পুৱাৰ সুৰুজটোলৈ মন কৰক, ধাননি পথাৰৰ আলিৰে খোজ কঢ়াৰ কথা ভাবক, ক্ষণিক আকাশলৈ চাওক, কেনেকৈ আকাশৰ ৰং ধীৰে ধীৰে সলনি হৈ পৰে, মন দি শুনক, চাওক। দেখিব গাঁৱৰ শত-সহস্ৰ মানুহৰ কাহিনী, তেওঁলোকৰ জীৱনবোৰ, জীৱিকা আৰু হৰ্ষ-বেদনাৰ ছবিখন। এখন সাৰ্থক ছবিৰ কাম হৈছে এই কাহিনীবোৰক এটা ফ্ৰেমত ভৰাই পাঠকক সেই ঠাইলৈ লৈ যোৱা, য’ৰ মানুহৰ জীৱনৰ কথা আৰু কাহিনী ছবিৰ জৰিয়তে ক’ব খোজা হৈছে।
এই প্ৰতিবেদনত সংকলিত পাঁচখন আলোকচিত্ৰ-প্ৰবন্ধই আপোনাক লৈ যাব গাঁৱে-ভূঞে, চহৰৰ হৃদপিণ্ডৰ স্পন্দন আপুনি অনুভৱ কৰিব পাৰিব। পশ্চিমবংগৰ এক মৃতপ্ৰায় শিল্পধাৰা আৰু ক্ষুধাৰ সহাৱস্থান, হিমাচল প্ৰদেশৰ কুইয়াৰ লোকসকলৰ জীৱন সংগ্ৰামৰ জয়গান, তামিলনাডুৰ প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনগাঁথা - এনে এখন এখন ছবি লগ লাগি গঢ়ি উঠিছে ভূ-প্ৰকৃতি, জনজাতি, জীৱন যাপনৰ বৈচিত্ৰময় এক আখ্যান - ভাৰতবৰ্ষৰ আখ্যান।
কেমেৰা এক অতিকৈ শক্তিশালী মাধ্যম, গভীৰ উপলব্ধিৰ এটা বাট ই মুকলি কৰে। ভিতৰৰ পৰা বাহিৰলৈ নিক্ষেপিত ই এক অভিনৱ আত্মদৰ্শনৰ উৎস, আৰু সেই আত্মদৰ্শী চকুত ধৰা পৰিছে অবিচাৰৰ সত্যতা, হয়তো সুবিচাৰৰ সম্ভাব্য পথো ই খুলি দিছে।
এক মুহুৰ্তৰ বাবে আপোনাৰ হৃদয় থমকি ৰ’ব পাৰে এই কথা-ছবি চাই, কিম্বা শেলে বিন্ধাদি বুকুত ক্ষণিকৰ বাবে বিন্ধিব পাৰে।
*****
এম. পালানি কুমাৰৰ 'ফটোৰে নিজৰ কথা কোৱা মোৰ শিক্ষাৰ্থীসকল’
'পাৰি’ৰ ফটোগ্ৰাফাৰ এম. পালানি কুমাৰৰ বিশেষ কৰ্মশালাত জীৱনত প্ৰথমবাৰৰ বাবে হাতত কেমেৰা তুলি লৈছে অনাময় কৰ্মী, মাছমৰীয়া আৰু আন সামাজিক তথা আৰ্থিকভাৱে অনগ্ৰসৰ সম্প্ৰদায়ৰ একাংশ শিক্ষাৰ্থীয়ে।

‘মই বিচাৰিছিলো মোৰ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ কাহিনী কওক। কৰ্মশালাৰ অন্তত তেওঁলোকে দৈনন্দিন জীৱনৰ বস্তুবোৰৰ ফটো তুলিবলৈ আৰম্ভ কৰিছিল,’ পালানিয়ে কয়

