অনিল নাৰকাণ্ডেয়ে প্ৰতিবাৰৰ দৰেই বিবাহস্থল সজাই তোলাৰ বাবে কঠিন পৰিশ্ৰম কৰিছিল। কিন্তু তেওঁ কাহিনীৰ পট পৰিৱৰ্তন হোৱাৰ পূৰ্বানুমান কৰিব পৰা নাছিল!
ভাণ্ডাৰাৰ আলেছুৰ গাৱত সাজ-সজ্জা আৰু সংগীত যোগানকাৰী হিচাপে কাম কৰা ৩৬ বছৰীয়া কৃষকগৰাকীয়ে চুবুৰীয়া গাওঁ এখনত এখন বিয়াৰ বাবে এটা বিশাল চামিয়ানা সাজিছিল আৰু বিবাহস্থলখন বহু প্লাষ্টিকৰ ফুলেৰে সজাই তুলিছিল। তেওঁ অতিথিলৈ চকী আনি দিছিল, দৰা-কইনাৰ বাবে এখন বিশেষ গাঢ় ৰঙা চোফা আনিছিল আৰু বিবাহস্থলীৰ বাবে সংগীত আৰু পোহৰসজ্জাৰ বাবে সংগীত আৰু লোকসজ্জাৰ সজুলি আনিছিল।
দৰাৰ মাটি আৰু ইটাৰে নিৰ্মিত ঘৰটো বিবাহ উপলক্ষে জিলিকি উঠিছিল - কইনা মধ্যপ্ৰদেশৰ সাতপুৰা পাহাৰৰ ছেওণিৰ পৰা অহাৰ কথা আছিল।
বিবাহৰ প্ৰাকক্ষণত কথাবোৰ সলনি হৈ পৰে, গ্ৰীষ্মৰ বিবাহৰ বতৰত নিজৰ ব্যৱসায়ৰ আৰম্ভণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা অনিলে কয়। কৰ্মসূত্ৰে অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰা দৰাজন বিবাহৰ ঠিক এদিন পূৰ্বে ঘৰৰ পৰা পলাই যায়।
“তেওঁ নিজৰ পিতৃ-মাতৃক মাতি আনি কয় যে তেওঁলোকে বিয়াখন নাভাঙিলে তেওঁ বিহ খাব,” অনিলে মনত পেলায়, তেওঁৰ আন কাৰোবাৰ সৈতে প্ৰেম আছে।”
বিয়াখন ভঙালৈকে কইনা আৰু কইনাঘৰীয়া লোক বিবাহস্থলত উপস্থিত হৈছিল। দৰাৰ পিতৃ-মাতৃ আৰু গাওঁবাসীৰ বাবে এক আনন্দৰ উৎসৱ অস্বস্তিকৰ মুহূৰ্তলৈ পৰিণত হৈছিল।
দৰাৰ হতাশ পিতৃগৰাকীয়ে অনিলক কয় যে তেওঁ অনিলৰ প্ৰাপ্য পৰিশোধ কৰিব নোৱাৰে।


বাওঁফালে: নিজে বাস কৰা ভাণ্ডাৰাৰ তুমছাৰ তেহছিলৰ আলেছুৰ গাঁৱৰ নাৰকাণ্ডেৰ অনিলে সজোৱা এক বিবাহস্থলী। পৰিস্থিতিৰ এক অদ্ভূত পট পৰিৱৰ্তন হয় আৰু দৰাজন বিবাহৰ ঠিক পূৰ্বে পলাই যায় যাৰ ফলত বিয়াখন ভাঙিবলগীয়া হয়। দৰাৰ পিতৃয়ে অনিলৰ প্ৰাপ্য পৰিশোধ কৰিবলৈ অক্ষম হয়। সোঁফালে: কৃষিভূমি আৰু অৰ্জনৰ এক নিয়মীয়া উৎস হৈ নথকা বাবে অনিলৰ দৰে বহুতে সৰু-সুৰা ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰে। অনিলে বিগত কেইবছৰত তেওঁৰ সাজ-সজ্জাৰ ব্যৱসায়ত ১২ লাখ টকা বিনিয়োগ কৰিছে
