মহুৱা ফুল বেছিদিন নাথাকে। মধ্য ভাৰতৰ প্ৰায় সকলোতে পোৱা এই ওখ গছবিধৰ ফুল গ্ৰীষ্মৰ আৰম্ভণিৰ পৰা তিনিমাহলৈকে সৰে।
মহুৱাৰ এই পাতল হালধীয়া ফুল সংগ্ৰহ কৰাটো এটা উৎসৱৰ সময়, কণ কণ ল’ৰা-ছোৱালীৱেও ডাঙৰবোৰৰ লগত হাবিত ফুল বুটলি বুটলিবলৈ যায়। “বৰ কষ্টৰ কাম,” ভুপিন্দৰে কয়। “পুৱাৰ ভাগত ফুল তোলো, আকৌ আবেলিৰ ভাগতো যাও।” ধামতাৰি জিলাৰ চানাগাঁৱৰ পৰা তেওঁ নিজৰ মাক-দেউতাকক সহায় কৰিবলৈ আহিছে, আশে-পাশে ঢেৰ মানুহ - উচৱৰ এক পৰিৱেশে বিৰাজ কৰিছে।
এই ঋতুত মহুৱাৰ গোন্ধে গোটেইখন আমোলমোলাই থাকে। ৰাজগঢ় জিলাৰ ধৰমজয়গঢ়ৰ পৰা চত্তীশগঢ়ৰ ৰাজধানী চহৰ ৰায়পুৰলৈকে শ শ মহুৱা গছৰ তলত গাঁৱৰ মানুহক ফুল সংগ্ৰহত ব্যস্ত হৈ থকা দেখিব। সেই ফুলবোৰ শুকুৱাই মজুত কৰা হ’ব। তাৰপিছত সেয়া গুড়ি কৰি মদ আৰু আন কিছুমান সামগ্ৰী বনোৱা হ’ব।
“হাবিৰ পৰা সংগ্ৰহ কৰা বস্তুবোৰৰ ভিতৰত মহুৱা আটাইতকৈ গুৰুত্বপূৰ্ণ। আকালৰ দিনত এয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। পইচাৰ প্ৰয়োজন হ’লে কিছু মহুৱা বিক্ৰীও কৰিব পাৰি,” অম্বিকাপুৰৰ সমাজকৰ্মী আৰু জনজাতীয় নেতা গংগাৰাম পাঁইক্ৰাই কয়। দিন হাজিৰাৰ কাম ক’তো নোপোৱা সময়খিনিত মহুৱাৰ ফুলে কেনেকৈ পৰিয়ালবোৰ চলাত সহায় কৰে, সেইবিষয়ে তেওঁ বুজাই কয়।
‘হাবিৰ পৰা সংগ্ৰহ কৰা বস্তুবোৰৰ ভিতৰত মহুৱা আটাইতকৈ গুৰুত্বপূৰ্ণ। আকালৰ দিনত এয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। পইচাৰ প্ৰয়োজন হ’লে কিছু মহুৱা বিক্ৰীও কৰিব পাৰি’
“এই ফুলৰ পৰা বনোৱা সুৰা জনজাতীয় মানুহে ভাল পায় আৰু আমাৰ পূজাৰ নিয়মতো এইবিধ অত্যাৱশ্যকীয়,” গংগাৰামে কয়।
দীঘলীয়া সময়ৰ বাবে হাউলি মাটিৰ পৰা এই ফুল তোলা কামটো বৰ টান, “আমাৰ পিঠি, ভৰি-হাত, আঠু বিষ উঠে,” ভুপিন্দৰে কয়।
চত্তীশগঢ় চৰকাৰে মহুৱাৰ দাম প্ৰতি কিলোগ্ৰামত ৩০ টকা অৰ্থাৎ কুইণ্টলত ৩,০০০ টকাৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰি দিছে।
তাৰোপৰি মধ্য ভাৰতৰ চত্তীশগঢ়ৰ উপৰিও মদ্য প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, মহাৰাষ্ট্ৰ, তেলাংগনা, অন্ধ্ৰ প্ৰদেশকে ধৰি চুবুৰীয়া ৰাজ্য ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু বাংলাদেশতো এই মহুৱা গছ বিস্তৃত হৈ আছে।

আম গাঁৱৰ কাষৰ হাবিত মহুৱা ফুল সংগ্ৰহ কৰাত ব্যস্ত উষা (একেবাৰে সোঁফালে) আৰু তেওঁৰ দুই ভনী উমা আৰু সৰিতা (হালধীয়া পোচাকত)

উষাই সংগ্ৰহ কৰা মহুৱা ফুলবোৰ প্লাষ্টিকৰ গামলাটোত থৈছে

সৰিতা (হালধীয়া পোচাকত) পৰিয়ালটোৰ ডাঙৰ ছোৱালী, স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি আছে । তেওঁ সৰুকালিৰ পৰাই এই ফুল সংগ্ৰহৰ কাম কৰি আহিছে । তেওঁ কয় যে যোৱা বছৰ মহুৱা সংগ্ৰহ কৰি ৪০ হাজাৰ টকা উপাৰ্জন কৰিছিল । তেওঁলোকৰ গোটেই পৰিয়ালটোৱে মহুৱা ফুল সংগ্ৰহৰ কাম কৰে , মাক-দেউতাকৰ লগতে ককা-আইতাকো লগত আহে । তেওঁৰ ভনী উমা (ৰঙা পোচাকত)ক ফটোখনত নেপথ্যত দেখা গৈছে

সৰিতা (হালধীয়া পোচাকত) আৰু উমা (ৰঙা পোচাকত) মহুৱা ফুল তুলিছে

গছৰ পৰা হাউলি থকা মহুৱা ফুলৰ থোপা

মাটিত থূপাই থোৱা মহুৱা ফুল

মাক আৰু ককা -আইতাকৰ লগত মহুৱা ফুল সংগ্ৰহত ব্যস্ত এটা কণমানি ল’ৰা

মাটিত মহুৱা ফুল বিচাৰি ফুৰা কণমানিটো

৭৫ বছৰ বয়সীয়া চেৰকেন ৰাথিয়াও মহুৱা ফুল সংগ্ৰহত লাগিছে । তেওঁ শৈশৱৰ পৰা এই কাম কৰি আহিছে

জলছাই ৰাইতিয়ে পত্নীৰ সৈতে নিজ খেতিপথাৰৰ মহুৱা গছৰ ফুল সংগ্ৰহ কৰিছে

পুৱাৰ কোমল ৰ
’দৰ আমেজ লৈ পৰিয়ালৰ সৈতে জলছাই ৰাইতিৰ পৰিয়ালে মহুৱা ফুল তুলিছে
অনুবাদ: পংকজ দাস