ক’ভিড-১৯ মহামাৰীৰ সময়ত হাৰিয়াণাৰ পৰা উত্তৰ প্ৰদেশৰ মহাৰাজাগঞ্জলৈ কিদৰে যাত্ৰা কৰি নিজৰ ঘৰ পাইছিলহি সেই কথা সুনীতা নিশাধে সোঁৱৰণ কৰে৷
হঠাতে ঘোষণা কৰা দেশজুৰি লকডাউনে যি লক্ষাধিক প্ৰব্ৰজিত শ্ৰমিকসকলৰ অৱস্থা দুৰ্দশালৈ পৰিৱৰ্তিত কৰিছিল তাৰে ভিতৰত সুনীতাও আছিল অন্যতম৷ সেয়েহে কেন্দ্ৰীয় বাজেটেই হওক বা আন যিকোনো নতুন চৰকাৰী আঁচনিৰ ঘোষণাই সুনীতাৰ মনত উত্সুকতাৰ সৃষ্টি নকৰাটো কোনো আচৰিত হ’বলগীয়া বিষয় নহয়৷
‘‘আপুনি মোক বাজেটৰ বিষয়ে সুধিছে৷ তাৰ পৰিৱৰ্তে আপুনি চৰকাৰক সোধক, কিয় তেওঁলোকে কৰোনাৰ [ক’ভিড-১৯ মহামাৰী] সময়ত আমাক ঘৰলৈ পঠিওৱাৰ বাবে ধন ব্যয় নকৰিলে’’, সাংবাদিকক সুনীতাই আক্ষেপেৰে সোধে৷
এতিয়া এই ৩৫ বৰ্ষীয়া সুনীতাই পুনৰ হাৰিয়ানালৈ উভতি গৈ ৰোহটকৰ লাধোত গাঁৱত প্লাষ্টিকৰ আৱৰ্জনা একত্ৰিত কৰা কামত ব্যস্ত হৈ পৰিছে৷ ‘‘ মজবুৰ হুঁ [মই অসহায়]৷ সেয়ে মই ইয়ালৈ পুনৰ উভতি আহিবলগীয়া হৈছে৷’’
সুগন্ধিৰ কেনবোৰ ৰিচাইক্লিঙৰ বাবে ফুটাই তেওঁ পুনৰ কয়, ‘‘মেৰে পাছ বড়া মোবাইল নহী হে, চোটা মোবাইল হে [মোৰ ডাঙৰ মোবাইল নাই, সৰু মোবাইল হে আছে]৷ মই কেনেকৈ জানিম বাজেট কি?’’ বৰ্ধিত ডিজিটেলকৰণ আৰু চৰকাৰী আঁচনিসমূহৰ তাৎক্ষণিক ব্যৱহাৰৰ বাবে এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগৰ আৱশ্যক৷ কিন্তু ভাৰতৰ বহু গাঁৱত এই সুবিধাৰ ব্যৱহাৰ এতিয়াও সুদূৰ পৰাহত৷

ৰোহটকৰ লাধোত গাঁৱত সুনীতা নিশাধে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰি আছে


হাৰিয়ানাৰ ৰোহটকৰ ভাইয়াপুৰ গাঁৱৰ কৌশল্যা দেৱী এগৰাকী ম’হপালক৷ কেন্দ্ৰীয় বাজেট সম্পৰ্কে তেওঁক সোধাত ক’লে, ‘বাজেট? সিটো বস্তুৰ লগত মোৰ কি কাম?’
নিকটৱৰ্তী গাঁও ভাইয়াপুৰৰ ৪৫ বৰ্ষীয়া কৌশল্যা দেৱী এগৰাকী ম’হপালক আৰু তেওঁৰ বাবেও এই কেন্দ্ৰীয় বাজেট এক অপ্ৰাসংগিক বিষয়৷
‘‘বাজেট? উ চছে ক্যা লেনা - দেনা? [বাজেটক লৈ মই কি কৰিম?] মই ম’হ চৰাও আৰু গোবৰশুঁথি প্ৰস্তুত কৰো৷ জয় ৰামজী কি! ’ এইদৰে কৈ তেওঁ আমাৰ কথা-বতৰাৰ মোখনি মাৰে৷
গাখীৰৰ চৰকাৰী মূল্য কম হোৱাক লৈ কৌশল্যা দেৱী উদ্বিগ্ন৷ গধূৰ পাত্ৰ দুটাৰ এটা দাঙি তেওঁ ম’হৰ গোবৰ সংগ্ৰহ কৰে৷ ‘‘মই দুয়োটাই দাঙিব পাৰিম, কেৱল গাখীৰৰ ভাল মূল্য পাব লাগে’’, তেওঁ এইদৰে মিচিকিয়াই কৌতুক কৰে৷
‘‘যদি চৰকাৰে গাখীৰৰেই উচিত মূল্য দিব নোৱাৰে, তেন্তে অন্যান্য আঁচনিসমূহে আমাক কেনেদৰে উপকৃত কৰিব?’’ কৌশল্যাই প্ৰশ্ন কৰে৷
অনুবাদ: মনোৰঞ্জন মজুমদাৰ