“ শাসন কা বৰা কদৰ কৰত নাহি আমচ্যা মেহনতিচি (প্ৰশাসনে আমাৰ এই কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি কিয় নিদিয়ে)?” অংগনবাদী কৰ্মী মংগল কাৰপেয়ে প্ৰশ্ন কৰে।
“ দেশালা নিৰোগী, সুধ্ৰড় থেভন্যাত আমচা মোটা হাতভাৰ লাগতো (দেশখনক সুস্থ আৰু নিৰোগী কৰি ৰখাত আমাৰ অৱদান বহুত),” সমগ্ৰ দেশত অংগনবাদী কৰ্মীয়ে গৰ্ভৱতী আৰু স্তনপান কৰোৱা মাতৃ আৰু সন্তানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰকল্পসমূহ চলোৱাৰ প্ৰসংগ উত্থাপন কৰি আশা বাইদেউগৰাকীয়ে কয়।
মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাহতা তালুকৰ দোৰহালে গাঁৱৰ অংগনবাদী কেন্দ্ৰটি চলায় ৩৯ বৰ্ষীয় এইগৰাকী মংগল বাইদেৱে। তেওঁ কোৱা অনুসৰি ৰাজ্যজুৰি দুই লাখ মহিলাই অংগনবাদী কৰ্মী আৰু সহকাৰী হিচাপে কাম কৰি আছে। তেওঁলোকে কেন্দ্ৰীয় নাৰী আৰু শিশুকল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ সংহত শিশুকল্যাণ প্ৰকল্প (আই.চি.ডি.এছ.)ৰ স্বাস্থ্য, পুষ্টি আৰু শিশু শিক্ষা বিষয়ক কাম-কাজ তৃণমূল পৰ্য্যায়ত ৰূপায়ণ কৰে।
তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰে কৰা অৱহেলাৰ প্ৰতিবাদত ২০২৩ৰ ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মহাৰাষ্ট্ৰজোৰা অনিৰ্দিষ্টকালীন বিক্ষোভ কাৰ্য্যসূচীত যোগ দিছে শ শ অংগনবাদী কৰ্মীয়ে।
“আগতেও বহুবাৰ আমি আন্দোলন কৰিছো,” মংগল বাইদেৱে কয়। “আমি চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি বিচাৰো। আমাৰ মাহিলী দৰমহা ২৬,০০০ (টকা) কৰাটো আমি বিচাৰিছো। আমাক অৱসৰৰ সময়ত পেঞ্চন, যাতায়াত আৰু তেলৰ খৰছ লাগে,” আন্দোলনৰ মূল দাবীবোৰ এনেদৰে দাঙি ধৰে আশাকৰ্মীগৰাকীয়ে।


বাওঁফালে: মাহে ১০ হাজাৰ টকাৰ পাৰিতোষিকেৰে সংসাৰ নচলে, সেয়ে একাধিক কামত নিয়োজিত হোৱা অংগনবাদী কৰ্মী মংগল কাৰপে