“মোৰ টকাখিনি বিচাৰিবলৈ সত নগ’ল”, ভাণ্ডাৰাৰ আলেছুৰ গাঁৱৰ নিজ ঘৰত বহি থকা অনিলে কয়। গাওঁখনৰ বেছিভাগ লোকেই ক্ষুদ্ৰ কৃষক আৰু কৃষি শ্ৰমিক। তেওঁলোক ভূমিহীন ধিৱাৰ (মাছমৰীয়া জাতিৰ লোক), দৰাৰ পিতৃয়ে তেওঁৰ সম্পৰ্কীয় লোকৰ পৰা টকা ধাৰলৈ ল’বলগীয়া হৈছিল”, তেওঁ কয়। অনিলে তেওঁক কেৱল শ্ৰমিকসকলৰ মজুৰিটো পৰিশোধ কৰিবলৈ কয় আৰু বাকী নিজৰ প্ৰাপ্যখিনি এৰি দিয়াৰ সিদ্ধান্ত লয়।
নিজৰ সাজ-সজ্জাৰ গুদামটো দেখুৱাই অনিলে কয় যে এই অনাকাংক্ষিত ঘটনাৰ ফলত ১৫,০০০ টকাৰ লোকচান হয়। গুদামটোত সাজ-সজ্জাৰ সামগ্ৰী যেনে বাঁহৰ কুণ্ডা, মঞ্চসজ্জাৰ ফ্ৰেম, ডাঙৰ স্পিকাৰ আৰু ডিজেৰ সামগ্ৰী, ৰঙীন পেণ্ডেলৰ কাপোৰ আৰু নৱ-বিবাহিতৰ বাবে বিশেষ চোফা তথা অন্যান্য সামগ্ৰী ঠাহ খাই আছে যিবোৰৰ বাবে তেওঁ নিজৰ সৰু ঘৰটোৰ কাষতে এটা ডাঙৰ কোঠা সজাইছে।
আলেছুৰ গাওঁখন তুমছাৰ তেহছিলৰ অন্তৰ্গত সতপুৰাৰ পাহাৰৰ পাদদেশত অৰণ্যাঞ্চলত অৱস্থিত। এই এক খেতি হোৱা অঞ্চলত নিজৰ সৰু পথাৰখনত কৃষকসকলে ধান খেতি কৰে আৰু শস্য চপোৱাৰ পাছত বেছিভাগেই কৰ্মৰ সন্ধানত প্ৰব্ৰজন কৰে। কৰ্মসংস্থান সৃষ্টি কৰিব পৰা কোনো বৃহৎ উদ্যোগ বা অন্য সেৱাৰ সুবিধা নথকা তথা আদিবাসী আৰু পিছপৰা জনসংখ্যা অধ্যুষিত এই অঞ্চলৰ বেছিভাগ লোকেই গ্ৰীষ্মকালত তেওঁলোকৰ জীৱন নিৰ্বাহৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। মনৰেগাৰ কৰ্মৰ ক্ষেত্ৰত তুমছাৰৰ ৰেকৰ্ড খুবেই পুতৌজনক।
অনিলৰ দৰে বহুতেই জীৱন নিৰ্বাহৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল, সেইটোও স্থবিৰ বা হ্ৰাসমান কৃষি আয়ৰ ফলত প্ৰভাৱিত হৈছে।
অনিলে কয় যে ডিজে আৰু সাজ-সজ্জাৰ ব্যৱসায় গ্ৰামাঞ্চলত চলি আছে কিন্তু কঠিন সময়ত সেই ব্যৱসায় চলাই থকাটোও সহজ নহয়। “গাওঁবাসীৰ অৰ্থনৈতিক অৱস্থা উদ্বেগজনক”।