ইন্দিৰা গান্ধী (ফ’কাচত) মিছামাছৰ জাল টানিবলৈ সাজু

পাণ্ডী, পি ইন্দ্ৰৰ পিতৃ-মাতৃয়ে পঢ়া-শুনা কৰাৰ সামৰ্থ্য নথকাৰ বাবে ১৩ বছৰ বয়সত অনাময়ৰ কাম কৰিবলৈ বাধ্য হৈছিল – তেওঁলোকো অনাময় কৰ্মী আছিল । তেওঁৰ দৰে শ্ৰমিকসকলে উপযুক্ত গ্ল’ভছ আৰু বুটজোতাৰ অভাৱত ছালৰ ৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হয়
*****
এম. পালানি কুমাৰৰ ' মাছেই মোক ভাল ফটোগ্ৰাফাৰ হ’বলৈ শিকালে’
মাছমৰীয়াৰ পৰিয়ালত জন্মগ্ৰহণ কৰি কিদৰে ডাঙৰ-দীঘল হৈছিল আৰু জীৱন-যাপন কৰিছিল সেই বিষয়ে লিখিছে পাৰিৰ ফটোগ্ৰাফাৰ পালানিয়ে।

কেমেৰাটো কিনাৰ পিছতেই মই মাছমৰীয়া পিচাই আন্না, মক্কা আন্না, কাৰ্তিক, মৰুধু, সেনথিল কালই - বিলত জাল মৰা মাছমৰীয়াসকলৰ ফটো তুলিবলৈ ধৰিলো

মাদুৰাইৰ জৱাহৰলালপুৰমত থকা বৃহৎ বিলখনত মাছমৰীয়াসকলে অধিক মাছ ধৰাৰ আশাৰে ঘূৰি ফুৰে

জৱাহৰলালপুৰমৰ ডাঙৰ বিলত মাছমৰীয়াই পানীৰ পৰা জাল টানিছে। মক্কাই (একেবাৰে বাওঁফালে) কয় যে বিলখনৰ তলত শিল আৰু কাঁইট আছে। ‘কাঁইটে বিন্ধিলে আমি ভালদৰে খোজ কাঢ়িবও নোৱাৰিম, সেইবাবেই জাল পেলোৱাৰ সময়ত আমি বহুত সাৱধান হ’বলগীয়া হয়’
*****
ঋতায়ন মুখাৰ্জীৰ ভোকৰ জ্বালাত জীৱন কটোৱা সবৰ আদিবাসী
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উপলক্ষে সবৰ আদিবাসী সম্প্ৰদায়ৰ জনজীৱনৰ এক ছবি তুলি ধৰা হৈছে। পশ্চিমবংগত সম্প্ৰদায়টোক ডিন’টিফাই কৰা ৭০ বছৰ হৈ পাৰ হ’ল যদিও তেওঁলোকে এতিয়াও পেটৰ ভোকত দিন নিয়াইছে। অতিকৈ পিছপৰা শ্ৰেণীৰ সবৰসকলে ক্ৰমাৎ নিঃশেষ হৈ অহা অৰণ্যৰ ওপৰত জীৱিকা আৰু খাদ্যৰ বাবে নিৰ্ভৰ কৰি চলি আহিছে।

জীৱিকা উপাৰ্জনৰ নিচেই সীমিত সুবিধা থকা মেদিনীপুৰ আৰু ঝাৰগ্ৰাম জিলাত সবৰ সম্প্ৰদায়ৰ লোকসকলৰ মাজত খাদ্যৰ নাটনিৰ কথা বুজিব পাৰি

হাড় ভগাৰ সময়ত উচিত চিকিৎসা নোপোৱাত কনক কোটালৰ বাওঁ হাতখন এতিয়া বিকৃত, চিৰকাল বিকলাংগ হৈ কটাবলগীয়া অৱস্থা। তেওঁৰ গাওঁ সিংদুইত ডাক্তৰ আছে না স্বাস্থ্যসেৱা