২০২৩ৰ ৮ ডিচেম্বৰত ৰাহতা তালুকৰ শ শ অংগনবাদী কৰ্মী আৰু সহায়কসকলে চিৰ্দি চহৰৰ কালেক্টৰেটৰ দপ্তৰলৈ প্ৰতিবাদী যাত্ৰা কৰে আৰু দাবী জনায় যে তেওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে আৰু পাৰিতোষিক বঢ়াব লাগে
আন্দোলনৰ তৃতীয় দিনা, এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ সময়লৈকে চৰকাৰৰ তৰফৰ পৰা কোনো সঁহাৰি তেওঁলোকে পোৱা নাই। ২০২৩ৰ ৮ ডিচেম্বৰত চিৰ্দিৰ কালেক্টৰেট অফিছলৈ অংগনবাদী কৰ্মীসকলে সমদল উলিয়ায়।
“মৰ্য্যাদাসম্পন্ন জীৱন এটা বিচৰাটো আমাৰ কি ভুল হৈছে নেকি?” ৫৮ বৰ্ষীয অংগনবাদী কৰ্মী মন্দা ৰুকাৰে কয়। ষাঠি বছৰৰ ওচৰ চপা অংগনবাদী কৰ্মী ৰুকাৰ দুশ্চিন্তাত পৰিছে: “আৰু কেইবছৰমান পিছত মই অৱসৰ ল’ম। শৰীৰ পৰি যোৱাৰ পিছত কোনে মোৰ চোৱা-চিতা কৰিব?” যোৱা ২০ বছৰে মন্দা বাইদেৱে ৰাজ্যখনৰ আহমেদনগৰ জিলাৰ ৰুই গাঁৱত অংগনবাদী কৰ্মী হিচাপে কাম কৰি আহিছে। “প্ৰতিদানত সামাজিক সুৰক্ষা হিচাপে মই কি পাম?” তেওঁ প্ৰশ্ন কৰে।
বৰ্তমান এই অংগনবাদী কৰ্মীসকলে মাহিলী ১০,০০০ টকা বেতন পায় আৰু সহায়কসকলে মাহে ৫,৫০০ টকা। “এই কামত সোমোৱাৰ সময়ত মই ১,৪০০ টকা পাইছিলো। তেতিয়াৰে পৰা (২০০৫)ৰ পৰা এতিয়ালৈ মাত্ৰ ৮,৬০০ টকা বাঢ়িছে,” মংগল বাইদেৱে জনায়।
গাভানে ৱস্তি অংগনবাদী কেন্দ্ৰত বৰ্তমান ৫০ জন শিশুৰ দায়িত্বত আছে মংগল বাইদেউ। তাৰে ২০ জনৰ বয়স ৩ৰ পৰা ৬ বছৰৰ ভিতৰত। “ল’ৰা-ছোৱালীবোৰ যাতে সদায় অংগনবাদীলৈ আহে, সেয়া মই সদায় নিশ্চিত কৰিব লাগে,” তেওঁ কয়। প্ৰায়ে ল’ৰা-ছোৱালীবোৰক তেওঁ স্কুটাৰত উঠাই লৈ আহে।
কেৱল সেয়াই নহয়। তেওঁ “পুৱাৰ আৰু দুপৰীয়াৰ আহাৰো ৰান্ধে আৰু ল’ৰা-ছোৱালীহঁতে, বিশেষকৈ পুষ্টিহীনতাত ভোগাসকলে খোৱাটো নিশ্চিত কৰে।” তাতে তেওঁৰ কাম শেষ নহয়। প্ৰতিটো শিশুৰ সমস্ত তথ্য নথিবদ্ধ কৰা আৰু সেয়া পোষণ ট্ৰেকাৰ এপটোত আপডেট কৰাৰ দীঘলীয়া আৰু একঘেয়ামি কামটোও তেওঁ কৰিবলগীয়া হয়।


মন্দা ৰুকাৰে জনায় যে তেওঁ আৰু কিছুদিন পিছত অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁৰ দৰে বহু দশক ধৰি মানৱসেৱা কৰি অহা কৰ্মীৰ বাবে অৱসৰৰ ব্যৱস্থা কৰাটো অতিকৈ জৰুৰী। অংগনবাদী কৰ্মী হিচাপে তেওঁ পোষণ ট্ৰেকাৰ এপটোত শিশুৱে খোৱা পুষ্টিকৰ খাদ্য়ৰ পৰিমাণ ৰেকৰ্ড কৰিব লাগে। ‘পকেটৰ পইচাৰে ৰিচাৰ্জ কৰিবলগা হয়। ইমান তথ্য থাকে যে ২ জিবি ডেটাৰে কাম শেষ নহয়,’ মংগল বাইদেৱে কয়