অনিল সদায়েই এগৰাকী বিজেপি ভোটাৰ আছিল। তেওঁৰ গাৱলি সম্প্ৰদায়ে সদায়েই স্থানীয় বিজেপি নেতাসকলক সমৰ্থন কৰি আছিল, কিন্তু তেওঁ গাওঁবাসীৰ ৰাজনৈতিক প্ৰাধান্য সলনি হোৱা দেখা পাইছে (ভাণ্ডাৰা-গণ্ডিয়া গাওঁবাসীয়ে সাধাৰণ নিৰ্বাচনত যোৱা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোট প্ৰদান কৰে)। “মানুহৰ কাম নাই, তেওঁলোক চিন্তিত,” তেওঁ কয়। মূল কাৰণ হৈছে বৰ্তমানৰ বিজেপি সাংসদ সুনিল মেন্ধেয়ে বিগত পাঁচ বছৰৰ কাৰ্যকালত তেওঁলোকৰ জনসাধাৰণৰ ওচৰলৈ এবাৰো নাহিল, যাৰ ফলত তেওঁৰ বিৰুদ্ধে তেওঁৰ ক্ষমতাচ্যুত কৰাৰ বাবে ক্ষোভ জন্ম হৈছে বুলি মিশ্ৰিত শ্ৰেণীৰ লোকে পাৰিক কয়।


অনিলে নৱবিবাহিতৰ বাবে চোফা, ডিজে ছেট, স্পিকাৰ, চামিয়ানাৰ কাপোৰ আৰু ফ্ৰেমৰ দৰে সামগ্ৰীবোৰ তেওঁৰ ঘৰৰ গুদামত ৰাখে
ইয়াৰ মহিলাসকলে প্ৰতিদিনে ডাঙৰ ডাঙৰ ফাৰ্মলৈ কাম কৰিবলৈ যায়, অনিলে কয়। আপুনি পুৱাই এই গাঁৱলৈ আহিলে তেওঁলোকক মটৰ-গাড়ীত উঠি কামলৈ যোৱা দেখিব, তেওঁলোক গধূলি দেৰিকৈ ঘৰলৈ উভতি আহে। “যুৱকসকল উদ্যোগ, পথ নিৰ্মাণ বা সুৰংগ নিৰ্মাণস্থলত কাম কৰিবলৈ বা অন্য বৃহৎ পৰিসৰৰ কাম কৰিবলৈ অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰে,” তেওঁ কয়।
তেওঁৰ স্বাস্থ্য ভাল থকা হ’লে তেঁৱো কাম কৰিবলৈ অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিলেহেঁতেন বুলি অনিলে কয়। তেওঁৰ দুটি সন্তান আছে, তাৰে এটিৰ ডাউন ছিনড্ৰম আছে। “মই দশম শ্ৰেণীত অনুত্তীৰ্ণ হোৱাৰ পাছত নাগপুৰলৈ কাম কৰিবলৈ গৈছিলো আৰু ৱেইটাৰ হিচাপে কাম কৰিছিলো”। তাৰ পাছত তেওঁ ঘৰলৈ উভতি আহে আৰু ঋণ লৈ মহিলা শ্ৰমিক কঢ়িয়াবলৈ এখন টেম্প’ ক্ৰয় কৰে। প্ৰায় পাঁচ বছৰৰ আগতে যেতিয়া সেইটোৰ লাভ অহাটো বন্ধ হয় আৰু জীৱন-যাপন কৰাটো কষ্টকৰ হৈ পৰে। তেওঁ বাহনখন বিক্ৰী কৰি সাজ-সজ্জাৰ ব্যৱসায় আৰম্ভ কৰে। আনকি তেওঁ এই কামতো বেছিভাগ ধাৰতে কাম কৰে। “মানুহে মোৰ পৰা কাম আদায় কৰি লৈ পাছত পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে”, অনিলে কয়।