অপুষ্টিত ভোগা এটি শিশু
*****
ঋতায়ন মুখাৰ্জীৰ অস্তিত্বৰ সংকটত মা বনবিবিৰ পালাগান
সুন্দৰবনৰ স্থানীয় লোকৰ মাজত প্ৰচলিত বিভিন্ন নাট-গানৰ ভিতৰত বনবিবিৰ পালাগান অন্যতম। বদ্বীপটোৰ বাসিন্দাসকলে উপাৰ্জনৰ বাট মোকলাব নোৱাৰি বাহিৰলৈ ধাৱমান হোৱাৰ ফলত এই লোকশিল্পবিধ প্ৰদৰ্শন কৰা শিল্পী তাকৰীয়া হৈ পৰিছে, ফলত শিল্পবিধ লুপ্ত হোৱাৰ দিশে গতি কৰিছে।

ৰাস্তাৰ পৰা নেদেখাকৈ পৰ্দাৰে আঁৰ কৰি থোৱা গ্ৰীণৰুমটো ভাৱৰীয়া আৰু দৰ্শকৰ গুণগুণনিৰে ভৰি পৰিছে। গীতি-নাট্য বনবিবি পালাগানৰ বাবে সকলো সাজু হৈছে

মা বনবিবি , মা মনসা আৰু শিৱ ঠাকুৰৰ বন্দনাৰে শিল্পীসকলে পালাগান আৰম্ভ কৰে

মঞ্চত তৰুণী বনবিবি আৰু নাৰায়নীৰ মাজৰ যুদ্ধৰ দৃশ্য
*****
স্বেতা দাগাৰ ধৰমশালাত সাতোৰঙী গৌৰৱ যাত্ৰা
হিমাচল প্ৰদেশত কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ অধিকাৰৰ হকে উলিওৱা প্ৰথম গৌৰৱ যাত্ৰাত ৰাজ্যখনৰ সৰু সৰু গাওঁ আৰু চহৰৰ পৰা বহুতে আহি ভাগ লৈছিল।

হিমালয়ৰ চালে চকুৰোৱা ধৌলাধাৰ পৰ্বতমালাৰ শান্ত-সমাহিত ধৰমশালা নগৰত ৩০ মাৰ্চ, ২০২৩ত প্ৰথমবাৰৰ বাবে ‘গৌৰৱ যাত্ৰা’ অনুষ্ঠিত হয়

সমলিংগৰ অধিকাৰ সূচোৱা পতাকা হাতত লৈ আগবাঢ়িছে আয়োজকসকলৰ মাজৰ এজন অনন্ত দয়ালে

গৌৰৱ যাত্ৰাত মনীষ থাপাই ভাষণ দিছে (মাইকত)
*****
নিতেশ মাট্টুৰ পিলি ভেশা লোকনৃত্য: ছন্দে ছন্দে নাচ আৰু ক্ৰীড়া-কৌশল
এই বলিষ্ঠ লোকনৃত্য কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া আৰু যুৱচামে পৰিৱেশন কৰে। স্থানীয়ভাৱে পইচা-পাতি তুলি দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজন কৰা এই উৎসৱৰ তেওঁলোক অভিন্ন অংগ।

নিদুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত পিলি ভেশা নামৰ এই লোকনৃত্য প্ৰদৰ্শিত হয়

(বাওঁফালৰ পৰা সোঁফাললৈ ) নিখিল, কৃষ্ণ, ভূৱন আমিন আৰু সাগৰ পূজাৰীয়ে গাত বোলাবলৈ ৰৈ আছে, জয়াকৰ পূজাৰীয়ে এফালৰ পৰা ৰং দি গৈছে

বাঘৰ বেশত প্ৰাজ্জ্বল আচাৰ্য্যই তেওঁৰ দুঃসাহসিক ক্ৰীড়া -কৌশল দেখুৱাইছে। আজিকালি এই পৰম্পৰাগত নৃত্যত দুঃসাহসিক ক্ৰীড়া -কৌশলৰ প্ৰদৰ্শনে অধিক ঠাই পাইছে
*****
আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে contact@ruralindiaonline.org ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।
পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।
অনুবাদ: পংকজ দাস