আই.চি.ডি.এছ.ৰ অধীনত স্বাস্থ্য, পুষ্টি আৰু শিশুৰ প্ৰাৰম্ভিক শিক্ষণৰ তৃণমূল পৰ্য্যায়ৰ কামৰ দায়িত্ব অংগনবাদীৰ ওপৰত ন্যস্ত
“হিচাপৰ বহী আৰু অনান্য কাগজ-পত্ৰ আদি, তাৰোপৰি পোষণ এপটোৰ কাৰণে ইণ্টাৰনেটৰ ৰিচাৰ্জ, ঘৰে ঘৰে যোৱাৰ তেলৰ খৰছ সকলো আমাৰ হাতৰ পৰা যায়,” মংগল বাইদেৱে কয়। “হাতত বিশেষ একো নাবাচে।”
স্নাতক ডিগ্ৰীধাৰী মংগল বাইদেৱে ১৮ বছৰ ধৰি এই কাম কৰি আহিছে। লগতে দুই কিশোৰ সন্তান পুত্ৰ সাই (২০) আৰু কন্যা বৈষ্ণৱী (১৮)ক লৈ অকলে সংসাৰ চলাই নিছে। সাই অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়ি আছে, কন্যা বৈষ্ণৱীয়ে নীট (এন.ই.ই.টি.) পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। “সন্তান দুটিক ভালতকৈ ভাল শিক্ষা দিব বিচাৰো। গোটেই বছৰটোত বহুত খৰছ হয়। সংসাৰৰ খৰছ ধৰিলে মাত্ৰ ১০,০০০ টকাৰে চলাটো খুবেই কঠিন হৈ পৰে,” তেওঁ কয়।
সেয়ে মংগল বাইদেৱে উপাৰ্জনৰ আন উপায় সাধিবলগীয়া হৈছে। “ঘৰে ঘৰে গৈ কাৰোবাৰ কিবা এই ধৰক ব্লাউজ, পাইজামা আদি চিলাই কৰিবলগীয়া আছে নেকি, সুধি ফুৰো। মানুহক সৰু-সুৰা ভিডিঅ’ আদিও এডিটো কৰি দিওঁ, ইংৰাজীত আবেদন পত্ৰ লিখি সহায় কৰোঁ। সৰু-সুৰা যিকোনো কামেই কৰোঁ। নহ’লে চলিম কেনেকৈ?” এনেকৈ আন কাম কিয় কৰিবলগীয়া হয়, সেই বিষয়ে ব্যাখ্যা কৰি তেওঁ কয়।
অংগনবাদী কৰ্মীৰ দুৰ্দশাৰ কাহিনী আশা কৰ্মী (এক্টেডিটেড ছ’চিয়েল হেলথ্ এক্টিভিষ্ট)ৰ সৈতে একেই। (পঢ়ক: বেমাৰে-আজাৰে সকলোতে সেৱা আগবঢ়োৱা আশাকৰ্মী )। বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়োৱা আৰু শিশুৰ জন্ম, টিকাকৰণ, পুষ্টি আদি নানা বিষয়ে তথ্য সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি যক্ষ্মা আৰু ক’ভিডৰ দৰে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰাথমিক আৰু তৃণমূল স্তৰৰ কাম কৰে এই দুই ধৰণৰ কৰ্মীয়ে।


২০২৩ৰ ৫ ডিচেম্বৰত সমগ্ৰ মহাৰাষ্ট্ৰজোৰা অনিৰ্দিষ্টকালৰ বিক্ষোভ কাৰ্য্যসূচী আৰম্ভ হৈছে। ‘ইয়াৰ আগেয়েও এনেদৰে ভালেকেইবাৰ আমি আন্দোলন কৰিছো,’ মংগল বাইদেৱে কয়
২০২২ৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অপুষ্টি আৰু ক’ভিড-১৯ৰ মোকাবিলাৰ ক্ষেত্ৰত অংগনবাদী কৰ্মীৰ অৱদান ‘অপৰিহাৰ্য্য’ আৰু ‘তাৎপৰ্য্যপূৰ্ণ’ বুলি উল্লেখ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়খনে ৰায় দি কয় যে যোগ্য অংগনবাদী কৰ্মী আৰু সহায়কসকল “বাৰ্ষিক ১০ শতাংশ সৰল সুতত গ্ৰেচুইটি পাব লাগে।”
বিচাৰপতি অজয় ৰস্তোগিয়ে ৰায়দানৰ উপসংহাৰ হিচাপে ‘এই নীৰৱে কাম কৰি যোৱা সকলৰ বাবে উন্নতমানৰ কৰ্ম পৰিৱেশ দিয়াৰ উপায় সাধন কৰিবলৈ’ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক অনুৰোধ জনায়।
সেই ৰায়ৰ ৰূপায়ণৰ বাবে অপেক্ষা কৰিছে মংগল, মন্দা বাইদেউৰ দৰে লাখ লাখ অংগনবাদী কৰ্মীয়ে।
“চৰকাৰে আমাক লিখিত প্ৰতিশ্ৰুতি দিয়ক। নহ’লে আমি ধৰ্মঘট উঠাই নলও। এয়া আমাৰ মৰ্য্যাদাৰ দাবী। আমাৰ অস্তিত্বৰ প্ৰশ্ন,” মংগল বাইদেৱে কয়।
অনুবাদ: পংকজ দাস