“কোনোবাই শ্ৰাদ্ধৰ ৰভা দিবলৈ ক’লে মই মোৰ গ্ৰাহকৰ পৰা কোনো পইচা নলওঁ,” তেওঁ পুনৰ কয়। “আৰু মই বিয়াৰ ৰভাৰ বাবেও ১৫-২০,০০০ টকাহে লওঁ কাৰণ মানুহে সিমানখিনিহে দিব পাৰে”।
অনিলে তেওঁৰ ব্যৱসায়ত প্ৰায় ১২ লাখ টকা বিনিয়োগ কৰিছে। তেওঁৰ সাত একৰ ভূমিৰ বন্ধকৰ বিপৰীতে বেংকৰ পৰা লোৱা এটা ঋণ এতিয়াও চলি আছে যিটো তেওঁ কিস্তিত পৰিশোধ কৰে।
“মোৰ খেতি আৰু গাখীৰৰ ব্যৱসায়ৰ পৰাও কোনো ভাল উপাৰ্জন হোৱা নাই’’, তেওঁ কয়। মই বিচায়াত (সাজ-সজ্জাৰ ব্যৱসায়)ত মোৰ ভাগ্য পৰীক্ষা কৰিছো যদিও বৰ্তমান এইটো কামতো বহু লোক আহি সোমাইছে”।
*****
আন এক দুৰ্ভাগ্যজনক ঘটনাই ইয়াৰ জনসাধাৰণৰ ক্ৰোধ বৃদ্ধি কৰিছে - সেয়া হৈছে দূৰৰ কৰ্মক্ষেত্ৰত প্ৰব্ৰজনকাৰী যুৱ শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু। এনে বেছিভাগ ঘটনাতে কোনো ধৰণৰ তদন্ত নহয় বা ঘটনাবোৰৰ কোনো সমাধান নোলায়।
উদাহৰণ স্বৰূপে, পাৰিয়ে এপ্ৰিলৰ আৰম্ভণিতে এনে দুঘৰ মানুহৰ এঘৰলৈ গৈছিল। সেই ঘৰৰ ভূমিহীন গোৱাৰি (অনুসূচিত জনজাতি)ৰ ব্ৰিজেশ কোৱালে নামৰ ২৭ বছৰীয়া অবিবাহিত ডেকা ল’ৰাজন ২০২৩ চনৰ ৩০ মে’ত অন্ধপ্ৰদেশৰ চিত্তৰ জিলাৰ ছন্নেগ’নিপাল্লে গাৱৰ এক বৃহৎ বান্ধৰ নিৰ্মিয়মান সুৰংগত কাম কৰি থকা অৱস্থাত মৃত্যু মুখত পৰে।

ভাণ্ডাৰাৰ আলেছুৰৰ ৰমেশ কোৱালে আৰু তেওঁৰ পত্নী জানাবায়ে আজিও নিজ পুত্ৰ ব্ৰিজেশৰ মৃত্যুৰ শোক পালন কৰি আছে যি প্ৰতি বছৰে অন্ধ্ৰ প্ৰদেশলৈ কাম কৰিবলৈ প্ৰব্ৰজন কৰিছিল। কোৱালে পৰিয়ালে ট্ৰাক ড্ৰাইভাৰ হিচাপে কাম কৰা তেওঁলোকৰ বৰ পুত্ৰ ৰাজেশৰ বিবাহৰ আয়োজন কৰি থকা অৱস্থাতো তেওঁলোকৰ পুত্ৰৰ এবছৰীয়া মৃত্যু বাৰ্ষিকী পালন কৰিব। পৰিয়ালটোৱে এতিয়া তেওঁলোকৰ আনগৰাকী পুত্ৰক বাহিৰৰ ৰাজ্যলৈ নিৰ্মাণ বা আন কঠোৰ পৰিশ্ৰম কৰিবলৈ যাবলৈ অনুমতি নিদিয়ে
“আমি তাৰ শেষ কৃত্য কৰিবলৈ ১.৫ লাখ টকা খৰচ কৰি তাৰ মৃতদেহটো গাঁৱলৈ আনিছিলো”, তেওঁৰ পিতৃ ৰমেশ কোৱালেই কয়। মৰণোত্তৰ পৰীক্ষা অনুসৰি তেওঁলোকৰ পুত্ৰই “বিদ্যুৎস্পৃষ্ট”হৈ অকালতে মৃত্যু বৰণ কৰিছিল।
