
বাৰিষা আৰু খেতিৰ দিনত, মেহবুবনগৰৰ মানুহবোৰে তেওঁলোকৰ ঘৰুৱা জিলাখনৰ ভিতৰতে বা ওচৰে-পাজৰে কৃষি শ্ৰমিক হিচাপে কাম কৰে। কিন্তু খেতিৰ বতৰ শেষ হ’লে, বা যেতিয়া খেতি ভালকৈ নহয়, তেতিয়া নিৰ্মাণ ক্ষেত্ৰবোৰত কাম বিচাৰি তেওঁলোকে নগৰখনলৈ প্ৰব্ৰজন কৰে

তেওঁলোকে নিজৰ ঘৰ আৰু গাওঁ এৰি নতুন অচিনাকী চহৰ এখনলৈ আহে

নিৰ্মাণৰ কাম শেষ নোহোৱালৈকে নগণ্য সুবিধাৰে টি ন আৰু প্লাষ্টিকেৰে সজা বাটৰ কাষৰ জুপুৰীবোৰ মুম্বাইত তেওঁলোকৰ অস্থায়ী ঘৰ হৈ পৰে

সিহঁতে কৰা কামবোৰৰ ভিতৰত আছে গাঁত খন্দা, ড্ৰিল কৰা, আৱৰ্জনা আঁতৰোৱা আৰু ৩০ ফুট পৰ্যন্ত মাটিৰ তললৈ নামি গৈ গাঁত পৰিষ্কাৰ কৰা। সেই সকলোবোৰ কাম কোনো বীমা বা দূৰ্ঘটনা বীমা নথকাকৈয়ে কৰা হয়

শ্ৰমিকসকলে এই কামবোৰ দৈনিক ৩০০ টকা বা তাতোকৈ কম টকাৰ বাবে কৰে। তেলেগু ভাষাত কথা কোৱা এজন মুকাদম বা ছুপাৰভাইজাৰে তেওঁলোকক হাজিৰাখিনি দিয়ে আৰু চহৰখনৰ নিৰ্মাণ ক্ষেত্ৰসমূহত তেওঁলোকৰ বাবে কাম বিচাৰি দিয়াত মধ্যভোগী হিচাপে কাম কৰে

এই ক্ষেত্ৰসমূহত কষ্টসাধ্য শ্ৰম কৰি থকা মাইকী মানু হখি নিয়ে কৰ্মক্ষেত্ৰত সঘনাই সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ কথা কয়

মাইকী মানুহখিনি কণ কণ শিশুহঁতক ঘৰত অকলে এৰি থৈ আহিব নোৱাৰে বাবে সিহঁতক লগত লৈ আহিবলৈ বাধ্য। বিপদসংকূল চিমেন্টৰ বস্তা আৰু লোহাৰ দ’ম শিশুহঁতৰ খেল পথাৰ। মাজে-সময়ে কামৰ ঠাইত বা ফ্লাই অ’ভাৰবোৰৰ তলত গাড়ী থোৱা ঠাইত বাটৰ কুকুৰ এটা বা দুটা সিহঁতৰ খেলৰ লগ হয়। ধূলি-মাকতিৰ মাজত খেলি ভাগৰি পৰিলে ৰাস্তাৰ কাষতেই সিহঁত শুই পৰে

অস্থায়ী বাসস্থানবোৰত শ্ৰমিকসকলক খাবলৈ পৰিষ্কাৰ পানী, শৌচাগাৰ বা বিজুলীৰ সুবিধা দিয়া নহয়

তথাপি, তেওঁলোকে যিখিনি পইছা উপাৰ্জন কৰিব সেয়া ঘৰত থকাতকৈ বেছি হ’ব, সেয়ে ই তেওঁলোকক চহৰখনলৈ হাত বাউল দিয়ে
অনুবাদ: ৰুবী বৰুৱা দাস