ পৰা সিটো ঠাইলৈ যাব পৰা হ’ব লাগে,” প্ৰশিক্ষিত চিকিৎসক উমেশে কয়। চৰাইৰ প্ৰতি থকা আগ্ৰহৰ কাৰণে তেওঁ পেছা সলনি কৰিছিল।
“পৰ্বতৰ মাজতে ক’ৰবাত যদি নগৰীকৰণ হৈ আছে, নাইবা খেতি আছে, তেন্তে এয়া হৈ নুঠিব,” তেওঁ কয়। “আমি এই প্ৰজাতিবোৰ বচাবলৈ পৰ্বতৰ ওখ ঠাইলৈ বিয়পি থকা বিশাল সুৰক্ষিত সেউজ ক’ৰিডৰৰ প্ৰয়োজন,” তেওঁ কয়।
*****
স্থানীয় ক্ষেত্ৰকৰ্মী মিকা ৰাই, দম্বৰ প্ৰধান, আইতী থাপা আৰু দেমা তমাং এই অধ্য়য়নৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তেঁওলোকে গুৰুত্বপূৰ্ণ ডেটা সংগ্ৰহ কৰি আহিছে আৰু ভালেকেইখন গৱেষণাপত্ৰত তেওঁলোকক সহ-লেখক হিচাপে উল্লেখ কৰা হৈছে।
ক্ষেত্ৰকৰ্মীসকলক বিশেষ এবিধ জাল দিয়া হয় আৰু তেওঁলোকে কুঁৱলি-জাল পদ্ধতিৰে চৰাই ধৰে। এই পদ্ধতিত ঘন অৰণ্যৰ মাজত দুডাল খুঁটা পুতি তাত জালখন লগোৱা হয় আৰু চৰাইয়ে জালখন মণিব নোৱাৰি তাৰ মাজেৰে উৰা মাৰোতে জালত লাগি ধৰে।


বাওঁফালে: দেমাই আলফুলে হোৱাইট-জৰ্জেটেদ ফ্লাইকেচ্চাৰ এটা কুঁৱলি-জালৰ পৰা মুকলি কৰিছে। এই জালবোৰ ঘন অৰণ্যত পতা হয়। চৰাইয়ে এই জালবোৰ দেখা নাপাই তাৰ মাজেৰে উৰা মাৰে, আৰু ফচি যায়। সোঁফালে: দম্বৰে এটা হোৱাইট-ব্ৰাউড পিকুলেট জালৰ পৰা আলফুলে এৰুৱাই আঁতৰাইছে


বাওঁফালে: মিকাই জালবোৰ ঠিক-ঠাক কৰিছে। সোঁফালে: আইতীয়ে ৰুফছ-কেপড্ বেবলাৰ এটা জালৰ পৰা সাৱধানে মুকলি কৰিছে
“আমাক প্ৰত্যেককে ৮ৰ পৰা ১০ খন জাল দিয়ে,” এঢলীয়া পৰ্বতৰ বোকাত পিচলিব ধৰা দম্বৰে (২৮) জাল এখন চাবলৈ যোৱাৰ সময়ত কয়। জালখন ঢুকি পোৱাৰ পিছত আলফুলে কণমানি চৰাইটো তেওঁ মুকলি কৰি তাক সেউজীয়া কপাহী মোনাটোত ভৰাইছে।
চৰাইবোৰক কেতিয়াও ১৫ মিনিটৰ বেছি সময়ত জালত লাগি থাকিব দিয়া নহয়। অকণমানো বৰষুণ দিয়াৰ সম্ভাৱনা থাকিলে দলৰ সদস্যসকলে ততাতৈয়াকৈ জালবোৰ চায়গৈ আৰু চৰাই-চিৰিকতিবোৰে বেছি কষ্ট পোৱাৰ সম্ভাৱনা কমাবলৈ ততালিকে এৰি দিয়ে।
চৰাইটোৰ বুকুখন হাতৰ তলুৱাৰে মেৰিয়াই ধৰা হয়, ইয়াক ৰিংগাৰ্চ গ্ৰিপ বুলি কয়। এনেকৈ চৰাইটো মোনাটোৰ পৰা মুকলি কৰি দিয়া হয়। এই কণমানি জীৱবিধৰ যাতে অকণো ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি খুব সাৱধানে এই কাম কৰা হয়। তাৰপিছত চৰাইবিধৰ ওজন, দৈৰ্ঘ্য জোখা হয় আৰু ৰিং পিন্ধোৱা হয়।
“মই এই কাম কৰিব লাগে কাৰণে কৰি থকা নাই। চৰাইৰ সৈতে কাম কৰি মই ভাল পাও। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, সিহঁতে খুব বেছি দূৰৰ পৰা দূৰবীক্ষণ যন্ত্ৰ লৈ চৰাই চাব পাৰে। মই সেই এধানি চৰাইবোৰ হাতত ল’ব পাওঁ,” দেমাই কয়।
দশমমানৰ পিছত পঢ়া এৰা আইতীয়ে কয়, “মই যদি ২০২১ত এই কামত নোসোমালোহেঁতেন, মই আমাৰ ঘৰৰ মানুহৰ সৈতে বন্ধকীৰ খেতিপথাৰতে কাম কৰি থাকিবলগীয়া হ’লহেঁতেন।” দেমা আৰু আইতীৰ দৰে যুৱতী মিকাৰ কামৰ পৰা অনুপ্ৰাণিত হৈছে আৰু এতিয়া ডেকা ল’ৰা-ছোৱালীয়ে অৰণ্যত চৰাই চিকাৰৰ দৰে পৰম্পৰাগত প্ৰথাৰ বিৰুদ্ধে মাত মাতিবলৈ লৈছে।