ব্ৰিজেশে ঘটনাবশত কৰ্মস্থলত সুৰাসক্ত অৱস্থাত এডাল উন্মুক্ত তাঁৰ স্পৰ্শ কৰিছিল বুলি প্ৰথম তদন্ত প্ৰতিবেদন (এফআইআৰ)ত প্ৰকাশ পাইছিল। তেওঁ তেওঁক পঠিওৱা সেই স্থানৰে এক চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।
“তাক নিয়োগ কৰা কোম্পানীটোৱে প্ৰতিশ্ৰুতি দিছিল যদিও আমাক কোনো ক্ষতিপূৰণ প্ৰদান নকৰিলে”, কোৱালেই কয়। “মই এতিয়াও যোৱা বছৰ মোৰ সম্পৰ্কীয় লোকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ বাকী আছে।” ব্ৰিজেশৰ ডাঙৰ ককায়েকে বিয়া পাতিবলৈ গৈ আছে যি এগৰাকী ট্ৰাক ড্ৰাইভাৰ আৰু সৰু ভায়েক সতিশে গাঁৱৰে খেতি পথাৰত কাম কৰে।
“পদপথেৰে এম্বুলেঞ্চত তাৰ মৃতদেহটো আনিবলৈ আমাক দুদিন লাগিল,” ৰমেশে কয়।
অনিলে কয় যে বিগত বছৰত ব্ৰিজেশৰ দৰে চাৰি পাঁচগৰাকী যুৱকৰ দূৰণিবটীয়া ঠাইত কাম কৰিবলৈ গৈ মৃত্যু হৈছে। কিন্তু সেয়াও অন্য এক কাহিনী।
চিখালি গাঁৱত সুখদেৱ উইকেই তেওঁৰ ডেকা তথা একমাত্ৰ পুত্ৰৰ মৃত্যুৰ কোনো শুং-সূত্ৰ আজিও নাপালে।
“সেয়া তাৰ দলৰ অন্য সদস্যৰ দ্বাৰা হত্যাই আছিল নে দুৰ্ঘটনা আছিল আমি নাজানো,” গাঁৱতে শ্ৰমিক হিচাপেও কাম কৰা ক্ষুদ্ৰ কৃষক উইকেই কয়। “আমি তাৰ মুখখনো দেখিবলৈ নাপালো, অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে আমাক নজনোৱাকৈয়ে তাৰ দেহ সৎকাৰ কৰি পেলাইছিল।”

অটল উইকে ২০২৩ চনৰ মে মাহত অন্ধ্ৰ প্ৰদেশৰ ওচৰৰ ৰাজাহমুণ্ড্ৰিত মৃত্যু হয় য ’ ত তেওঁ কাম কৰিবলৈ গৈছিল। তেওঁৰ পিতৃ সুখদেৱ, মাক আৰু ভনীয়েক শ্বালু মাধৱীয়ে এতিয়াও উত্তৰৰ অপেক্ষাত ৰৈ আছে। সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ কথা তেওঁলোকৰ মনলৈও অহা নাই
২০২২ চনৰ ডিচেম্বৰত অটলে এটা দলৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ ৰাজাহমুণ্ড্ৰিৰ এক ধান খেতি পথাৰত মৰণা মাৰোতা হিচাপে কাম কৰিবলৈ প্ৰব্ৰজন কৰে। ২০২৩ চনৰ মে মাহত তেওঁ তেওঁৰ পিতৃক ফোন কৰি জনায় যে তেওঁলোক ঘৰলৈ ঘূৰি আহি আছে।
