
উচ্চতালৈ ভয় কৰা ২১ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিক মহম্মদ ৱাবলুৱে নিতৌ ত্ৰিশ নম্বৰ মহলালৈ উঠা - নমা কৰে । এতিয়া আৰু সেই ভয় নাই । " সৰুতে ভয় লাগিছিল , এতিয়া আৰু সেই ভয় নাই ," তেওঁ কয় । ৱাবলুৰ ঘৰ পশ্চিম বংগৰ দৰিদ্ৰতম জিলাৰ মাজৰ এখন , মালদাত

ৱাবলু , বাবুল শ্বেইখ আৰু মণিৰুল ছেথ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ অট্টালিকা নিৰ্মাণৰ কামৰ লগত জড়িত এটি শ্ৰমিকৰ গোট এটাৰ সদস্য । গোটটোৰ ভালেকেইজন শ্ৰমিকৰ বয়স ১৭ বছৰৰ আশে - পাশে । তেওঁলোকে এদিনত ৪০০ টকাৰ পৰা ৬০০ টকালৈ মজুৰি লাভ কৰে

মুম্বাইৰ গোড়েগাওঁ ইষ্ট অঞ্চলৰ কোনো এক হাউচিং চচাইটিৰ ছাইটত কৰ্মৰত শ্ৰমিক

তেওঁলোকে ওচৰৰে এটি বস্তি অঞ্চলৰ ভাড়া কোঠালিত বসবাস কৰে । কলেজ এৰি তেওঁলোকে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত এই ঠাইলৈ কাম বিচাৰি আহিছিল

মহম্মদ বাবুল শ্বেইখ ( ২৭ ) য়ে কয় , " আমি সাতজন ককাই ভাই আৰু দুজনী বাই - ভনী । ডাঙৰ ককায়েককেইজনে কাম কৰো , যাতে সৰু ভাই - ভনীহঁত স্কুললৈ যাব পাৰে । " তেওঁৰ পিতৃ - মাতৃ যথেষ্ট বৃদ্ধ আৰু অসুখীয়া । সাতগৰাকী ককায়েক ভায়েকৰ ভিতৰত কেৱল দুগৰাকী ঘৰত থাকে । বাকীকেইজনে শ্ৰমিক হিচাপে কাম কৰিবলৈ ঘৰ এৰি ডাঙৰ ডাঙৰ চহৰলৈ যায়

ৱাবলুৱে কয় , ' আমি কাম কৰিলেহে খাবলৈ পাওঁ । কাম নাপালে ভোকত থাকিব লাগে'

আকাশলংঘী অট্টালিকাত ৰং কৰা বিপদজনক কাম । এবাৰ ভৰি পিচল খালেই মৃত্যু নিশ্চিত । শ্ৰমিকসকলৰ কাপোৰ - কানিও ৰাসায়নিক পদাৰ্থ মিহলি বিষাক্ত ৰঙেৰে তিতি থাকে । নতুন কাপোৰ লেতেৰা কৰিবলৈ বা নষ্ট নকৰিবলৈ তেওঁলোকে সেই একেইখিনি পুৰণা কাপোৰেই দিনৰ পিছত দিন ব্যৱহাৰ কৰে , ফলত উশাহ - নিশাহত বহুতো বিষাক্ত ৰাসায়নিক পদাৰ্থ সেৱন কৰে

২২ বছৰীয়া মহম্মদ মণিৰুল ছেথৰ ঘৰো মালদা জিলাত । তেওঁ স্কুলীয়া শিক্ষা আধাতে এৰি ১৭ বছৰ বয়সৰ পৰাই শ্ৰমিক হিচাপে কাম কৰি আছে । কথা পাতিবলৈ তেওঁ অলপ সংকোচবোধ কৰিছিল

খোৱা
-
বোৱা আৰু ঘৰ ভাড়াত খৰছ কৰাৰ পিছত তেওঁলোকে নিজৰ উপাৰ্জনৰ কিছু
অংশ জমা কৰে আৰু বাকীখিনি প্ৰতিমাহে পৰিয়াললৈ পঠিয়ায়
অনুবাদ: সুগন্ধি প্ৰাপ্তি