উমেশে এটা হোৱাইট-থ্ৰ’টেড ফেনটেইল (বাওঁফালে) আৰু এটা চেষ্টনাট-ক্ৰাউনড লাফিংগ্ৰাছ (সোঁফালে)ৰ পাখিৰ জোখ-মাখ কৰিছে


মিকাই নিজৰ কেমেৰাৰে তোলা এটা ৰুফচ-নেকড হৰ্নবিলৰ ফটো দেখুৱাইছে। সোঁফালে: দেমাই কয় যে তেওঁ কৰিব লাগে কাৰণে এই কাম কৰি থকা নাই। ‘বিভিন্ন প্ৰান্তৰ মানুহ আহে, খুব বেছি তেওঁলোকে চৰাই এটা দূৰৰ পৰা দূৰবীক্ষণেৰে চাবহে পাৰে, আমি সেই এধানিমান চৰাইবোৰ যে হাতৰ তলুৱাত ল’ব পাওঁ’
“ল’ৰাবোৰে কেটেপা লৈ চৰাইবোৰ মাৰে। সিহঁতে স্কুলৰ পৰা অহা বাটত এইবোৰ কৰি সময় কটাবলৈ চায়।” কিন্তু মিকাক উমেশে নিয়োগ কৰাৰ পিছত তেওঁ ৰামালিংগমৰ ছবিখন আৰু বন্যপ্ৰাণীবোৰ দেখুৱাব পাৰিছিল। “এতিয়া মোৰ সৰু ভাই-ভনীহঁতে পশু-পক্ষী চিকাৰ আৰু সংৰক্ষণৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে,” তেওঁ কয়।
ইগলনেষ্ট অভয়াৰণ্যখন পাত পাতকৈ জনাৰ বাবে সহকৰ্মীসকলে তেওঁক মানৱ জিপিএছ বুলি কয়। মিকাই কয়, “সৰুতে মই চহৰত থকাৰ কল্পনা কৰিছিলো। নতুন এটা এটা প্ৰজাতিৰ চৰাই চোৱাৰ ইচ্ছা থকা পক্ষীবিদ এজনৰ দৰে আছিল সেই হাবিয়াস। কিন্তু এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি-ফুৰি শেষত কেৱল অৰুণাচলৰ অৰণ্যবোৰলৈ উভতি আহিবলৈ মন যায়।”
পৰ্বতৰ ডাঠ সেউজীয়া অৰণ্যত পাতি থোৱা জাল এখনৰ কাষ চপাৰ সময়ত তেওঁ কয়, “মই যিমানবাৰেই ইয়ালৈ উভতি নাহো কিয়, প্ৰতিবাৰেই অৰণ্যই মোক বিষ্ময়াভূত কৰে।”
এই প্ৰতিবেদনৰ দ্বিতীয়টো খণ্ডত স্থানীয় সম্প্ৰদায়ে কেনেদৰে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে কাম কৰি আহিছে , সেইবিষয়ে পঢ়িবলৈ পাব ।
অনুবাদ: পংকজ দাস