“সেয়াই তাৰ শেষ কল আছিল,” উইকেয়ে মনত পেলায়। তাৰ পাছত অটুলৰ ফোনটো চুইটচ অফ হৈ যায়। তেওঁৰ ভনীয়েক শ্বালু মাধৱীয়ে কয় যে তেওঁ আৰু ঘৰলৈ ঘূৰি নাহে, “আমি এসপ্তাহৰ পাছত তাৰ মৃত্যুৰ বিষয়ে জানিব পাৰো যেতিয়া আমি সেই ছাইলৈ গৈ তাৰ বিষয়ে খোজ-খবৰ কৰো”।
পৰিয়ালটোক কিছুমান ভিডিও দেখুওৱা হয় যিবোৰে তেওঁলোকক আৰু সন্দেহী কৰি তোলে। সেই ক্লিপবোৰত অটল ৱাইন বাৰ এখনৰ কাষৰ ৰাস্তাত পৰি থকা দেখা গৈছে। “মানুহে তাক নিচাগ্ৰস্ত বুলি ভাবিছিল। কিন্তু তাক নিশ্চয় কোনোবাই আঘাত কৰিছিল”, তেওঁৰ পিতৃয়ে কয়। মৰণোত্তৰ পৰীক্ষাত তাৰ মূৰৰ পাছফালে এটা দকৈ কটা আঘাতৰ কথা উল্লেখ আছে। “আৰক্ষীয়ে তাক ক’ত দাহ কৰা হয় সেই স্থান দেখুৱাইছিল”। পাৰিক এফআইআৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টখন দেখুৱাই অস্থিৰ হৈ পৰা উইকেই কৈছিল। “আমাৰ পুত্ৰৰ সৈতে কি হল সেয়া আজিও এক ৰহস্য”। তাৰ সৈতে যোৱা মানুহবোৰেও তাৰ মৃত্যুৰ সম্পৰ্কত একো নকয়। বেছিভাগেই এই ঋতুত বাহিৰলৈ কাম কৰিবলৈ গুছি যায়। তেওঁ পাৰিক কয়।
“প্ৰব্ৰজনকাৰী শ্ৰমিকৰ এনে দূৰ্ঘটনাত মৃত্যু খুবেই সাধাৰণ, কিন্তু আমি তাত একো বিশেষ কৰিব নোৱাৰো”, চিখলিৰ গাওঁপ্ৰধান সুলোচনা মেহেৰে কয় যি এই ঘটনাটোৰ বিষয়ত ভাণ্ডাৰা আৰক্ষীৰ পৰা বিতং তথ্য ল’বলৈ সকলো প্ৰকাৰৰ চেষ্টা চলাইছিল।
উইকে আৰু তেওঁৰ পৰিয়াল ভাৰতৰ সাধাৰণ নিৰ্বাচনতকৈ তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ সম্পৰ্কত প্ৰকৃত সত্য উদ্ধাৰ কৰিবলৈহে বেছি আগ্ৰহী। “তেওঁলোকৰ কোনো কাম নাই”। তৃণমূল পৰ্যায়ত সাংসদ আৰু বিধায়ক যিয়েই নহওক জনপ্ৰতিনিধিসকলে একাধিক কাৰণত আস্থা হেৰুওৱা সম্পৰ্কত সম্পৰ্কত সুখদেৱে কয়।
পুনৰ ঘূৰি যোৱা যাওক আলেছুৰলৈ য’ত অনিলে কয় যে তেওঁ দুয়োটা শোকাকূল পৰিয়ালকে চিনি পায় - কাৰণ তেওঁ দুয়োটা পৰিয়ালতে বিনামূল্যে শ্ৰাদ্ধৰ ৰভা দিছিল। “বেছি পইচা নাহে যদিও মই মোৰ ব্যৱসায় আৰু খেতিতে সন্তুষ্ট। তেওঁ কয়। মই অন্ততঃ জীয়াই আছো।”
অনুবাদক: কুইলিন কাকতি